শূন্যতা (মীনাক্ষী বৰপাত্ৰগোঁহাই)

মানুহজনৰ লগত কথা পাতিছিল তাই। তাই হাঁহি এটা মাৰি কৈছিল—অ’ তুমি ইয়াত আছা। মানুহবোৰে তুমি নাই বুলি মিছাকৈ কয় নহয় নে ? মানুহজনে একো নক’লে তাইক। কেৱল তাইলৈ চাই হাঁহিলে। তাই ক’লে—আহাচোন মোৰ কাষলৈ, তোমাক এবাৰ চুই চাওঁ। বহুদিন তোমাক স্পর্শ কৰি পোৱা নাই। এইবুলি তাই মানুহজনক স্পর্শ কৰিব খুজিলে। কিন্তু তেনেতে তাইৰ টোপনি ভাগি গ’ল। সাৰ পাই তাই কাষৰ গাৰুটো খেপিয়াই চালে। নাই, কোনো নাই, শূন্য, কেৱল শূন্য। দুচকুৱেদি চকুলো বাগৰি আহে তাইৰ।

এসময়ত তাইৰ দুচকুত অলেখ সপোনে তিৰবিৰাইছিল। তাই যেন সপোনৰ পিছে পিছে দৌৰি ফুৰিছিল। কিন্তু হঠাতে তাইৰ সপোনবোৰ হেৰাই গৈছিল। আচলতে তাইৰ দুচকুৰ সপোন কাঢ়ি নিয়া হৈছিল। স্বাধীনতা বিচাৰি ফুৰা ল’ৰাহঁতেই কাঢ়ি নিছিল তাইৰ দুচকুৰ সপোন। স্বাধীনতা সন্ধানী ল’ৰাহঁতে দিয়া বোমা বিস্ফোৰণত তাই মানে প্লাবিতাই হেৰুৱাইছিল স্বামী অঞ্জনক। বিয়াৰ ছমাহৰ পাছতে স্বামীক হেৰুৱাই তাই অকাল বৈধব্যক আঁকোৱালি লৈছিল। সকলো সপোন তাইৰ শেষ হৈ গৈছিল। চাৰিওফালে আন্ধাৰ দেখিছিল তাই। যি সময়ত তাইৰ জীৱন প্রাচু্র্যৰে ভৰি থাকিব লাগিছিল সেই সময়ত তাই আঁকোৱালি ল’ব লগা হৈছিল এবুকু শূন্যতা।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments