——–শীত——- ( অনামিকা চলিহা )

xeet

শীতৰ দিনকেইটাৰ আগমণ  ঘটিলেই মাথাটো ঘোলা হৈ যায় বছৰি মোৰ। নহ’বনো কিয় আমাৰদৰে দুখীয়াবোৰৰ য’ত নেকি দুবেলা দুসাজ পেট ভৰাই খাবলৈ টনা আজোৰা চলে, তেনেস্থলত কম্বল এখন বা লেপ এখন সাতশ আঠশ টকা দি কিনো কেনেকৈ? হৈছে। বস্তুৰ যিহে জুই চাই দাম হৈছে। আৰু এখন কিনিলেই জানো হ’ব? ডাবল চাইজৰ এখন কিনিলে মোৰ আৰু কণ কণ ছোৱালী তিনিজনীৰ হ’ব, পিছে মোৰ মানুহটোৱে ঠাণ্ডাখনত কেৱল দুবছৰমানৰ আগতে আৰ তাৰপৰা খুজি আনি নিজে হাতেৰে চিলাই  লোৱা ফটা কেঠাখনৰে ঠাণ্ডাত কেঁকাই থাকিলে মই বাৰু কেনেকৈ সহ্য কৰোঁ? হাজাৰ বেয়া হ’লেও মোৰ মানুহ সি। তাক আৰু ছোৱালী তিনিজনীক লৈয়ে মোৰ পৃথিৱী। তাতে দিন হোৱাত কেঠাখনে গৰম লগোৱাতকৈ ঠাণ্ডাহে বেছিকৈ লগায়। নতুনকৈ এখন সী দিবলৈও পিন্ধা কাপোৰৰে অভাৱ। তেনেস্থলত….

সেই আশা বাদ দিবলগীয়া হয়। তাতে শুবলৈ বিচনা এখনো নাই। মাটিতে থৈলাত ধান খেৰ ভৰাই তুলিৰদৰে কৰি লৈছোঁ।তথাপি তেনে তুলিয়ে চেচাঁ মাটিৰ শীতলতাক বাধা দিব নোৱাৰে। ঠেঁটুৱৈ ধৰা শীতত শৰীৰৰ সিৰা উপশিৰালৈকে শীতলতাই চুই যায়। নিশকতীয়া শৰীৰকেইটাই ঠাণ্ডা সহ্য কৰিব নোৱাৰে। ঠাণ্ডাত ছোৱালীকেইজনীক যিমান পাৰো কাষলৈ চপাই আনো। কিজানি মোৰ দেহৰ সামান্য উত্তাপে সিহঁতক অলপ হ’লেও উম দিব পাৰে!

সৰুজনী ছোৱালীৰ বয়স সাতবছৰমান। তাই কুচিমুচি মোৰ বুকুৰ মাজত সোমাই কয়- ‘মা খুব ঠাণ্ডা লাগিছে’। তাইৰ কথা শুনি বুকুখনৰ কোনোবাখিনিত পোৰণি উঠে। যিমান পাৰোঁ কাষলৈ চপাই আনি কওঁ “মোক জোৰকৈ সাৱটি ধৰি শুই থাক,গৰম উঠি যাব”। কথাষাৰ কৈ ডিঙিলৈকে শোক এটা উথলি উঠে। মাক হওঁ মই। সন্তানক সকলো সুখ দিব খোজোঁ। জীয়াৰী কালত কিবা জগৰ লগালে মায়ে কোৱা কথাষাৰ কাণত থহৰ থহৰকৈ বাজে- মাক হ’লে বুজিবি। ঠিকেই কয়, আইৰ সমান হ’ব কোন? মাতৃ হোৱাৰ পাছত সন্তানৰ প্ৰতি মাকৰ মোহ কি বুজি উঠিছোঁ। প্ৰতি পলে পলে জীয়াৰী কালত মায়ে কোৱা কথাবোৰ যে সত্য প্ৰমাণিত হৈছে। পিছে সেইসময়ত এইবোৰ কথা বুজিয়েই নেপালো। ইয়ে আৰু মোক দুখী কৰি তোলে।

…………………………………………………..

ঘৰৰ মই ডাঙৰ ছোৱালী আছিলো। দুজনী ভনী আৰু এটা ভাই। আইৰ ঘৰত দুবেলা দুমুঠিৰ অভাৱ নাছিল। পঢ়া শুনাত বৰ বিশেষ আগবাঢ়িব নোৱাৰিলো। এদিন ঘৰলৈ কাঠ মিস্ত্ৰীৰ কাম কৰিবলৈ ৰমেনদা আহিছিল। আমাৰ ঘৰটো সাজিবলৈ। প্ৰথম দৰ্শনতেই ৰমেনদাক মোক ভাল লাগিছিল। তেতিয়া মোৰ ১৬ বছৰেই হোৱা নাছিল। ৰমেনদাৰ মিঠা কথাত ভোল গ’লো। আগ গুৰি নেভাবি এদিন ঘৰৰ কোনোৱেই গম নোপোৱাকৈ আন্ধাৰৰ সুযোগ লৈ ৰমেনদাৰ চাইকেলক উঠি তেওঁৰ ঘৰ ওলালোগৈ । দুইখন ঘৰে প্ৰথমে অলপ অসন্তোষ প্ৰকাশ কৰিলেও লাহে লাহে আমাক আদৰি ল’লে। ৰমেনদাৰ ঘৰখনতো ইমান অভাৱ অনাটন নাছিল। শাহু শহুৰে মোক মৰমেই কৰিছিল। বিয়া নোহোৱাকৈ থকা বাই শাহুজনী ভালেই আছিল। পিছে সমস্যাৰ সৃষ্টি কৰিলে ৰমেনদাই নিজে।ককায়েক কেইজনে ইতিমধ্যে বিয়া বাৰু কৰাই বেলেগ ঘৰ বান্ধিছিল। ৰমেনদাৰ মদটোপাৰ প্ৰতি থকা আকৰ্ষণৰ কথা বিয়াৰ আগতে মোৰ অজানা আছিল। মোক বিয়া কৰি অনাৰ কিছুদিনলৈকে ঠিকেই আছিল। পিছে দিন বাঢ়ি যোৱাৰ লগে লগে তেওঁৰ এই বদ অভ্যাস মোৰ চকুত জলজল পটপটকৈ ধৰা পৰিল। কাম কৰিবলৈ ওলাই গৈ এটুপি ধৰি ৰাতি দেৰি দেৰিকৈ ঘৰলৈ অহা হ’ল। কিবা ক’লেও অবাইচ মাত মাতি গাত হাতো দিয়া হ’ল। শাহু- শহুৰে কিবা ক’লেও তেওঁলোককো নক’বলগীয়া কথা কোৱা হ’ল। এদিন সহ্যৰ সীমা মাক- দেউতাকৰো পাৰ হৈ গ’ল। ৰমেনদাক ঘৰৰপৰা বাহিৰ কৰি দিলে। মোৰো উপায় নোহোৱা হ’ল। কাৰ পক্ষ ল’ম? স্বামীৰ পক্ষ নে শহুৰ -শাহুৰ? স্বামীৰ ভুল দেখিও উপায় নেপাই ৰমেনদাৰ লগতেই ওলাই আহিলো।

………………………………………………….

মোৰ পেটত তেতিয়া তিনিমহীয়া সন্তান। শেষ আশ্ৰয় আছিল দেউতাৰ ঘৰ। মা -দেউতাই মোকেই দোষ দিলে নিজে চাই বিয়া হোৱা বাবে। তথাপিও আমাক আকোঁৱালি ল’লে। হাজাৰ হ’লেও নিজৰ পেটৰ সন্তানৰ দুখ দেখি কেনেকৈ চাই থাকে? ৰমেনদাই নিজৰ ঘৰত  ভৰি নিদিয়াৰ শপত ল’লে। দিনবোৰ তেনেকৈয়ে গৈ থাকিল। ইতিমধ্যে দেউতাহঁতে মাটি অকণ দিলে। তাতে সৰুকৈ ঘৰ এটা বান্ধি থাকিবলৈ ল’লো। ৰমেনদাৰ স্বভাৱ সলনি নহ’ল।মই তেওঁৰ এই স্বভাৱৰ সৈতে মিলি যোৱাৰ চেষ্টা কৰিলো। সুস্হিৰ হৈ থাকোতে ৰমেনদাক বুজাওঁ। বুজেও তেতিয়া। পিছে পেটত পানীটুপি পৰাৰ লগে লগে একেই ৰুপ। মৃত্যুৰ কথাও ভাৱো মাজে মাজে।পিছে ছোৱালীকেইজনীৰ মুখলৈ চালে সেই মনৰ আশা মনতে মাৰ যায়। এদিন ৰমেনদাই বুজি পাব সেই আশাতেই বন্দী হৈ পৰোঁ। ছোৱালীকেইজনী লাহে লাহে ডাঙৰ হৈ অহাত সিহঁতৰ বিভিন্ন অভাৱ দুৰ কৰিবৰ বাবে দুই এঘৰত ইটো সিটো কাম কৰিবলৈ ল’লো। সিহঁতৰ অভাৱবোৰ অলপ হ’লেও পুৰাব পাৰি মনটো ভাল লাগে।

…………………………………………..

ঠাণ্ডা অলপ বেছিকৈয়ে পৰিছে। ঘৰৰ টিঙৰ চালত নিয়ৰবোৰে টোপ টোপকৈ শব্দ কৰিছে। মই নিয়মীয়াকৈ কাম কৰা ৰীনা বৰবৌৱে ডাবল চাইজৰ ব্লেংকেট এখন আনি দিলে। যোৱাবাৰতকৈ সেইবাবে ঠাণ্ডা অলপ কম পাইছো। তথাপি আৰু এখন হোৱা হ’লে ভাল আছিল।

পথাৰত ধান দাই থাকোতে ভনী নবৌৱে কৈছিল—“চৰকাৰে বোলে অহা দেওবাৰে আমাৰ গাওঁত মিটিং পাতিছে। ইলেকচন আহি আছে। তাতেই বোলে ঊল, সূতা, কম্বল আদি দিব।” আনে যিয়েই নকওঁক ‘ভোটৰ বাবে তেওঁলোকে এইবোৰ কৰিছে বুলি’ তাত মোৰ ক’বলগীয়া একো নাই। আমাৰ দৰে দুখীয়াবোৰৰ বাবে তেওঁলোকৰ এই সাহায্য আশীৰ্বাদস্বৰুপ। এই সময়ত মোক আৰু কম্বল এখনৰ খুবেই দৰকাৰ হৈছে –ছোৱালী কেইজনীক ঠাণ্ডাৰপৰা ৰক্ষা কৰিবৰ বাবে। গাত ল’বলৈ কাপোৰ দুখনমানো লাগে। ঊল দিলে তাৰে মাটি শালখনতে গৰম কাপোৰ দুখনো বৈ উলিয়াব পাৰিম। ঠাণ্ডাটো তেতিয়া ভালৰেই পাৰ হৈ যাব। মিটিং খনলৈ যাব লাগিব। ভোট যাকেই নিদিওঁ। সেইয়া পাছৰ কথা। আমাৰ ৱাৰ্ডৰ ৱাৰ্ডমেম্বাৰ নিজু নবৌক কথাটো ক’ব লাগিব। নিজু নবৌৰ ৱাৰ্ড মেম্বাৰ হোৱাৰ বাবে মইও বহু কষ্ট কৰি থৈছোঁ।

চৰকাৰে দিব বুলি কোৱা কম্বল আৰু ঊলৰ কথা ভাবিয়েই মোৰ দুচকু জাপ খাই আহিল। হওঁক তেও, এটা সমস্যা সমাধান হৈছে। বাহিৰত ফৰিংফুটা জোনাক। বেৰৰ জলঙাইদি জোনৰ পোহৰ কোঠাটোৰ ভিতৰলৈ সোমাই কোঠাটো পোহৰাই তুলিছে তেতিয়া।

Top of Form

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments