শুভাকাংক্ষী (ময়ুৰী দত্ত)

কেইবাবাৰো মাতিও এটা ল’ৰাকো সি নিজৰ কাষত শুৱাবহি নোৱাৰিলে। সি যিমানেই মাতে, দুয়োটাই মাকক বেছি জোৰেৰে সাৱটি ধৰে। ফ্ৰয়ডৰ কথাই ঠিক, পুত্ৰ সন্তানে মাকৰ লগ বেছিকৈ লয়। এতিয়া য’দি সি এইষাৰ কথা তাইক কয়, তাই খেংখেঙাই উঠিব “তুমি সময় নিদিয়া বাবেহে তোমাক লগ নিদিয়ে।” কিনো কৰে সি, দুয়োটা শুই নৌ-উঠোতেই ওলাই যায়, আৰু ৰাতি উভটি অহালৈ প্ৰায়ে টোপনিত লালকাল দিয়ে দুয়ো। কেতিয়াবা দুপৰীয়া (মানে আবেলি) ভাত খাবলৈ আহিলেও দুয়োটাকে মাকে খুৱাই শুৱাই থয়। তাৰ মতে, তাই নিজে শুবলৈ এনে কৰে। উত্তৰত পায় ভোৰভোৰণি “দুটা ল’ৰা চম্ভালিছে কোনে, এদিন ঘৰতে থাকি চাব লাগে” ইত্যাদি ইত্যাদি। দেওবাৰেও ঘৰত থাকিব নোৱাৰে, ব্যৱসায়ত দেওবাৰ-সোমবাৰ নেথাকে, তাই সকলো বুজে, জানে, তথাপিও নবকাকৈ নেথাকে আৰু সেইবাবেই তাৰো খংটো উঠি আহে। পাঁচবছৰীয়া আৰু দুবছৰীয়া ল’ৰা দুটাই দুফালৰ পৰা মাকক সাৱটি নিশ্চিন্তমনে শুই থকা দৃশ্যই তাৰ মনটো ভৰাই ৰাখে। ক’ৰবাত ঈৰ্ষা অকণমানো থাকে নেকি বাৰু তাইৰ প্ৰতি। সি জোৰকৈ ভাবটো আঁতৰাই পেলালে, কেনেবাকৈ তাই গম পালে এখন মহাভাৰত শুনিবলৈ পাব। মহা উৎপতীয়া ল’ৰা দুটাৰ ওপৰত অতীষ্ঠ হৈ তাই দুয়োটাকে কেতিয়াবা ঢকা সোধাই, মুখত গালি, চিটিপনি এচাৰিও আছে দুডালমান। অথচ দুয়োটাই অনবৰতে ‘মা, মা’কৈ পিচ নেৰে। ডাঙৰটো ল’ৰাই বহু কথাই বুজি পোৱা হৈছে। টি.ভি. ত ক্ৰিকেট-ফুটবল চোৱা, গাড়ীত ফুৰিবলৈ যোৱা সময়খিনিৰ বাদে আন সকলো সময়তে সি মাকৰ ভক্ত আৰু অন্ধ সমৰ্থক। টি.ভি., মাকে পঢ়া আলোচনীবোৰত ইমান ধুনীয়া ধুনীয়া ছোৱালীবোৰ দেখাৰ পিছতো তাৰ বাবে মাকেই পৃথিৱীৰ সকলোতকৈ ধুনীয়া ‘ছোৱালী’। “আৰু মই?” এদিন সি সুধি চালে। “তুমি তপা মাহু (মানুহ)”- তাই মুখ টিপি টিপি হাঁহিলে, সি কিন্তু ঠিকেই দেখিলে হঁহাটো। যাহ, মই দুটা ল’ৰাৰ বাপেক এতিয়া- নিজকে ক’লে সি , অকণমান ধেমালি কৰোঁ বুলি ডাঙৰটো ল’ৰাক উদেশ্যি ক’লে “মাৰাৰ বাবেই চুলি সৰিল মোৰ।” কিহে যে পাইছিল পৰিৱেশটো ৰসাল কৰিবলৈ চেষ্টা কৰি, “ল’ৰাক এইবোৰ কথা শিকোৱা তুমি কেনেকুৱা বাপেকহে” কিছু খঙেৰেই ক’লে তাই। লগে লগে স্বয়ম্ভূ মাননীয় বিচাৰপতি বৰপুত্ৰৰ একপক্ষীয় ৰায়দান “মায়ে যি কয় ঠিকেই কয়”, সৰুপুত্ৰয়ো মূৰ জোকাৰি সন্মতি দিলে।

এদিন সি লগৰ দুজনমানৰ উদাহৰণ দি তাইক ক’লে “আজি ছোৱালী এজনী থকা হ’লে মই ঘৰ সোমোৱা মাত্ৰকে মোৰ বুকুত সোমালেহেঁতেন, তোমাতকৈ মোৰ লগ ল’লেহেঁতেন।” সি ক’বলৈহে পালে কথাষাৰ,” হেঁতেনবোৰ বাদ দিয়া, দুটা ল’ৰাৰ ঠাইত দুজনী জীয়েক হোৱাহ’লেও তুমি সময় নিদিলে ক’ৰপৰা লগ ল’ব? বেৰত আমাৰ ফটোবোৰ আঁৰি নোথোৱা হ’লে ইহঁতে তোমাক চিনিয়েই নেপালেহেঁতেন যেনহে লাগে মোৰ” – আও, ইমানযে মুখখন চোকা হ’ল নে তাইৰ, সি ভবাই নাছিল। একেবাৰে গপচপ এফ এমৰ “ক’লে কথা লাগে লেঠা”ৰ পুৰুষজনৰ দৰে হ’ল তাৰ অৱস্থা। “হ’ব দিয়া, বোৱাৰী দুজনীয়ে আগলৈ মোক বেছি ভাল পাব তোমাতকৈ, এনেকুৱা মুখচোকা শাহুৱেকক কোনো বোৱাৰীয়ে ভাল নেপাব”, অলপ দমি গ’ল যেন তাই, তথাপিও ঘোপা চাৱনিৰেই কৈ দিলে- “বৰ্তমান এৰি ভৱিষ্যতৰ কল্পনা কৰিবলৈ মোৰ ইচ্ছা নাই।”

অগা-পিছাকৈ তাৰ তিনিজন বন্ধুৰ বিয়া। আজিকালি ল’ৰা দুটাক লগত লৈ বিয়া-সকামলৈ যাবলৈ তাই টান পায়, তাকে অকলে পঠিয়ায়। সিও বেয়া নেপায়, কাৰণ এনে অনুস্থানৰ পৰা উভটি আহোঁতে তাইৰ মুড সদায় বেয়া হৈ আহে। দুয়োটাই গোটেই ৰভাঘৰত দৌৰি ফুৰে, পাটৰ সাজেৰে পিছে পিছে তাই দৌৰাৰ দৰে ঘূৰি থাকে। সিহঁতেও একো নাখায়, তাইৰো একো খোৱা নহয়। কাৰণ সি সিহঁতক চম্ভালিব নোৱাৰে সেইকণ সময়ো। তাইৰ মতে, সি ইচ্ছা নকৰে। দুবাৰমান তাই বিয়াৰ পৰা উভটি আহি মেগী খাই শুবলগীয়া হৈছে। নিমন্ত্ৰণ থাকিলেও পাকঘৰত সোমাবই লাগে যেতিয়া অশান্তিময় পৰিৱেশ হোৱাতকৈ নোযোৱাই ভাল, তাইৰ যুক্তি। কিন্তু এইকেইখন বিয়ালৈ তাই যাবই, কাৰণ তিনিওজন সিহঁতৰ ঘৰলৈ আহি থাকে, কেইবাবাৰো আহি ভাত খাই গৈছে। জোৰোণ আৰু দৰাৰ লগত যাব নোৱাৰিলে, কিন্তু অভ্যৰ্থনাৰ কেইদিন যঠেষ্ট সময় বিয়াঘৰত থাকিল, ল’ৰাৰ দুষ্টামি সহিও। তৃতীয়জন বন্ধুৰ অভ্যৰ্থনাত নৱ-বিবাহিত দুজনৰ লগতে আন কেইবাজনৰো পৰিয়াল গোট খোৱাত যঠেষ্ট ৰং-ৰহইচ হ’ল, ঘৰলৈ ঘূৰোতেও পলম হ’ল অলপ। নিশা বাৰমান বজাত ঘৰ সোমোৱালৈকে বৰপুত্ৰ সাৰ পাই আছিল।

‘কি ভাবিছা ডাঙৰ ধন?” মাকে তাক কিবা ভাবি থকা দেখি সুধিলে। “মা, বিয়াত ইমান ফূৰ্তি হয় ন?”, “তোমাৰ ভাল লাগিছিল?” এইবাৰ সি সুধিলে। “অ, ইমান দৌৰিলোঁ, খেলিলোঁ, অ’ মা দেউতাৰ ফ্ৰেণ্ডবোৰৰ ইমান বিয়া হৈছে, আমাৰ দেউতাৰ বিয়ানো কেতিয়া হ’ব?”, কাণফুলিযোৰ খুলিবলৈ লৈ তাই এপলক ৰৈ গ’ল, হয়তো উত্তৰত কি ক’ব ভাবি। সি কিন্তু বৰপুত্ৰক কোলাত তুলি হাঁহি হাঁহি তাইৰ ফালে চাই ক’বলৈ ধৰিলে “এহ, মই ইমান দিন এনেই দুখ কৰি আছিলোঁ ন, মোৰ লগ বৰকৈ নল’লেও মোৰ সকলোতকৈ বেছি শুভাকাংক্ষী এইজনেই”, তাৰ গালত টপককৈ চুমা এটা খাই সি আঁৰ চকুৰে তাইলৈ চালে, আজিকালি অনবৰতে বিৰক্তিৰে ভৰি থকা তাইৰ মুখত সেইসময়ত ফুটি উঠিছিল এটি মিচিকীয়া হাঁহি, সেই আগৰ দিনবোৰৰ দৰেই। “তুমি সঁচাই মোৰ শ্ৰেষ্ঠ শুভাকাংক্ষী দেই সোণ, আজি কিমান দিনৰ মূৰত মাৰাৰ মুখত হাঁহি দেখিলো”, ইখন গালতো চুমা খাই সি বিৰবিৰাই উঠিল, তাই ঠিকেই শুনিলে কথাষাৰ, অজানিতে তাইৰ মুখতো ওলাই গ’ল “শুভাকাংক্ষী”।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক