শেষ নোহোৱা তেজীমলাৰ সাধুটো – যামিনী গগৈ



“…….ইয়াৰ পাছত শালেকটা, গাত লোৱা পানী গামোচাখন পেলাই দি তেওঁ ক’লে, ‘যদি তই মোৰ তেজীমলাহে আৰু যদি তোৰ মোলৈ মৰম আছে, এই গামোচাখন পিন্ধি তই মানুহ হ’বি।’ এই কথাখিনি শুনি তেজীমলা তেতিয়াই মানুহ হ’ল আৰু সাউদে ঘৈণীয়েকক তেতিয়াই তাৰ পৰা খেদাই দিলে।”

এইখিনিলৈকে তেজীমলাৰ সাধুটো সকলোৱে জানে! তাৰ পাছত? তাৰ পাছত তেজীমলাৰ কি হ’ল? ইমান দুখত ডাঙৰ হোৱা ছোৱালীজনীৰ পিচৰ জীৱনটো সুখৰ হ’লনে? কি বা হ’ল তাইৰ জানিবলৈ হেঁপাহতে আইতাক কুটুৰি-কুটুৰি সুধিছিলো।

: তাৰ পাছত আইতা? তাৰপাছত তেজীমলাৰ কি হ’ল? তেজীমলাৰ দেউতাকে আকৌ বিয়া পাতিলে নেকি? নাৱৰীয়া ল’ৰাটো যে তেজীমলাৰ দৰাটো– তাৰ লগত তেজীমলাৰ বিয়া হ’লনে নাই আইতা? আইতা, কোৱানা আইতা।

:নাজানো অ’ এইজনী! বৰ কথা সুধি থাক’। নিজে ডাঙৰ হ’লে জানি ল’বি তোৰ তেজীমলাৰ কি হ’ল!

পঢ়াশুনা কৰিলোঁ। এদিন দুদিনকৈ ডাঙৰ হ’লোঁ, পৈণত হ’লোঁ। বহুত কথা বুজি পোৱা হ’লোঁ।মনৰ মাজত কিন্তু তেজীমলাৰ অন্বেষণ চলি থাকিল। এই যে মই ডাঙৰ হ’লোঁ, এই ডাঙৰ হোৱা প্ৰক্ৰিয়াটোত প্ৰায়ে তেজীমলাক লগ পোৱা হ’লোঁ। এদিন কণমানি তেজীমলাজনীক লগ পালোঁ পৈশাচিক হাতোৰাৰ কৰাল গ্ৰাসত। এদিন তাইক লগ পালোঁ নতুনঘৰ এখনৰ চ’ৰাঘৰত নিজক প্ৰতিষ্ঠাৰ সংগ্ৰামত। এদিন লগ পালোঁ তাই কাম কৰা অফিচটোৰ বৰমূৰীয়াজনৰ লুলোপ চাৱনিত নিষ্পেষিত অৱস্থাত। এদিন লগ পাই দেখিছিলোঁ এদল নিশাচৰৰ বিকট চিৎকাৰৰ মাজত ৰাজপথতে তাইৰ অসহায় ৰূপ আৰু এদিন তাইক লগ পালো সমাজ নিষিদ্ধ এক অস্পৃশ্য গলিত।

তেজীমলাৰ সকলোৱে জনা সাধুটোৰ পাচৰ সাধুটো মই জানো। তেজীমলাক লগ পাই মই জানিছিলোঁ সেই সাধুটো। আজি মই ক’ম তেজীমলাৰ সাধুটো আকৌ এবাৰ। সকলোৱে জনা সাধুটোৰ পাচৰটো সাধু। তেজীমলাৰ শেষ নোহোৱা সাধুটো।

সেই যে জৰাজোপা! মাহীআয়ে নৈত উটাই দিয়া জৰাজোপা নৈত উটি গৈ ঘূলি এটাতে ৰৈ যে এজোপা পদুম হৈ ফুলি জকমকাই আছিল– সেই পদুম চিঙিবলৈ সাউদে যিটো ল’ৰা পঠাইছিল, সি তেজীমলাৰ সমনীয়া আৰু তাইৰ খেলৰ লগৰী আছিল। বেজবৰুৱাই সাধুটো কওঁতে কিয় বা নক’লে যে, সেই নাৱৰীয়া ল’ৰাটোৰ স্বভাৱ আৰু বুদ্ধি-ভৰসা দেখি আকৃষ্ট হৈ তেজীমলাৰ সাউদ দেউতাকে তেওঁৰ মৰমৰ তেজীক তালৈকে বিয়া দিয়াৰ কথা ভাবি আছিল। আইতাই যেতিয়া মোক তেজীমলাৰ সাধুটো কৈছিল তেতিয়াহে মই গম পাইছিলোঁ যে সেই নাৱৰীয়া ল’ৰাটো তেজীমলাৰ ভাবী পতি আছিল। সেয়েতো সাউদে তাক পঠাইছিল তেজীলৈ বুলি জকমকীয়া পদুমৰ পাহি আনিবলৈ।

সাউদে ঘৈণীয়েকক খেদি দিয়াৰো ভালে দিন গ’ল। বাপেক জীয়েকে সুখৰ কেইটামান দিন পাৰ কৰিলে। লাহেকৈ আকৌ সাউদৰ বণিজৰ দিন চাপি আহিল। সেই কাৰণে সাউদে তেজীমলাৰ বিয়াৰ দিন ঠিক কৰিলে।তেজীকতো লগত নিব নোৱাৰি বা অকলে ইমান দিন ঘৰত থৈ যাবও নোৱাৰি।

আতচবাজীৰ শব্দৰ সুৰুঙাৰে, আয়তীৰ উৰুলি এজোলোকাৰ মাজেৰে দীঘল ওৰণি টানি তেজীমলাই দেউতাকৰ পদূলি নেওচি এখন নতুন ঘৰৰ পদূলি গচকিলেহি। এইবাৰ মাহীমাকে নহয় দেউতাকেহে তেজীমলাক শিপাৰে সৈতে উভালি সেই নাৱৰীয়া ল’ৰাটোৰ হাতত দিলে। তাক তেওঁ ক’লে সি যেন বৰ আলফুলে তেজীমলাক তাৰ ঘৰত ৰুই লয়। তেওঁৰ আদৰুৱা জী তেজী…বৰ লখিমী ছোৱালী তাই।

মাহীআয়েকে যে ভাবিছিল “এইক বিয়া দিওঁতে মোৰ ঘৰৰ আদখিনি বস্তু এইৰ লগতে উলিয়াই দিব লাগিব” বুলি! সেই বস্তুৰ আদখিনি নহয় প্ৰায় গোটেইখিনিয়েই সাউদে তেজীমলাৰ লগতে উলিয়াই নতুন ঘৰখনলৈ দি পঠালে।

তেজীমলা লাহে লাহে নতুন ঘৰখনত শিপাই উঠিল। নতুনঘৰখনৰ নতুনত্বখিনি সামৰি, ঘৰুৱা সকলো জেঙা-জঞ্জাল মাৰি তাই এজনী গৃহিণী তেজীমলা হৈ যেন পুনৰ জী উঠিল। এনেতে এদিন সাউদ দেউতাক তাইৰ ঘৰলৈ আহিল। তেওঁৰ বণিজলৈ যাবৰ হ’ল। শহুৰেকে জোঁৱায়েককো লগ ল’লে আগৰ দৰেই। তেওঁৰো দেহা পৰি আহিছে। লগ এটা হ’লে ভাল হয়। পো নাই যেতিয়া জোঁৱায়েই পো। এইবাৰ তেজীমলাৰ গিৰিয়েকে মাকক ওচৰলৈ মাতি আনি তেজীমলাক মাকৰ হাতত গতাই দি ক’লে,
:আই, এইবাৰ মই অলপ বেছি দিনলৈ বণিজলৈ যাম। তোৰ হাততে তেজীক গতালো। তাই ঘৰখনত নতুন। তই তাইক অলপ চাবি।

তেজীমলাৰ শাহুৱেকে ভাবিলে–‘মই ল’ৰাটো ইমান কষ্টেৰে ডাঙৰ কৰিলো। এতিয়া তাই আহিয়ে তাক তেনেই হাত কৰিলে। যৌতুকতো মাক-মাহীমাকৰ পুৰণি বস্তুবোৰহে আনিলে। আজিকালি কত’ নতুন নতুন বস্তু ওলাইছে, সেইবোৰে মোৰ ঘৰ ভৰি থাকিব লাগিছিল, কিন্তু নাই! ল’ৰাটো নথকাৰ সুবিধাতে এইক মজাটো দিব লাগিব।’ ইয়াকে ভাবি তেজীমলাৰ শাহুৱেকে সেইদিন ধৰি তেজীমলাৰ দায়ৰ চেলু বিচাৰিবলৈ ধৰিলে আৰু যিমান পাৰে তেজীমলাক অকলে পাই দুখ দিবলৈ ধৰিলে। তেজীৰ জীৱনলৈ আকৌ দুখৰ দিনবোৰ ঘূৰি আহিল।

তেজীমলাৰ দিন ৰাতিবোৰ দুখত পাৰ হ’বলৈ ধৰিলে।নিতে নতুন সৰু সৰু অজুহাত লৈ বিভিন্ন কথা আৰু কামেৰে শাহুৱেকে তাইক শাস্তি দিবলৈ ধৰিলে। ইতিমধ্যে, তেজীমলাৰ সখীয়েক জনী যে, তাইৰ ল’ৰা হোৱাৰ খবৰ আহিল। তেজীমলাৰো ল’ৰা চাবলৈ যাবলৈ উথপথপ লাগিল। যাবলৈ অনুমতি বিচাৰি তাই শাহুৱেকৰ ওচৰ চাপিল। শাহুৱেকে ভাল চেলু এটা পালে। ‘অত’বোৰ কাম মোৰ ওপৰত জাপি এতিয়া ক’ত গাঁও ফুৰিবলৈ যাৱ? আৰু যাৱ যদি একেবাৰেই গুচি যা’ বুলি তাইক ঘৰৰ পৰা খেদি দিলে।

সেইদিনাই তেজীমলাৰ গিৰীয়েক বণিজৰ পৰা ঘূৰি আহিছিল। আলাই আথানি তেজীমলাক সি বাটতে লগ পালে। সি তেজীমলাৰ পৰা সকলো জানি তাইক আকৌ ঘৰলৈ ঘূৰাই আনিলে। গিৰীয়েকৰ পাৰ বুকুৱা উমাল দুহাতত ধৰি, সেই উমৰ বিশ্বাসতে আকৌ এবাৰ সেই পদূলি গচকি তাই ঘৰৰ ভিতৰ সোমাল। এইবাৰ কিন্তু সাউদে কৰাৰ দৰে তেজীমলাৰ গিৰীয়েকে মাকক খেদি নিদিলে। মাত্ৰ মাকক খং দেখোৱাই কথাবোৰ সামৰি থ’লে। ৰাতি তেজীমলা শোৱাৰ পাচত সি মাকৰ কোঠালৈ গৈ ক’লে–
:আই, তই তাইক খেদি লাভৰ বাটটো মাৰিবলৈ লৈছিলি। মই এইবাৰ বণিজলৈ যাওঁতে আয়ৰ এটা নতুন বাট দেখি আহিলোঁ। তাত মানুহৰ বণিজ বহিছে। মানুহ বেচা-কিনা মানুহৰ বণিজ। মানুহ বেচা কিনা কৰা দলো আছে আই- বুজিছ’! মাইকী মানুহৰ তাত বহুত দাম। তাতে তেজীমলাৰ দৰে ৰূপহীৰ কাৰণে বহুত ধন দিবলৈ ৰাজি গ্ৰাহক। মই কালিলৈ পুৱাতে তাইক লৈ গৈ বেচি থৈ আহিম। তই চিন্তা নকৰিবি আই।’

পিচদিনা পুৱা গিৰীয়েকে মৰম চেলাই তেজীমলাক ক’লে-
:তই আৰু এইখন ঘৰত দুখ ভোগ কৰি থাকিব নালাগে। মই তোক নতুন ঠাইলৈ লৈ যাম। য’ত তই আৰু মই সুখেৰে দিন কটাব পাৰিম।

এইবুলি তেজীমলাক লৈ গৈ গিৰীয়েকে বিদেশত বেচি থৈ আহিল। এতিয়া তাত তেজীমলাৰ ওচৰলৈ ন ন মানুহ আহে। অভ্যাসবশতঃ তেজীমলাই গাব খোজে–
“হাতো নেমেলিবি
মোকে অ’ই নুচুবি
তেজীমলাহে মই
ধনৰে লোভতে বঙহে বেচিলে
তেজীমলাহে মই!”

কিন্তু তাই তেনেকৈ গাব নোৱাৰে। কাৰণ যি ঠাইত এতিয়া তেজীমলা আছে, তাত সকলোৱে তাইক চুবলৈকে আহে। তাই নুচুবি বুলি হাজাৰ আটাহ পাৰিলেও, সেইজাক মানুহে তাইক চুবই। চুই চুই তাইৰ দেহটো-মনটো নেফানেফ কৰিবই। সেয়া তাই ইমানদিনে বুজি উঠিছে। ইয়াত প্ৰতিদিন তাই মৰিছে, আকৌ জী উঠিছে। মৰিবলৈ জী উঠিছে নে জীবলৈ মৰিছে পুন: পুন:–সেই কথা নজনাকৈয়ে তেজীমলাই আশাতে আশা ঢালি পুনৰ জন্ম লৈয়ে আছে। কাৰণ তাই যে তেজীমলা– ন-কৈ গজি উঠিব জনা আদৰুৱা তেজীমলা!

সাধুটো শেষ হ’ল। মোৰো কাপোৰ কানি ক’লা হ’ল আৰু মই গুচি আহিলোঁ। কিন্তু প্ৰিয় শ্ৰোতা তেজীমলাৰ সাধুটোৰ অন্ত নাই। কাৰণ তেজীমলা নমৰে। প্ৰতিবাৰ তাই জী উঠে আৰু জন্ম হয় এটা নতুন সাধুৰ। এইযে প্ৰতিবাৰ তেজীমলাক মই লগ পাইছো–লগ পাই মই দেখিছোঁ, প্ৰতিবাৰেই তাই নিহত হৈছে কাৰোবাৰ হাতত আৰু প্ৰতিবাৰেই তাই জী উঠিছে অন্য এক প্ৰগাঢ় বিশ্বাসত। মৰি মৰিও তেজীমলা পুনৰ জী উঠিছে। মই চিৰকাল নাথাকিম। কিন্তু তেজীমলা থাকিব–আপোনালোকৰ মাজতে থাকিব- শেষ নোহোৱা এটা বিষাদ মধুৰ সাধুকথা হৈ।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Purabi
1 year ago

ভাল লাগিছে।আৰু ভাৱ হয় তাই যে নাচি বাগি বিহুঢোলত গোপনে অকলশৰে সেই দিনবোৰত মতলীয়া হৈছিল, সেইবোৰে তাইক বহুত আমনি দিছিল।গছলতাবনৰ সেউজীয়া সচাঁ স্পৰ্শৰ সোৱৰণী এ বৰ্তমানৰ এই জীৱনটোৱে যেন নিজৰ ওপৰতেই ঘৃণা ভাৱ জন্ম দিছিল।আৰু এদিন তাই এই সকলোবোৰ বুকুত লৈ আৰম্ভ কৰিছিল ‘নৃত্যশালা’খন??