শুদ্ধ অসমীয়া ভাষা (অভিজিৎ কলিতা )

অকবত নেলাগে বাতৰি কাকত, আলোচনীত প্ৰায়ে শুনিবলৈ/ পঢ়িবলৈ পাওঁ আজিকালি বোলে কোনেও শুদ্ধ অসমীয়া নকয় বা ক’ব নোৱাৰে। সাধাৰণতে সংবাদ মাধ্যম আৰু নৱ প্ৰজন্মক উদ্দেশ্য কৰিয়েই এনে মন্তব্য বিলাক কৰা হয়। তাকে দেখি শুনি ভাৱিলোঁ, মই নিজে শুদ্ধ অসমীয়া কওঁ নে নকওঁ?

কথাটো লৈ অলপ চিন্তা চৰ্চা আৰম্ভ কৰিলোঁ। মই চাকৰিৰ কাৰণত প্ৰায়ে হিন্দী আৰু ইংৰাজী ভাষা ব্যৱহাৰ কৰিব লগা হয়, এতিয়া মন কৰিছোঁ মই অসমীয়া কওঁতেও মাজত ইংৰাজী হিন্দী শব্দই ভিৰ কৰেহি। দেৱেন দত্ত চাৰে কথা কোৱা শুনিলে বুজি পাওঁ ময়ো এই গৰিহণাৰ পাত্ৰ বজৰুৱা অসমীয়া ভাষাই ব্যৱহাৰ কৰোঁ, লিখোঁতেই হওক বা কওঁতেই হওক। গতিকে প্ৰথমতেই নিজকে ৰাইজৰ গৰিহণা পোৱাৰ যোগ্য বুলি ঘোষণা কৰি ল’লোঁ।
এতিয়া মোৰ সমস্যা বিলাকৰ কথা কওঁ
১।

প্ৰথমতে উচ্চাৰণ। অসমীয়া ভাষাৰ শুদ্ধ উচ্চাৰণ কেনে হব লাগে ? শ, ষ, স এই কেইটাক কি দৰে উচ্চাৰণ কৰিব লাগে? কোনোৱে হ কোনোৱে খ আৰু কোনো কোনোৱে শ্লাভ ভাষা বিলাকৰ “ch”(ধৰি লওক সেই উচ্চাৰণটোৰ নাম ‘স’) ৰ দ’ৰে উচ্চাৰণ কৰে। পিছে তাৰ মাজত কোনটো শুদ্ধ? বিদ্যৎ সকলে একেষাৰে ক’ব বোলে ‘স’।কথাটো অলপ অচৰপ ময়ো মানো, পিছে এই কথাটো আধিকাৰিক ভাৱে, মানে অফিচিয়েলি ক’ত লিখা আছে?

ইংৰাজী Dictionary শব্দটো, যাক আমি অভিধান বুলিয়েই কওঁ, এই শব্দটোৱে এনে এখন পুথিৰ কথা বুজায়, যি diction অৰ্থাৎ উচ্চাৰণ শিকায়। ইংৰাজী dictionary বিলাকত সদায় নিৰ্দিষ্ট ভাৱে শব্দটোৰ উচ্চাৰণ লিখা থাকে। পিছে মই কোনো অসমীয়া অভিধানতে এই বস্তুটো দেখা নাই, আৰু যিমান দূৰ জানো, আধিকাৰিক ভাৱে আজিলৈকে কোনেও অসমীয়া ভাষাৰ উচ্চাৰণ নিৰ্দিষ্ট কৰি দিয়া নাই। যদিহে আমাৰ ভাষাটোৰ কোনো নিৰ্দিষ্ট উচ্চাৰণ আজিলৈকে কোনেও ঠিক কৰাই নাই, তেন্তে কিহৰ ভিত্তিত কাৰোবাৰ উচ্চাৰণ ভুল বুলি কোৱা হয়?
আৰু এই কামটো কোনোবাই কৰিবলৈ আগবাঢ়িলেও, আজিৰ পৰিস্থিতিত কেতিয়াবা সৰ্বজনগ্ৰাহী মানক (standard) উচ্চাৰণ গৃহীত হ’বগৈ নে? অভিধানখনকে কৰিব পৰাগৈ নাইচোন অতদিনে। নানা মুনি নানা মত ফৰ্মুলাতে চলি আছে দুনীয়াখন।

(জাহ্নু বৰুৱাই “সাগৰলৈ বহু দূৰ” বোলছবি খনৰ নামটো ইংৰাজীত Hkhagoroloi বুলি লিখা মনত আছে।)
২।

আধুনিক জীৱন যাত্ৰাত ভাৱ প্ৰকাশৰ কাৰণে আগতকৈ বহু বেছি শব্দৰ প্ৰয়োজন হৈ আহিছে, সামাজিক পৰিবৰ্তনৰ লগে লগে, আৰু তাৰ বাবে প্ৰায় সকলো ভাষাতে শব্দ কমি আহিছে। উদাহৰণ স্বৰূপে আমি আধুনিক কাৰিকৰী বস্তু বিলাক যেনে “bluetooth” এইবিলাক শব্দৰ কোনো অসমীয়া প্ৰতিশব্দ বিচাৰি নাপাওঁ। ইংৰাজীকে ধৰি পৃথিৱীৰ সকলো ভাষাই এই পৰিস্থিতিৰ সন্মুখীন হৈছে। সেয়ে তেওঁলোকে নিতৌ আন আন ভাষাৰ শব্দ গ্ৰহণ কৰিছে আৰু নতুন নতুন শব্দও প্ৰয়োজন মতে সৃষ্টিও কৰিছে। ( Multiplex, এই শব্দটি ইংৰাজীত কেইবছৰমান আগতে সৃষ্টি কৰা হৈছে, কেইবামহলীয়া চিনেমা ঘৰ বুজাবলৈ, আগতে এনেধৰণৰ চিনেমা ঘৰ নাছিল, গতিকে এই শব্দৰ প্ৰয়োজনো নাছিল, এতিয়া দৰকাৰ হ’ল, গতিকে সাজি ল’লে।) গতিকে আজিকালি যদি আজিৰ এই ***ত যোৱা, মৰিবলে নেদেখা, নৱ প্ৰজন্মই অসমীয়াৰ কওঁতে মাজে মাজে কিবা বিজতৰীয়া শব্দ ব্যৱহাৰ কৰিলে তেওঁলোকৰ কি শাস্তি হব লাগে তাকে নিৰ্ধাৰণ কৰিবৰ হ’ল।

৩।

ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতি ভাল পাওঁ, কেতিয়াবা সুবিধা পালে সোধোঁ, “তোমালোকেনো সুবিধা থাকিলেও অসমীয়া এৰি হিন্দী বা অলটি কিয় নিৰ্বাচন কৰা?”

অলটি মানে বিকল্প ইংৰাজী অলটাৰনেটিভ ইংলিছ। উত্তৰবোৰ এনেকুৱা
ক.এচমিজত মাৰ্কচ একেবাৰে নুঠে, কেৰিয়াৰ বেয়া হৈ যায়।
খ.এচমিজ ইমান টান, কোৱাৰ নিচিনাকৈ লিখিব গ’লে স্পেলিং ৰং হৈ যায়।
গ. এচমিজ শিকোৱা কিতাপবোৰ বৈদ্য ব’ৰিং, একো ইণ্টাৰেষ্টিং কথা নেথাকে।
ইত্যাদি। অসমীয়া কোৱা বা লিখাৰ ক্ষেত্ৰটো একে কথা, ল’ৰা-ছোৱালীৰ মাজত শুদ্ধকৈ অসমীয়া লিখাৰ আত্মবিশ্বাস নাই, কিবা লিখিম, ভুল হব ৰাইজে গালি পাৰিব, গতিকে নিলিখাই ভাল। কাৰণ শুদ্ধটোনো কি তাকে আজিলৈকে সঠিককৈ নিৰ্ধাৰণ কৰা হোৱা নাই।

৪।

অসমীয়া ভাষা ব্যৱহাৰকাৰীৰ সংখ্যা দিনক দিনে কমি আহিছে, এনে গতিৰে চলি থাকিলে এদিন হয়তো ভুলে ভালে অসমীয়া কোৱা মানুহো নোহোৱা হব অচিৰেই। গতিকে এতিয়া আমি বেছি আপটাইট ( প্ৰতিশব্দ বিচাৰিয়েই নেপালোঁ) হৈ থাকিলে ভাষাটোৰ মংগল হব জানো? এতিয়া অসমীয়াক জনপ্ৰিয় কৰাৰ প্ৰয়োজনহে অধিক বুলি মোৰ ধাৰণা। জনপ্ৰিয় তেতিয়াহে হব যেতিয়া ভাষাটো সহজ হব লিখিবলৈয়ো, ক’বলৈয়ো। তাকে নহ’লে আজিৰ পৃথিৱীত বিকল্পৰ অভাৱ নাই। প্ৰসংগক্ৰমে ব্যক্তিগত কথা এটা কওঁ, কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল সকলৰ মাজত হিন্দী ব্যৱহাৰ বঢ়াবলৈ চৰকাৰে অহোপুৰুষাৰ্থ কৰি আছে, আমিও প্ৰশিক্ষণ পাওঁ মাজে মাজে। এটা কথা মন কৰিছোঁ, যে তেওঁলোকে বিশুদ্ধ হিন্দীতকৈয়ো সহজ হিন্দীতহে বেছি গুৰুত্ব দিয়ে। কাৰ্যালয়ৰ কামত ভুলে শুদ্ধই হিন্দী লিখিলেও অতিৰিক্ত পইচা পায়, লাভেই লাভ।

৫।

ভাষা শুদ্ধকৈ ৰখাৰ প্ৰয়োজনীয়তা কেতিয়াও নুই কৰিব নোৱাৰি, কিন্তু তাৰ বাবে ভাষাটো ষ্টেণ্ডাৰদাইজ (আকৌ!!!)কৰিব লাগিব, বিজ্ঞানসন্মত ভাৱে। উচ্চাৰণ, বানান, ব্যাকৰণ সকলোৰে সৰ্বজন গৃহীত আৰু মানক থাকিব লাগিব, তাত ভাষাৰ বৈশিষ্ট প্ৰতিফলিত হব লাগিব। তেতিয়াহে আমি ন-শিকাৰুক ক’ব পাৰিম, এনেকে ক, এইটোহে শুদ্ধ। সেই বস্তুতো নোহোৱালৈকে আমি কাৰো ভাষা ভুল হৈছে বুলি কোৱাৰ অধিকাৰেই নাই।

৬।

ঈ, ঊ,ঋ, ছ, ট, ঠ, ড, ঢ, ণ এইকেইটাৰ লগতে তিনিটা শ,ষ,স ( যিকোনো এটা হ’লেই হ’ল) ৰ অসমীয়াত কোনো প্ৰয়োজন নাই, আৰু এইকেইটাই বানান ভুল কৰাৰ বাবে মূলত: দায়ী। কাৰণ এইকেইটা আখৰে কোনো অসমীয়া উচ্চাৰণ নিৰ্দিষ্ট নকৰে। ( ণত্ব আৰু ষত্ব বিধি?? কিয় লাগে? ইয়াকে দেখুৱাবলৈ নেকি যে, চা আমিও সাধু ভাষা সংস্কৃতৰ কিমান ওচৰ চপা)অন্ধভাৱে আমি সংস্কৃতক অনুকৰণ কৰিবলৈ গৈ ইতিমধ্যে অসমীয়াৰ স্বকীয়তা হেৰুৱাই পেলাইছোঁ, এতিয়া একো কৰিবও নোৱাৰি, গতিকে লেটচ গ’ ইজি অন দিজ!! কেনে হ’ব??

৭।

ভাষাৰ আত্মা থাকে আৰু ই কেৱল বানান বা উচ্চাৰণতে সীমাবদ্ধ নহয়। অসমীয়া ভাষাৰ এটা শুৱলা, মনোমোহা প্ৰকাশভংগী আছে, আমি শব্দ বিলাক কোমলকৈ উচ্চাৰণ কৰো, সংস্কৃতৰ দৰে কঠোৰকৈ নহয়। এনে বহু বৈশিষ্ট আছে, যিবিলাক সংৰক্ষণ কৰিব পাৰিলে অসমীয়া ভাষাত আধাখিনি বিদেশী শব্দ সোমাই পৰিলেও অসমীয়া ভাষা মৰি নেযায়।

জানো, ওপৰৰ কথা খিনি একে আষাৰতে মানি ল’ব পৰা কথা নহয়, পৰম্পৰাৰ কথা আছে, বহুত কিবা কিবি আছে। মাত্ৰ পাঠকৰ চিন্তাৰ খোৰাক জগাবলৈহে বহুদিনৰ পৰা মনত খু-দুৱাই থকা কথা কেইটামান লিখিলোঁ। গৰিহণালৈ বাট চাই আছোঁ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments