শেৱালি ফুলাৰ বতৰত সখিলৈ চিঠি (-মৌচুমী বৰি)

প্ৰিয় পত্ৰসখি,

শুকুলা শৰতৰ বতৰত তোমালৈ বৰকৈ মনত পৰিছে..শৰত বুলি ক’লেই মনলে আহে এখনি ফৰকাল নীলাকাশ, মাজে মাজে কপাহ কোমল শুকুলা মেঘ…উশাহত শেৱালি ফুলৰ সুবাস..কহুঁৱা ফুলৰ মন প্ৰাণ হৰি নিয়া নৈর্সগিক দৃশ্য।
ব’লা,আজি তোমাক লৈ যাওঁ ল’ৰালিৰ শেৱালি বুটলা দিনবোৰলৈ…সেইয়া, বাহিৰত কানিমুনি পোহৰ-আন্ধাৰ; শেৱালি ফুল বুটলিবলৈ আমি টোপনিৰ পৰা খপজপাই উঠিছো…আমাৰ হাতত একোটা একোটা ফুলৰ কুকি…আমি সকলোৱে প্ৰথমেই জুন্তি দাহঁতৰ ঘৰৰ শেৱালিজোপাৰ তল পাইছোগৈ…চোতালভৰি আছে তলসৰা শেৱালি…আমি যিমান পাৰো বুটলি বুটলি কুকিত ভৰাইছো…তাৰপিছত আমি চাবোকধৰা মামা আৰু দিব্য বাইদেউহঁতৰ ঘৰৰ চোতাল পাইছোগৈ…শেৱালিফুলেৰে কুকি ভৰাই আমি ঘৰলৈ উভতিছো…
কাতি বিহু আহি আছে; আমাৰ মনবিলাক সাতখন-আঠখন হৈছে..ফুলেৰে ওপচাই তুলসীতল সজাবলৈ আছেই দেখোন!!অধীৰ অপেক্ষাৰ অন্তত কাতি বিহুৰ দিনটো পাইছেহি।পুৱা গা-পা ধুই তুলসী জোপাৰ চাৰিওফালে ইটা চাৰিটা পাতি দিছো;তাৰপিছত ঘৰৰ পুখুৰীটোৰ পাৰৰ পৰা আলতীয়া মাটি তিনিচপৰা মান উঠাই লৈ আহিছো,মাটিখিনিত পানী দি লুথুপ-থুপীয়া কৰিছো আৰু সেইখিনি মাটিৰে তুলসীৰ ভেটিটো সাজিছো;মাটিখিনি লেপি লেপি যিমানপাৰো মিহি কৰিবলৈ চেষ্টা কৰিছো….সংগৃহীত শেৱালি ফুল, কথনা, জবা ফুল আদিৰে তিনিডাল মান ফুলৰ মালা গাঠি তুলসীজোপাত আঁৰি দিছো…মনটো কাতি বিহুৰ আনন্দেৰে ভৰি পৰিছে..মাটিৰ লেপনখিনি শুকুৱাৰ পিছত ফুলেৰে সজাইছো তুলসী ভেটি। দাদাহঁতে তুলসীভেটিৰ চাৰিওফালে চাৰিটা খুটি পুতি দিছে, আমি ইটো খুটিৰ পৰা সিটো খুটিলৈ ৰং বিৰঙৰ বেলুন আৰু ফুলৰ পাত লগাইছো আৰু কেতিয়াকৈ আন্ধাৰ নামিব তালৈকে যেন বাট চাই আছো..আন্ধাৰত মাটিচাকিৰ পোহৰেৰে উজলি উঠিব সুসজ্জিত তুলসী ভেটি..কিমান যে ভাল লাগিব..!
হয়, হয় সেই ক্ষণ আহি পাইছে। মায়ে তুলসীতলত চাকি দিছে, এটা চাকি ভঁৰালত দিছে, এটা পুখুৰীৰ পাৰত…আমি সকলোৱে মূৰ দোৱাই তুলসী তলত প্ৰার্থনা কৰিছো—“ব্রহ্মা আদি কৰি জীৱ য’ত, ৰাম ৰাম ৰাম ৰাম ৰাম…”… “তুমি চিত্ত বৃত্তি মোৰ…নাজানোহো আৱাহন…”
পত্রসখি,আজিলৈ চিঠিখন ইমানতে সামৰিলো দেই…
মৰম জনাই,
ইতি
মৌ

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক