শেষপৃষ্ঠা – পাপৰি বৰা

সন্ধিয়া নামি আহিছিল … লাহে লাহে সন্মুখৰ হাইৱেৰ শাৰী শাৰী লাইট বোৰ জ্বলি মহানগৰী আন এক ৰূপেৰে সাজু হৈছে …!

এইয়া নিশাৰ মহানগৰীৰ ৰূপ সেইয়া ও এক অপূৰ্ব ৰূপ …….
হাজৰিকা বহাৰ পৰা উঠি ভিতৰলৈ যাবলৈ ওলাইছে৷ ভিতৰত তেওঁৰ পত্নী নাতি ৰ সৈতে কথাত ব্যস্ত, কিমান যে কথা …
জী নাতি এইয়া তেওঁলোকৰ৷ হাজৰিকা দম্পতীৰ দুজনী জীয়েক তাৰে এই সৰুজনী৷ ডাঙৰ জনী তেওঁলোকৰ যোৰহাটৰ ঘৰখনত থাকে জোঁৱাই ই ও থাকে৷ সিহঁতৰ ফালৰ পৰা ও নাতি এটা আৰু নাতিনী এজনী৷
চাবলৈ গলে তেওঁলোক সুখী তিনিটা নাতি নাতিনীৰে এই বয়সত …… কিন্তু কিয় জানো তাৰ মাজতে যেন কিছুমান অভিমান আক্ষেপ কিয় কেনেকৈ সেই বোৰ হ’ল আচলতে বহু কথা তেওঁলোকে নভৱা ধৰণেই যেন হ’ল৷
সৰু জীয়েকৰ নামাজৰ সময় খিনিত তেওঁৰ পত্নীয়ে নাতিনী জনীৰ লগত খেলি থাকে বা কিবাকিবি কথা পাতি থাকে৷
হয় ঠিকেই ধৰিছে তেওঁলোকৰ সৰু জনী জীয়েক বিশ্ববিদ্যালয়ত একেলগে পঢ়া তাইৰ লগৰ এজন মুছলমান যুৱকৰ সৈতে বিয়া হ’ল৷ সেই লৈ অৱশ্যে বহু মতানক্যও হ’ল৷ সৰু জী আৰু জোঁৱাই তেওঁলোকৰ যোৰহাটৰ ঘৰলৈ কেতিয়াও যাবলৈ অনুমতি পোৱা নাছিল৷ তেওঁলোকে ডাঙৰ জী জোঁৱাই ৰ লগতেই সুখী হবলৈ চেষ্টা কৰিছিল যদিও মৰম বোৰ ঢাকি ৰাখিহে মাকজনীয়ে এক কৃত্ৰিম হৃদয় লৈ কঠোৰ হৈ দেখুৱাইছিল কাৰণ, হাজৰিকাৰ কাঢ়া নিৰ্দেশ কোনোপধ্যেই যেন সৰু জী আৰু জোঁৱাই তেওঁলোকৰ পদূলি গচকিব নোৱাৰে৷
হয় এনে হোৱাটো আচলতে এক স্বাভাৱিক পৰিঘটনা যেনেই আছিল…..
লাহে লাহে দিন বোৰ বাগৰিছিল৷ ডাঙৰ জী জোঁৱাই তেওঁলোকৰ প্ৰতি যেন উদাসীন৷ নাতি নাতিনী হালেও যেন একেখন ঘৰতে থাকি ককাক আইতাকৰ কাষ চাপিবলৈকে সময় নেপাইছিল৷
কিমান নো ডাঙৰ সিহঁত? ? হাজৰিকাই ভাৱে,নাতিটো তৃতীয় আৰু কণমানি জনী প্ৰথম মানত৷ তেওঁলোকে বুজি নেপাই এই কণমানি বয়সতে ৰাতিপুৱা চাৰে সাত মানতে ওলাই যোৱা নাতি হাল তিনিবজাত হে ঘৰ পাইহি৷ ঘৰ পাইহি মানে ….. আকৌ কিবাকিবি এটা খাই লৈ ৰবলৈকে নাপায় আকৌ সিহঁত হালক পঢ়োৱাবলৈ টিউচনৰ শিক্ষক আহি হাজিৰ হয়হি আৰু সন্ধিয়া ভাগৰে জোগৰে কণমানি কেইটা ই কিবা এটা খাই, টি ভি চাই সেইপিনেই লালকাল দিয়ে৷
জোঁৱাই ন টা মানতে ঘৰৰ পৰা অফিচলৈ গৈ ৰাতি আকৌ ন টা মানত হে ঘৰ পাইহি, চাকৰিৰ ঠাইখন অলপমান দূৰৈত৷ জীয়েকেও সেই একে সময়তে চহৰৰ জুনিয়ৰ কলেজ এখনলৈ বুলি ওলাই আৰু আহি পাওঁতে তিনি বাজেই৷ নাতিহঁতৰ লগত সমানে পায়হি৷ ৰন্ধা বঢ়াৰ বাবে এগৰাকী সহায়িকা আহে যদিও হাজৰিকানীয়ে নিজৰ খিনি স্বামীৰ ভাল লগা মতে নিজেই বনাই তেওঁলোকে আজিকালি নিৰামিষেই খায়৷ গতিকে নিজৰ ঘৰখনতে যেন তেওঁলোক লাহে লাহে অচিনাকি হৈ যাবলৈ ওলাইছে৷
এই কণমানি কেইটাৰ এই বয়সতে পঢ়া শুনাৰ বোজা টো তেওঁলোকৰ বুজিবৰ ক্ষমতাৰ যেন বাহিৰত৷ বন্ধ বাৰ কেইটা আহিলে তেওঁলোকে জী জোঁৱাই বা নাতিহঁতৰ ব্যস্ততা কমিব বুলি আশা কৰিছিল যদিও যেন খোলা বাৰ কেইটাতকৈ আৰু হে বেছি ব্যস্ততা এই যে গান নাচ আৰ্ট সাঁতোৰ কিমান খন লৈ যে যাব লাগে ……..
– – – – – – – – – –

হেৰাই গৈছে যেন কিবা এটা … গতিৰোধকৰ আগত তেওঁলোক হে ৰৈ আছে নেকি? ? ? ?
ক’তা কাৰো দেখোন এপলক চাবলৈ এখন্তেক ৰবলৈকে সময় নাই৷ দিনটো কেনেকৈ আৰম্ভ হৈছে কেনেকৈ শেষ হৈছে ঘড়ীৰ কাটাতকৈও যেন বেছি এতিয়া সময়ৰ গতিবেগ৷ সকলো সময়তকৈ আগবাঢ়ি যোৱাৰ প্ৰতিযোগিতাৰ প্ৰতিযোগী৷

হাজৰিকাই বহু কথাই ভাবিলে আজি সন্মুখৰ ৰেলিং খনৰ কাষৰ চকীখনত বহি বহি৷ ছোৱালী দুজনী পঢ়ি থকা দিনত তেওঁলোকেও এইদৰে ছোৱালী দুজনীৰ পৃথিৱীৰ মাজতেই হেৰাই গৈছিল তথাপিও কিন্তু ইমান ব্যস্ততা নাছিল অৱশ্যে এই সময় সেই সময় বেলেগ আছিল, বেলেগ আছিল জীৱনৰ বহু পৰিভাষা৷
তথাপিও …….
——————
ভালকৈ মনত আছে তেওঁৰ সেইদিনা আছিল হাজৰিকাৰ চাকৰি জীৱনৰ শেষ দিন … বহু পোৱা নোপোৱাৰ দোমোজাত তেওঁৰ মন ভাৰাক্ৰান্ত ……
কাৰ্য্যালয়ৰ শেষ দিন … সকলোৱে তেওঁৰ বিদায় সম্ভাষণ জনাবলৈ অফিচতে আয়োজন কৰিছিল এখন সভা৷ তেওঁক দুআষাৰ কবলৈ দিয়াৰ ঠিক আগমুহূৰ্ততে ঘৰৰ পৰা ফোন এটা আহিছিল আৰু তেওঁ যেন নিজৰ কাণকে বিশ্বাস কৰিবলৈ পৰা নাছিল তথাপিও ধৈৰ্য্য ধৰি কৈ গৈছিল …..
“ জীৱনৰ জমাখৰচৰ বহীখনত মই অংকবোৰ পাতি গলো উত্তৰ বোৰহে এতিয়াও উলিওৱা হোৱা নাই৷ ” বুলি তেওঁ অলপ আৱেগিক হৈ পৰিছিল
“ঘৰলৈ সেইখিনি বাট কি দৰে আহিল তেওঁ নিজেই গম নেপালে৷ এনে এটা সম্ভাৱনা তেওঁ আৰু তেওঁৰ পত্নী য়ে কিছু দিনৰ পৰা পাই আহিছিল …….

সৰু জীয়েকে পঠিওৱা চিঠি খন তেওঁৰ পত্নীয়ে তেওঁৰ হাতত তুলি দিলে …. চিঠিখন ৰ কথাখিনি হাজৰিকাই আগতীয়াকৈ অনুমান কৰি লৈছিল৷ তেওঁ পত্নীৰ মুখলৈ চাইহে বৰ আচৰিত হ’ল৷ এইয়াও যেন পত্নীৰ আন এক ৰূপ এগৰাকী মাক কি দৰে আজি ইমান শান্ত …..!
তেওঁৰ দৰে পত্নীক তেওঁ বিচলিত নেদেখিলে …..
খঙত একোনাই হৈ তেওঁ পত্নীকেই নিৰ্দেশ দিলে…. হয় তেওঁ নহয় সৰু জী ….
আজিৰ পৰা যেন এইখন ঘৰত আৰু জীয়েকৰ নাম উচ্চাৰণ নহয় …. তেওঁৰ জীৱন কালত এই ঘৰত তেওঁৰ সৰু জীয়ৰীৰ প্ৰৱেশ নিষিদ্ধ …..
সেই দিন ধৰি হাজৰিকা দম্পতীৰ পৃথিৱী খন তেওঁলোকৰ ডাঙৰ জী জোঁৱাইৰ সৈতে সীমাবদ্ধ ……. সৰু জীয়েকে বহু বাৰ চেষ্টা কৰিও মাক দেউতাকৰ লগত কথা পাতিব নোৱাৰিলে৷ দেউতাকে নিজৰ লগতে পত্নীৰ ফোন নম্বৰটো সলাই পেলালে৷
ডাঙৰ জোঁৱায়ে আনি দিয়া নতুন চিম কাৰ্ড কেইখন ভৰাই ললে ….
ডাঙৰ জীয়েক তেওঁলোকৰ লগত আগৰ পৰাই থাকেহি যদিও জোঁৱাই মাজে মাজে আহিছিল কিন্তু সেই ঘটনাৰ পিছত জোঁৱাই তেওঁলোকৰ ঘৰতে নিগাজিকৈ থাকি নিজৰ অফিচ শহুৰেকৰ ঘৰৰ পৰাই চলাই নিলে ৷
সময় কাহানিও থমকি নৰয় মাহ বোৰ পাৰ হৈ বছৰত ভৰি থ’লে …… হাজৰিকা দম্পতীও লাহে লাহে নিজৰ ঘৰতে অচিনাকি হৈ থাকিবলৈ ল’লে …. অতিকৈ আপোন সৰু জীয়েকৰ এই আচৰণ তেওঁলোকৰ বাবে এক অবুজ সাঁথৰ ……

আচলতে তেওঁলোকৰ অভিমান বেলেগ কথাত …… তাই নিজৰ সিদ্ধান্তৰ কথা তেওঁলোকক পোন পটিয়াকৈ কিয় নকলে? ?
…. মাককো নকলে মাত্ৰ এখন চিঠি সেইখনো ভিনিয়েক মানে তেওঁলোকৰ ডাঙৰ জোঁৱাইৰ হাতত দি পঠিয়াই তাই পচিঁশ-ছাব্বিশ বছৰে তাইৰ মাক দেউতাকৰ লগত থকা সকলো আৱেগ অনুভূতি মৰমৰ বান্ধোন ছিঙি কেনেকৈ পেলালে? ? ? বহুত দিন পিছত ডাঙৰ জোঁৱায়ে আনি দিয়া সৰু জী জোঁৱাইৰ বিয়াৰ ফট’ কেইখনমান হাজৰিকাই দলিয়াই ফালি পেলাইছিল ৷
তাৰ মাজৰে এখন তেওঁৰ পত্নীয়ে তেওঁ নেদেখাকৈ আঠা লগাই সযতনে থৈ দিলে৷
– – – – – – – – – – – – –
সময় বাগৰিল ডাঙৰ জোঁৱায়েকে অনা কাগজ কেইখনমান তেওঁ চিন্তা কৰি চাম বুলি আঁচুতিয়াকৈ থলে … পত্নীকো একো নজনালে ….যদিও জোঁৱায়ে সোনকালে বিচাৰিছিল ….
কি কৰিব এই চুক্তি নামা থকা মাটি বাৰীৰ কাগজ? ? ? ?
তেওঁ দেখোন আছেই ডাঙৰ জীয়েককে নিদি কাকনো দিব ….?
কিয় লিখিব লাগে ডাঙৰ জোঁৱাইৰ নামত তেওঁৰ বোধগম্য ৰ বাহিৰত৷ ডাঙৰ জোঁৱাইৰ এক কথা সৰু জীয়েকৰ যাতে ইয়াত নাম নাথাকে কাৰণ এই লৰাটোৱে সৰু জীয়েকৰ প্ৰেমত পৰি নহয় সম্পত্তিৰ লোভতেই লৈ গৈছে৷ জোঁৱায়েকৰ মতে তাৰ নিজাকৈ একো নাই৷ গতিকে তাক আইনগত ভাৱে বাধা দিব পৰাকৈ ডাঙৰ জোঁৱাইক লাগে এই চুক্তি পত্ৰ ………
দেউতাকক বুজাবলৈ সি তাৰ পত্নীক কাঢ়াকৈ ক’লে নহ’লে আৰু ব্যৱস্থা আছে তাৰ হাতত …..
লাহে লাহে অতিষ্ঠ হৈ পৰিছিল সমগ্ৰ পৰিবেশ ….. কিহৰ পৰা কলৈ গৈ আছে হাজৰিকাই যেন একো বুজি নেপোৱা হৈ আহিছিল ..৷
দুই জীয়ৰীৰ আৰু পত্নীৰ সৈতে আৰম্ভণি কৰা এই সংসাৰ …. তেওঁলোকৰ সুন্দৰ ঘৰখন য’ত পত্নী নিৰলাৰ সৈতে দুই জীয়ৰী জুলী আৰু মিলিৰ নামেৰে তিনিমহলীয়া ঘৰৰ সন্মুখৰ বেৰত খোদিত কৰিছিল “মিলিজুলী আলয়”
যিটো পিছলৈ সৰু জীয়েকৰ এই ঘটনাৰ পিছতে চিমেণ্টেৰে প্লাষ্টাৰ মাৰি বেলেগ ৰং কৰি মোহাৰি পেলাইছিল তেওঁ ….
——————-

এদিন সৰু জীয়েকক মাকে লগ পালে৷ আচলতে চিনাকি মানুহ এগৰাকী ৰ সহায়ত এইয়া সম্ভৱ হ’ল ….
প্ৰথম প্ৰথম মাক – জীয়েকে কোনেও কাৰো ফালে যেন চাব পৰা অৱস্থাত নাছিল৷ অকল জীয়েকে কৈ গ’ল মনৰ কথা অলপমান …..তাইক যেন ক্ষমা কৰে, জীয়েকে কৈ গ’ল তাইৰ বৰ্তমান সংসাৰ সুখৰ …. মাক হবলৈ ওলাইছে তাই আৰু এসপ্তাহ মান পাছতে হয়তো তাই মাক হব৷ তাই বেংকত চাকৰি কৰে৷ গিৰিয়েকৰ বিজনেচ ভাল কৈ চলিছে একমাত্ৰ লৰা আছিল সি ঘৰখনৰ ৷ মাকৰ মৃত্যুৰ পিছতে সিহঁত একেবাৰে গুৱাহাটীলৈ গুচি আহিলে৷ নিজৰ ফ্লেট এটাত সিহঁত থাকে, গাঁও খনৰ বহু মাটি বাৰী বেচি এতিয়া অকল খেতিৰ মাটি অলপ মান থৈ সিহঁতে এতিয়া গুৱাহাটীৰ বাসিন্দা৷
মাকক তাইৰ ফোনৰ নম্বৰটো দিলে দেউতাকৰ কথা ভয়ে ভয়ে সুধিলে ……. সেই অলপমান সময়তে তাই বিশেষ একো নকলে খালী এটাই কথা ক’লে যে “কথাবোৰ তোমালোকে ভৱাৰ দৰে নাছিল আৰু বহু কথা আছে”
যিবোৰ এতিয়া তাই কবলৈ নিবিচাৰে কিন্তু কব …. আৰু হয়তো কেতিয়াবা তাইৰ খবৰ লব দেউতাকে সেই আশাৰে তাই মাকৰ পিনে চালে৷ কবলৈ বা কৰিবলৈ যেন একোৱেই নাছিল …… চকুপানী মচি দুয়ো বিদায় ললে, খালী যাবৰ পৰত নিজৰ ফোনৰ নম্বৰটো দি খবৰ জনাবলৈ ক’লে ……………
– – – – –
সেয়াই আৰম্ভণি কোনেও গম নেপোৱাকৈ মাকে তাইৰ খবৰ বোৰ লৈ গ’ল৷
জীয়েকৰ ছোৱালী এজনী হ’ল৷ মাকে খবৰটো হাজৰিকাক কওঁ নকওঁ কৈ ক’লে …. খবৰ শুনি হাজৰিকাই পত্নীক অকল ক’লে “তুমি ভাল পাইছা শুনি তেন্তে ঠিকেই
আছে৷”
…. লাহে লাহে দিনবোৰ বাগৰি গ’ল৷ মাকে জীয়েকৰ খবৰ ৰাখি থাকিল পিছে যাব যে নোৱাৰে চাবলৈ সেয়া খাটাং …….
ডাঙৰ জী আৰু জোঁৱাই ৰ লগত তেওঁলোকৰ দূৰত্ব বাঢ়ি আহিল, তেওঁ আজিও জোঁৱাই ৰ কথামতে মাটি বাৰীৰ কাগজত চহী কৰা নাই ….জোঁৱাই আৰু জীয়েকৰ মাজত বিভিন্ন মতানৈক্য হৈ আহিল৷

.. দেউতাকক বুজাব নোৱাৰাৰ বাবে সি তাইক বিভিন্ন ধৰণে ককৰ্থনা কৰিবলৈ ল’লে আৰু শেষত সেইটো ঘৰতে তেওঁলোক তলতে থাকিব ল’লে আৰু জী জোঁৱাই ওপৰত তলা মাৰি দিনটোলৈ বুলি ওলাই যায় আহিও নিজৰ ব্যস্ততা তেওঁলোকৰ৷ নাতি টোক তেওঁলোকে আঁতৰাই পঠিয়ালে পঢ়িবলৈ বৰ্ডিং স্কুললৈ আৰু নাতিনী জনী স্কুল, নাচ গান, সাঁতোৰ, টেনিছ এইবোৰ ৰ পৰা তেওঁলোকৰ কাষ পাবলৈ সময় নোপোৱা হ’ল৷
——————

এদিনাখনৰ কথা … দুপৰীয়া হাজৰিকাৰ গা বেয়া লাগি মাটিত ঢলি পৰিল৷ হাজৰিকানীয়ে কি কৰিব তলকিবই যেন নোৱাৰিলে৷ ডাঙৰ জী জোঁৱাই ৰ ফোন নলগাত তেওঁ সৰু জীয়েকৰ নম্বৰ লগালে সিহঁত হালো সেইদিনা যোৰহাটতে আছিল৷ সৰু জোঁৱাই পুৰণি গাওঁখনলৈ আহিছিল, তেওঁলোকৰ ঘৰৰ পৰা প্ৰায় পোন্ধৰ মিনিটৰ ৰাস্তা৷
সৰু জোঁৱাই বৰ্তমান নামকৰা ব্যৱসায়ী৷ তেওঁ লগৰ দুজনমানক ফোন কৰি শহুৰেকক এম্বুলেন্সেৰে নিয়াৰ ব্যৱস্থা কৰি পিছে পিছে গৈ নাৰ্চিংহোম পালেগৈ৷
ডাক্তৰে পৰীক্ষা কৰি সামান্য সুস্থ কৰিব পাৰিলে যদিও গুৱাহাটীলৈ নিবলৈ কোৱাত তেওঁলোকে লগে লগে ব্যৱস্থা কৰি লৈ গ’ল … পিছত ডাঙৰ জোঁৱায়ে সৰু জোঁৱাইক লাগি থকা বুলি জানিয়েই গুৱাহাটী লৈকো ন’গল ….
হস্পিতালৰ পৰা ৰিলিজ লোৱাৰ দিনা ডাক্তৰে তেওঁলোকক সকলো সময়তে হাজৰিকাৰ কাষত মানুহ থাকিবলৈ ক’লে অৰ্থাৎ সিহঁতে যেন দেউতাকক অকলে নেৰে ..সৰু জোঁৱাই চেইফ .. য়ে তেওঁলোকৰ ভৰিত ধৰি সেৱা কৰিলে …..অনুৰোধ কৰিলে যাতে তেওঁলোকৰ লগতে কিছুদিন থাকে অন্ততঃ সম্পূৰ্ণ ভাল হোৱা লৈকে কাৰণ মাজত আকৌ চেকআপ কৰিবলৈ ও মাতিছে৷
ইতিমধ্যে হাজৰিকা বহু খিনি নৰম হল কাৰণ ইমান দিনে দেখি অহা কথাবোৰে তেওঁক বহু কথাই উপলব্ধি কৰোৱাইছিল ……..
পত্নীৰ অনুৰোধত তেওঁলোকে সৰু জীয়েকৰ ঘৰত দুদিনমান থকাটো ঠিক কৰিলে আৰু তাৰ পিছতেই জী জোঁৱাই ৰ পৰিচৰ্য্যাত কিছুদিন পিছতেই তেওঁ সুস্থ হৈ আহিল৷
চাৰিবছৰীয়া কণমানি নাতি জনী ৰ লগত তেওঁলোকে হেৰুৱা মন কেইটি যেন ওভতাই পালে৷
জী জোঁৱাই ৰ সংসাৰ খনেও যেন বহু কিবাকিবি কৈ গ’ল৷ তেওঁলোকৰ ঘৰত ধৰ্ম লৈ কোনো বিভেদ নেদেখিলে, ইজনে সিজনক এই ক্ষেত্ৰত সম্পূৰ্ণ আশ্বাসত লৈছে৷ দুয়োটা ধৰ্মকে তেওঁলোকে সন্মান কৰে, মানে আৰু নাতিনী জনীয়ে যেন পাইছে এই জাতি ধৰ্মৰ ওপৰত আন এক ধৰ্ম “মানৱ ধৰ্ম “!
– – – – – – –

অৱশেষত যেন লুটি খালে হাজৰিকাৰ জমাখৰচৰ বহীখনৰ শেষৰটো পৃষ্ঠা …
সেই দিনা সৰুজীয়েক মিলীয়ে মাক দেউতাকৰ আগত ক’লে কি হৈছিল সেই দিনটোত যি দিনা তাই একেবাৰে গুচি আহিছিল ঘৰৰ পৰা৷
তেওঁলোকে এই সিদ্ধান্ত লৈছিল একমাত্ৰ ভিনিয়েকৰ কথামতে, যি বাৰে বাৰে সকিয়াই আছিল চেইফক যে কোনোপধ্যেই যাতে সি সিহঁতৰ ঘৰৰ লগত সমন্ধ নেৰাখে৷ যদি সি তাইক সঁচাকৈয়ে ভাল পাই, এইদৰেই বিয়া পাতিব লাগিব আৰু মাটি বাৰীৰ যাতে কেতিয়াও ভাগ লবলৈ নাহে৷ বায়েকৰ সংসাৰ ঠিকেই থকাটো বিচাৰিলে তাইক সেই সিদ্ধান্ত লবলৈ ভিনিয়েকে বাধ্য কৰালে আৰু তাইৰ নিজৰ হাতৰেই চিঠি খন লিখাই আনিলে৷
মধুৰ সমন্ধৰ শেষৰ এটি নাম দি তেওঁলোকে নতুন এটা পথৰে এক নতুন যাত্ৰাৰ আৰম্ভণি কৰিলে৷ সেই পথ যে মসৃন নহয় সিহঁতে ভালদৰে জানিছিল৷ ভিন ধৰ্মৰ, ভিন সংস্কৃতি পৰম্পৰাত ডাঙৰ হোৱা দুজন যুৱক যুৱতী এজন আনজনৰ হাতত ধৰি আৰম্ভ কৰিলে সেই যাত্ৰা৷ উচ্চ শিক্ষিত দুইজনেই নিজৰ বিবেক আৰু হৃদয়ৰ আহ্বানত আৰম্ভ কৰা এই নতুন সংসাৰ খনলৈ যেন নেদেখা জনেও আশীৰ্বাদ বৰষাইছিল৷
দুইখন ঘৰৰ অমতত এই সিদ্ধান্ত লৈ চেইফে তাইক আনি মাকৰ লগতে থৈ গুৱাহাটীলৈ গুচি আহিলে আৰু নিজাকৈ ব্যৱসায় আৰম্ভ কৰিলে৷ মাকৰ মৃত্যুৰ পিছতহে সিহঁতে এতিয়া গুৱাহাটীৰ স্থায়ী বাসিন্দা হ’ল৷
বায়েকৰ সংসাৰ খনৰ কথা ভাবিয়েই সিহঁতে কথাবোৰ এৰি দিলে ….
এইদৰেই মাক দেউতাকৰ আঁতৰত কিন্তু আলেঙে আলেঙে আনৰ পৰা মাক দেউতাকৰ খবৰ ৰাখি আহিছিল৷ সকলো বুজি পাইছিল৷ মাক দেউতাকৰ অসহায় অৱস্থাত একো কৰিব নোৱাৰি সিহঁতে নীৰৱে চকুলো টুকিছিল আৰু এদিন চেইফৰ কথামতে তাই মাকক লগ ধৰি নিজৰ নম্বৰ দিব পাৰিছিল৷ প্ৰায়ে সিহঁতে আঁতৰৰ পৰা মাক হঁতক চাই গৈছিল৷
জীয়েকৰ কথাবোৰত হাজৰিকা আচৰিত হোৱা নাছিল কাৰণ জোঁৱায়ে আনি দিয়া চিঠিখন, মোবাইলৰ নতুন চিম কেইখন, মাটিৰ চুক্তিৰ কাগজ বোৰ এখন এখন কৈ তেওঁৰ মানস পটত ভাঁহি আহিল৷
নাই কিবা এটা সিদ্ধান্ত লব তেওঁ৷
তেওঁ চেইফক নিজৰ সিদ্ধান্ত জনালে তেওঁলোকৰ বাবে এটি ফ্লেট তেওঁলোকৰ কাষতে চাবলৈ দিলে৷ জোঁৱাই এই কন্সট্ৰাকচনৰ ব্যৱসায়তে আছিল সি সোনকালে সিহঁতৰ একেটা কম্পপ্লেক্সৰে এটা ফ্লেট বুকিং কৰিলে কাৰণ তেওঁলোকে সৰু জীয়েকৰ ঘৰতো নাথাকে৷
অৱশ্যে সিহঁতৰ কাষতে থকাৰ বাবে মান্তি হ’ল৷

অৱশেষত তেওঁলোকে যোৰহাটৰ ঘৰখনলৈ গ’ল৷ হাজৰিকাই ডাঙৰ জোঁৱায়েকে দিয়া সকলো কাগজ পত্ৰ ফালি পেলালে আৰু নতুনকৈ পুনৰ ঘৰৰ সন্মুখৰ বেৰত মিলি আৰু জুলীৰ নাম লিখালে৷ নতুনকৈ ঘৰৰ আগত নিজৰ নাম আৰু পত্নীৰ নাম থকাকৈ এখন ডাঙৰ গেট দিলে৷
এইবাৰ তেওঁ নতুনকৈ সকলো চুক্তি পত্ৰ বনালে …….
“মই থকালৈ মই তাৰ পিছত তুমি, এই সকলো তোমাৰ আৰু আমাৰ পিছত সমানে ভাগ হৈ যাব মিলি আৰু জুলীৰ নামত আৰু পিছলৈ সিহঁতৰ দুয়োৰে ল’ৰা ছোৱালী৷
মোৰ দুইজনী ছোৱালী, দুইজনীকে উপযুক্ত কৰিলোঁ৷ এতিয়া সিহঁত প্ৰাপ্ত বয়স্ক আৰু সিহঁতে কেনেদৰে জীৱন যাপন কৰিব, কি ধৰ্ম গ্ৰহণ কৰিব সেয়া নিজা বিষয়৷ প্ৰতিজন প্ৰাপ্ত বয়স্কৰ নিজা সিদ্ধান্ত কোনেও বাধা দিব নোৱাৰে৷ আইন মতেও নোৱাৰে আৰু ময়ো নিদিওঁ৷”
হাজৰিকাই পত্নীক এই কথাখিনি কৈ সাজু হবলৈ দিলে “বলা যাওঁ, আমাৰ দায়িত্ব শেষ এতিয়া আমি আকৌ নিজকে বিলাই দিওঁ আমাৰ ভাল লগা বোৰৰ মাজত৷”
মোৰ দুজনী ছোৱালীৰ লগতে এটি ল’ৰাও আছে আজি, তাৰ নাম চেইফ …. চাইফুদ্দিন আহমেদ আমাৰ সৰু জোঁৱাই৷ এইবোৰ জীয়াই থাকোতেই কৰি যাব লাগে সিহঁতৰ মাজত যাতে আৰু এই লৈ একো আলোচনা ভৱিষ্যতে হব নোৱাৰে৷”
গুৱাহাটী ৰ নতুন ফ্লেটলৈ আহি হাজৰিকাই যেন আৰম্ভ কৰিলে লিখিবলৈ জীৱনৰ শেষ পৃষ্ঠা ………………..
য’ত আছে তেওঁৰ মান অভিমান ….পত্নীৰ ঠেহ পেছ ….মৰম, আদৰ, যত্ন৷ দুয়ো দুয়োৰ বাবে জীয়াই থকাৰ হাবিয়াস৷ তাৰ মাজতে সৰু জীয়েকৰ নাতিনী জনী, যি তেওঁলোকৰ কাষৰ পৰা যাবই নিবিচাৰে৷ তাইৰ কণমানি আব্দাৰবোৰ …… পত্নী আৰু নাতিনী জনীৰ খিল খিলিয়া হাঁহি বোৰ ……. শেষ পৃষ্ঠা তো যেন হৈ পৰিছে তেওঁৰ এক সুমধুৰ সংগীত ৰ মূৰ্চ্ছনা, জীৱনৰ ভিন ভিন পৰত সাঁচি থোৱা ৰংবোৰৰ আল্পনা …….৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments