শৈশৱত শৰতৰ সুবাস- পৰিস্মিতা বৰদলৈ

শৰত বুলিলে যেতিয়াৰ পৰাই পদূলিৰ শেৱালি দুজোপাই গধূলি গধূলি সুবাস বিলাবলৈ আৰম্ভ কৰে, ঠিক তেতিয়াৰে পৰাই পূজা পূজা অনুভৱটোৱে মনৰ মাজত উকমুকনি তোলে৷ উপজি পুৱাতে উঠি খৰাহি এটা লৈ দূবৰিৰ ওপৰৰ নিয়ৰ গচকি শেৱালি বোটলোঁ৷ আঃ কি যে আমেজসনা সেই পুৱাবোৰ৷ অলপ অলপ কুঁৱলীৰ শীতল আৱেশে চুই যায় বাহিৰে ভিতৰে মনৰো, শৰীৰৰো৷ নিয়ৰকণাৰ মুকুতাখচিত শ্যামলী দূবৰিৰ দলিচাত শেৱালিৰ সুশোভিত আলংকাৰিক আচ্ছাদনে ৰূপত ৰহন চৰায়৷ কণ কণ হাত দুখনিৰে এপাহি এপাহিকৈ শেৱালিবোৰ তুলি খৰাহিটোত ৰাখোঁ৷ ওচৰতে মোৰ আলেখলেখ চাই থকা দেউতাৰ হাতত শেৱালিভৰ্ত্তি খৰাহিটো দি এইবাৰ পিন্ধি থকা ফুটফুটীয়া চোলাটো কোঁচাই লৈ একোঁচ শেৱালি ভৰাই গোটেই মানুহজনী কুঁজা হৈ আহি ঘৰ সোমাওঁ৷ খৰাহিৰ শেৱালিখিনি মাক দিওঁ৷ বাকী কোঁচভৰাই অনাখিনিৰে যে কি কি নকৰোঁ৷ মালা গাঁথোঁ, ভগৱানৰ ওচৰত দিওঁ আৰু পঢ়া টেবুলতো সজাওঁ৷ কাজলি ভৰাই নাকৰ কাষলৈ নি বুকুৰ ভিতৰলৈকে উজাই লওঁ মনমতলীয়া কৰা নিৰ্যাস৷

যোৰহাটত জন্ম মোৰ৷ মহালয়াৰ দিনাখনৰেপৰাই যোৰহাট নগৰীত পূজাৰ পৰশ পৰে৷ মহালয়াৰ দিনা পুৱতি নিশাতে যোৰহাটবাসী উঠি যায় পদব্ৰজে৷ তৰাজান নাট্য মন্দিৰৰ সমীপৰ বুঢ়া গোঁহাই পুখুৰীৰপৰা, বৰুৱা চাৰিআলি, গড় আলি, জে.পি .আৰ, দেৱাল ৰোড এই সকলোবোৰ অঞ্চল পূজাৰ মজাৰে ৰঞ্জিত হয়৷ পেঁপা, বেলুনৰ অস্থায়ী দোকানপোহাৰ, জেলেপীৰ দোকান আদিবোৰে খোজকাঢ়ি যোৱা সকলোকে আকৰ্ষণ কৰে৷ একেবাৰে সৰু থাকোঁতে মানে এল পি স্কুল মানত থাকোঁতে মহালয়াত তেনেকৈ ফুৰি পোৱা নাছিলোঁ যদিও হাইস্কুল পোৱাৰ পাছত মহালয়াৰ আনন্দ লোৱাত ত্ৰুটি কৰা নাছিলোঁ৷

শৈশৱত পূজা চাবলৈ যোৱাৰ আনন্দও আছিল সুকীয়া৷ দেৱীবোধনৰ সন্ধিয়া দেউতাই ঘৰৰ একেবাৰে ওচৰৰ কৃষ্ণভাণ্ডাৰলৈ লৈ যায়৷ তাতে খুৰমা, জেলেপী আদি কিনি দিয়ে৷ কেতিয়াবা আকৌ যোৱা নহ’লেও দেউতাই আমালৈ খুৰমা, পকৰী আদি লৈ আনে৷ মায়ে তাকে দেখি “হে’ৰি ছোৱালী দুজনীলৈহে আনিলে৷ মোলৈ কি আনিলে? ”বুলি ৰসিকতা কৰি কোৱা কথাত দেউতাই মিচিকমাচাককৈ হাঁহি মালৈ বুলি অনা তামোল দুখন উলিয়াই দিয়ে৷ এইবোৰ আনন্দৰ কথাই আছিল একেবাৰে সুকীয়া৷ পাতত তোলাৰ পাছদিনাখনক আমি সৰুতে “সৰুবলি” বুলি কোৱা মনত পৰে৷ সেইদিনা আমি বুঢ়া গোঁহাই পুখুৰীলৈকে পূজা চাবলৈ গৈছিলোঁ৷ তেনেকৈ পূজা চাবলৈ গৈ সন্ধিয়া আৰতি চাইহে উভতিছিলোঁ৷ উভতি আহোঁতে হোটেলত বহি চাহ মিঠাই অথবা আলু চপ খাইছিলোঁ৷ লগত লৈ আহিছিলোঁ গৰম গৰম জিলাপী৷ ৰাস্তাত চিনাকি মানুহ পালেই তেতিয়া বেলুন কিনি দিয়াৰ কথা মনত পৰে৷ কিন্তু বেলুনটো লৈ আনি থাকোঁতে কোনোবা সৰু ল’ৰাই খেলনা পিষ্টলেৰে গুলীৰে বেলুনটো ফুটাই দিয়ে প্ৰায়ে৷ সেইটো কথাত হ’লে বৰ খং উঠিছিল৷

সৰুকালত পূজা চোৱাৰ আনন্দ এইবোৰেই আছিল৷ দেৱী বিসৰ্জনৰ দিনাখনক আকৌ প্ৰতিমাক নৈত উটুৱাই দিয়াৰ বাবে “উটনি” বুলিছিলোঁ৷ সেইদিনা ঘৰৰ আগফালে বহি থাকিছিলোঁ৷ যিহেতু আমাৰ ঘৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে৷ ৰিচাৰ্ছ লেব’ৰেটৰীৰ ফালৰপৰা দুজনামান দেৱী নিয়া হৈছিল আমাৰ ঘৰৰ আগেৰেই৷ ঢাক ঢোল বজাই যোৱা ট্ৰাকবোৰৰ পৰা আমালৈ চাউল ছটিয়াইছিল৷ ডাঙৰ হোৱাৰ পাছত মানে হাইস্কুল গৰকাৰ পাছত গড়আলিত ৰৈ ৰৈ দেৱী উটুৱাবলৈ নিয়া চাইছিলোঁ৷ সেয়া এক বিমল আনন্দ আছিল৷

পূজা মানে আমি জনা নাছিলোঁ নতুন কাপোৰ, জোতাৰ কথা৷ মাত্ৰ বিহুত যিদৰে জেতুকা নল’লে বিহু বিহু নালাগে৷ একেদৰেই পূজাত বেলুন ল’বলৈ নাপালেও পূজা পূজা নালাগিছিল৷ আনকি আজি নিজে ল’ৰাৰ মাক হ’লোহি যদিও বেলুন এটা হ’লে আজিও লওঁ দেই৷ আগৰ সেই শৈশৱৰ পূজা চোৱাৰ আমেজ আজি হেৰাই থাকিল৷ কল্পনা কৰোঁ সেই তেতিয়াৰ দৰে যেন দেউতাই পূজাৰ বতৰত ওলাই যাব আৰু ঘূৰি আহোঁতে হাতত সৰু টোপোলা এটা লৈ আহি ক’ব “চা সোণ এয়া কি আনিছোঁ৷ একেবাৰে গৰম গৰম৷ যা মাৰক চাহ একাপ বাকিবলৈ কৱ গৈ”৷ ময়ো যেন চিলনীয়ে থাপ মৰাদি টোপোলাটো লৈ একেদৌৰে মাৰ কাষ পামগৈ আৰু মাক ক’ম “মা দেউতাই আনিছে লোৱা৷ চাহ বাকা৷ মোক এটা দি লোৱা না জেলেপী৷”৷ মায়ে মিচিকিয়াই এটা মোৰ হাতত দি “অকণমান ভণ্টিকো দিবা৷ গোটেইটো তাই নোৱাৰিব নিদিবা” বুলি ক’ব৷ সঁচাই সেই দিনবোৰ কেতিয়াও উভতি নাহে৷ সেই আমেজ সেই আনন্দ আজি নাই৷ নাই আজি দেউতাও৷ তথাপিও স্মৃতিৰ কুঠৰীত জীয়াই আছে সেই স্মৃতিবোৰ যি আজিও শাৰদীয় বতৰত দেহমন জীপাল কৰি তুলিব পৰাকৈ যথেষ্ট৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক