শিয়ালমেল -দ্বীপৰাজ

 

তেনেকৈয়ে কা কা কৈ গান শুনাওঁতে
জুঠা মঙহখিনি
শিয়ালে তপককৈ উদৰত বিস্তাৰ কৰে।
মুৰুখমতি কাউৰী
ইমানখিনি হৈ যোৱাৰ পিছতো
প্ৰতি সন্ধিয়া শিয়ালে তাইৰ ঠোঁট চেলেকে,
ময়ূৰৰ পাখি পিন্ধাই
শিয়ালেই মাতি আনে তাইক সবাহলৈ!
ভালক পাই ভালে
কাউৰীক পালে কালে
বৰবাঘৰ মজিয়াত শিয়ালে হোৱা দিলে।
শিয়াল নজহিল, নপমিল
ইজনী সিজনীকৈ বহুকেইজনী কাউৰী হৈ পৰিল অৰ্দ্ধাংগিনী ..
এজনীওঁ নাবাচিল, এজনীওঁ নাবাচে
বিনিময়ত বৰমেলৰ ওখ ঠাইখিনি ।
বৰসবাহলৈ নীলা শিয়ালটোক কুকুৰজাকেই মাতি আনে।
কিজানি কুকুৰমখাও এদিন!
শিয়ালে হ’ব নিদিয়ে , তাৰ ৰঙা কজলা চকুদুটাত এটা কেঁকোৰা বহি থাকে
যিটো বহু পুৰণি সত্য
আগলৈ যোৱাজনক টানি বহুৱাব লাগে!
তথাপিতো শিয়ালৰ কথাত ভুকভুকনিৰে অভিবাদন জনায় কুকুৰবোৰে,
ৰমলিয়াই ৰমলিয়াই কাউৰীবোৰে
গাৰ পাখি এৰে…
যিবোৰ বাঘে শিয়ালটোক এদিন
ওখলৈ তুলি দিছিল সিঁহতেও আজি কুকুৰ হৈ ভুকি থাকে।
বহু বন বগোৱাৰ পিছত শিয়ালটোৱে লাহে লাহে
এখন অৰণ্য পালেহি
বেচেৰী কাউৰীয়েওঁ এৰা নিদিয়ে
যদিও মুখৰ মঙহ কাঢ়ি খায়
তায়ো বেচেৰীয়ে সবাহত ওখ ঠাই পায়।
এদিন তাইয়ো অন্য কাউৰীক চিনি নাপায়
শিয়ালৰ সাহসত
ময়ূৰৰ পাখি মূৰত লগায়।
এদিন হয়তো শিয়ালটো মৰিব
কাউৰীটোৱে অলপ কান্দিব,
দুই এটা কুকুৰে ভুকিব। আৰু অন্য শিয়ালৰ জাকটোৱে তাৰ ওপৰত বমি কৰিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments