শেৱালি আৰু মই (মৃণাল কুমাৰ বৰা)

মৃণাল কুমাৰ বৰা

মনত নাই প্ৰথম কোনদিনা শেৱালি ফুল দেখিছিলোঁ। মাৰ  বা দে’তাৰ (মই দেউতাক সদায় দে’তা বুলিয়েই মাতোঁ) হাতত ধৰি ধৰি হয়তো কোনোবাদিনা তলসৰা শেৱালি বুটলিছিলোঁ। বুটলি থকালৈকে ভালেই লাগে। বুটলি আনি মাই পাছত যেতিয়া তিতা তিতা ফুলবোৰ ভাজি পেলু নহ’বৰ কাৰণে খুৱাবলৈ যত্ন কৰে তেতিয়াহে লাগে খেলিমেলিটো। কি ভয়ংকৰ। তেতিয়া এনেকুৱা লাগে যেন এইবোৰ খালেহে পেলু হ’ব।

নিয়ঁৰ পৰি থাকে গোটেইখন, উঠি আহিবলৈও এলাহ লাগে, তিতা খাবলগীয়া হোৱাৰ ভয়টো আছেই, তথাপিও কি যে আকৰ্ষণ এই শেৱালি ফুলৰ। কেতিয়াবা ৰাতি ভাত খাই উঠি ককাৰ লগত পুৰণা ঘৰৰ চোতালত তহলি থাকোঁ, নাকত লাগেহি সেই সুগন্ধ। আঃ। মই যেন গছজোপাৰ তলিতে বহি থাকিম, চাম কিদৰে শেৱালি ফুলে জীৱন লাভ কৰে। ৰাতি ফুলা ফুল শেৱালি, গোন্ধ থকা ফুল শেৱালি, কাষৰ মানুহঘৰলৈ ফুৰিবলৈ অহা ধুনীয়া ছোৱালীজনীৰ নাম শেৱালি!

——————————————–

“ভাইটিকণে পিষ্টল কিনিলেই আজি। আমি কেতিয়া কিনিম নো?” ভাইটিকণে পূজাত কিনা পিষ্টলটোৰে সেইদিনা আবেলি চোৰ-পুলিচ খেলি আহি দেউতাৰ উচৰত আবদাৰ। পাছদিনাখন আমাকো লাগিবই পিষ্টল আৰু গুলী। বেলুন ভাল নালাগে। পুতলা গাড়ী এখন পালে বেয়া নহয় অৱশ্যে। সেইকেইদিন আমাৰ আবেলিৰ খেল-ধেমালি বিলাক হৈ পৰে চোৰ-পুলিচ নতুবা ডকাইত-ডকাইত। চুবুৰীটোৰ বিশেষ কেইঘৰমান মানুহক বাদ দি বাকী গোটেই কেইঘৰৰ অগফাল-পাছফাল, চোতাল, ঘৰৰ ভিতৰত আমাৰ অগাধ ৰাজত্ব চলে সেইকেইদিন। খেলাৰ মাজতে কোনোবা এঘৰত পানী এগিলাছ, কাৰোবাৰ ঘৰত কল এটা, কাৰোবাৰ ঘৰত মিঠাই এটা- এনেকৈয়ে চলি থাকে পূজাৰ সময়ৰ সেই দহদিনমানৰ আবেলিৰ খেল। সপ্তমীৰ দিনৰপৰা আদি কৰি নৱমীৰ দিনালৈকে গধূলি পূজা চাবলৈ যাবই লাগিব। ৰাতিপুৱা বেলা লগৰ কেইটাই গোট খাই আগদিনা ৰাতি কি কি দেখিলে তাৰ ওপৰত মন্তব্য দিবই লাগিব। দশমীৰ দিনা মই নাযাওঁ। মোৰ বেয়া লাগে সেইদিনা। চাৰিওপিনে খালী খালী লাগে। খেলিবলৈও সেইদিনা কোনো নাহে। মই নিজৰ মনৰ জগতখনত বিচৰণ কৰোঁ সেইদিনাখন। কেলেণ্ডাৰখনৰ কাষলৈ গৈ চাওঁগৈ দীপাৱলী কেতিয়া আছে, কাতি বিহু কেতিয়া আছে।

——————————————–

দূৰ্গা পূজাৰ প্ৰায় এমাহ-দুমাহমান আগৰেপৰাই খনিকৰসকলে প্ৰতিমা সজাৰ কামটো আৰম্ভ কৰে। স্কুলৰপৰা আহোঁতে আমি খনিকৰে সাজি থকা প্ৰতিমাবিলাক চাই চাই আহোঁ। আমাৰ চকুৰ আগতে দিনে দিনে জন্ম হয় দেৱী, মহিষ বা সিংহটো। ৰং বুলাবলৈ আৰম্ভ কৰাৰ পাছত আমাৰ আগ্ৰহ বাঢ়ি আহে। জীৱিত হৈ ধৰা দিয়ে আমাৰ সমূখত দেৱী আৰু মহিষাসুৰে। আমাৰ ধ্যান কেন্দ্ৰীভূত হৈ থাকে অসুৰটোত। কোনটো অসুৰ বেছি ভয়ানক হৈছে তাৰ ওপৰতো বিভিন্নজনে মতামত আগবঢ়ায়। খনিকৰক সুধি খবৰ লৈ থওঁ কোনখন প্ৰতিমা কোনখন পূজাথলীলৈ নিয়া হ’ব।

——————————————-

ঘৰৰপৰা পঢ়িবৰ বাবে যিদিনা প্ৰথম বাহিৰলৈ ওলোৱা হয় সেইটো বৰ দুখৰ দিন, বহুতৰে বাবে হয়তো সেয়াই ঘৰখন এৰাৰ প্ৰক্ৰিয়াটোৰ এক আৰম্ভণি। (ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ এই কথাষাৰৰ মুল্য প্ৰতি পলে পলে অনুভৱ কৰি আহিছোঁ যোৱা ৮ টা বছৰে।) হোষ্টেলত থাকিবলৈ লোৱাৰ পাছত এইবাৰ  পূজা-বন্ধ কেইদিন আছে সেইটোহে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰে। বহুতদিনৰ মূৰকত লগ পোৱা লগৰ ল’ৰা কেইজনৰ লগত সন্ধিয়া সময়কণত ওলাই গৈ আড্ডা দিয়া, ইফালে-সিফালে অলপ ঘুৰা তাতেই শেষ হয় পূজাৰ মাদকতা। তেতিয়া সময় নাথাকে শেৱালি ফুলৰ সুবাস লোৱাৰ।

——————————————-

এনেকুৱা দিনতে কোনবা এদিনাখন কোনো এটা নামঘৰৰ ৰাইজে ভাগৱত ফুৰাবলৈ আনে। আমি ৰাস্তাৰ কাষত ৰৈ চাওঁ। গুৰুজনাৰ প্ৰতি ভক্তিত মূৰ দোঁ খাই যায়। বহুতে আঁঠু লৈ সেৱা কৰে। আমি সমদলটোৰ লগত অলপমান দূৰ আগবাঢ়ি যাওঁ। কেতিয়াবা শংকৰোৎসৱ উপলক্ষে আয়োজিত কৰা প্ৰতিযোগিতাসমূহত ভাগ ল’বলৈ যাওঁ  কোনো কোনো ঠাইত।

——————————————-

আজিকালি গতানুগতিক জীৱন। একো নতুনত্ব নাথাকে সাধাৰণতে। তাৰ মাজতো শেৱালিৰ গোন্ধ যদি নাকত লাগেহি মনটো উৰা মাৰে শৈশৱলৈ। “শৰতৰ ৰাতিপুৱা বা বলি যায়, তলসৰা শেৱালিৰ মিঠা সুবাস পাই, উৰোঁ উৰোঁ মন মোৰ শৈশৱ কাললৈ, ফুল বুটলি ফুৰা সোণালী দিনলৈ……”। অঙ্গৰাগৰ দৰদী কন্ঠই হাজাৰজনৰ অনুভৱক বাঙ্ময় কৰি তুলিলে। আজি মোৰ কাষত শৰত বুলি একো নাই, ইয়াত এতিয়াও জহকালি হৈ আছে। ইন্টাৰনেটেৰ মাধ্যমেদিহে আজি শৰত আহিছে।  গানটোৰ মাজত সোমাই পৰিবলৈ মন গৈছে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments