শূন্যত প্ৰতিশোধ (প্রদ্যুৎ জ্যোতি শইকীয়া)

(১)

ৰবাৰ্টচন দোলাকাষৰীয়া। নামটো দেখি ভয় খাব নালাগে কোনেও। আচৰিত নহ’লেও আচল কথাটো হ’ল ৰবাৰ্টচনৰ মাক জাতিত ইংৰাজ আৰু বাপেক খাঁটি অসমীয়া। প্ৰদ্যুত প্ৰতীম দোলাকাষৰীয়া, যি আছিল প্ৰথম আৰু অন্তিম অসমীয়া মহাকাশচাৰী। সেই সূত্ৰে চিনাকী হৈছিল জুলিয়া ৰবাৰ্টচনৰ স’তে, মঙল গ্ৰহত ভৰি দিয়া প্ৰথম ইংৰাজ মহিলা। মঙললৈ যাওঁতেই ৬ মাহ লাগে বাবে ডেকা মন দুটাৰ মাজত প্ৰেম হ’ল তাতেই। মানে মহাকাশযানৰ ভিতৰতে। ঘৰৰ সন্মতিত প্ৰথমখন মহাকাশৰ বিয়া হৈছিল,য’ত হনিমুন হৈছিল মহাকাশতে। নাছাৰ সন্মতিও আছিল।

আছলতে নাছাই জনোৱা নাছিল প্ৰদ্যুতক কিমান ডেঞ্জাৰাছ হ’ব পাৰে মঙল অভিযান। কাৰণ লৰচৰ দেখা গৈছিল মঙলৰ বুকুত। কিবা জীৱিত বস্তু যেন অনুমান কৰা হৈছিল। বিছাৰিছিল নাছাই তাৰ ৰহস্য উদ্ঘাটন সকলোৰে আগতে। সৰুৰে পৰা মহাকাশযাত্ৰাৰ পাগল প্ৰদ্যুতৰ ইচ্ছাৰ সদব্যৱহাৰ কৰিছিল নাছাই। তাৰ পাছৰখিনি অতীত। মঙলৰ বুকুত হেৰাই গৈছিল নৱ দম্পতীৰ এজন। কমাণ্ডাৰ হিচাপে প্ৰথম নামিছিল প্ৰদ্যুত। অৱতৰণ কৰালৈকে ঠিকেই আছিল। তাৰ পাছৰ দুই ঘণ্টা আছিল কল্পনাৰো অতীত। মঙলৰ সচল বস্তুটো প্ৰথম ধৰা দিলে কেমেৰাৰ আগত। এটা যন্ত্ৰ আৰু জন্তুৰ শৰীৰৰ অদ্ভুত সংমিশ্ৰন। দুহাতত অসীম শক্তি। হঠাতে শূন্যত উপঙিব পৰাৰ শক্তি। চকুৰ চিন মোকাম নাই। গোটেই শৰীৰ ধাতৱ কৱচেৰে আৱৰা। মূৰত গোটেই ক’লা ক’লা বিজল জাতীয় বস্তু। কি কৰিব নোৱাৰে সিহঁতে, অদৄশ্যও হ’ব পাৰে। যিটোৱে সহায় কৰিছিল সিহঁতক লুকাই আক্ৰমন কৰাত। মুঠতে অবাক কৰি পেলাইছিল প্ৰতিজন স্ক্ৰীনত চাই থকা নাছাৰ কৰ্মীক। কোনো সংযোগৰ চেষ্টা নকৰি আক্ৰমন কৰিছিল প্ৰদ্যুতক আচম্বিতে। তিষ্ঠিব নোৱাৰি পলায়ন কৰিছিল প্ৰদ্যুতে। হাজাৰ হাজাৰটা ওলাই আহিছিল। নাছাৰ মানুহ আৰু অসহায় হৈ পৰি ৰৈছিল যানখনৰ ভিতৰত জুলিয়া..নিজৰ স্বামীৰ মৰণ দৄশ্য চাই। সেই সময়তো সাহস গোটাই সংগ্ৰহ কৰিছিল মহাকাশ যানৰ ভিতৰৰ পৰাই এটা এটাকৈ মাটি পানী শিল আদিৰ চেম্পল। আটাইতকৈ ডাঙৰ বস্তুটো আনিছিল এটা শৰীৰ সেই পিশাচ মখাৰ, টেলি ট্ৰেন্সপৰ্টেচনৰ জৰিয়তে। তেতিয়ালৈ প্ৰদ্যুতৰ শৰীৰ টুকুৰালৈ পৰিণত হৈছিল।

সময় অপব্যয় নকৰি আকৌ পৄথিৱী অভিমুখে ৰাওনা হৈছিল জুলিয়া। ওভতাৰ পথতে দুঘণ্টা সময় পৄথিৱীৰ সৈতে সংযোগ বিচ্ছিন্ন কৰিছিল জুলিয়াই। দুঘণ্টা সময়ত নিজৰ ডায়েৰী আৰু সেই অদ্ভুত জন্তুটোৰ সম্পূৰ্ণ খুটি-নাটি আৰু তাৰ চালিকা শক্তিৰ এটা নেন’ ভাৰ্চন তৈয়াৰ কৰি নেন’ৰবট ৰূপে নিজৰ দেহত ইনজেক্ট কৰিছিল জুলিয়াই। একমাত্ৰ জুলিয়াৰ একান্ত নিজস্ব গৱেষণাৰ ফল আছিল নেন’ৰবটকেইটা। মন’চাইট আৰু ইনফৰ্মেচন কেৰিয়াৰ হিচাপে কাম কৰা নেন’ ৰবটবোৰ। গতিকে বেলেগে ভূ পোৱাৰ সম্ভাৱনা ০%। আকৌ সংযোগ স্থাপন কৰিছিল পৄথিৱীৰ স’তে জুলিয়াই। কিয় লাইন কাট অফ কৰিছিল তাৰ উত্তৰত মিছা মাতি মাতি তৎ নাপাইছিল জুলিয়াই। সম্পূৰ্ণ ছমাহৰ মূৰত নাছাৰ স্পেচ এয়াৰ পৰ্টত ভৰি দিছিল তাই। তৎকালেই বেহুচ কৰি পেলোৱা হৈছিল জুলিয়াক। সকলো চেক আপ কৰি সন্দেহজনক একো নাপাই ঘৰলৈ যাব দিয়া হৈছিল জুলিয়াক। জুলিয়াক সন্দেহ কৰা হৈছিল দুঘণ্টা সময় লাইন কাট অফ কৰাৰ বাবেই। ক্ষুদ্ধ বাঘিনীৰ দৰেই গুজৰিছিল জুলিয়াই নাছাৰ কাণ্ডত। পিছে হুচ অহাৰ ৰাতিলৈ সেই খবৰটো পাইছিল জুলিয়াই। কান্দি পেলাইছিল তাই। বাৰে বাৰে মনলৈ আহিছিল প্ৰদ্যুতৰ চেহেৰাটো। খবৰটো আছিল যে জুলিয়া ইতিমধ্যে গৰ্ভৱতী হৈছে। নাছাই জন্তুটোৰ পৰা একো নাপালে,কাৰণ ইতিমধ্যেই সকলোখিনি হৰণ কৰিছিল জুলিয়াই। মাত্ৰ শাৰীৰিক গঠন আৰু আনুসাংগিক অস্ত্ৰ শস্ত্ৰৰ খবৰৰ বাহিৰে। গৰ্ভাৱস্থা হোৱা বাবে সকলো ট্ৰেন্সমিটাৰৰূপী নেন’ৰবট আঁতৰাই দিযা হৈছিল তাইৰ শৰীৰৰ পৰা। কিন্তু নাছাৰ যন্ত্ৰকো ধূলি দি দেহতে আছিল জুলিয়াৰ মন’চাইট কাম ইনফৰ্মেচন কেৰিয়াৰ হিচাপে থকা নেন’ৰবটকেইটা। তাকো জুলিয়াৰ নিৰ্দেশত সিহঁত সোমাই আছিল শৰীৰৰ অতিকৈ গোপন ঠাইত। ফুটকে নাপালে নাছাৰ বিষেশজ্ঞ‍ই। এৰি দিলে দহ দিনমান পাছত জুলিয়াক। নাছাৰ পৰা ওলায়েই জুলিয়াৰ চিন্তা হ’ল কেনেকৈ এই কেইটাক আঁতৰ কৰিব পৰা যায়। মানে নেন’ ৰবট কেইটাক। কিন্তু সেই আশা বাদ দিলে ২৪ ঘণ্টাই নাছাৰ ডিটেকটিভ কেইটাক তাইৰ পিছত লাগি থকা দেখি। মানে এতিয়াও নাছাই কিবা এটা গোন্ধ পাই আছে। সকলো চিন্তা বাদ দি নাছাৰ চকুত ধূলি দিবৰ বাবে সেইকেইদিন খুব পেন্দুকণা ল’ৰা ছোৱালীৰ কাপোৰ বজাৰ কৰা দেখোৱালে জুলিয়াই। যাতে নাচাই ভাবে যে তাই গৰ্ভৱস্থাক লৈহে উদ্বিগ্ন। মাজতে এখন মে‍ইল পালে প্ৰদ্যুতৰ একমাত্ৰ আপোন আইতাকৰ পৰা। সম্পূৰ্ণ এমাহৰ পাছত ডিটেকটিভে সংগ এৰিলে তাইৰ।

এতিয়া তাই তত্‍পৰ হ’ল। কাৰণ গৰ্ভাৱস্থাত নেন’ৰবট গাত সোমোৱাই থোৱাৰ ৰিস্ক লৈ মাত্ৰ চাৰি মাহহে ৰাখিব পাৰি। ইতিমধ্যে দুমাহ উকলিছেই। ৰবটকেইটাক বাহিৰ কৰিবৰ বাবে সকলো যাৱতীয় সৰঞ্জাম লৈ উৰা মাৰিলে শহুৰৰ ঘৰ অভিমুখে। অসমৰ শিৱসাগৰ জিলাৰ বকতা অভিমুখে। কেতিয়াও নহা এখন ঠাই। মাত্ৰ এটাই জানে যে তাইৰ আজোককাৰ বকতাৰ ওচৰৰে এখন বাগানৰ মালিকী স্বৰ্ত আছে। তাৰো কাগজ পত্ৰ লৈ আহিল তাই। শহুৰৰ ঘৰ পাই একমাত্ৰ আইতাকক পাই আনন্দত সাৱটি ধৰিলে তাই। অচিনাকি আইতাকেও তাইৰ ভাল খবৰটো শুনি তাইক উপযাচি ৰাখিলে। অসমীয়া মানুহৰ মৰমৰ কথা শুনিছিলেহে প্ৰদ্যুতৰ মুখত, তাই দেখিলেও আজি। তাৰ পাচৰ দিনাই তাই আজোককাকৰ বাগানলৈ গৈ একবিঘামান মাটি আগুৰি থকা এটা বঙলা বিছাৰি পালে। এচিচটেণ্ট মেনেজাৰৰ বাংলা, কিন্তু বাগানৰ অৱস্থা বেয়া বাবে সেইটো পোষ্ট খালী ৰখা হৈছিল। নিজৰ চিনাকী দি তাই  মালিক যদিও সেইটো কামতে সোমাল। বাংলাটো চাফ চিকুন কৰাই দুটা ৰুমত চিকিউৰীটি কাৰ্ডৰ ব্যৱস্থা কৰি পেলালে তাই। তাইৰ গৱেষনাগাৰ হিচাপে। সকলো যন্ত্ৰ পাতি ঠিক ঠাক লগাই সেই দিনালৈ ৰাতিয়েই নেন’ ৰবট কেইটা উলিয়াই সকলো তথ্য কম্পিউটাৰত গোপনীয় ঠাইত সংৰক্ষন কৰি ৰাখিলে। নিজকে মানসিক কষ্ট নিদিবলৈ কাম নকৰাৰ সিধান্ত ল’লে প্ৰসৱ নোহোৱা পৰ্যন্ত। লগলৈ আইতাককো লৈ আহিল তাই। দিনবোৰ হাঁহি মাতি পাৰ কৰি থাকোতেই এদিন প্ৰসৱৰ সময় পালেহি। মূৰকত জন্ম হ’ল এটা ল’ৰা সন্তানৰ। মানে ৰবাৰ্টচনৰ। সম্পূৰ্ণ নাম প্ৰদ্যুত ৰবাৰ্টচন দোলাকাষৰীয়া। জন্মৰ দুই বছৰ পাছতেই আইতাকৰ লগত ৰবাৰ্টচনক আমেৰিকালৈ পঠালে মাক জুলিয়াই নিজৰ বুকুত শিল বান্ধি,শিক্ষাৰ বাবে। ৰবাৰ্টচন ইঞ্জিনিয়াৰিং আৰু এনাটমীৰ জ্ঞানেৰে পৰিপক্ক হোৱাতো বিছাৰিছিল মাক জুলিয়াই। কাৰণ নিজৰ মনতে পুহি ৰাখিছিল মাকে। মাকেও নিজৰ তথ্যসোপাৰ উপৰত গৱেষণা আৰম্ভ কৰিছিল লাহে লাহে আজৰি পাই। যিমানে পঢ়িছিল সিমানেই অবাক হৈ পৰিছিল মাক। কিন্তু কিছুমান তথ্য পঢ়িব নোৱাৰাৰ বাবে আৰু মেডিকেলৰ জ্ঞান অপৰিহাৰ্য্য নোহোৱা বাবে নিজৰ গৱেষনা ফলপ্ৰসু নহ’ব বুলি বদ্ধমূল ধাৰণা এটা কৰিয়েই পেলাইছিল ৰবাৰ্টচনৰ মাকে। কিন্তু পুত্ৰক সেই গুৰুভাৰ অৰ্পণ কৰাৰ সিদ্ধান্ত পাছতহে লৈছিল জুলিয়াই।….

ক্ৰমশঃ …

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক