“শৃংখল” চোৱাৰ অনুভৱ (আবিদ আজাদ)

bolsobi

ড° ভবেন্দ্ৰ নাথ শইকীয়া দেৱৰ নাম সাঙুৰ খাই থকা চিনেমা এখন চাবলৈ গ’লে মানসিক ভাৱে নিশ্চয় আগতীয়াকৈ কিছু প্ৰস্তুত হ’ব লগীয়া হয়। সেই প্ৰস্তুতিৰেই ‘অনুৰাধা’ চিনেমা হলত প্ৰবেশ কৰিছিলোঁ। (যোৱা ৰাতি ৮ বজাত)। কিন্তু শান্তিৰ এনিমেটেদ পাৰ চৰাইকেইটা আকাশত উৰা দেখাৰ লগে লগে নিজকে চম্ভালি ল’লো। “হাইদৰ” চোৱাৰ বেলিকা পুৰ্বৱতী ধাৰণা মনত লৈ যি ভুল কৰিছিলোঁ, তাৰ যাতে পুনৰাবৃত্তি নহয় ভাবি নিজকে বেলেগকৈ পুনৰ প্ৰস্তুত কৰি ল’লোঁ। পাৰ চৰাই দেখুৱাবলৈ গৈ আৰম্ভণিতে যদি সেয়া কৰে; নাজানো আগলৈ আৰু কি কি হজম কৰিব লগীয়া হয়! — চিনেমাখনৰ সম্পৰ্কে হিমজ্যোতি তালুকদাৰ ডাঙৰীয়াই নিজৰ ব্যক্তিগত ৱালত খুব সুন্দৰ ভাৱে লিখিছে। মোৰ অনুভৱৰ সৈতে হুবহু একে। সেয়ে কি বেয়া পালোঁ লিখাৰ উপৰিও কি ভাল পালোঁ তাকে চমুৱাই লিখিব বিচাৰিছোঁ- প্ৰথমে।

# চিনেমাখনত এনেকুৱা কিছুমান গ্ৰামীন দৃশ্য দেখুওৱা হৈছে যিবোৰ সাম্প্ৰতিক কালৰ আন কোনো অসমীয়া চিনেমাত আজিলৈ দেখা মনত নপৰে। গ্ৰামীন পৰিবেশত ডাঙৰ দীঘল হোৱা প্ৰতিজন ব্যক্তিয়ে সেয়া উপলব্ধি কৰিব।
-অতি নিখুঁত ভাবে বাঁহৰ ‘টঙাল’ চঁচা দৃশ্য অন্তত মই আন চিনেমাত দেখা নাই।
-ঢেকীত ধান বনা দৃশ্যটো! পখালিৰ পৰা থোৰাৰ খুন্দাত ওলাই অহা ধানবোৰ পুনৰ ‘লাঠি” ডালেৰে সুমুৱাই দিয়া বিতং দৃশ্যটো খুবেই মনোগ্ৰাহী হৈছে। ঢেকীত ধান বানি বা চাউল খুন্দি পোৱা লোক মাত্ৰেই সেয়া অনুভৱ কৰিব পাৰিব।
-ঢেকী দিওতে জয়া শীলে উলৰ চাদৰ খন গাত নলৈ (গৰমত!) কাষত ওলোমাই থৈ দিয়া দৃশ্যটো।
– বিশেষকৈ শৈশৱৰ দৃশ্যবোৰ। ল’ৰাবোৰে ৰবাব টেঙাৰে নদীৰ পাৰত ফুটবল খেলা আৰু পিয়াহ লাগিলত নৈৰ পাৰৰ বালি খান্দি পানী উলিয়াই সেই পানী মুখ লগাই লগাই খোৱা দৃশ্যটো। mind-blowing!!
– কল-পাতৰ পতাকা বনাই ল’ৰাটোই বাটে বাটে দৌৰা দৃশ্য।
– চাইকেল শিকোতে এখন ভৰি পেদেলত থৈ আৰু এখন ভৰি মাটিত থৈ ‘লেঙেৰাই লেঙেৰাই’ চাইকেল চলোৱা দৃশ্য।
– ঠাণ্ডা দিনত ককাকে জুই পুৱাই পুৱাই কথাৰ মলিহা মাৰি ৰাতি পাৰ কৰা দৃশ্য।
– বুঢ়া হ’লে যে মানুহে কথা পাতি ভাল পাই, আনৰ “চি,আই,ডি” কৰি ভাল পাই- সেই দৃশ্যবোৰ।

এনে অনেক ভাল লগা দৃশ্যবোৰ চালে মাজে মাজে এনে লাগে যেন ভবেন শইকীয়াৰ দ্বাৰা পৰিচালনা কৰা চিনেমাহে চাই আছোঁ। কিন্তু মুহূৰ্ততে সেই ধাৰণা ভংগও হৈ যায়- নিৰ্দেশনাৰ অপৰিপক্কতাৰ বাবে।

# যিবোৰ ভাল নালাগিল:
– চিনেমাখন আশা কৰা ধৰণে ভাল নালাগিল যদিও নিৰ্দেশকৰ, চিত্ৰগ্ৰহণ কাৰীৰ প্ৰচেষ্টা শলাগিবই লাগিব। আন্তৰিক কষ্ট কৰিছে।
– কিন্তু ভাবি এইটোই আচৰিত লাগে যে নিৰ্দেশক গৰাকীক চিনেমাৰ এটি দৃশ্যত সঁচা পাৰৰ সলনি “এনিমেটেড” পাৰ চৰাই দেখুৱাৰ “মহা-‘বুদ্ধি’টো কোনে দিলে! আৰম্ভণিৰ সেই দৃশ্যটোই একেবাৰে বৰ্বাদ কৰি দিয়ে চিনেমাখনৰ ৰস। পাৰৰ দৰে সহজলভ্য চৰাই দেখুৱাৰ ক্ষেত্ৰত তেনে কৰিব লাগে নে? আজিৰ পৰা ২৫ বছৰমান পূৰ্বে ৰমানন্দ সাগৰে ‘ৰামায়ন’ত দেখুওৱা পুতলা জটায়ু চৰাইটো যেন হে লাগিব খুজিছিল!
– জয়াশীলৰ পানীত নামি দেহৰ আৰু ককালৰ তলৰ ‘জুই’ নুমুৱা সাংকেতিক দৃশ্যটো ঠিকেই আছিল কিন্তু আন এটা দৃশ্যত নৈৰ পানীৰ তলত “ছুইমিং পুল”ৰ স্বচ্ছ পানীৰ তলত সাঁতোৰাৰ দৰে সাঁতোৰা দৃশ্য আৰু গাভৰু-বান্ধবী জাকৰ সৈতে পানী চটিয়াই চটিয়াই নৈত গা ধোৱা দৃশ্যটো- অলপ বেছি নাটকীয় হ’ল। পুৰণি কালত গোপিনীবোৰে নৈত গা ধুওতে ইটোই সিটোক পানী চটিয়াৰ দৰে সাইলাখ!
– আদিল হুছেইনৰ অভিনয় দক্ষতা প্ৰশ্নাতীত। কিন্তু তথাপিতো- চৰিত্ৰটোৰ ভিতৰত তেওঁ সোমাব নোৱাৰিল যেন লাগি থাকিল।
– ইংগ্ৰাজী subtitle বোৰ একেবাৰে কেঁচা হৈছে।
– “বৈঠা মাৰো বৈঠা মাৰো” গীতটি গোৱালপৰীয়া নহয় জানো? নগাওঁ অঞ্চলৰ গাওঁৰ দৃশ্যৰ প্ৰেক্ষাপতত এটা দৃশ্যৰ বেকগ্ৰাউণ্ডত গোৱালপৰীয়া গীত কেনেকৈ হজম হৈ বাৰু!
– চিনেমাখন বৰ্তমান কালৰ বুলি দেখুওৱাটো চিনেমাখনৰ আন এটা প্ৰধান দুৰ্বলতা। এই বৈশাদৃশ্যতা বিভিন্ন সময়ত ফুটি উঠে। ছবিত মূল গল্পৰ সময়কে দেখুৱাব লাগিছিল- বেছি ভাল লাগিল হেতেন।
– পাৰ মাংস খালে প্ৰেচাৰ বাঢ়ে। সেই হিচাপে গা গৰম হয় বুলিব পাৰি। কিন্তু চিনেমাখনত পাৰৰ মাংসক অযথা বদনাম কৰা হৈছে! পাৰ মাংস খালে বাৰু নিৰ্দশকে ক’ব বিচৰা দৰে দম্পতীৰ ৰাতি “গা গৰম” হৈ জানো!
– যৌৱনা বিধবা নাৰী এগৰাকীৰ স্বামীৰ অনুপস্থিতিত তাইৰ দেহত ওপজা নিষ্পাপ যৌন ক্ষুধাক যিদৰে দেখোৱাব বিচৰা হৈছে, ঠিকেই আছিল; কিন্তু শুই থাকোতে ৰাতি সপোনত ‘কিবা-কিবি’ দেখি জয়া শীলক যে গালে-মুখে ঘামি যোৱা দেখুওৱা হয়– সেয়া একেবাৰে ‘অন্য’ ধৰণৰ চিনেমাৰ দৃশ্য যেন হে লাগিব খোজে।
– চহৰত কাম কৰা জীয়ৰীক মোবাইলত খবৰ লোৱা আৰু চমু কথোপকথনৰ দৃশ্যটোও বৰ খৰ-খেদা কৰিলে। ফোন ৰিং হওঁতে, ৰিচিভ কৰোঁতে, আন ফালটোৰ মানুহ জনৰ কথা শুনোতে কিছু সময়ৰ যে প্ৰয়োজন– সেয়া নিৰ্দেশকে পাহৰি থাকিলে!

এইবোৰ সৰু-সুৰা ত্ৰুটি থাকিলেও চিনেমাখনত কিন্তু আমেজ লোৱাৰ আন ভালেমান উপাদানো আছে। তাৰে কিছুমান প্ৰথমেই উল্লেখ কৰিছোঁ। তাৰোপৰি জয়া শীলৰ অভিনয় চাই এনেকুৱা লাগিল যেন আমি এগৰাকী নতুন “স্মিতা পাতিল” লাভ কৰিছোঁ। নিপুন নিৰ্দেশকৰ স্পৰ্শ পালে তেওঁৰ অভিনয় দক্ষতা আৰু বেছি ফুটি উঠিব। চিনেমাখনত তেওঁৰ অভিনয় শলাগিব লগীয়া। আমি বহু বাজে চিনেমা চাওঁ, তাৰ তুলনাত “শৃংখল”খন চাব পৰাই চিনেমা। এখন ৰুচিশীল চিনেমা বনোৱাৰ উদ্দেশ্যেৰে নিৰ্মান কৰা ভাল প্ৰয়াসৰ চিনেমা। সেই অৰ্থতে চিনেমা খন চাব লাগে। চোৱাটো এটা কৰ্তব্য বুলিও ভাবোঁ। অসমীয়া গাওঁৰ অতীত হোৱা বহু দৃশ্য চিনেমাখনত সুন্দৰকৈ তুলি ধৰা হৈছে- সেইটোই মোক আটাইতকৈ বেছি মোহিত কৰিছে। আকৌ কেতিয়াবা চালে সেই দৃশ্যবোৰৰ বাবেই চাম। নিৰ্দেশক আৰু তেওঁৰ সমস্ত টীমক শলাগ যাছিলোঁ- চিনেমাৰ কাহিনী নিৰ্বাচন আৰু তেওঁলোকৰ এফোৰ্টোৰ বাবে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments