শুকুলা মেঘৰ ছাঁ ( চন্দ্ৰমা কলিতা )

শুকুলা মেঘৰ ছাঁ

চন্দ্ৰমা কলিতা

“যদি শুনাব খোজা শুকুলা মেঘৰ সাধুকথা মই শুনি ৰ’ম…
যদি শুনাব খোজা বৰষুণজাকৰ আত্মকথা মই শুনি ৰ’ম… “
কি-ব’র্ডত শব্দকেইটা টাইপ কৰি তাৰপিছত কি লিখিব ভাবি থাকোতেই চিঞৰ এটা শুনি নয়না ৰৈ গ’ল। চিঞৰটোৰ উৎস বিচাৰি চাঁদলৈ উঠি অহা চিৰিকেইটাৰ ফালে ঘূৰি চাওঁতেই তাই দেখিলে সিহঁতৰ কাষৰ কোঠাৰ হিয়া ফোপাই জোপাই চিৰিকেইটাৰে উঠি আহিছে । দৌৰি অহাত তাইৰ উশাহবোৰ ঘন আৰু চুটি চুটি হৈছে । মুখেৰে একো ক’ব নোৱাৰি তাই লৰালৰিকৈ হাত দুখন জোকাৰি জোকাৰি নয়নাক কিবা ক’ব খুজিছে।হিয়াক এনে অৱস্থাত দেখি নয়না আচৰিত হ’ল।কিবা এটা বেয়া খবৰৰ আশংকাত তাই শিয়ৰি  উঠিল। “হৈছে কি? তই অলপ ধীৰে-সুস্থিৰে ক’চোন কি হ’ল?”,বিতত হৈ নয়নাই হিয়াক ক’লে। এইবাৰ হিয়াই নয়নাৰ হাত এখনত তাইৰ দুয়োখন হাতেৰে খামুচি ধৰি প্রায় একে উশাহতে ক’লে,”তোৰ ৰূমমেট দিশাই ফেনাইল খাই চুইচাইড কৰিব খুজিছিল।পৰি আছে এতিয়া বেডত।তই ইয়াত কি কৰি আছ?ইমান বিচাৰি ফুৰিছোঁ তলত।ব’ল এতিয়া সোনকালে।“ কথাখিনি কৈয়ে হিয়াই টানি লৈ যোৱাৰ দৰে নয়নাক চিৰিটোৰে নমাই লৈ গ’ল।কিবা এটা অনামী ভয়ত এইবাৰ হিয়াৰ লগতে নয়নাও কঁপি উঠিল। “ক’ত আছিলা তুমি ইমানপৰ? ৰূমমেটে কি কাণ্ড কৰিলে দেখিছানে?”,নিজৰ ৰূমৰ সন্মুখ পোৱাৰ লগে লগে সিহঁতৰ হোষ্টেলৰ মালিকনী বৰমাগৰাকীয়ে তাইক ক’লে।তেওঁৰ মুখতো চিন্তাৰ চাপ স্পষ্ট। “বৰমা মই চাঁদত আছিলোঁ।এইবোৰ গমেই নাপাওঁ।”,কথাখিনি কৈয়ে তাই কোঠাৰ ভিতৰ সোমাল।নিজৰ বিচনাত দিশাজনী অর্ধচেতন অৱস্থাত পৰি আছে।হোষ্টেলৰ অন্য এজনী ছোৱালীয়ে টাৱেল এখনেৰে তাইৰ মুখখন মচি আছে। “এতিয়া আমি কি কৰিম?”,নয়নাই ক’লে।অসহায় সুৰ স্পষ্ট তাইৰ মাতত।আধা ঘণ্টা আগতেটো দীশা ঠিকেই আছিল । হঠাৎ তাইৰ কি হ’ল।নয়নাৰ কিবা কথাবোৰ বিশ্বাস কৰিবৰ মন ন’গল। এনেতে ৰান্ধনী ল’ৰা গোপাল খৰখেদাকৈ কোঠাটোলৈ সোমাই আহিল। “অট’ আহি পালে । বলক সোনকালে এম.এন.চি.লৈকে লৈ যাওঁ।“,এইবুলি কৈ সি দীশাক কোনোমতে দাংকোলাকৈ দাঙি ল’লে আৰু খৰখেদাকৈ অট’খনলৈ কঢ়িয়াই নিলে।বিশেষ একো নভবাকৈ নয়নাও গৈ অটোখনত বহিল।তাইক দেখি পিছে পিছে  হিয়াও গৈ নয়নাৰ কাষতে বহিল । আগফালে চালকৰ আসনৰ কাষতে গোপাল বহিল । “বৰমা আপুনি নাযায়?”,কিবা এটা মনত পৰাৰ দৰে ইতিমধ্যে ষ্টার্ট দিয়া অটোখনৰ পৰা মূৰ উলিয়াই নয়নাই সিহঁতৰ হোষ্টেলৰ মালিকনী বৰমাগৰাকীক সুধিলে। “মই গৈ কি কৰিম?চুইচাইড এটেম্প এতিয়া তোমালোকৰ বাবে ল’ৰা-ধেমালিহে হৈছেগৈ।হস্পিতাল পালেই তাই ভাল হৈ যাব।চিন্তা কৰিব নালাগে।চিনাকী ডাক্তৰজনক মই ফোন এটা কৰি আগতীয়াকৈ জনাই দিম।এতিয়া যোৱা,পলম কৰিব নালাগে।“,তেঁও ক’লে। বৰমাকৰ কথাখিনি শুনি নয়নাই একো নক’লে।অচেতন দীশাৰ সৈতে সিহঁতক লৈ অটোখন বাটেৰে আগবাঢ়িল। বৰমাকে কোৱা কথাষাৰটো মিছা নহয় । চুইচাইড এটেম্প এতিয়া ছোৱালীবিলাকৰ বাবে ল’ৰা-ধেমালি হৈ পৰিছে।দুদিনমান আগতে কাষৰ হোষ্টেলটোত এজনী ছোৱালীয়ে মাক-দেউতাকে বিচৰামতে টকা নিদিয়া বাবেই আত্মহত্যাৰ চেষ্টা কৰিছিল।ততালিকে চিকিৎসা কৰাত তাইৰ জীৱন ৰক্ষা পৰিল । আজি দীশাই হঠাৎ এই কাণ্ড কৰিলে । অথচ এঘণ্টামান আগলৈকে তাই নয়নাৰ সৈতে সহজভাবেই কথা পাতি আছিল । তাৰপিছতনো এনে কি হ’ল যে দীশাই ফেনাইল খাই দিলে । তীব্রগতিৰে মহানগৰীৰ ভিৰ ফালি আগবঢ়া অটোখনত বহি নয়নাই কথাবোৰ ভাবি গৈ থাকিল ।

“এতিয়া কেনে পাইছ ?”,হস্পিতালত পোৱা প্রাথমিক চিকিৎসাখিনিৰ পাছত চকু মেলা দীশালৈ চাই নয়নাই সুধিলে । “ঠিকেই।মূৰটো বিষাইছে বৰকৈ।“,অলপ হঁহাৰ নিচিনা কৰি দীশাই ক’লে । দীশাৰ হাঁহিটো দেখি নয়নাৰ অজানিতে খং উঠি আহিল । অলপ উষ্মা মিহলি মাতেৰে তাই দীশাক ক’লে,“এতিয়া হাঁহি দেখুৱাবলৈ আহিছ ? কিমান ভয় খালো আমি । এনেকুৱা কিয় কৰিলি ক’বিনে ?”  “হেই খং কিয় কৰিছ।আই এম্ ছৰী য়াৰ! এই চন্দনটোৰ ওপৰত খং কৰি মই তেনেকুৱা কৰিলোঁ।“,দুর্বল মাতটোৰে দীশাই ক’লে। “কি ? চন্দন মানে এমাহমান আগতে হোৱা তোৰ নতুন বয়ফ্রেণ্ডটোৰ কাৰণে তই মৰিবলৈ ওলাইছিলি ? কিন্তু কিয় ?”, কথাখিনি শুনি থকা হিয়াই এইবাৰ নয়নাই কিবা এটা ক’বলৈ লোৱাৰ সময়তে আচৰিত হৈ দীশাক সুধিলে । “মোক তঁহতে খং নকৰিবি প্লিজ । চন্দনৰ লগত কালিৰে পৰা মোৰ কাজিয়া হৈ আছিল । নয়না তোক মই কোৱা নাছিলোঁ । তই চাঁদলৈ যোৱাৰ পাছত মোৰ চন্দনৰ লগত আকৌ কাজিয়া লাগিল । সি হেনো মই তাক ভালপাঁও বুলি বিশ্বাস নকৰে । সেয়ে তাক দেখুৱাবলৈকে মই খঙতে ফেনাইল খাই দিলোঁ । “,থুকাথুকি হৈ পৰা মাতটোৰে দীশাই কৈ উঠিল । তাইৰ কথা শুনি হিয়া আৰু নয়নাৰ মূৰ গৰম হৈ গ’ল । দুদিন আগতে লগ পোৱা এটা ল’ৰাক দেখুৱাবলৈ দীশাই মৰিবলৈ  ওলোৱা কথাটো সিহঁত দুজনীৰ এজনীৰো হজম নহ’ল । ইতিমধ্যে জাগীৰোডত থকা দীশাৰ মাক-দেউতাক আহি পাইছিল । আহি পায়ে মাকে দীশাক সাৱটি কান্দি উঠিল। “তই এনে কিয় কৰিলি মাজনী?”একমাত্র জীয়েকক সাৱটি তেঁও বাৰে বাৰে কৈ থাকিল । দীশাৰ মাকৰ কান্দোন,দেউতাকৰ চিন্তিত মুখ আৰু অলপ আগতে দীশাৰ বেপৰুৱা কথা-বার্তাখিনিয়ে নয়না আৰু হিয়াৰ বাবে হস্পিতালৰ কোঠাটোৰ বতাহখিনি গোমা কৰি পেলালে । “ব’ল আমি এতিয়া যাওঁগৈ । দেউতাকহঁত আছে যেতিয়া আমি যাব পাৰিম । লাগিলে পিছত আকৌ আহিম ।”,কিছুসময়ৰ পিছত নয়নাই হিয়াক ক’লে । হিয়া যেন এইখিনি কথা লৈ ৰৈ আছিল । তাই সন্মতিৰে মূৰ দুপিয়ালে । দীশা আৰু তাইৰ মাক-দেউতাকৰ পৰা বিদায় লৈ সিহঁত হস্পিতালৰ পৰা ওলাই আহিল ।  “কিবা অস্বস্তি লাগি আছে মনটো । দীশাৰ ওপৰতো বহুত খং উঠি আছে । আজি তাইৰ ছিৰিয়াছ কিবা এটা হৈ যোৱা হ’লে তাইৰ ঘৰৰ মানুহবোৰৰ আৰু আমাৰ কি অৱস্থা হ’লহেঁতেন ?”,অলপ দূৰ মনে মনে অহাৰ পাছত হিয়াই নয়নাক ক’লে । “মোৰো খং উঠিছে।“,বিষণ্ণ মাতটোৰে নয়নাই উত্তৰ দিলে । তাৰপাছত তাই মনে মনে থাকিল । হিয়াইও বেলেগ একো নক’লে । বাকীখিনি বাট একো কথা নপতাকৈয়ে সিহঁত হোষ্টেল পালেহি । “মই বৰমাক খবৰটো দি আহোঁ । তই ৰুমলৈ যা ।“,নয়নাক কথাখিনি কৈ হিয়া খৰখোজেৰে মালিকনীৰ ঘৰৰ ফালে আগবাঢ়িল । নয়না সিহঁতৰ হোষ্টেললৈ সোমাই আহিল । তাইৰ ৰুমত সোমাবলৈ মন নগ’ল । দীশা আৰু তাইৰ দুজনীয়া ৰুমটোত এতিয়া কোনো নাই । হিয়াৰ খালী হৈ থকা বিচনাখনৰ কথা ভাবি নয়নাৰ মনটো তিক্ততাৰে ভৰি উঠিল । ধীৰ খোজেৰে চিৰিকেইটা বগাই তাই চাঁদলৈ উঠি গ’ল । “দীশাহঁতৰ দৰে অকল বর্তমানটোকে সাৱটি জীয়াই থকা ছোৱালীবোৰৰ বাৰু ভৱিষ্যতক লৈ একো সপোন নাইনে ? অচিনাকী দুনিয়া এখনৰ সপোন চকুত আঁৰি লোৱা সিহঁতৰ বাবে দিঠকৰ একো অস্তিত্ব নাইনে ?”,উঠি যাওঁতে অন্যমনস্ক হৈ নয়নাই ভাবি গ’ল । চাঁদত ভৰি দি নয়নাৰ মনত পৰিল অথনি তাই লেপটপটো লৰালৰিতে তাতে এৰি থৈ গৈছিল । পানীৰ টেংকটোৰ পিছফালে তাই সদায় বহা ঠাইডোখৰলৈ গৈ নয়নাই তেতিয়ালৈকে অন্ হৈ থকা লেপটপটো অফ্ কৰিবলৈ বুটাম টিপিলে । ইতিমধ্যে শুই পৰা লেপটপৰ স্ক্রীনখন এইবাৰ জীৱন্ত হৈ পৰিল । স্ক্রীনত তাই কেইঘণ্টামান আগতে টাইপ কৰিবলৈ লোৱা আধৰুৱা কবিতাটো জিলিকি উঠিল, ”যদি শুনাব খোজা শুকুলা মেঘৰ সাধুকথা মই শুনি ৰ’ম। যদি শুনাব খোজা বৰষুণজাকৰ আত্মকথা মই শুনি ৰ’ম।“…… শাৰীকেইটা পঢ়ি নয়না টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে থতমত খাই উঠিল । মনলৈ আচৰিত ভাৱ এটা আহিল তাইৰ । অলপ আগতে তাইতো দীশাৰ ওচৰৰ পৰা পলাই অহাৰ দৰেই গুচি আহিছে । হস্পিতালত তাই কষ্টত আছিল । তথাপিও নয়না গুচি আহিল । দীশাৰ কথাত,তাই কৰা কামটোত অস্বাভাৱিক ভৱিষ্যত এটাৰ ইংগিত আছিল বাবেই নহয়নে ? তাই সপোন ৰাজ্য এখনত ভ্রমিব খুজি ককবকাই থকা বাবেই নহয়নে ? নয়নাৰ মনটো গধুৰ হৈ পৰিল । লাহেকৈ মূৰ তুলি তাই আকাশলৈ চালে । মনৰ মাজতে ক’ব নোৱাৰাকৈয়ে তাই নেদেখাজনক প্রার্থনা কৰিলে,”হে প্রভু!দীশাহঁতক ভৰিৰ তলৰ মাটিৰ সন্ধান দিয়া…।সিহঁতক নেদেখা পোহৰৰ সন্ধান দিয়া । দুষ্প্ৰাপ্য এই জীৱনটোৰ মূল্য বুজাৰ অৱকাশ দিয়া ।“আকাশৰ পৰা চকু নমাই আনি নয়নাই এইবাৰ তাইৰ লেপটপটোৰ স্ক্রীনলৈ চালে। তাইৰ চকুৰে পানী বৈ আহিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments