শুনা কথাহে: সত্যতাৰ গ্যাৰান্টি দিব নোৱাৰিম – গীতাৰ্থ কৌশিক

ঢকুৱাখনাৰ মাতমৰা, টেকেলিফুটা, মদাৰগুৰি হৈছে মিছিং জনগোষ্ঠী  অধ্যুসিত কেইখনমান গাওঁ ৷ আগতে ৰাসৰ সময়ত তাতো ৰাস হৈছিল ৷ তাৰ ৰাসৰ সংলাপত মিছিং দোৱান আৰু অসমীয়া ভাষাৰ ব্যৱহাৰ হৈছিল ৷
এবাৰ ৰাসৰ দিনৰ কথা !  ৰাসৰ দিনাই দৈৱকীৰ চৰিত্ৰত অভিনয় কৰিবলগীয়া অভিনেত্ৰীগৰাকী ৰাসলৈ ওলাই আহোতেই প্ৰেমিকৰ লগত পলাই গুচি গ’ল ৷ ৰাসস্থলীত হূলস্থূল লাগি গ’ল ৷ দৈৱকীৰ দৰে মূখ্য চৰিত্ৰটোৱে যদি নাথাকে ৰাস হোৱাটো অসম্ভৱ ! অৱশেষত যেনিবা এগৰাকী গাভৰু ৰাজী হ’ল দৈৱকীৰ চৰিত্ৰত অভিনয় কৰিবলৈ ৷ তেওঁ আকৌ চহৰৰ পৰা ৰাস চাবলৈয়ে গাওঁলৈ আহিছিল ৷ কোনোদিন ৰাস চাই নোপোৱা দেখনিয়াৰ, চহৰৰ তৰুণীক ৰূপসজ্জা কৰিবলৈ লৈ গ’ল দুগৰাকীমান সহ: অভিনেত্ৰীয়ে ৷ এতিয়া আহিল সংলাপৰ কথা ৷ যিহেতু ইমান কম সময়তে সংলাপ মুখস্থ কৰা সম্ভৱ নহয় গতিকে ৰাসৰ পৰিচালকে ক’লে… ” তোৰ যি মন যায় বালকে (ভালকে) কবি গৈ আৰু  …”
যথাসময়ত দৈৱকী আৰু বসুদেৱৰ বিয়া হৈ গ’ল কোনো চিন্তা নোহোৱাকৈ কাৰণ তাত কন্দাৰ বাহিৰে দৈৱকীৰ একো সংলাপ নাছিল ৷
সময় আহিল দৈৱকীৰ অষ্টম পুত্ৰ কৃষ্ণ (যাক বসুদেৱে সলনি কৰি আনিছিল বৃন্দাবনৰ যশোদাৰ কন্যা যোগমায়াৰ লগত) বধনৰ দৃশ্য ৷ কংশই অট্টহাস্য মাৰি চিঞঁৰি আহিল
“অকলাং দৈৱকী …..কাচিৎ গীতৰ … কেঁচুৱা দে ” …..
দৈৱকীয়ে একো কোৱা নাই ৷ এবাৰ কংসলৈ চাইছে এবাৰ বাসুদেৱলৈ ৷ কংসই আকৌ এবাৰ চিঞঁৰি ক’লে অকলাং দৈৱকী …..কাচিৎ গীতৰ … কেঁচুৱা দে ….দৈৱকীয়ে একো নোকোৱা দেখি  বসুদেৱে লাহেকৈ ক’লে “কিবা এটা কৈ দেগে আৰু “৷

এইবাৰ দৈৱকী অলপ আগুৱাই আহিল … এবাৰ বসুদেৱলৈ চালে..এবাৰ কংসলৈ ৷ তাৰ পিছতে সকলোকে আচৰিত কৰি অট্টহাস্য মাৰি কংসৰ সমানে চিঞঁৰি ক’লে ….

“হা হা হা ….  লওঁক দাদা লওঁক ৷ কিন্তু চাব … কেঁচুৱাতো অলে (হ’লে)  কেৰৰ (খেৰৰ)”
(মানে কৃষ্ণ ৰূপী কেঁচুৱাটো ধান খেৰেৰে বনোৱা হৈছিল)

গীতাৰ্থ কৌশিক, গৱেষক ছাত্ৰ
ইন্সটিটিউট অৱ এডভান্সড ষ্টাডি ইন চায়েন্স এণ্ড টেকন’ল’জী, গুৱাহাটী, অসম

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments