শীতকালৰ মধুৰ স্মৃতিৰ উমলৈ এখনি চিঠি (ড° ভূপেন্দ্ৰ শইকীয়া)

 

প্ৰতি বন্ধু মনোহৰ দত্ত,

মৰম আৰু শুভেচ্ছা যাচিলোঁ৷ এতিয়া সৰ্বত্ৰ শীতৰ আলোচনা৷ মোৰ বৰ্তমানৰ কৰ্মস্থলী কাটাৰৰ ড’হাটো শীত চলিছে৷ যোৱা এমাহ ধৰি এচিৰ ব্যৱহাৰ বন্ধ আছে৷ ৰাতি লেপ লৈছো আৰু দিনৰ ৰ’দৰ তাপৰ আমেজ উপলব্দ্ধি কৰিছো ৷ বৰ্তমান ড’হাৰ তাপমান সৰ্বোচ্চ ১৮ডিগ্ৰী আৰু সৰ্বনিম্ন ৯ডিগ্ৰী চলি আছে৷ চাইবেৰিয়াৰ পৰা অহা শীত – লহৰৰ ফলতেই এনে হৈছে বুলি বতৰ বিজ্ঞানীসকলে ঘোষণা কৰিছে৷ তেওঁলোকৰ মতে অহা চাৰি দিনৰ ভিতৰত পাৰাস্তম্ভ ৪ডিগ্ৰী চেলচিয়াচলৈ নামিব৷ শীতৰ আলোচনাই বাতৰিৰ শিৰোনামা দখল কৰিছে৷ ইতিমধ্যে কাটাৰত শীতে যোৱা দশকটোৰ অভিলেখ ভংগ কৰিছে৷শীতৰ মোৰ অনুভৱ ব্যক্ত কৰি আজি আপোনালৈ দুআষাৰ লিখিলো৷

বাল্যকালত তেতিয়াৰ অসমৰ ৰাজধানী চিলঙত এটি সৰ্বভাৰতীয় মেধাৱী বৃৰ্ত্তি পৰীক্ষা দিবলৈ ডিব্ৰুগড়ৰ পৰা ওলাইছিলো শিক্ষাবিদ ৺নন্দলাল বৰগোহাঁইৰ সৈতে৷শ্ৰদ্ধেয় বৰগোহাঁইদেৱৰ এম্বেচেডৰ গাড়ীৰে যাত্ৰা কৰিছিলো- লগত আছিল দেউতা৷সেয়াই আছিল মোৰ প্ৰথম দূৰণীবতিয়া যাত্ৰা৷চিলঙৰ একাবেকা পাহাৰীয়া পথত মোৰ বহুবাৰ বমি হৈছিল৷পাহাৰীয়া পথ যেন শেষেই নহব – তেনে এটা ভয় ভাৱ মনত সোমাই গৈছিল৷ কিন্তু চিলঙৰ হোটেলত নমাৰ লগে-লগেই মনৰ ডাৱৰ মুকলি হৈছিল৷পুৱাই গোটেই চিলঙখন বগা হৈ পৰিছিল – গছ-গছনি, পাহাৰ- পথাৰ, ঘৰ,ৱাৰ্ডলে’ক সকলোকে এখন মোহনীয় বগা চাদৰেৰে প্ৰকৃতিয়ে যেন ঢাকি দিছিল৷শীতৰ সেমেকা বতাহজাকে শৰীৰত এক মিঠা শিহৰণ দিছিল৷দুদিন চিলঙত কটাই গুৱাহাটীলৈ আহিলো৷ৰূপশ্ৰী টকীজত “ইটো সিটো বহুটো” চিনেমাখন চলি আছিল৷চিনেমাখন চাবলৈ এদিন গুৱাহাটীত থাকিলো৷হাস্যমধুৰ বোলছবিখনত যি কোনো সমস্যাৰ সন্মুখীন হলেই ফণী শৰ্মাই মূৰত হাতুৰিৰে টঙনিওৱাৰ দৃশ্য ৰিনিকি-ৰিনিকি মনত পৰে৷

চিলঙত মই দিয়া পৰীক্ষাৰ ফলাফল এসময়ত ওলাল৷মই বেনাৰচৰ আৱাসিক পাব্লিক স্কুলত পঢ়িবলৈ নিৰ্বচিত হলো৷ওচৰ চুবুৰীয়া কতিয়া দদাইদেউ আৰু মেছ দদাইদেউহতে মোক ৰেলষ্টেচনত বিদায় দিয়াৰ ছবি মানসপটত এতিয়াও সজীৱ৷পাঁচটা বছৰ কালকাশীবাসী হৈ থাকিলো৷ বেনাৰচৰ অন্য দুটা নাম কাশী আৰু বাৰানসী৷তাত শীত কালত অতিপাত ঠাণ্ডা পৰে৷গৰমতো “লূ” নামৰ গৰম বতাহ বয়৷ক্লাচ এইটত থাকোতে জানুৱাৰী মাহত স্কুলৰ পৰা আমাক নৈনীতাললৈ এস্কাৰ্চনত নিছিল৷তাৰ নৈনীলে’কৰ মনোমোহা দৃশ্য, নৌকা-বিহাৰ, ‘কোপা-কেবেনা’ ৰেষ্টোৰেন্টত কফিখোৱা ,পাহাৰত ট্ৰেকিং কৰা আজিও পাহৰা নাই৷

সময় বাগৰিল৷ ট্ৰপিকেল মেডিচিনৰ স্নাতকোত্তৰ ডিপ্লমাৰ বাবে আয়াৰলেণ্ডলৈ যোৱাৰ সৌভাগ্য ঘটিল৷ইংলেণ্ড আৰু চুইজাৰলেণ্ডৰ ভিছাও ওলিয়ালো৷ শীতকাল যৎ সামান্য হলেও তিনিওখন দেশত উপভোগ কৰিলো৷ মন মুহিলে ফুলেৰে জাতিস্কাৰ আয়াৰলেণ্ডৰ অপৰূপ প্ৰাকৃতিক সৌন্দয্যই আৰু চুইজাৰলেণ্ডৰ বৰফাবৃত পাহাৰৰ দৃশ্যাৱলীয়ে৷

অসমত কৰ্মৰত থাকোতে অৰুণচলৰ বমডিলাহৈ টাৱাং আৰু চিক্কিমৰ গেংটকৰ চাংগোলে’কলৈ শীতকালত কেইবাবাৰো পৰিয়ালসহ গলো৷প্ৰত্যেকবাৰেই নতুন সজীবতা উপলব্দ্ধি কৰিলো আৰু মানসপটত শুভ্ৰবৰফৰ প্ৰতিচ্ছবি লৈ গৃহাভিমুখী হলো৷ শেষত ইয়াকে কামনা কৰি মুখনি মাৰিলো- শীতে সজীৱতা দিয়ক, কৰ্মত জঠৰতা নানক আৰু জীৱনত উমৰ সুখানুভূতি প্ৰদান কৰক৷

ইতি
ড° ভূপেন্দ্ৰ শইকীয়া (কাটাৰ)

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments