শেষ নহয় মোৰ এই প্রেম কেতিয়াও (অনুপমা বৰগোহাঁই)

শেষ নহয় মোৰ এই প্রেম কেতিয়াও …..

অনুপমা বৰগোহাঁই

(ইংৰাজী ভাষাত লিখা কাহিনী এটাৰ ভাবানুবাদ। লিখক: অজ্ঞাত)


অফিচৰ পৰা ঘৰলৈ আহি থাকোঁতেই সিদ্ধান্ত ল’লো – মই আজি তুলিকাক কথাটো কমেই! কিন্তু কেনেকৈ কম তাৰহে একো উৱাদিহ উলিয়াব নোৱাৰিলোঁ। এফালে মোৰ প্রেয়সী তথা সহকৰ্মী তগবগযৌবনেৰে ভৰা জীনাৰ তাগিদা, চকুলো, অভিমান আৰু আনফালে পত্নী তুলিকাৰ আপত্তিবিহীন, নীৰৱ,খুত বিহীনআলপৈচান!! আজি মই দৃঢ় প্রতিজ্ঞ যিকোনো প্রকাৰে হলেও তুলিকাক কথাটো কমেই।
কথাবোৰ ভাবি ভাবি গাড়ীখন চলাই আহি থাকোঁতে ঘৰলৈ অহা ৰাস্তাটো যে এৰি থৈ আহিলো গমেই নাপালোঁ। ঘড়ীটোলৈ চালো , ৰাতি ৮ বাজিছে মাত্র! গাড়ীখন “ৰেডিচন বাৰ এন্ডৰেষ্টুৰেন্ট” লৈ ঘুৰাই ল’লো– ফটিকাৰ ৰাগীৰে মনটো বেহুচ কৰি ললে তুলিকাক কথাবোৰ কবলৈ ইতস্ততঃ বোধ নহব!

মই ঘৰ গৈ পাওঁতে মোৰ ৮ বছৰীয়া লৰাটো শুই পৰিছিল।তুলিকায়ো আন দিনাৰ দৰে খোৱা টেবুলত সুন্দৰ কৈ ৰাতিৰ ভাত সাঁজ সজাই টেবুলতে মুৰটো থৈ শুই পৰিছিল। মোক দেখি ব্যতিব্যস্ত হৈ খোৱা বস্তুবোৰ গৰম কৰি আনিবলৈ মাইক্রৱেভটোটিপা টিপি কৰিব ধৰিলে। মই শান্ত লৰাৰ দৰে চকী এখনত বহি মানুহজনীৰ কামবোৰ চাই থাকিব ধৰিলো। ৰন্ধনত তুলিকাৰ জবাব নাই। ভোকহীন পেটতো তুলিকাৰ খাদ্যই জুতি দিব পাৰে। শেষ চামুচ ভাত মুখলৈ নিওঁতেই তুলিকাক কথাটো কলোঃ“লি, মই এটা কথা ভাৱিছোঁ” এবুকু অনুৰাগেৰে তুলিকাই মোৰ চকুত চকু থলে। মনটো অলপ দৃঢ় কৰি মই চকু আঁতৰাই আনিলোঁ আৰু ক’লোঃ“ লি ,আমি আৰু একেলগে থাকিব নোৱাৰিম।….মানে ..মানে মই তোমাক ডিভ’ৰ্চ দিয়াৰ কথা ভাবিছোঁ” তুলিকাৰ মূৰত যে বজ্ৰপাত পৰিছে তাক বুজাত মোৰ অলপো অসুবিধা নহ’ল। তথাপি কোনো কথা কোৱাৰ সুবিধা নিদি মই তাইক কৈ গলো – “তোমাৰ একো কষ্ট নহয়। যিমান টকা লাগে সিমানেই তোমাক মই দিম। এই ঘৰটোও তুমিয়েই পাবা।ৰাহুলৰঅভিভাৱকত্বও তোমাকেই দিম। … মাথো তুমি মোক এই বন্ধনৰ পৰা মুক্তি দিয়া!!” .. তুলিকাৰ চকুযুৰিলৈ মই নোচোৱাকৈয়ে কথাবোৰ কৈ আছিলোঁ–এতিয়াও তাইৰ চকুলৈ চাবলৈ সাহস হোৱা নাই মোৰ – তলমূৰ কৈয়ে তাইৰ ভাতৰ কাঁহীখনলৈ চালো। অযত্নত শুকান হৈ যোৱা তাইৰ এসময়ৰ পাঁজি সেৰুৱা আঙুলি কেইটা ভাতৰ দমটোৰ মাজত পাত সৰি লঠঙা হোৱা গছ এজোপাৰ দৰে ৰৈ গ’ল! তাত টোপ টোপ কৈ নিয়ৰৰ টোপালৰ দৰে সৰি পৰা পানীৰ টোপাল দেখি মই তাইৰ চকুলৈ চালো – অবাক, বিস্মিত আধা মেলখোৱা পদুমৰ কলিৰ দৰে চকু দুটাই মোৰ কলিজাটো ৰক্তাক্ত কৰি দিলে। মই নিজকে বিচলিত হ’বলৈ নিদি খৰধৰকৈ মুখ হাত ধুই বিচনালৈ আহিলো।
****
এইখনেই সেইখন বিচনা যিখনলৈ মই মোৰ ফুলশয্যাৰ নিশা তুলিকাক কোলাত লৈ আনিছিলোঁ!.. প্রথমপ্রায় এটা মাহ মই এনে কৰিছিলোঁ–তাৰ পিছত সপ্তাহত এদিন – মাহত এদিন ..আৰু শেষত একেবাৰেই নকৰা হলো এইবোৰ ৰোমাণ্টিক বিলাস!.. আজি বাৰু তুলিকাই অলপো ভাত নাখালে নেকি ? যাহ্নাভাবো তাইৰ কথা। এতিয়া আৰু তাইৰ কথা ভাবি মন বেয়া কৰিবলৈ নাই!!
***
ব্যতিক্ৰমীভাৱেই কালি নিশা মোৰ বৰ ভাল টোপনি আহিল। বোধকৰো তুলিকাক কথাখিনি কোৱাৰ পাছত মোৰ মুৰৰ বোজা পাতল হোৱা যেন অনুভৱ হোৱাৰ বাবেই তেনে হৈছিল। ইমানদিনে তুলিকাই ভাবিছিল অফিচৰ ব্যস্ততাৰ বাবেহে মই তাইক অৱহেলা কৰি আহিছোঁ..কিন্তু এতিয়া তাই বুজি পালে যে তাইৰ প্ৰতি থকা মোৰ প্ৰেমৰ নিজৰা খৰালি নদীৰ দৰে শুষ্ক আৰু শীৰ্ণ হৈ পৰা বাবেহে এনে কৰিছো। এক অপ্ৰতিৰুদ্ধ শক্তিয়ে তাইৰ প্ৰতি থকা মোৰ আকর্ষণকবিকর্ষণলৈ ৰূপান্তৰিত কৰি তুলিছে। দিন সলনি হৈছে। মনৰ পৰিধি বাঢ়িছে। তুলিকাৰ প্ৰতি থকা মোৰ প্ৰেমৰো প্ৰাৱল্য কমিছে। আজিৰ তুলিকাজনীৰ মাজত মই সেই আগৰ তুলিকাজনী বিচাৰি ঘূমুটিয়াই ফুৰিব লগা হয়!
****
কালিৰ পৰা নিৰ্বাক হৈ থকা তুলিকাই কিন্তু নিজৰ নিত্য নৈমিত্তিক কামত অলপো স্থবিৰ হৈ যোৱা নাই! লৰাক স্কুললৈ নিয়া, মোৰ অফিচলৈ পিন্ধা কাপোৰ যোৰ উলিয়াই থোৱা ,অফিচলৈ মই ভালপোৱা ধৰণেৰে বিধে বিধে খাদ্য বনাই টিফিন তৈয়াৰ কৰা (যিটো টিফিনৰ খাদ্যই মোৰ লগতে জীনাৰো পেট ভৰায় ) , আনকি ৰাতিপুৱা শুই উঠি আনদিনাৰ দৰেই মোৰ দাঁতোন ডালত পে’ষ্ট লগাই থোৱা কামটোও নীৰৱে কৰি গৈছে! ….
****
… জীনাৰ লগত কটোৱা আজিৰ সন্ধিয়াটো এতিয়াও মোৰ শৰীৰত লিপিট খাই লাগি আছে!জীনাৰসংস্পর্শৰ সুবাসে মোক পুলকিত কৰি তুলিছে। আৰু সেই পুলকিত আবেগে মোক তুলিকাৰ পৰা ক্ৰমাত নিলগলৈ নি আছে। মোৰ ঘৰখন মোৰপৰা আঁতৰি গৈছে। মোৰ তেজৰ সন্তানটোৰ পৰা মই আঁতৰি আহিছো। তুলিকাৰ মাধ্যমত জধলা কাপোৰ পৰিহিত ক্ষীণাংগী বেসুৰা এক নাৰীৰ ক্লান্ত হাঁহিৰ সম্ভাষণটো পাবলৈ ঘৰখনলৈ ঘূৰি আহিবলৈ মোৰ মন নোহোৱা হৈ পৰিছে। কিন্তু মই যে আহিবই লাগিব অন্ততঃ আইনগতভাৱে আমাৰ মাজত মীমাংসা এটা নোহোৱা পৰ্য্যন্ত ঘৰলৈ আহিবলৈ মই বাধ্য।।
ঘৰলৈ অহাৰ পিছত ভাত খাই শেষ কৰিয়েই মই জীনাৰ লগত মোৰ নতুনকৈ গঢ়ি উঠা প্রেম আৰু সেই প্রেমৰ সফলতাৰ বাবে তুলিকাৰ সহায়, মানে ডিভ’ৰ্চ – নিৰ্লজ্জৰ দৰে ভিক্ষা বিচাৰিলোঁ। মোৰ কথাত তুলিকাৰ চকুৰ পৰা ধাৰাসাৰ চকুলো নিগৰি আহিল। তুলিকা নির্বাক হৈয়ে থাকিব বুলি ভাৱিছিলোঁ। কিন্তু নহয়- মোক আচৰিত কৰি আহত হৰিণীজনীৰ দৰে তেওঁ এষাৰ কথা ক’লেঃআমিওতো এসময়ত প্ৰেমৰ বন্ধনত আছিলোঁৰাজদীপ!।
হয়, এসময়ত মই তুলিকাৰ দুৰ্ঘোৰ প্রেমিকআছিলোঁ!! ঘৰৰ অমতত তাইক বিয়া কৰাই আমি দুয়ো ঘৰৰ পৰা বহিষ্কৃত হৈছিলোঁ। তথাপিও আক্ষেপ নাছিল আমাৰ। কিমান যে পৰিপূৰ্ণ আছিলোঁ দুয়ো দুয়োকে লৈ!! এটা বছৰৰ পিছতে ৰাহুল আমাৰ মাজলৈ আহি জীৱনটো আৰু ভৰাই তুলিছিল। কিন্তু কি যে হৈ গ’ল! ৰাহুল আমাৰ জীৱনলৈ অহাৰ পৰাই তুলিকাৰ মৰমবোৰ দুভাগ হৈ গ’ল আৰু সেই দুভাগৰ সৰহ ভাগ ৰাহুলেই পায়!! তুলিকাই নিজৰ বাবে অলপো সময় নাৰাখি কেৱল আমি দুটি প্রাণীৰ মাজত নিজক বিলাই দিলে। ক’ব নোৱাৰাকৈ কেতিয়াবা নিজৰ সন্তানলৈকে হিংসা হৈছিল। তুলিকাই কিন্তু কথাটোত গুৰুত্বই নিদিয়ে। কত দিন মই তাইক কলো “তুমি যিমান ভাল মাতৃ সিমান ভাল পত্নীও –কিন্তু মোৰ প্রেয়সীজনীক মৃত্যু হ’বলৈ নিদিবা” . নাই – তুলিকাৰ কোনো খবৰ নাই। তাই মাত্র মাতৃ আৰু পত্নী হৈয়ে থাকিব বিচাৰিলে! মোৰ মনৰ প্রেমিকটোৱে সেয়ে অজানিতেপ্রগলভাযৌবনমতীজীনাৰ মাজত আশ্রয় বিচাৰিব লগা হ’ল!
****
আজি দুদিনে তুলিকাৰ নিৰ্বাক ৰূপটোৱে মোক অধৈৰ্য্য কৰি দিছে। আনহাতে অফিচতো জীনাৰ নিৰ্লিপ্ত ব্যৱহাৰ –যেন এটা অলিখিত ব্যৱসায়িক চুক্তি কৰিছে “ ডিভ’ৰ্চ দিয়া – প্রেম লোৱা ”!আজি যেনে তেনে তুলিকাৰ পৰা হা,না কিবা এটা উলিয়ামেই বুলি দৃঢ় প্রতিজ্ঞ হৈ ঘৰলৈ উভতিছোঁ।টেনচন কমাবৰ বাবে দুটা এন্টিডিপ্রেচনৰ দৰবো খাই লৈছোঁ! ঘৰলৈ আহি দেখিলো খোৱা মেজখনত তুলিকাই আনদিনাৰ দৰে মোলৈ ভাত সজাই ৰৈ থকা নাই। মোৰ অস্তিত্বক সম্পূৰ্ণ অৱহেলা কৰি তাই খোৱামেজৰ চকীত বহি লৈ একান্ত মনে কিবা লিখি আছে — অলপ সময় মই তাতে অপেক্ষা কৰিলোঁ। তাৰ পিছত জোৰেৰে কৰ্কশ শব্দ কৰি চকীখন টানি আনিলোঁ। নাই, তুলিকাৰ কোনো প্ৰতিক্ৰিয়া নাই। আৰু কিছু সময় তেনেকৈয়ে থাকি ভিতৰলৈ গুচি আহিলো। বিচনাখনত বাগৰ এটা মাৰো বুলি ভাবোঁতেই কেনেকৈ যে টোপনিৰ কোলাত ঢলি পৰিলোঁ গমেই নাপালোঁ! ৰাতিপুৱা সাৰ পাই তলৰ খোৱা ৰুমটোলৈ গৈ দেখোঁ–আচৰিত! তুলিকাই ৰাতিৰ দৰেই একেঠাইতে বহি লিখিয়েই আছে!! আজি দেওবাৰ। গতিকে আমাৰ ৮ বছৰীয়া সন্তান ৰাহুলক সংগীতৰ ক্লাছলৈ ময়েই নিব লাগিব।ৰাহুলৰ ৰুমলৈ গৈ তাক আলফুলে জগাই আনি মুখহাত ধোৱাই পুৱাৰ আহাৰ খোৱাই যাবলৈ সাজু হলো। কিন্তু নাই- তুলিকাই প্রস্তৰমুৰ্তিৰ দৰে একে ঠাইত একে ভাজতে বহি কলম চলাই গৈছে!! আচৰিত! কি লিখিছে বাৰু তাই!! তাইৰ হাতত যেন জীৱনৰ দুটা দিনহে বাকী আছে , যি দুটা দিনতে তাই তাই লিখি থকা “আত্মদলিল” খন শেষ কৰিব লাগিব!! ঠিক আছে ,ৰাহুলক থৈ অহাৰ পিছত তাইৰ “তপস্যা” ভাঙিব লাগিব যেনে তেনে!
****
ৰাহুলক থৈ অহাৰ পিছত তুলিকাৰ তপস্যা ভাঙিবলৈ মই কোনো কষ্ট কৰিবৰ প্রয়োজন নহ’ল।। মোক আচৰিত কৰি তুলিকাই লিখা সামৰি সুন্দৰ হাঁহি এটাৰে সৈতে মোক আহ্বান কৰিলে আমাৰ সম্পৰ্কৰ ভৱিষ্যত পৰিণতিৰ ওপৰত আলোচনা কৰিবলৈ। মোৰ ভয় ,শংকা ,আনন্দত অণ্ঠ-কণ্ঠ শুকাই গৈছে! নিজৰ ওপৰত ধিক্কাৰ জন্মিছে – এই খীণ-মীণ,শুকান মানুহজনী –যিজনী মানুহৰ লগত মই চিৰদিনৰ বাবে সম্পৰ্ক ছেদ কৰিবলৈ লৈছোঁ– তাইক আকৌ মই কিয় ভয় কৰিছোঁ! তাইৰ কথা,তাইৰ সিদ্ধান্ত শুনিবলৈ মোৰ কাণকেইখন কিয় ইমান ৰমৰমাইছে!!! নাই মই কেয়াৰ নকৰো- এনে ভাব লৈ তুলিকালৈ চাওঁতেই তাই কৈ উঠিল “শুনা ৰাজদীপ, তুমি কোৱাৰ দৰেই মই তোমাক চিৰদিনৰ বাবে এৰি দিম আৰু তাৰ বিনিময়ত তুমি মোক একো দিব নালাগে – কিন্তু তোমাৰ ওচৰত মোৰ দুটামান অনুৰোধ আছে – ৰাখিবানে? “ নিশ্চয় ৰাখিম লি”!! মোৰ মাতটো প্রয়োজনতকৈ ডাঙৰ কৈ ওলাইছিল ছাগে – সেয়ে তুলিকাৰ মুখত এটা ব্যংগাত্মক হাঁহি চকামকাকৈ বিয়পি উঠিল! তাই ক’লে , “তুমিটো জানাই আৰু কেইদিনমানৰ পিছতে ৰাহুলৰ বছৰেকীয়া পৰীক্ষা! গতিকে তাৰ পৰীক্ষা শেষ নোহোৱালৈকে তুমি তোমাৰ নতুন প্রেম, ডিভ’ৰ্চ আদিৰ কথা মোৰ আগত এদিনো নুলিয়াবা।“ – তুলিকাই কৈ গ’ল –“ অহাকালি ১৪ তাৰিখ , তোমাৰ মনত আছেনে নাই নাজানোঁ, অহাকালিৰ পৰা ঠিক এমাহৰ পিছত অৰ্থাৎ অহা ১৪ তাৰিখ ভেলেন্টাইন দিৱসত আমাৰ প্রথম মিলনৰ ১৪টা বছৰ পুৰ হব!! তোমাক মই কথা দিছোঁৰাজদীপ, সেই দিনটোতেই তোমাক মই মোৰ জীৱনৰ পৰা মুক্ত কৰি দিম।” মই কি কম ভাবি থাকোঁতেই তাই আকৌ ক’লে , “তোমাৰ ওচৰত মোৰ আৰু এটা অনুৰোধ আছে” – “কোৱা লি!” মই অলপ আবেগিক হৈয়ে কলো।“মনত আছেনে বিয়াৰ পিছত প্রথম কেইমাহমান তুমি মোক কেনেকৈ মৰম কৰিছিলা!!!– সদায় ৰাতি শোৱাৰ আগতে কাম শেষ হোৱাৰ লগে লগে মোৰ হাজাৰ আপত্তিৰ সত্বেও মোক কোলাত দাঙি আমাৰ শোৱা ৰুমলৈ লৈ আনিছিলা – মই বিচাৰো তুমি মোক এই এটা মাহ বিয়াৰ আগৰ প্রথম মাহটোৰ দৰেই মৰম দিয়া – মোক সদায় ৰাতিৰ আহাৰৰ পিছত কোলাত দাঙি আমাৰ শোৱা ৰুমলৈ লৈ আনা ––!!’’ “হব লি!” মই দুৰ্বল মাত এটাৰে সমৰ্থন কৰিলো তুলিকাৰ কথা। কিয়নো এই সামান্য চৰ্ত দুটা মানি নল’লে যে মোৰ আৰু জীনাৰপ্রেম আৰু মিলনৰ বাটত নানা অন্তৰায় আহিব!!
****
পিছদিনা অফিচৰ লান্স টাইমত মোৰ টিফিনৰ পৰা তুলিকাই বনাই দিয়া আলু পৰঠাৰ টুকুৰাটোচিঙি মুখত ভৰাই জীনাইআনদিনাৰ দৰেই মুখখন কৃত্রিম ভাবে বিকটাই কলে “ তোমাৰ পত্নীয়ে ইমান হেভী কেলৰীৰ খানা কিয় বনাই বাৰু! একদম প্রেকটিকেল নলেজ নাই দেই মানুহজনীৰ!” আনদিনা জীনাৰ এনে কথাই মোক অলপো খঙ নুঠাই- বৰঞ্চ মই জীনাৰ কথাত হয় ভৰহে দিও – সিদিনা কিয় জানো মোৰ বৰ খঙ উঠি গ’ল। মই তাইক কিছু কঠোৰ সুৰত কৈ উঠিলোঁ–“ বন্ধ কৰা তোমাৰ মুখখন! আৰু এমাহৰ পিছত তুমি এই ইমপ্রেকটিকেল মানুহজনীয়ে বনোৱা খাদ্য খাবলৈ নোপোৱা আৰু!” “কি ?কি ক’লা ?” – আলু পৰঠা খাই ৰঙা ৰঙ হেৰুৱাই শেঁতা হৈ পৰা ওঁঠ কেইটা কিম্ভুত ভাবে কোঁচাই জীনাই সুধিলে। মই নিৰ্বিকাৰ ভাবে জীনাক তুলিকাৰ সকলো চৰ্তৰ কথা কলো। মোৰ কথা শুনি জীনাই হাঁহি ৰখাব নোৱাৰিলে ..কোনোমতে হাঁহি সামৰি তাই কলে –“ঠিক আছে ৰাজ, এই এমাহ তোমাক মই তোমাৰ বেৰসিক পত্নীজনীৰ লগত প্রেম কৰিবলৈ এৰি দিলোঁ। কিন্তু চাবা- ঠিক এমাহ পিছত, মানে অহা ভেলেন্টাইন ডেই ত তুমি মোৰ লগত থাকিব লাগিব!!” “হব বাৰু!” জীনাৰ চকুৱে মুখে দুটামান চুমা আঁকি মই তাইৰ পৰা বিদায় ল’লো– এমাহৰ পিছত নিবিড় ভাবে লগ হোৱাৰ প্রতিশ্রুতিৰে।
****
ৰাতি ভাত খাই উঠাৰ পিছত তুলিকাক দাঙি নিজৰ শোৱা ৰুমলৈ লৈ আনোতে মোৰ এনে লাগিল মই যেন বিয়াৰ পিছৰ সেই ৪৫ কিলো ওজনৰ সদ্যবিবাহিতানাৰীজনীকহেদাঙিআনিছোঁ!! ৰাহুলে আমাক দেখি স্ফূৰ্তিত চিঞৰি উঠিল “বাহ বাহ, দেউতাই মাক কোলাত লৈছে। কি মজা। মোৰ মা মাইনা!” খুব ভাল লাগিল মোৰ। এটা বেলেগ অনুভৱ – এটা সুখী পৰিয়ালৰ অনুভৱে জোকাৰি গ’ল মোক!! তাৰ পিছৰ দিনা – তাৰ পিছৰ দিনা —এনেকৈ প্ৰায় বিশদিনেই তুলিকাক দাঙি আনো খোৱা ৰুমৰ পৰা শোৱা ৰুমলৈ!! আজিকালি তুলিকাই মুৰৰ বগা চুলিকেইডাল ৰঙ কৰি কলা কৰি থয়-সদায় অবিন্যস্ত হৈ থকা চুলিখিনিত আজিকালি সদায় সুন্দৰ একোটাহঁত কেশ বিন্যাস!আনকালে ওচৰলৈ আহিলে গাৰ পৰা তেল হালধিৰ গোন্ধ ওলায় – আজিকালি তাৰ পৰিবৰ্তে বিয়াৰ আগৰ প্রেম কৰি থকা দিন কেইদিনৰ দৰে কেতেকী, চম্পা ফুলৰ দৰে গোন্ধ ওলায়!! পুনৰ পৰিপাটিকৈ পোচাক পিন্ধিব লোৱা তুলিকাক মোৰ লাহে লাহেজীনাত কৈয়ো বেছি ভাল লাগিবলৈ ধৰিছে। আজিকালি প্রায়ে মই দাঙি লোৱা তুলিকাক দিনে দিনে বেচি পাতল যেন অনুভৱ কৰিবলৈ ধৰিলোঁ!! যেন এইজনী তুলিকাক লৈ মই আকাশত অনায়াসে উৰি ফুৰিব পাৰিম!! লাহে লাহে মই নিশ্চিত হলো – নাই, মই তুলিকাক এৰি থাকিব নোৱাৰোঁ — আমাৰ মাজৰ প্রেম ক’তো হেৰাই যোৱা নাই – তুলিকাই যদি পত্নী আৰু মাতৃৰ ৰূপৰ মাজত তাইৰ প্রেমিকাৰসত্তাটো বিচাৰি নোপোৱাকৈ লুকুৱাই নথ’লেহেঁতেন– মই জীনাৰ দৰে পাতল ব্যক্তিত্বৰ ছোৱালী এজনীৰ লগত হিয়া দিয়া নিয়া কৰিব লগা নহ’লহেঁতেন!! আচলতে মোৰ দৰে কম সূক্ষ্ম দৃষ্টি থকা মানুহৰ বাবে এনেদৰে মাতৃ ,পত্নী, বোৱাৰীৰ মাজত লুকাই যোৱা প্রেমিকাজনীক বিচাৰি পাবলৈ বৰ দিগদাৰ হয়! আৰু তুলিকাৰ নিচিনা নাৰীবোৰেও নিজৰ প্রেমিকাসত্তাটোদুখজনক ভাবে হেৰুৱাই পেলাব বিচাৰে পত্নী ,মাতৃ ইত্যাদিৰ দায়িত্ব ল’লেই!!
****
আজি ১৪ ফেব্রুৱাৰী– প্রেম দিৱস ,মানে ভেলেন্টাইন ডে।প্রতিশ্রুতিদিয়ামতেই মই ৰাতিপুৱাই জীনাৰ ঘৰ ওলালোগৈ। মোক দেখি প্রগলভা হৈ মোৰ গাতে ঢলি পৰিব খোজা জীনাক অলপ বিৰক্তিৰে আঁতৰাই কলো : “জীনা মোক ক্ষমা কৰিবা। মই ইমান দিনে ভ্রমৰ পৃথিৱীত আছিলোঁ। মোৰ ঘৰতে থকা মোৰ প্রেম, মোৰ প্রেমিকাক মই বিচাৰি পোৱা নাছিলোঁ সেয়ে তোমাৰ প্রেমত সঁহাৰি জনাইছিলোঁ– এতিয়া মই বুজি পাইছোঁ মই তোমাক সঁচা প্রেম দিব নোৱাৰিম – তুলিকাক মই এৰিব নোৱাৰিম জীনা!! তাইৰ প্রতি থকা মোৰ প্রেম আজিও অটুট আছে!!”
****
থাচ্থাচ‌্ কৈ জীনাই মোৰ গালত মৰা চৰদুটা লৈ আনন্দৰে ঘৰলৈ উভতিলোঁ।“মন এটিমুকলি পখী –উভতিছোঁ ঘৰলৈ বুলি ..” গান শুনিবলৈ বুলি গাড়ীৰ টেপটোত চুইছ দিয়াৰ লগে লগে বাজি উঠিল গানটো। মোৰ মনটোহে যেন কৈ গ’ল গানটোৱে …গানৰ লগে লগে সুহুৰি বজাই গাড়ী চলাই ভাবি আহিছোঁ–আজি ৰাহুল ,তুলিকা আৰু মই – তিনিওটা মিলি ক’ৰবালৈ দীঘলীয়া যাত্রাৰ বাবে ওলাই যাম –ৰাহুলৰো পৰীক্ষা শেষ। বহুত দিন কতো ফুৰিব যোৱা নাই তিনিওটা একেলগে!!
****
মোৰ গাড়ীৰ শব্দ শুনিয়েই ৰাহুল দৌৰ মাৰি ওলাই আহিল। এয়া কি!! ৰাহুলৰ চকুত পানী .. গাড়ীখন কোনোমতে গেৰেজত পাৰ্ক কৰি খৰধৰকৈ ওলাই আহিলো।“ কি হ’ল ৰাহুল ?” মই মৰমেৰে তাক সুধিলোঁ। তুলিকাৰ দৰেই শান্ত নম্র মোৰ লৰা ৰাহুল। সি উদভ্রান্ত হৈ মোক হাতত ধৰি ভিতৰলৈ টানি আনি কলে : “ চোৱাচোন দেউতা ,মায়ে কেনেকুৱা কৰিছে!! মই মাতি থাকিলেও নামাতে!!” মই তেতিয়াহে মন কৰিলোঁ_ ড্রইংৰুমৰডিভান খনতে বাগৰি থকা তুলিকাৰ মুখখন চিয়াহীৰ দৰে নীলা পৰি গৈছে –ওঠৰ দুই কোৱাৰিয়েদিদুটোপাল তেজ!! বুকুৰ ওপৰত দুইহাতৰে ধৰি ৰাখিছে দুদিন দিন ৰাতি একাকাৰ কৰি লিখা “আত্ম দলিল” খন! লৰালৰি কৈ ডাক্তৰক ফোন কৰিলোঁ। ইতিমধ্যে বহু পলম হৈ গৈছিল!!!
****
– মোৰ প্রেমিকা লি হেৰাই গ’ল পৃথিৱীৰ পৰা।প্রেমহীন হোৱাৰ আশংকাত তুলিকাই প্ৰাণত্যাগ কৰিলে। কিন্তু আমাৰ প্রেম– মোৰ প্রেমৰ জানো মৃত্যু হ’ল! নাই হোৱা।প্রেমৰ মৃত্যু কেতিয়াও হব নোৱাৰে। নহ’লেনো মই তুলিকাৰ মৃত্যুৰ ২০ বছৰৰ পাছতো তাই মোৰ আৰু ৰাহুলৰ প্রতি থকা ভালপোৱা ,মৰম আশা আকাংক্ষাবোৰ লিখি ৰখা ডায়েৰিখন সদায় পঢ়ি তাই বিচাৰা মতেই ৰাহুলক গঢ়ি তোলো নে ? আজি ২০ বছৰে মই কোনোদিনেইজীনা,টীনা,মীনা–কোনো ছোৱালীৰ প্রেমৰপ্রয়োজন অনুভৱ নাই কৰা। তুলিকাই প্রকৃতপ্রেমৰ অনুৰাগেৰে মোৰ জীৱন ভৰাই থৈ গ’ল।প্রেমৰ মৃত্যু নাই ,প্রেমিক বা প্রেমিকাৰ মৃত্যু হলেও প্রেমৰ মৃত্যু নহয়। সেয়ে প্রেম অমৰ –প্রেম সুন্দৰ। জীৱনৰ সকলো পৰিবেশ,পৰিস্থিতিতে মই আজিকালি প্রেম বিচাৰি ফুৰো। প্রেম আৰু প্রেম!প্রেম মোৰ দেহাত ,প্রেম মোৰ হিয়াত! আকাশে বতাহে সকলোতে মই মাথো পাওঁ প্রেম, সুন্দৰ প্রেম ..অমৰ প্রেম!!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments