শীতলৈ এখন চিঠি (মনোহৰ দত্ত)

শীতলৈ এখন চিঠি

মনোহৰ দত্ত
মৰমৰ শীত,
মৰম ল’বি।
সময় মতে আহিলি নে অসময়ত আহিলি কোৱাটো কঠিন হৈ পৰিছে। মানুহৰ বাবেই হেনো এনে হৈছে।
আনপিনে অবতৰত খেতিৰ দিহা কৰি বজাৰত এতিয়া বাৰ মাহতেই অনেক পাচলি পোৱা যায়। সেয়ে খৰালিকালৰ পাচলিৰ সোৱাদ কমিছে নে বাঢ়িছে বুজা নাযায়। পিছে আগৰ দৰে ফুলকবিৰ সুগন্ধি নোহোৱা হ’ল।
ফুলকবিৰ কথা মনত পৰোঁতে মনলৈ আহিছে কলেজীয়া জীৱনৰ কথা। আমাৰ সৰু চহৰখনত এখন ‘কেণ্টিন’ আছিল। তাত শীতৰ সময়ত গধূলি পৰত বিশেষ ভাবে তৈয়াৰ কৰা হৈছিল পুৰি আৰু ফুলকবিৰ আঞ্জা বা ব্যঞ্জন । কেণ্টিনৰ সন্মুখত ব্লেক ব’ৰ্ডত লিখিছিল:
‘আজিৰ বিশেষ আকৰ্ষণ পুৰি আৰু ফুলকবিৰ আঞ্জা।’
সেই সময়ত কেণ্টিনৰ সন্মুখেৰে পাৰ হৈ যোৱা সকলৰ নাকত আহি লাগিছিল ফুলকবিৰ সুগন্ধি আৰু ক’ব নোৱাৰাকৈয়ে মানুহে কেণ্টিনলৈ সোমাই গৈছিল পুৰিৰ সোৱাদ ল’বলৈ। আমি নিজেও প্ৰায়ে সেই সোৱাদ লৈছিলো, কেতিয়াবা আনকি বাকীত খাইছিলোঁ । কিযে সুস্বাদু আছিল সেই তৃপ্তি।
আজি পিছে সেই কেণ্টিনো নাই আৰু নাই পুৰি আৰু ফুলকবিৰ আঞ্জাৰ সুগন্ধি।
তথাপি তই আহিছ আমাৰ মাজলৈ। অতি আন্তৰিকতাৰে তোক আদৰিছোঁ । আদৰিছোঁ ডেংগুৰ পৰা পৰিত্ৰাণ পাবলৈ, আদৰিছোঁ বাটে-পথে জমা হোৱা বৰষুণৰ মলিন পানীৰ পৰা ৰক্ষা পাবলৈ।
পিছে তই যেন হিম চেঁচা শীত হৈ আমাক আমনি নকৰ, তাৰ বাবে আগতীয়াকৈ অনুৰোধ কৰিলোঁ।
ইতি
মনোহৰ দত্ত
নলবাৰী।
১৮ নৱেম্বৰ ২০১২
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক