শিৱ ভট্টাচাৰ্য

১৯৩৭ চনৰ ৩০ এপ্রিলত জন্মগ্রহণ কৰা এইগৰাকী শিল্পীৰ ঘৰ গোলাঘাট জিলাৰ দেৰগাঁও চহৰৰ পশ্চিমে থকা বঙালগাঁৱত। দেৰগাঁৱৰ চিত্রকলাৰ বাটকটীয়া ভট্টাচাৰ্যদেৱে নানা ঘাত-প্রতিঘাত, বাধা-বিঘিনীৰ মাজতো আজীৱন শিল্পকলাৰ চৰ্চা কৰি আহিছে। সমগ্র দেৰগাঁও অঞ্চলতে চিত্রকলাক জনপ্রিয় কৰাত এখেতৰ অৱদান চিৰস্মৰণীয়।
সৰুৰে পৰাই চিত্রকলাৰ প্রতি অগাধ ৰাপ থকা ভট্টাচাৰ্যই প্রথমে নিজে নিজেই চিত্র অংকন আৰম্ভ কৰি পাছত বিভিন্ন সময়ত শিল্পী সুৰেন বৰদলৈ, বৈকুণ্ঠ বেজবৰুৱা আৰু পুলক গগৈৰ ওচৰত ক্ৰমে চচ্ পেইণ্টিং আৰু স্কেচ্ছৰ শিক্ষা লৈছিল। ১৯৬৬ চনৰ পৰা তেখেতে নিজাববীয়াকৈ চিত্রকলাৰ চৰ্চা আৰম্ভ কৰে। প্রখ্যাত চিত্রশিল্পী মাধৱ বৈশ্য আৰু ৰঞ্জিত বৰুৱাৰ সান্নিধ্যইও ভট্টাচাৰ্যৰ শিল্পী জীৱনক জীপাল কৰিছিল। পেঞ্চিল স্কেচ্ছ, পানীৰং, তেলৰং, চচ্ পেইণ্টিং আদি প্রায়বোৰ মাধম্যতে তেখেতে ছবি আঁকিছিল। তেখেতৰ পানীৰঙৰ চিত্রসমূহত গোৱাছ বা টেম্পেৰা (Tempera)ৰ দৰে ৰঙৰ অস্বচ্চ প্রয়োগ দেখা যায়।
১৯৬২ চনত অসম ৰাজ্যিক পৰিবহন নিগম (ASTC)ত Lower Division Assistant হিচাপে চাকৰি জীৱন আৰম্ভ কৰা ভট্টাচাৰ্যই সময়ত Upper Division Assistant লৈ পদোন্নতি পায় যদিও ১৯৯৩ চনত ভগ্ন স্বাস্থ্যৰ বাবে স্বেচ্ছামূলকক অৱসৰ (Volunteer Retirement) লয়। এটা সময়ত বিভিন্ন টুৰ্ণামেন্টত ভলীবল খেলেৰে পাৰদৰ্শী খেলুৱৈ হিচাপে পৰিচয় দিয়া শিৱ ভট্টাচাৰ্যই সুন্দৰ ফুটবলো খেলিছিল। বৰশী বোৱাটো আছিল তেখেতৰ সবাটোকৈ প্রিয় হবি। কেৰমতো তেখেত এজন নিপুন খেলুৱৈ আছিল।
পত্নী ভৱানী ভট্টাচাৰ্য, বৰপুত্র সিদ্ধাৰ্থ ভট্টাচাৰ্য, সৰুপুত্র গীতাৰ্থ ভট্টাচাৰ্য আৰু একমাত্র জীয়ৰী গায়ত্রী ভট্টাচাৰ্যৰে সৈতে মোটামোটি সাধাৰণ ভাৱে সুখতেই চলি গৈছিল শিৱ ভট্টাচাৰ্যৰ পৰিয়াল। কিন্তু তেনেতে ১৯৮৬ চনৰ ৮ জানুৱাৰীত মাত্র ১৩ বছৰ ৬ মাহ বয়সত এজন ভৱিষ্যতৰ প্রতিভাপন্ন চিত্রশিল্পী বুলি ইতিমধ্যে পৰিচয় দিয়া বৰপুত্র সিদ্ধাৰ্থ ভট্টাচাৰ্যই কৰ্কট ৰোগত আক্ৰান্ত হৈ এই পৃথিৱীৰ পৰা মেলানি মাগে। ইয়াৰ পাছত ১৯৮৮ চনৰ ৮ জানুৱাৰীত পুত্রৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীৰ দিনা স্থানীয় “শিশু জ্ঞান মন্দিৰ” প্রাথমিক বিদ্যালয়ত ভট্টাচাৰ্যই আৰম্ভ কৰে এখন চিত্রকলা বিদ্যালয়ৰ। পুত্রৰ স্মৃতিৰে বিদ্যালয়খনৰ নামকৰণ কৰে “সিদ্ধাৰ্থ সুকুমাৰ কলা বিদ্যালয়”। প্রতি শনিবাৰ আৰু দেওবাৰে আবেলি পৰত ছবিৰ সপোন দেখা এমুঠি ল’ৰা ছোৱলীক লৈ চিত্রশিল্পৰ পৃথিৱীত মণি-মুকুতাৰ অন্বেষণৰ যাত্রা কৰা “সিদ্ধাৰ্থ সুকুমাৰ কলা বিদ্যালয়েই” সম্ভৱত সমগ্র দেৰগাঁও অঞ্চলৰ প্রথমটো চিত্রকলাৰ শিক্ষানুষ্ঠান যাৰ দ্বাৰা দেৰগাঁও আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত তেখেতে নিজস্ব ধাৰাটোৰ বিকাশ কৰাবলৈ সক্ষম হৈছিল। পাছত সম্ভৱত ১৯৯৯-২০০০ চনমানত (সঠিককৈ তেখেতৰ মনত নাই) ভট্টাচাৰ্যই স্থানীয় বিধায়কে আগবঢোৱা এককালীন সাহাৰ্যৰে নিজ গৃহৰ চৌহদতে “সিদ্ধাৰ্থ সুকুমাৰ কলা বিদ্যালয়”ৰ নৱনিৰ্মাণ কৰে।
এইখিনিতে আমাৰ মানুহৰ “কলা”ৰ প্রতি থকা অৱহেলা তথা শিল্পীক উপযুক্ত সন্মান দিব নজনা মানসিকতাৰ বিষয়ে উনুকিয়াব লগা হৈছে। “সিদ্ধাৰ্থ সুকুমাৰ কলা বিদ্যালয়”লৈ স্থানীয় বহু ছাত্র-ছাত্রী আহিল যদিও তাৰ ভিতৰত এক বুজন অংশই আধা শিকিয়েই বিদ্যালয় এৰিলে। শুনিবলৈ আচৰিত হ’লেও তেঁওলোকে বিদ্যালয় এৰাৰ কাৰণটো হ’ল বিদ্যালয়ৰ “মাচুল”। শিৱ ভট্টাচাৰ্যই “সিদ্ধাৰ্থ সুকুমাৰ কলা বিদ্যালয়” আৰম্ভ কৰিছিল নিজে জনা চিত্রকলাৰ জ্ঞান ল’ৰা-ছোৱালীহঁতৰ মাজত বিলাই দিবলৈ আৰু তাৰ বাবে একেবাৰে নূন্যতমতকৈও নূন্যতম মাচুলৰ ব্যৱস্থা কৰিছিল (২০১০ চনত প্রাথমিক পৰ্যায়ৰ ছাত্র-ছাত্রীৰ বাবে মাহিলী ৩০ টকা আৰু জেষ্ঠ্যসকলৰ বাবে মাহিলী ৬০ টকা) যাতে আৰ্থিকভাৱে অতি দুৰ্বলজনৰ ল’ৰা-ছোৱালীয়েও শিক্ষা লাভ কৰিব পাৰে। এমাহ, দুমাহৰ কথা বাদ, কিন্তু একেৰাহে ছয় সাত মাহ মাচুল নিদিয়াকৈ থকা ছাত্র-ছাত্রীক মাচুলৰ কথা সোঁৱৰাই দিলেই পিছদিনাখনৰ পৰা অভিভাৱকে ল’ৰা-ছোৱালীক বিদ্যালয়লৈ পঠোৱা বন্ধ কৰে। সেইজনমান অভিভাৱকৰ কথাত “এইকণ শিকাওতেই কিহৰ পইছাৰ কথা আহে?” যোৱা দুবছৰমান ধৰি বিদ্যালয়খন সম্পূৰ্ণ বন্ধ হৈ আছে। পছন্দৰ ভাল চিত্রকলা শিক্ষকক বিদ্যালয়খন চলাবলৈ দিয়াত তেখেত আগ্রহী।
ইয়াতকৈও দুখৰ লগতে লাজৰ ঘটনা ঘটিছিল যেতিয়া ভট্টাচাৰ্যই মানুহে দি যোৱা ফটোৰ পৰা তেখেতসকলৰ Portrait আঁকিছিল (সাধাৰণতে বহুতেই পৰিয়ালৰ স্বৰ্গগামীসকলৰ Portrait শিল্পীৰ হতুৱাই অঁকাই ঘৰত সজাই ৰাখে)। বিভিন্নজনে তেনেকুৱা Portrait আঁকিবলৈ দিছিল ভট্টাচাৰ্যক। এইটো সহজেই অনুমেয় যে ভট্টাচাৰ্যই ছবি সম্পূৰ্ণ নকৰাকৈ কাৰো পৰা একো আগধন লোৱা নাছিল। পুৰণা, মণিব নোৱাৰা উৱলি যোৱা ফটোৰ পৰা Magnifying Glass লৈ চাই চাই অত্যন্ত পৰিশ্রমৰে একোখন ছবি আঁকোতে কিমান কষ্ট হ’ব পাৰে তাক বহলাই ব্যাখ্যা কৰাৰ নিশ্চয় প্রয়োজন নাই। এতিয়া ছবিখন অঁকা সম্পূৰ্ণ হোৱাৰ পাছতো যদি দিওতাই কোনোকালেই সেইখন নিবলৈ নাহে তেন্তে শিল্পীজনাই কেনে এটা মনোকষ্ট পাব পাৰে তাক অনুমান কৰকচোন, তাকো এবাৰ, দুবাৰ নহৈ যদি কেইবাবাৰো একে ঘটনাৰে পুনৰাবৃত্তি হয়। শেষত উপায়ন্তৰ হৈ তেখেতে নিজৰ ছবিঅঁকা কোঠাটোৰ প্রবেশদ্বাৰতে “পাৰিশ্রমিক নিদিয়াৰ মানসিকতাৰে ছবি আঁকিবলৈ দি মিছাতে কষ্ট নিদিব” বুলি ফলক এখন আঁৰি দিবলৈ বাধ্য হ’ল। গভীৰ দুখেৰে তেখেতে ব্যক্ত কৰে “ছবিখিনিৰ বাবে মোক পইচা নিদিলেও অন্তত সেইখিনি মোৰ ইয়াৰ পৰা লৈ যোৱা হলে ভাল আছিল। মোৰ ইয়াত উপযুক্ত সংৰক্ষণ নথকাৰ বাবে সেইখিনি নষ্ট হৈ যাব ধৰাত মই দুখ পাইছো।”
শিল্পী শিৱ ভট্টাচাৰ্যদেৱ  চিত্রশিল্পী হোৱাৰ উপৰিও এজন নাট্যকাৰ আৰু গীতিকাৰ। অনুমানিক ১৯৭৯-৮০ চনমানত যোৰহাটত হোৱা জনাৰ্দন নাট প্রতিযোগীতাত  ভট্টাচাৰ্য ৰচিত শিশু নাট “পোহৰৰ ৰেঙণী খেদি”এ শ্রেষ্ঠ অভিনেতা, শ্রেষ্ঠ নাটকৰ উপৰিও আন কেইবাটাও শিতানত পুৰস্কৃত হৈ প্রশংসিত হয়।  দেৰগাঁৱকে ধৰি আন কেইখনমান ঠাইত মন্থস্থ হোৱা তেখেতৰ ৰচিত আন কেইখনমান মঞ্চসফল নাটক হৈছে “শিখা”, “বহ্নি”, “ৰক্তাক্ত সুৰংগ” ইত্যাদি। “বিধাতাৰ নিৰ্মালী” আৰু “অৰ্ধাংগিনী” তেখেত ৰচিত আন দুখন নাটক যিদুখন বিভিন্ন কিছু কাৰণত আজিলৈকে মন্থস্থ নহ’ল।  তেখেতে প্রায় ১৫, ২০ টামান লোকগীতৰো ৰচনা কৰিছিল যিসমূহ আকাশবাণী ডিব্রুগড়ৰ পৰা প্রচাৰ কৰা হৈছিল(বেলেগ শিল্পীৰ কণ্ঠত)।
দেৰগঁঞা শিল্পী শিৱ ভট্টাচাৰ্যক বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানে সম্বৰ্ধনা জ্ঞাপন কৰিছে। তাৰ ভিতৰত নৰ্থ ইষ্ট থিয়েটাৰ একাদেমী, যোৰহাট কলা পৰিষদ, অসম সাহিত্য সভাৰ গোলাঘাট জিলা পৰিষদ, দেৰগাঁও আঞ্চলিক ছাত্র সন্থাৰ নাম ল’ব পাৰি। ভট্টাচাৰ্যই অঁকা বহুতো চিত্র অসমৰ বিভিন্ন ঠাইত প্রদৰ্শিত হৈছে যদিও অৰ্থৰ অভাৱৰ বাবে উপযুক্তভাৱে সংৰক্ষণ কৰিব নোৱাৰাত কেইবাখনো চিত্র ইতিমধ্যে নষ্ট হৈছে আৰু থকা কেইখনৰো অৱস্থা দুখলগাকৈ শোচনীয় হৈ আহিছে। তেখেতৰ মূল গৃহ আৰু লগতে বন্ধ হৈ থকা বিদ্যালয়খনৰ  চুকত ধূলি-মাকতি, এলান্ধু, কুমাৰনীৰ কবলত পৰি মৃত্যুৰ ক্ষণ গণা কেইখনমান ছবিক উদ্ধাৰ কৰি যৎপৰোনাষ্টি চেষ্টাৰে পৰিস্কাৰকৈ আপোনালোকৰ আগত দাঙি ধৰাৰ চেষ্টা কৰা হৈছে।

১) বীভৎস বীভৎসতা

 

 

 

 

 

 

কোনো মানুহেই নিজৰ ঘাঁ নেচেলেকে। পশুৱেহে ঘাঁ চেলেকা দেখা যায়। কিন্তু আজিকালি মানুহে মানুহৰ কাম নকৰি পশুৰ কাম কৰিবলৈ লৈছে। এটা সৰু উদাহৰণে ছবিখন বোধগম্য কৰাত সহায় কৰিব। ধৰাহওক আপুনি খোৱাবস্তুৰ ব্যৱসায় কৰা এজন ব্যৱসায়ী। অধিক মুনাফাৰ আশাত আপুনি খোৱাবস্তু ভেজাল কৰি বিক্রী কৰি আছে আৰু দুৰণিৰ ছাত্রাবাসত থকা আপোনাৰেই পুত্রই সেই ভেজাল খাদ্যৰ বাবে ৰোগাক্রান্ত হৈছে (অথবা মৃত্যুও হৈছে)। গতিকে আপুনি নিজেই নিজৰে ঘাঁ চেলেকা নাই জানো।

 

২) দৃষ্টি

 

 

 

 

 

 

 

 

মানুহৰ দিন সদাই একে নাযায়। অতীতত দুখত কান্দি, সুখত হাঁহি সাধাৰণ জীৱন যাপন কৰা এই সৰল মানুহজনৰ দৃষ্টিত বৰ্তমানটো বৰ ভয়াবহভাৱে জটিল হৈ পৰিছে যাক লৈ প্রতি পল তেঁও চিন্তিত হৈছে।

৩) অৱচেতন

 

 

 

 

পূৰ্ণযৌৱনা নাৰী গৰাকী নিৰাপদে নিৰ্ভয়ে শুই থকা স্বত্তেও আঠুৱাৰ সামান্য ফাঁকেদি সুবিধাবাদী “মহ”টো সোমাই তাইৰ তেজ পান কৰি আছে। টোপনীৰ কোলাত অৱচেতন হৈ থকা বাবে তাই মহটোৰ আচল অৱস্থান গম পোৱা নাই।

৪) সুৰ আৰু বেসুৰ

 

 

 

 

 

ঈৰ্ষাৰ জুইত জ্বলি জ্বলি ভাল কামবোৰক বাধা দিয়া মানুহৰ অভাব নাই আমাৰ সমাজত। এনেকুৱা ঈৰ্ষান্বেষী লোকৰ বাবেই আজি প্রগতিৰ গতি বাধাপ্রাপ্ত হৈছে। কিন্তু আন এচাম ওলাই আহিছে সেই স্তব্ধ গতিক তৰান্বিত কৰি প্রগতিৰ দিশে ধাৱমান হবলৈকে। সময় এতিয়াও আছে ভাল হবলৈ, “বেসুৰক সুৰ দিবলৈ”।

৫) চৰিত্র বিভ্রাট

 

 

 

 

 

বৃদ্ধজন জনসাধাৰণৰ প্রতিনিধি। তেঁও মঙহৰ ভাৰখন এজন উচ্চক্ষমতা সম্পন্ন ব্যক্তিক দিছিল যিয়ে সকলো আত্মসাৎ কৰিছে। সাধাৰণ মানুহে বাধা দিব পৰা নাই। কিন্তু তাৰ মাজতে বিপ্লৱৰ সূচনা কৰিবলৈ ওলাই আহিছে বাঘৰূপী বিপ্লৱী।

৬) নতুন পৃথিৱী

 

 

 

 

 

 

 

 

সমাজৰ হত্যা, হিংসা, বৰ্বৰতা দেখি আজিৰ উঠি অহা শিশুৱে ভয় খাইছে, নিৰাপত্তাহীনতাত ভূগিছে। তাহাতি এখন নতুন সপোনৰ পৃথিৱী দেখা পাই সেইফালে ধাৱমান হ’ব খুজিছে।

৭) প্রেম

 

 

 

 

 

 

সদাশিৱৰ প্রেম ইমান গভীৰ যে পাৰ্বতীৰ মৃত্যুৰ পাছতো তেঁওৰ নিথৰ দেহ লৈ ঘূৰিছে। ইয়াতকৈ আৰু বেছি প্রেমৰ কি নিদৰ্শন হ’ব পাৰে।

৮) সৃষ্টি

 

 

 

 

 

 

 

 

পুৰুষ আৰু প্রকৃতি(নাৰীক বুজোৱা হৈছে) নহলে সৃষ্টি নহয়। “ওম” শব্দ ধ্বনিত হৈ সৃষ্টি কৰিছে শব্দব্রহ্মৰ। সেই শব্দব্রহ্মই সৃষ্টি কৰিছে পুৰুষ আৰু প্রকৃতি য’ৰ পৰা বাকী সৃষ্টি হৈছে। এইখন চিত্র ২০১১ চনত হোৱা অসম সাহিত্য সভাৰ একসপ্ততিতম দেৰগাঁও অধিবেশনৰ স্মৃতিগ্রন্থ “দিচৈ দৰিয়া” ত প্রকাশিত হৈছে।

(বিভিন্ন কাৰণত শিৱ ভট্টাচাৰ্যৰ সমূহ সৃষ্টিসমূহ(চিত্র, নাটক, লোকগীত) আজি থাওকতে পাব পৰা অৱস্থাত নাই। সেইখিনি সংগ্রহ কৰি সংৰক্ষণ কৰাৰ বাবে চেষ্টা চলাই থকা হৈছে।  শিৱ ভট্টাচাৰ্যৰ ছাত্রসকলৰ ভিতৰৰ অন্যতম ত্রিনয়ন বৰাই দিয়া তথ্য আৰু আলোকচিত্র লৈ এই লেখাটি যুগুত কৰা হৈছে। লগতে ২০১১ চনত হোৱা অসম সাহিত্য সভাৰ দেৰগাঁও অধিবেশনৰ স্মৃতিগ্রন্থ “দিচৈ দৰিয়া” ত প্রকাশিত বিতোপনজ্যোতি ফুকনৰ প্রবন্ধ “দেৰগাঁৱৰ চিত্রকলা-চৰ্চা” ৰ পৰাও দুই এক তথ্য্ লোৱা হৈছে। )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments