শেষ আশা—ৰীতা লিনা সোণোৱাল

লিখো বুলিলেই একো লিখি শেষ কৰিব নোৱাৰি..
বুকুত কিমান আছে ব্যথা!
কঠিন মাটিত আঁক দিব নোৱাৰি
পানীৰ দৰে সঞ্জীৱনী ভালপোৱা।
হৃদয়ত খোদিত হৈ ৰৈ যায়
তীখাৰ তৰোৱালে দাগ কটা
সেই মায়াময় নাম…..
মই আওঁৰাই ৰওঁ বাৰে বাৰে
যেতিয়ালৈকে দুচকুৰ পতাত ধৰা নপৰে
তোমাৰ বাবে ৰৈ যোৱা চকুলোৰ পৰিণাম।
কঠিন নাছিল একো
যদিহে সময়ে সম্ভেদ দিলে হয় তোমাৰ ঠিকনা
মই সেই বাটেৰে বাট বুলিলো হয়
যি বাটেৰে তোমাৰ চহৰৰ বেলিয়ে সিঁচি দিয়ে শান্তিময় গতিশীলতা।
মই মোহাচ্ছন্ন হৈ ঘূৰি আছো এতিয়াও
তোমাক কেন্দ্ৰ কৰি
মাজে মাজে বিছিন্ন হৈ পৰিছো কক্ষপথৰ পৰা
তথাপিও পুনৰ উভতি আহি বিচাৰিছো তোমাক
এই সৌৰজগত শেষ নোহোৱালৈকে
মই ঘূৰি থাকিম জানা…!
শৰীৰবিহীন হৈ মই অপেক্ষা কৰিম
যদিহে এই মহাকাশে সামৰি লয় মোক
তুমি সূৰ্যৰ দৰে মাথোঁ পোহৰ দিবা এবাৰ
মোৰ বাবে
প্ৰতিটো যুগতেই অপেক্ষা কৰিছিলোঁ মই
হাজাৰ বছৰ পুৰণা এই এটায়ে শেষ আশা।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক