শুভকামনা – পাৰ্থ প্ৰতীম গোস্বামী

 

:কেও-কিছু নোহোৱা ল’ৰা! জাৰতে ঠেৰেঙা লাগি নামঘৰটোৰ পিৰালিতেই কুঁচি-মুচি বহি থকা দেখি, ভাবি-গুনি তোমাৰ ওচৰলৈকে লৈ আহিলোঁ মাষ্টৰ!
-হেমন্তৰ কথাত নবীন মাষ্টৰে কিছুপৰলৈ টলকা মাৰি ৰ’ল!
:কি নাম তোৰ?
:ভদ্ৰ! থোকাথুকি মাতেৰে ল’ৰাটোৱে তলমুৱা হৈ মাষ্টৰৰ প্ৰশ্নৰ উত্তৰ দিয়ে!
দিনটোৰ সমস্ত কাম-কাজৰ অন্ত পেলাই মাষ্টৰৰ সহধৰ্মিণী প্ৰভাই শোৱাৰ যো-জা চলাইছিল হে মাত্ৰ! কলেজীয়া ল’ৰা দীপক টোপনিত লালকাল৷ বাৰাণ্ডাত মাষ্টৰৰ কথোপকথন শুনি প্ৰভাই লেম্পটো জ্বলাই যেনিবা বাহিৰলৈকে ওলাই আহে৷
:ই ভদ্ৰ! আজিৰ পৰা আমাৰ লগতেই থাকিব!
:আই ঐ দেহি! ভোকতে বেচেৰাৰ মুখ শুকাই গৈছে! তই মোক আই বুলিয়েই মাতিবি৷
মাষ্টৰৰ ল’ৰা দীপক পঢ়া-শুনাই চোকা! দীপকৰ লেখীয়াকৈ ভদ্ৰকো পঢ়াই-শুনাই অন্ততঃ জ্ঞানী কৰি তুলিবলৈ মাষ্টৰে মনত হেঁপাহ পোহে! গধূলি হ’লেই বাৰাণ্ডাত দীপকৰ পুৰণি কিতাপবোৰকেই উলিয়াই লৈ মাষ্টৰে ভদ্ৰক পঢ়োৱাৰ যত্ন কৰে৷ ভদ্ৰই কলম ভালদৰে ধৰিবই নাজানে৷ অনৰ্গল পঢ়াই যোৱা মাষ্টৰৰ মুখখনলৈ সি ভেবা লাগি চাই থাকে! পাকঘৰৰ পৰা দুয়োৰে ৰেহ-ৰূপ চাই প্ৰভাই মিচিকিয়াই হাঁহি থাকে! পঢ়া সময়খিনি কোনোমতে পাৰ কৰি, ভদ্ৰই ৰন্ধা-বঢ়াত প্ৰভাক সহায় কৰি দিয়ে৷
ৰাতি পুৱালেই গৰুহালক এৰাল দিয়াৰেই পৰা আৰম্ভ কৰি প্ৰভাৰ কথামতে দুপৰীয়াৰ সাজলৈ ঢেঁকীয়া বিচৰালৈকে ভদ্ৰৰ ঢেৰ কাম থাকে৷
গধূলি হ’লেই মাষ্টৰৰ ধমকত বাৰাণ্ডাত কিতাপ-পত্ৰ লৈ বহে৷ পাটীগণিতৰ পূৰণ-হৰণৰ অংকবোৰ আহি নপৰালৈকে সকলো ঠিকেই আছিল৷
:মই আৰু পঢ়িব নোৱাৰিম আই! বুলি হঠাতে এদিন ভদ্ৰই ফেঁকুৰি উঠে৷ মাষ্টৰৰ হেঁপাহত ভদ্ৰই যেন আঘাতহে সানিলে!
প্ৰভাৰ বুজনিত সহজ হ’বলৈ মাষ্টৰক বহুদিন লাগিছিল৷
দিনবোৰ এনেকৈয়ে পাৰ হ’ল৷ যথেষ্টখিনি সাল-সলনিও ঘটিল৷ সময়ত মাষ্টৰৰ চোকা ল’ৰা দীপকে নামজ্বলা প্ৰশাসনিক বিষয়া হৈ মহানগৰীৰ বাসিন্দা হ’ল৷ গাঁৱৰ ঘৰলৈ আহিবলৈ সময় নোপোৱা হ’ল! গধূলি মাষ্টৰৰ ধমক আৰু পাটীগণিতৰ অংকৰে জীৱন্ত হৈ উঠা সেই বাৰাণ্ডাখন ক্ষয়ী হ’ল৷ প্ৰভাৰ মুখৰ হাঁহিবোৰ ক্ৰমাৎ শেঁতা হৈ পৰিল! ভদ্ৰ আৰু বেছি অমায়িক হৈ পৰিল! কিন্তু, ভদ্ৰক পঢ়াই-শুনাই মানুহ কৰিব নোৱাৰাৰ দুখ মাষ্টৰৰ এতিয়াও একেই আছে৷
বিহুৰ বতৰ! যোৱা কেইবাটাও বসন্তত চোতালখনে এবাৰো দীপকৰ খোজ বহন কৰাৰ সৌভাগ্য লাভ কৰিব পৰা নাই! প্ৰভাই মাজৰাতি আঁচলেৰে মুখ ঢাকি উচুপে৷ পকীত বিছনা কৰি শুৱা ভদ্ৰই দেখে-বুজে! গধূলিতেই ভদ্ৰৰ হতুৱাই নাৰিকল কটোৱাই প্ৰভাই লাৰু-পিঠা বনাই মোনাত ভৰাই থৈছে৷ দুখন নিজহাতে বোৱা গামোচাও মোনাখনত ভৰাই থোৱা হৈছে৷
ৰাতিপুৱাৰ লগে-লগেই ভদ্ৰ দীপকৰ চহৰৰ ঘৰলৈ ৰাওনা হ’ল৷ বিহু বুলি কিবা এটা পিন্ধিবলৈ প্ৰভাই ভদ্ৰকো টকা এহেজাৰ দি পঠাইছে৷
:খবৰ-খাতি নিদিয়াকৈ আহিল যে? ছাৰ শ্বিলঙলৈ গ’ল নহয়! কেতিয়া আহে তাৰ ঠিকনা নাই!-মোনাটো কামকৰা ল’ৰাজনৰ হাততেই গতাই ভদ্ৰ উভতিল৷
আহোতে চাৰিআলিৰ এচুকৰ কাপোৰৰ দোকানখনত সোমাই টকা হেজাৰেৰে চুৰিয়া এটা আৰু মেখেলা চাদৰ এযোৰকে কিনি ভদ্ৰ ঘৰমুৱা হ’ল!
প্ৰভাই পদূলিমুখতে ভদ্ৰলৈ বাট চাই আছিল৷
:ইমান দেৰি কৰিলি যে?-ভদ্ৰই কাপোৰৰ মোনাটো প্ৰভালৈ আগবঢ়াই দিলে৷
:দাদাই আপোনালোকলৈ বিহুৱান দি পঠাইছে!
আনন্দতে প্ৰভা বাৰাণ্ডাত বহি থকা মাষ্টৰৰ ওচৰলৈ দৌৰি গ’ল…!
বহুদিনৰ পিছত দুয়োকে প্ৰাণখুলি হঁহা দেখি ভদ্ৰ পৰিতৃপ্ত হ’ল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক