শৈশৱতে জিলমিল শাক (সৌৰভ কুমাৰ বৰুৱা)

কাতি মাহটো যায় কি নাযায়
আমাৰ পথাৰ-বাৰীবোৰ জিলমিল শাকেৰে
ভৰি যায়৷
 
হাতত খৰাহি লৈ মায়ে জিলমিল বুটলোঁতে
আমিও বুটলিছিলোঁ মাৰ লগতে
আমি তেতিয়া সৰু আছিলোঁ,
শাক খাই বেয়া পোৱা
শৈশৱৰ সেই দিনবোৰতো
একমাত্ৰ জিলমিল শাকেই
আমাৰ প্ৰিয় আছিল
কিয় নাজানো
হয়তো নিজে বুটলাৰ বাবেই৷
 
কেতিয়াবা আন কোনোবাইয়ো
বুটলিব আহিছিল জিলমিল শাক আমাৰ বাৰীত
সৰু সৰু হাতেৰে জিলমিল বুটলি
আমি তেওঁলোকক সহায় কৰিছিলোঁ
হয়তো ই আমাৰ বাবে এটা খেল আছিল৷
 
কোনোবা এবছৰ পথাৰৰ মাটি কাটি
আমাৰ চোতালখন ওখ কৰিছিল
সেইবছৰ আমাৰ চোতালতো
তৰপে তৰপে জিলমিল শাক৷
 
সৰু সৰু জিলমিল শাকৰ মাজত
দুই এজোপা ডাঙৰ জিলমিল শাকৰ গছ আছিল
কোনোবাই কৈছিল বৰ জিলমিল
কোনোবাই কৈছিল বঙালী জিলমিল
শৈশৱৰ সেই দিনবোৰত
এটা বস্তুৰ দুটা নামো
আমাৰ বাবে আচহুৱাই আছিল৷
 
শীতকাল নামিছে
এতিয়াও হয়তো আমাৰ পথাৰবোৰ
জিলমিল শাকেৰে ভৰি পৰিছে
কিন্তু সেই শৈশৱ নাই
বজাৰৰ পৰা অনা
পাঁচ টকাৰ মুঠি দুটাত বিচাৰোঁ
শৈশৱৰ সেই জিলমিল শাক৷
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments