শৈশৱৰ কথাবোৰ( – নিপুল ভট্টাচাৰ্য)

খুড়াৰ বিয়াৰ দুদিন আগৰ কাহিনী৷ মই তেতিয়া চাগে চতুৰ্থ শ্ৰেণীত পঢ়ি আছিলোঁ৷ হঠাৎ মোৰো মন গ’ল বিয়া পাতিবলৈ৷ মাহঁতক ক’লোঁ-‘খুড়াৰ লগতে মোৰো বিয়াখন পাতি দিব লাগে৷’ সকলোৱে হাঁহিলে মোৰ কথা শুনি৷ সৰুতে বিয়া নাপাতে বুলি কোনোবা এজনে ক’লে৷ মই বৰ জেদি আছিলোঁ৷ মোৰ কথা হ’ল খুড়াই যদি বিয়া কৰাব পাৰে মই কিয় নোৱাৰোঁ৷ মোক বিয়া পাতি দিবই লাগিব৷ তেতিয়া কোনে কি কৈছিল মোৰ মনত নাই কিন্তু মোৰ যে বিয়া পাতি নিদিয়ে গম পাই গৈছিলোঁ৷
নিজৰ বিয়াখন পাতিব নোৱাৰি মোৰ দুখ লাগিছিল, খঙো উঠিছিল বৰ৷ দুখ আৰু খঙত জৰাজীৰ্ণ হৈ মই ঢেঁকী ঘৰত থকা ধান থোৱা ডুলি এটাৰ ভিতৰত সোমাই আছিলোঁ ৷ তাতেই টোপনিও গ’লোঁ ৷

dhan
পিছত শুনা মতে মোক বিচাৰি হেনো গোটেই গাঁও তোলপাৰ লাগিছিল৷ পুখুৰীত জাল মাৰিও বিচাৰিছিল সলিল সমাধি ঘটা বুলি৷ চাৰি ঘণ্টামান পিছত গাঁৱৰ কোনোবা এজনে শুই থকা অৱস্থাত ডুলিৰ ভিতৰত মোক উদ্ধাৰ কৰিছিল৷ চকু মোহাৰি মোহাৰি মই চোতাললৈ ওলাই আহি দেখিছিলোঁ গাঁৱৰ মানুহ আৰু আলহী অতিথিৰে চোতাল ভৰি আছিল৷ সকলোৱে মোক জন্তু চোৱাৰ দৰে চাই আছিল৷ মাক দেখিলোঁ নতুন ৰূপ এটাত৷ আউলি বাউলি চুলিৰে বাৰান্দাত বহি কান্দি আছে৷ ডুলিৰ ভিতৰত শুই থাকোঁতে মোক বিচাৰি এনেকুৱা কাণ্ড ঘটিছিল মই গমেই পোৱা নাছিলোঁ৷ খুড়াই খঙেৰে মোক সুধিছিল ডুলিৰ ভিতৰত কিয় সোমাই আছিলি বুলি ৷
মই চিধা চিধি উত্তৰ দি দিছিলোঁ তহঁতে মোৰ বিয়া পাতি নিদিয়া বাবে মই ৰোহ ঘৰত পৰিছোঁ৷
(সৰু আছিলোঁ৷ সাধু শুনি শুনি পকি আছিলোঁ বাবে প্ৰায়ে মই ৰোহ ঘৰত পৰিছিলোঁ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments