শৈক্ষিক জ্ঞান অবিহনেও দৈনন্দিন আৰু ব্যৱহাৰিক জীৱনৰ গণিত আৰু বিজ্ঞানৰ প্ৰয়োগ:  অঞ্জলি গগৈ বৰগোহাঁই

আমাৰ আইতা অনাখৰী আছিল৷ তেনে এগৰাকী মানুহক গণিত আৰু বিজ্ঞান কি বুলি সুধিলে, ঠিক আদা বেপাৰীক জাহাজৰ কথা সোধাৰ দৰেই নহ’ব জানো! কথাটো হয় অৱশ্যে, কিন্তু আচৰিত কথাটো হ’ল আইতাই এই দুয়োটা বিষয়ত কিতাপৰ জ্ঞান নথকা স্বত্বেও খুবেই নিয়াৰিকৈ ইয়াৰ প্ৰয়োগ কৰিছিল৷ গণিত আৰু বিজ্ঞানৰ তেওঁৰ প্ৰয়োগ বিধি কেনেকৈ কৰিছিল তাৰ নমুনা সেই সম্পৰ্কে জানিবলৈ হ’লে আমি আজিৰ পৰা বহু বছৰ আগুৱাই যাব লাগিব৷

আমি তেতিয়া তেনেই সৰু, স্কুললৈ গৈছোহে৷ সেই সময়ত আমাৰ এজনী ক’লী খিৰতী গাই আছিল৷ প্ৰায় ৩ লিটাৰমান গাখীৰ দিয়ে৷ গাখীৰ খিৰোৱা কামটো আইতাই কৰে৷ সেই গাখীৰ নিবলৈ তিনিজন গ্ৰাহক আহে আৰু প্ৰতিজনেই আধা লিটাৰকৈ গাখীৰ নিয়ে৷ অৱশ্যে কেতিয়াবা কিবা কাৰণত এক পোৱাকৈও গাখীৰ নিব লগীয়া হয়৷ এইযে গাখীৰ নিবলৈ আহে গ্ৰাহক কেইজন তেওঁলোকে প্ৰতিদিনে গাখীৰৰ পইচা নিদিয়ে, মাহৰ শেষত কিমান গাখীৰ নিলে সেই হিচাপত পইচা দিয়ে৷ ভাৱিছে নেকি এই গাখীৰৰ হিচাপ ঘৰৰ পঢ়া-শুনা কৰা কোনোবাই ৰাখে বুলি৷

নহয় জানেনে, কিমান গাখীৰ নিলে আৰু কিমান পইচা হ’ল, এইখিনি হিচাপ আইতাই বৰ সুন্দৰকৈ ৰাখে অলপো হেৰ-ফেৰ নোহোৱাকৈ৷ কিন্তু কেনেকৈ? জুইশালৰ বেৰত তেওঁ প্ৰতিজন গ্ৰাহকৰ বিপৰীতে প্ৰতিদিনে এঙাৰেৰে আঁচ টানি গৈছিল৷ এক পোৱা গাখীৰত এডাল আঁচকৈ চতুৰ্থ পোৱা গাখীৰ যেতিয়া হয় তেওঁ তিনিডাল আঁচ কাটি দি সেইডাল মাৰে৷ অৰ্থাৎ এজন মানুহৰ এক লিটাৰ গাখীৰ হ’ল৷ এইটো পদ্ধতিৰে তেওঁ গোটেই মাহটো হিচাপ কৰি ৰাখে৷ মাহৰ শেষত তেওঁ কিমান গাখীৰ একোজন গ্ৰাহকক দিলে উলিয়াই লয়৷ অৱশ্যে টকা গণিবলৈ আঙুলিৰ ব্যৱহাৰ কৰিছিল৷ ঠিক তেনেকৈ ধানৰ জোখ ল’বলৈ দোন আছিল, জাৰি-চালি বাৰ দোন ধানত ১ মোন মানে ৪০ কেজি হয়৷ আনহাতে ঘড়ীৰ মান তেওঁ বা সেই সময়ৰ বহুতেই বেলি চাই নিৰ্ধাৰণ কৰিছিল৷

গাণিতিক প্ৰয়োগৰ তেনেকুৱা আৰু বহুতো উদাহৰণ আইতাই নহয় সেই সময়ত সমাজৰ বহুতো মানুহেই কৰি আহিছিল৷ মাটি-বাৰী হিচাপৰ বাবে হালিচা, পূৰা আদি চহা লোকে ব্যৱহাৰ কৰিছিল৷

ঠিক তেনেকৈয়ে বৈজ্ঞানিক স্বাস্থ্যসন্মত নীতি-নিৰ্দেশনা আইতাই নিয়ম বুলি পালন কৰিছিল৷ সেই সময়ত সাধাৰণতে অনাময় ব্যৱস্থা নাছিল৷ তেওঁলোকে সেয়েহে মল ত্যাগ কৰিবলৈ সূচল আৰু মানুহৰ দৃষ্টিৰ আঁৰত হাবি-জঙ্ঘললৈ গৈছিল৷ কিন্তু সেইবোৰ ঠাই নানান বিজাণুৰে পৰিপূৰ্ণ আছিল৷ গতিকে নানান ধৰণৰ পেটৰ বা ছালৰ বেমাৰ হোৱাৰ সম্ভাৱনা আছিল৷ পিছে তেওঁলোকে মলত্যাগ কৰি হাতত মাটি ঘঁহি হাত চাফা কৰিছিল আৰু তাৰপিছত গা-পা ধুই নিকা কাপোৰ-কানি পিন্ধিহে ঘৰলৈ আহিছিল৷ সাধাৰণতে গাঁৱৰ সমাজত মজিয়াত পিৰা পাৰি ভাত খোৱা হৈছিল আৰু জুইৰ চৌকাত ভাত ৰন্ধা হৈছিল৷ সেয়েহে হয়তো ৰান্ধনিশাল বা বৰঘৰলৈ জোতা বা চেন্দেল সুমুৱাবলৈ নিদিছিল৷ ভাত খোৱাৰ আগত আৰু ভাত খোৱাৰ পাছত মজিয়াখন মাটিৰে লেপি লৈছিল৷ ভাত খোৱাৰ আগতে আৰু ভাত খোৱাৰ পাছত হাত-মুখ ধুবলৈ চৰিয়া ব্যৱহাৰ কৰিছিল৷ ভাত খোৱাৰ সময়ত কথা-বতৰা ক’বলৈ দিয়া নাছিল৷ কিয় কথা-বতৰা ক’ব নোৱাৰি বুলি সুধিলে কৈছিল৷ নিয়ম হয় সেয়েহে কথা-বতৰা ভাত খোৱাৰ সময়ত ক’ব নালাগে৷ এনেকুৱা এশ-এবুৰি স্বাস্থ্যসন্মত বিধি-সন্মত নিয়ম তেওঁলোকে পালন কৰিছিল কেৱল নিয়ম বুলি৷ নাজানিছিল সেই নিয়মবোৰৰ উপকাৰিতা৷

আচলতে আমাৰ হিন্দু শাস্ত্ৰৰ নীতি-নিৰ্দেশনাবোৰেই হ’ল বিজ্ঞানসন্মত৷ সেয়েহে হয়তো কোনো কিতাপৰ বৈজ্ঞানিক জ্ঞান নথকাকৈও তেওঁলোকে দৈনন্দিন আৰু ব্যৱহাৰিক জীৱনত নিয়ম তথা পৰম্পৰা বুলি এইবোৰ পালন কৰি আহিছিল৷■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments