শীত আৰু কিছু অনুভৱ (নিৰুপমা ডেকা)

নৱেম্বৰ,ডিচেম্বৰ আৰু জানুৱাৰী৷ এই মাহকেইটা আহি পালেই শীতৰ অনুভৱে মনবোৰ পুলকিত কৰে৷ দোকানবোৰত গৰম কাপোৰৰ পয়োভৰ৷ ৰাতিপুৱাবোৰ সোমাই থাকে কুঁৱলীৰ চাদৰৰ তলত৷ ওলাও নোলাওকৈ লাজৰ ওৰণি টানি পূৱ আকাশত দেখা দিয়ে সূৰ্যকান্তিৰ কোমল ৰ’দালীয়ে৷ গৰম কাপোৰৰ উম এৰি বিচনা এৰি আহিবলৈ এলাহে আগুৰি ধৰে৷ শীতৰ অনুভৱ বুলিলে আৰু কিছু নষ্টালজিক সময়ৰ স্মৃতিয়ে হৃদয় বলুকাত উখল-মাখল লগাই পাৰ হৈ যায়৷ তাৰ ভিতৰত ৰাস উত্সৱ,বৰদিন,মকৰ সংক্ৰান্তি আৰু আমাৰ বুকুৰ আপোন ভোগালীকে ধৰি কেবাটাও উত্সৱৰ মিঠা অনুভৱ৷ ইংৰাজী নতুন বৰ্ষৰ আগমনৰ বতৰা শীতে আনে আৰু দিয়ে মাদকতা ভৰা আদৰণি উত্সৱ৷ একুৰা জুই আৰু এজুম মানুহৰ ৰসাল আড্ডাৰ লগত গৰম চাহ পকৰা আদি শীত আতৰোৱাৰ চেষ্টাৰ লগতে মানুহৰ যান্ত্ৰিকতাহীন জীৱনৰ অলপ সোৱাদ লোৱাৰ সুযোগ৷ বনভোজৰ হাঁহি ফুৰ্টি , নাচ-গানেৰে শীতৰ উদযাপন সঁচাকৈয়ে মনোৰম৷ গৰম নোমাল কাপোৰৰ তলত হাত-ভৰি লুকাই অথচ অন্তৰৰ দুৱাৰ মেলি থয় শীতে৷ মোৰ আটাইতকৈ শীত কালৰ প্ৰিয় কামটো হ’ল বনভোজলৈ যোৱাটো৷ আত্মীয় বা বন্ধু-বান্ধৱৰ লগত প্ৰকৃতিৰ কোলাত দেও দি দি নাচিবাগি আপোন পাহৰা হৈ যোৱাৰ সময়কণত এনে লাগে যেন পৃথিৱীত দুখৰ ছাঁ এটা অস্তিত্বহীন বস্তু৷ জীৱন যেন সুখানুভূতিৰ এটোপোলা চানাচুৰ নতুবা পানীয়৷ চুবাই যোৱা বা পি যোৱা আৰু মজা লোৱা৷ জীৱন যেন হাঁহিৰ থুনপাক খুলি দিলেই চৌপাশ বিয়পা৷
কিন্তু এনে অনুভৱৰ কোমলতাক ঠেলি মনলৈ একে সময়তে আন এখন ছবিও আনি মনৰ আবেগক নাকি লগাই৷ ভাৰতবৰ্ষৰ দৰে ঠাইত য’ত দৰিদ্ৰ সীমাৰেখাৰ তলত মুঠ জনসংখ্যাৰ আধাতকৈ বেছি মানুহ থাকে ,তেনে এখন ঠাইত শীতৰ অনুভৱ সকলোৰে বাবে ইমান মিঠা নহয়৷ প্ৰায়েই মনলৈ আহে ড*ভূপেন হাজৰিকাৰ সেই বিশেষ গীতটি “শীতৰে সেমেকা ৰাতি,সেমেকা শীতৰে ৰাতি, বস্ত্ৰবিহীন কোনো খেতিয়কৰ ,ভাঙি পৰা পঁজাটি ………”যাৰ অন্তৰত শীত মানেই এখন গৰম কাপোৰৰ জোগাৰ নোহোৱাৰ সম্ভাৱনা , একুৰা জুই ধৰিও গা তপতাবলৈ অসামৰ্থতা থাকে বাবে শীত এটা দুৰ্ভাৱনাহে মাথো৷ মোৰ শীতক কবলৈ মন যায় “শীত নোৱাৰ নে ধনীৰ দালান চুই পাৰ হ’ব ,দুখীয়াৰ ভগা পঁজাবোৰ ত নুসুমুৱাকৈ পাৰহৈ যাব ! পাৰ যদি নেমেলিবিচোন শীতৰ চাদৰ,নিশাবোৰ সিহঁতৰ ওজাগৰি কৰি , সুখবোৰ সিহঁতৰ কাঢ়ি কিনো পাবি , পাৰ যদি হচোন ৰ’দৰ দৰে উদাৰ , উম দি জীৱন দিয়াৰ৷ ”
তথাপিওটো শীত আহিবই৷ প্ৰকৃতিৰ নীতি এইয়া৷ ঋতুৰ অবধাৰিত নিয়ম এইয়া৷ হাড় কপোৱা জাৰে মনবোৰ কাৰোবাৰ সুখত কঁপাব আৰু কাৰোবাৰ দুখত কঁপাব৷ তেনে দুখী সকলক অলপ সকাহ দিবলৈ আমি অলপ কিবা কৰিব পাৰো ইচ্ছা কৰিলে৷ আমাৰ পুৰণি গৰম কাপোৰেৰে সিহঁতৰ শৰীৰত অলপ উম দিয়াৰ চেষ্টা৷ প্ৰত্যেকেই নতুন এটা লওঁতে পুৰণি এটা ওচৰৰ এনে অভাৱী এজনক দিলে বিশেষ একো ক্ষতি নহ’ব চাগে , বৰং এটা মহত্ কাম হে হ’ব৷ সুখৰ ভাগ দিয়াত সুখ বাঢ়ে ,নকমে৷
আমাৰ শীতৰ মিঠা অনুভৱক এনেবোৰ মহান অনুভূতিৰে জীপাল কৰো আহক৷ শীতৰ ৰুক্ষতাই হিয়াক নোচোৱাকৈ পাৰ হৈ যাব৷ জীৱন সুন্দৰতাৰ নামাকৰণ হ’ব৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments