শেষ দৰ্শন (মীনাক্ষি বৰুৱা)

নিউজ চেনেল সমূহত অহৰ্নিশে প্ৰচাৰিত হৈছিল তেওঁৰ মৃত্যুৰ পিছৰ প্ৰতিটো মুহূৰ্তৰ খবৰ৷ বাতৰি কাকত, টেলিভিশ্বন সকলো হৈ উঠিছিল ভূপেন হাজৰিকাময়৷ কাকতৰ হে’ডলাইন সমূহেও কাঢ়ি নিছিল পঢ়ুৱৈৰ মনোযোগ৷ খবৰটোৱে সমগ্ৰ জনতাকে শোকাভিভূত কৰি তুলিছিল৷ পৃথিৱীৰ চুকে-কোনে বিয়পি পৰিছিল সুযোগ্য অসমীয়াজনৰ মহাপ্ৰয়াণৰ খবৰ৷
সুধাকণ্ঠ তেওঁ, যাৰ মাতেই জাতিৰ প্ৰাণ৷
মুম্বাইৰ পৰা গুৱাহাটী আহি পোৱাৰ আগতেই দীঘলীপুখুৰীৰ পাৰ আৰু নিজৰাপাৰাৰ চোতাল লোকে-লোকাৰণ্য হৈ পৰিল৷ আমিও ঢপলিয়াই গ’লো আপোন মানুহজনক শেষ বাৰৰ বাবে, অনুৰাগীৰ সৈতে, হিয়াঁ জুৰাই এবাৰ অনুভৱ কৰিবলৈ৷ দীঘলীপুখুৰীৰ পাৰত জন সমুদ্ৰৰ জোৱাৰ উঠিছিল৷ তেওঁৰ প্ৰতিকৃতিৰ তলত শ শ মাটিৰ চাকিয়ে কৰুণ দীপ্তি প্ৰকট কৰিছিল৷ সেৱা এটা জনাও বুলি আমিও আগবাঢ়িছিলোঁ শাৰী পাতি৷ একেবাৰে নিঃশব্দ পৰিবেশ৷ এনেতে নিউজ লাইভৰ সাংবাদিক অনিত প্ৰতীম বৰুৱা আমাৰ ফালে আগুৱাই আহিল৷
– “ কি ক’ব এই মুহূৰ্তত? “
আমি আটাইয়ে যি অনুভৱ হৈছিল তাকেই কৈছিলোঁ৷ শেষ উশাহ পৰ্যন্ত ধমনীত প্ৰবাহিত হৈ থাকিব তেওঁৰ অস্তিত্ব৷ সেইদিনা আমাৰ সৈতে মোৰ দাদা Utpal Baruah ও আছিল৷ সি পিছদিনা দিল্লীলৈ ওভতাৰ কথা৷
দীঘলীপুখুৰীৰ পাৰৰ পৰা আমি নিজৰাপাৰ পালোগৈ৷ তাতো অগণন মানুহ৷ কিছু সময় ৰৈ বিষণ্ণ বদনে ঘৰলৈ ওভতাৰ পথত দূৰে দূৰে থকা পৰিয়ালৰ লোকে ফোনযোগে জনালে টেলিভিশ্বনত আমাক দেখাৰ খবৰ!
মৃত্যুৰ দুদিন পিছত তেওঁৰ নশ্বৰ দেহ গুৱাহাটী পালেহি৷ এইবাৰ অভিলেখ সৃষ্টি কৰিলে গুণজ্ঞ জনতাই৷ গুৱাহাটী বিমান বন্দৰৰ পৰা নিজৰাপাৰাৰ চোতাল পাবলৈ সময় লৈছিল সম্পূৰ্ণ ৮ ঘণ্টা৷ “ ভূপেন হাজৰিকা অমৰ হওক “ ধ্বনিৰে উত্তাল হৈছিল গুৱাহাটীৰ ৰাজপথ৷ অন্তিম দৰ্শনৰ বাবে সকলোৰে আগ্ৰহ৷ ৰাইজৰ সুবিধাৰ্থে যুগস্ৰষ্টা মানুহজনক জজফিল্ডৰ বুকুত সযতনে শুৱাই ৰখাৰ সিদ্ধান্ত ল’লে পৰিয়াল আৰু চৰকাৰে৷ দুৰাতি নিৰলে প্ৰকৃতিৰ বুকুত শুই থাকিল তেওঁ৷ দিনে নিশাই বৈ থাকিল জনশ্ৰোত৷ গুৱাহাটীৰ শিক্ষানুষ্ঠান সমূহত বন্ধ ঘোষিত হ’ল৷
পিছদিনা পুৱা টিভি অন কৰিয়েই দেখা পালোঁ চুবুৰীয়া ডাক্তৰ এজনৰ পৰিয়ালটোৱে পুৱা ৭ বজাতে ড০ ভূপেন হাজৰিকাক শেষ দৰ্শন কৰি উভতিছে৷ সোণকালেই যাওঁ বুলি আমাৰো উথপথপ পৰিস্থিতি৷ দৌৰাদৌৰিকৈ ৯ বজাত ওলাই গৈ অকল্পনীয় পৰিবেশৰ মুখামুখি হলোঁগৈ৷ কেইবা মাইল যোৰা দীঘলীয়া শাৰীত সম্পূৰ্ণ ৬ ঘণ্টা থিয় দি, ধীৰে ধীৰে আগুৱাই গৈ আবেলি ৩: ৩০ বজাত জজফিল্ডৰ সীমা পালোগৈ৷ ফিল্ডৰ ভিতৰলৈ হুৰমূৰকৈ সোমাই যোৱাৰ অনুমতি নাছিল৷ এবাৰত এটা নিৰ্দিষ্ট হিচাপতহে ক্ষন্তেক সময়ৰ বাবে প্ৰৱেশৰ অনুমতি দিয়া হৈছিল৷ কটনৰ ল’ৰাই ছাত্ৰাবাসৰ সন্মুখত খোৱাপানীৰ ব্যৱস্থা কৰিছিল৷ ফুটপাথৰ ৰেলিঙত ভেজা লৈ কোনোমতে গৈ আছোঁ এখোজ-দোখোজকৈ৷ যিমানে কাষ চাপিছোঁ সিমানে বাঢ়িছে অনুৰাগীৰ ভীৰ৷ সেই ভীৰৰ মাজত, ৰেলিঙৰ মামৰ আৰু হাতৰ খামোচৰ ঘৰ্ষণত এৰাই গৈছিল আঙুলিৰ একাংশ৷ আক্ষেপ নাই, এই দিন দুনাই কাহানিও নাপাওঁ ..
আমি যেতিয়া প্ৰৱেশ কৰিছিলোগৈ মণ্ডপৰ ভিতৰত, নিৰৱ নিতাল পৰিবেশত শুই আছিল দিগন্ত কঁপোৱা মানুহজন৷ এক মুহূৰ্তৰ বাবেও কাকো তাত ৰ’বলৈ দিয়া হোৱা নাছিল৷ দুহাত যোৰি বিষাদ অন্তৰেৰে শেষ সেৱা যাচিছিলোঁ তেওঁৰ অভিমানী শৰীৰটোক৷ পুষ্প সজ্জিত সেই নিথৰ মুখখন দেখি মোৰ মনত পৰিছিল তেওঁৰ কণ্ঠেৰে নিগৰি ওলোৱা নিচুকনি গীতটিৰ কথা৷ সম্ভৱ ১৯৯৬ চন মানত কলকাতাৰ এটা অনুষ্ঠানত ড০ ভূপেন হাজৰিকাৰ লগতে শ্বাৱানা আজমীয়েও পৰিবেশন কৰিছিল তেওঁৰ গীতৰ কিয়দাংশ৷ সেই অনুষ্ঠানত তেখেতে গোৱা গান আৰু কথাবোৰ ব্যক্তিগতভাৱে ৰেকৰ্ডিঙ কৰি ৰাখিছিল চতিয়াৰ, আমাৰ শ্ৰদ্ধা আৰু মৰমৰ দাদা পঙ্কজজ্যোতি ভূঞাই৷ কেনেবাকৈ কেছেটটো আমাৰো সাঁচতীয়া সম্পত্তি হৈ পৰিছিল৷ কেছেটৰ গোটেই কথাবোৰ আমাৰ সলসলীয়াকৈ মুখস্থ হৈ গৈছিল৷ উদাত্ত কণ্ঠৰে কৈ যোৱা কথাৰ মাজতে তেওঁ বোৱাই দিছিল মমতাময়ী মাতৃৰ বিগলিত স্নেহ – “ ঘুমটি যা অ’ৰে.. অ’ৰে কানহাই তোৰে কাণে খোৱা আসে .. সকলো শিশুৰ কাণ খাই খাই আসয় তোমাৰ পাছে ….“
৯ তাৰিখে জালুকবাৰীত সম্পন্ন হোৱা শেষকৃত্য অনুষ্ঠানলৈ আমি নগলোঁ ভীৰৰ ভয়তে৷ কল্পনা লাজমীয়ে ফেঁকুৰি ফেঁকুৰি কান্দিলে৷ সমবেত ৰাইজ, টেলিভিশ্বনৰ দৰ্শক কোনেও যেন সেই সময়কণ সহিব নোৱাৰিলে! বুকুৰ ভিতৰত ক্ৰমাত উজাই আহিল এটা অসহনীয় বিষ৷ এনেকৈয়ে .. এনেকৈয়ে গুচি যায় যুগজয়ী গীতিকাৰ – আমাৰ সকলোৰে আপোন ভূপেন মামা, ভূপেনদা, ভূপেন হাজৰিকা৷ দুপৰীয়া প্ৰায় ২/২: ৩০ মান বজাত তেওঁৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন হৈ পৰিল৷
( সেইকেইদিনৰ বাতৰি কাকতবোৰ যিমান পাৰি সংগ্ৰহ কৰিছিলোঁ৷ ভূপেন হাজৰিকাক নতুনকৈ জানিছিলোঁ এই কাকতবোৰৰ যোগেদি৷ আজিও সেই কাকতবোৰ মই সযতনে ৰাখিছোঁ, নিজ হাতে পেলাই দিয়াৰ শক্তি এই জনমত নহব চাগৈ৷ )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments