শেষ বিদায়- নাজিফ হাজৰিকা

 

:ঐ ল’ৰা ৰ ৰ ৰ৷ এইফালে আহ! অতুল নাথ ছাৰে ইমৰাণক দেখি বাইকখন ৰখাই তাক মাতিলে৷
” ছাৰ কওঁক৷
:তোৰ নিউজটো বাপেৰক দিলিনে নাই?
:ছাৰ নাই কোৱা ঘৰত৷
:কিয়? ঘৰৰ পৰা কথা লুকুৱাব আহিছ? ৰহ মই ফোন কৰি কওঁ, নহ’লে নাজিবুলে মোকেই দোষ দিব৷
:ছাৰ, প্লিজ ঘৰত নকব৷ দেউতাৰ গাটো একেবাৰে ভাল নহয়, দুইটা কিডনী বিকল হৈ পৰিছে, এনে অৱস্থাত ঘৰত এইবোৰ কথা কৈ মা-দেউতাহঁতক টেনশ্যন নিদিব ছাৰ৷ মই কথা লুকুৱাব বিচৰা নাই, ইচ্ছা কৰিয়ে কোৱা নাই৷ ছাৰ মই ভুল কৰিছিলোঁ, উপযুক্ত শাস্তিও পাইছোঁ৷
:নাই, নাই বেটা৷ বেয়া কাম কৰিবি, আৰু কথা লুকুৱাবি? তোৰ বাপেৰ মোৰ বাল্য বন্ধু হয় বুইছ৷
নাথ ছাৰে ফোন লগালে –
:হেল্ল’ নাজিবুল ……. তোমাৰ ল’ৰাৰ কাণ্ড গম পোৱা নে ……..তাক হোষ্টেলৰ পৰা expelled কৰিলে নহয়………..ৰাতি ৰাতি মনে মনে থিয়েটাৰ চাব গৈছিল …..
কথাখিনি কৈ অতুল নাথে ফোনটো ৰাখিলে৷ ইমৰাণলৈ চাই কলে –
:বাপেৰক কলোঁ, তোক কালিলৈ মাতিছে৷
ইমৰাণে তলমূৰ কৰি ৰৈ থাকিল৷ অতুল নাথ ছাৰে তামোলৰ পিকখিনি ৰাস্তাত পেলাই বাইক চলাই গুছি গ’ল৷

* * *
পিছদিনা ইমৰাণ তেজপুৰলৈ আহিল (দেউতাকৰ চাকৰি ঠাই)৷ ঘৰত সোমায়েই প্ৰথম লগ পালে মাকক৷ মাকৰ চলচলীয়া চকুলো আৰু চিন্তাক্লিষ্ট মন দেখি ইমৰাণৰ মনটো হাঁহাকাৰ কৰি উঠিল৷
:মা৷
:বাবা, তই বাৰু আমাৰ কথা অলপো চিন্তা নকৰ নে? আব্বাৰ এনেকুৱা এটা অৱস্থাতো তোৰ গাত অলপো কথা লগা নাইনে? কেতিয়া বুজিবি বাৰু!

ইমৰাণ মনে মনে তলমূৰ কৰি দেউতাকৰ ৰুমলৈ সোমাই আহিল৷ বিছনাত পৰি থকা দেউতাকলৈ চালে৷ চকুৱে চকুৱে পৰিল৷ দেউতাকে হাতখন দাঙি তাক ওচৰলৈ মাতিলে৷ সি আহি দেউতাকৰ কাষতে বহিল৷
:কি হ’ল বাবা? (এটা মৰম সনা মাতেৰে তাক সুধিলে )

ইমৰাণে হুকহুকাই কান্দি উঠিল৷ সি বিচাৰিছিল, দেউতাকে তাক গালি দিয়ক, এটা চৰ মাৰক৷ ইমান মৰমেৰে কিয় মাতিব লাগে তাক? ইমান মৰমৰ যোগ্য নহয় সি৷
:নাকান্দিবি বাবা, নাকান্দিবি৷ চাওঁ …..মই বুজিছোঁ নহয় তই যিদৰে ভুল কৰিছিলি, সেইদৰে অনুতাপো কৰিছ৷ চাওঁ আহ ওচৰলৈ৷
ইমৰাণে এইবাৰ নিজকে ৰখাব নোৱাৰিলে৷ দেউতাকৰ বুকুতে সোমাই জোৰেৰে কান্দি উঠিল৷
তেজপুৰৰ হজৰাপুখুৰীৰ পাৰৰ চৰকাৰী আবাসত, মীন উন্নয়ন বিষয়াৰ বুকুত সোমাই এটা ১৯ বছৰীয়া ল’ৰাই কান্দিছে৷ ৫ ফুট ৯ ইঞ্চি ওখ ল’ৰা এটাই এইদৰে কন্দা দৃশ্যটো ৰাস্তাইদি গৈ থকা মানুহে জুমি জুমি চাই গৈছে৷
:চাওঁ বাবা ইমান ডাঙৰ ল’ৰাই নাকান্দে নহয়৷
দেউতাকে নিজৰ সোঁহাতখন ইমৰাণৰ মূৰৰ ওপৰত থলে৷ ইমৰাণৰ কান্দোন কমিল৷ দেউতাকৰ হাতখন মূৰৰ ওপৰত থলে সি বৰ সকাহ পাই৷ পৰিস্থিতি চম্ভালিবলৈ দেউতাকে তাৰ চুলিখিনি চুই চুই ধেমালি কৰিলে –
:তই দেখোঁন তপা হৈ গৈছ৷ নিজৰ যত্ন লবি আকৌ, নহলে মই ইয়াত কেনেকৈ থাকিম?
ইমৰাণে একো নকৈ মনে মনে দেউতাকৰ বুকুতে পৰি থাকিল৷
* * *
ইতিমধ্যে এটা বছৰ পাৰ হৈ গ’ল৷ ইমৰাণ দেউতাকহঁতৰ লগতে বেছিকৈ থাকিবলৈ ল’লে৷ মাজে মাজেহে কলেজলৈ আহে৷ কৰ্তব্য, দায়িত্ব আৰু দেউতাকৰ প্ৰতি থকা মৰমে তাক তেজপুৰতে ৰাখি থোৱা হ’ল৷ লাহে লাহে দেউতাকৰ গাটো বেছি বেয়া হৈ পৰিল৷ সপ্তাহত তিনিদিন ডায়েলাইছিছ কৰিবলৈ গুৱাহাটী যাব লগা হয়৷ ইমৰাণৰো ব্যস্ততা বাঢ়িল৷ ৰাতিপুৱাই গাড়ী চলাই দেউতাকক গুৱাহাটীলৈ লৈ যায়, সন্ধিয়া আহি তেজপুৰত থৈ আকৌ পিছদিনা দেৰগাঁওলৈ দৌৰ মাৰে, কলেজলৈ বুলি৷ এইদৰে চলি থাকিল ইমৰাণহঁতৰ জীৱন৷

এদিন সি কলেজত থাকোতে ফোন আহিল মাকৰ৷
:বাবা দেউতাৰ গাটো বেছি বেয়া, আমি গুৱাহাটী লৈ গৈছোঁ৷ তই আহিব পাৰিবি নেকি?
:ৰ’বা মা মই গৈ আছোঁ৷
আধাঘণ্টামান পিছত সি বাছত উঠিব লওঁতেই তালৈ ফোন এটা আহিল৷
:বাবা তই বোকাখাতটে ৰৈ দে, গুৱাহাটী আহিব নালাগে (বহুত ধৈৰ্য্য ধৰি মাকে তাক কথা কেইটা ক’লে)
:কিয় মা?
মাকে একো নক’লে (ভগা ভগা মাত এটা আহিছিল )
ইমৰাণৰ বুকুখন চিৰিংকৈ মাৰিলে৷
বোকাখাত আহি নিজৰ ঘৰত সোমাল, ইতিমধ্যে মানুহ গোটখাইছিল সিহঁতৰ ঘৰত৷ ইমৰাণৰ বুজিবলৈ বাকী নাথাকিল কথাটো৷ ধাৰাসাৰে চকুলো বৈ আহিল তাৰ৷ খুড়াকহঁতে সান্তনা দিবলৈ চেষ্টা কৰিলে৷

দুঘণ্টামান পিছত দেউতাকৰ মৃতদেহ আহিল৷ মাক আৰু বায়েকৰ মুখলৈ চাব নোৱাৰিলে সি (দুয়োজনীৰ কান্দোনক সি বাধা দিব নোৱাৰে )৷
আগফালৰ ৰুমত থৈ দিয়া মৃতদেহটোলৈ সি তভক মাৰি চালে৷ লাহে লাহে তাৰ দেউতাকৰ ওপৰত অভিমান হ’ল, খং উঠিল৷ দেউতাকে তাক মাত নলগোৱাকৈ কিয় গুছি গ’ল? সি ইমান ভাল পোৱা মানুহজনে তাক একো এটা নোকোৱাকৈ কিয় গুছি গ’ল?
সি নিজকে চম্ভালি ললে৷ নিজকে ক’লে সন্মুখত সেয়া মাত্ৰ এটা ডেডবডী হে, দেউতাক নহয়! গতিকে প্ৰেক্টিকেল হ’ব লাগে এতিয়া৷
সি ৱাজীৱক মাতিলে –

:ঐ ৱাজীৱ, এইফালে আহ৷
:কওঁক ইমৰাণ দা৷
:এই তিনিশ টকা ল, কালিলৈ ৰাতিপুৱা লখিমী টেণ্ট হাউচৰ পৰা চকী অলপ লৈ আনিবি৷ পইচা আৰু লাগিলে মোৰ নাম ক’বি, পিছত দি দিম৷
:বাৰু ঠিক আছে৷
এইবাৰ সি জালিমক লগ ধৰিলে৷
:জালিম দা কথা এটা শুনক৷
:কোৱা৷
:কবৰস্থানলৈ নিবলৈ চাঙীখন যে বনাব লাগিব! তাৰ কাৰণে বাঁহ লাগিব নহয়?
:উম লাগিব৷
:আমাৰ ঘৰৰ যিকেইডাল বাঁহ আবুহঁতৰ ঘৰৰ ফালে হাউলি গৈছে, সেইকেইডাল কাটি দিব৷ হালিম, কৰিমহঁতক লৈ আপুনি কামটো কৰিব৷ সেইটো দায়িত্ব আপোনাক দিলোঁ৷
:বাৰু ঠিক আছে৷

এইবাৰ সি নেকিবক মাতিলে৷
:ঐ নেকিব৷
:ক৷
:মোৰ লগত ব’লচোন৷ বৰফ আনিব লাগিব৷
:ব’ল৷
ইমৰাম এতিয়া সম্পূৰ্ণ প্ৰেক্টিকেল৷

* * *
পিছদিনা ইছলাম ধৰ্মীয় প্ৰথামতে মৃতদেহটো গা ধুৱাই কাপোৰ দি মেৰিয়াই দিয়া হ’ল৷ ইমৰাণ আজিও প্ৰেক্টিকেল৷ নাকান্দে সি, কিয় কান্দিব? মতা মানুহে কান্দে নেকি কিবা? ডেকা ল’ৰাই কান্দে নেকি কিবা?
আৰু দেউতাকে দেখোঁন তাক মাত নিদিয়াকৈয়ে গুচি গ’ল৷
ইতিমধ্যে চাঙীখনত মৃতদেহটো উঠোৱা হ’ল৷
:ইমৰাণ তুমি সোঁফালে ধৰা যোৱা৷ পুতেকে সোঁফালে ধৰিব লাগে৷ (এজনে কলে )
ইমৰাণে সোঁফালে ধৰি দাঙিলে৷ মৃতদেহটো লৈ যোৱা হ’ল কবৰস্থানলৈ৷ জানাজা ঘৰত জানাজা পঢ়া হ’ল৷
আকৌ লৈ যোৱা হ’ল কবৰৰ ওচৰলৈ৷ ইমৰানে পুনৰ সোঁফালে ধৰি দাঙিলে৷
কবৰৰ ওচৰ পাওঁতেই হঠাৎ ঘটনা এটা ঘটিল৷ মৃতদেহ মেৰিয়াই থোৱা কাপোৰখন ঢিলা হৈ দেউতাকৰ সোঁহাতখন ওলাই আহিল৷ সোঁহাতখন আহি ইমৰাণৰ মূৰৰ ওপৰত পৰিল৷
“ এই ধৰ ধৰ …ভৰাই দে ভৰাই দে “ … দুজন মানে খৰখেদাকৈ ভৰাই দিলে হাতখন৷
ইমৰাণৰ চকুলো বৈ আহিল৷ সি ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে৷
“এয়া ডেডবডী নহয়, এয়া মোৰ আব্বা হয়! “
:ইমৰাণ, ইয়াত নাকান্দে নহয়৷ শান্ত হোৱাচোন৷ – এজনে টানকৈ কলে৷

ইমৰাণ কবৰত নামিল৷ আলফুলে দেউতাকৰ মৃতদেহটো ধৰি কবৰত শুৱাই দিলে৷ লাহে লাহে মাটি দি ঢাকি দিয়া হ’ল কবৰটো৷ মানুহবোৰ ঘূৰি গ’ল ঘৰলৈ৷ ৰৈ গ’ল ইমৰাণ৷ হাতত কোঁৰখন লৈ ৰৈ থাকিল সি৷
কোনোবাই যেন তাৰ কাষত আহি কলে –
“ বাবা মই জানিছিলোঁ তই মোৰ ওপৰত অভিমান কৰিবি, তোক যে মাত লগাই যাবলৈ সময়েই নাপালোঁ৷ মৃতদেহৰ মাজেৰে আহি হাতখন মূৰৰ ওপৰত ৰাখিলোঁ৷ পাৰ্থিৱ জগতৰ এয়াই আছিল মোৰ শেষ আশীৰ্বাদ …..যাওঁ বাবা, শেষ বিদায় …..“

দেউতাকৰ কবৰৰ ওচৰত ৰৈ থাকিল ইমৰাণ৷ তাৰ চকুলোৱে এতিয়া কাৰো বাধা নামানে …….!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক