শৈশৱৰ কাজিৰঙা: গড়ৰ পিঠিত এটা কৰুণ আবেলি (পংকজ নেওগ)

১৯৭৫ চনৰ কথা |

বিদ্যালয়ৰ পৰা আহি ভাত কেইটামান খোৱাৰ পিছত সদায়ে বহাৰ দৰে আগফালৰ চিৰিটোত বহি ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে অহা-যোৱা কৰা গাড়ীবোৰলৈ চাই আছিলোঁ। এনেদৰে প্ৰায়ে গাড়ীবোৰ চাই চাই লাহে লাহে সেইটো এটা অভ্যাসত পৰিনত হৈছিল। অধিকাংশই নাক জোঙা আৰু নতুন এছ মডেলৰ ট্ৰাক।তাৰ মাজতে মাজে মাজে সময়ত পাৰহৈ যায় ৰঙা হালধীয়া পৰিৱহণ নিগমৰ বাছ। দুই এখন নীলা বৰণৰ ছুপাৰ। খুব কম সংখ্যক ব্যক্তিগত জীপ আৰু এম্বেছাদৰ গাড়ী। সপ্তাহটোত দুই তিনিবাৰ ১০০ মান বিভিন্ন ধৰণৰ সৰু-বৰ গাড়ী আৰু যুদ্ধৰ টেংক গাড়ীসহ পাৰ হৈ যায় সেনাৰ বিশাল কনভয়।

সেইদিনা দুই এখন চিনাকী বাছক হাত জোকাৰি টা টা দিয়াৰ পাছতেই হঠাৎ লোৰ গেটৰ সন্মুখত বন বিভাগৰ সেউজীয়া বৰণৰ হুড খোলা জীপখন আহি ৰলহি। গাড়ীৰ পৰা নামিয়েই ড্ৰাইভাৰ জনে কাপোৰেৰে ছিটবোৰ পৰিষ্কাৰ কৰি কৰি বাটৰ পৰাই মোক চিঞৰি ক”লে, “বাবা, ভিতৰলৈ যাবা নেকি? ব’লা’’।
মই একে দৌৰে পাপাৰ ওচৰ পালোগৈ। পাপাই ছাগে গাড়ীৰ বাবেই অপেক্ষা কৰি আছিল। গাড়ীৰ শব্দ শুনিয়েই বেগটোত বস্তুবোৰ ঠিকমতে আছে নে নাই চাই লৈ যাবলৈ ওলাল। মই পাপাক ক’লোঁ, “ময়ো যাম ভিতৰলৈ’’। ভিতৰলৈ মানে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ। কহঁৰাৰ সকলো লোকে ইমান দীঘলীয়া নামটো নকৈ কেৱল ‘ভিতৰ’ বুলিয়েই কৈ থয়। প্ৰথম অৱস্থাত পাপাই নিবলৈ বিছৰা নাছিও যদিও মই ঠেহঁ পতাত মান্তি হ’ল। গেঞ্জীৰ ওপৰত চাৰ্টটো পিন্ধি লৰালৰিকৈ কেমেৰাটো ডিঙিত ওলমাই সাজু হ’লোঁ। মায়ে ক’লে, “ঘৰত পিন্ধা হাফপেণ্টটো পিন্ধি ক’লৈ যাৱ?’’ মই ক’লোঁ, “আমি ভিতৰলৈ হে যাম, তাৰ গড়-হৰিণাবোৰে জানে নেকি মই ঘৰত পিন্ধাটেৱেই পিন্ধি আহিছোঁ বুলি..’’। পাপা সন্মুখৰ ছিটত আৰু মই পিছৰ ছিটত বহিলোঁ। পেট্ৰল পাম্পৰ ওচৰত কিবা কাৰণত গাড়ীখন ৰখাওতে একেলগে পঢ়া পোনাক দেখিলোঁ। মই ভিতৰলৈ যাম বুলি শুনি সিও গাড়ীত উঠি ল’লে। কহঁৰা তিনিআলিত ফৰেষ্টাৰ এজন ৰৈ আছিল। তেওঁ পিছৰ ছিটত বহিলহি। অলপসময় শিলাময় পথেৰে গৈ মিহিৰমুখ পালোগৈ। তাতে আমাৰ সংগী হ’ল বন্দুকধাৰী এজন গাৰ্ড। তেওঁ ড্ৰাইভাৰ জনক ঠাইডোখৰ বুজাবলৈ চেষ্টা কৰিলে। ইকৰাবোৰ জ্বলাই দিয়াৰ পাছত ঠাই খিনি তেনেই মুকলি হৈ পৰিছিল। বৰষুণৰ পৰশ পাই ক’লা বৰণৰ ছাইৰ মাজৰ পৰা সেইজীয়া পাতেৰে ইকৰা গজিবলৈ আৰম্ভ কৰিছিল। ড্ৰাইভাৰজনে ঠাইডোখৰ ভালদৰে বুজি লৈ শিলাময় পথ এৰি ইকৰাৰ মাজেৰে ঘাড়ী চলাবলৈ আৰম্ভ কৰিলে। কিছু সময় যোৱাৰ পাছত জেগা আহি পালত গাড়ী ৰ’ল। পাপা আগে আগে গ’ল। তাৰপাছত মই। গাৰ্ডজনে বন্দুকত গুলী ভৰাই লৈ একেবাৰে শেষত আহিল। এনেতে ফৰেষ্টাৰজনে পিছৰপৰা মাত লগালে পাপাক উদ্দেশ্যি, “চাৰ, দূৰৈৰ পৰাই এবাৰ ভালদৰে চাই লওক নেকি… আমালৈ চো্ঁচা মাৰি নাহেতো?’’ তেওঁৰ কণ্ঠত ভয়ৰ কঁপনি। তাৰ মাজতে গাৰ্ডজনে ক’লে, কিয় ভয় খাইছে… আমাৰোতো ল’ৰা ছোৱালী আছে….’’। পাপাই কেৱল ক’লে, “বৰ কষ্টত আছে বেচেৰী’’। পাপাৰ কণ্ঠত দুখৰ ভাৱ। আমি ওচৰ চাপিলোঁ। দেখিলোঁ এটা প্ৰকাণ্ড গড় ৪ ফুটমান দ’ গাত এটাত পৰি আছে। আমি অহাৰ শব্দ শুনিয়েই হ’বলা আমালৈ অকমান বেকাকৈ মূৰটো ঘূৰাই চালে। ভালদৰে চালোঁ.. দুই চকুৰে বৈ অহা পানীয়ে তাইৰ দুয়োগাল তিয়াই কলা বৰণৰ কৰি পেলাইছে। পাপাই চাৰিওফালৰপৰা গাতটোত পৰি থকা গড়জনীলৈ ভালদৰে লক্ষ্য কৰিলে। ইতিমধ্যে বনুৱা দুজনমানে গড়জনীক ইকৰা বন আৰু পানীৰ যোগান ধৰিছিল। গড়জনীয়ে আমালৈ কৰুণ দৃষ্টি দি নাকেৰে এটা শব্দ কৰিলে। পাপাৰ বাহিৰে গোটেইবোৰ তিনিখোজ মান পিছুৱাই গ’ল। মোৰ কিয় জানো ভাৱ হ’ল, সেইয়া শত্ৰু দেখি হুংকাৰ দিয়াৰ শব্দ নহয়, হয়তো হুমুনিয়াহ হে। পাপা গাতটোলৈ নামি গ’ল আৰু গড়জনীক লক্ষ কৰি মন্তব্য কৰিলে, “এতিয়াই একো ক’ব নোৱাৰি। হয়তো ভৰি ভাঙিছে নতুবা ককালত বেয়াকৈ দুখ পাইছে’’। প্ৰাথমিক ভাৱে পাপাই গড়জনীৰ তিকাত এটা বেজী দিলে। পাপাৰ বেগৰপৰা মই চিৰিঞ্জ ঔষধ আৰু ডিষ্টীল ৱাটাৰৰ এম্পুল ওলিয়াই দিলোঁ। তাইৰ কাণ আৰু গালত কিবা ঘাঁ লাগিছিল আৰু তাত বগা বগা পোক হৈছিল, পাপাই কপাহত টাৰপিন তেল লগাই ফৰছেপেৰে ঘাঁবোৰ মোহাৰি দিলে।

ইতিমধ্যে কহঁৰাৰ ৰেঞ্জাৰ ৰাজেন সোনোৱাল আহি পাইছিলহি। তেখেতে গড়জনীক হাতেৰে চুই মৰম কৰিলে। বনৰীয়া গড়জনীয়েও মৰম বুজি পাই মুৰ দোৱালে!  তেখেতৰ চকুত বেদনাৰ চাপ। তেখেতে ক’লে, “চিন্তা নকৰিবি, তোক আমি গাঁতৰ পৰা তুলি নিম। তই ভাল হৈ যাবি’’।

সোনোৱাল খুড়াৰ পৰাই শুনিলো, কোনো চোৰাং চিকাৰীয়ে গড়টোৰ খড়গৰ বাবেই গড়টো বধ কৰিবলৈ এইদৰে গাত খান্দি থৈছিল। যিহেতু গড়ে সদাই এটা নিৰ্দ্দষ্টি ঠাইতহে মল ত্যাগ কৰে, গড়ৰ এই অভ্যাসৰ সুবিধা লৈ চোৰাং চিকাৰীয়ে গড় অহাযোৱা কৰা বাটত গাত খান্দি ইকৰাৰে ধাকি থয়। তাত গড়টো পৰাৰ পাছত সিহঁতে গড়ৰ খড়গটো কাটি নিয়ে। অৱশ্যে এইজনী গড়ৰ ক্ষেত্ৰত খড়গ নিবলৈ সুবিধা পোৱাৰ আগতে বনকৰ্মীয়ে প্ৰত্যক্ষ কৰাত খড়গ নিবলৈ নাপালে।

মোৰ ডিঙিত ওলমাই থোৱা ক্লীক থ্ৰী কেমেৰাটো দেথি সোনোৱাল খুড়াই সুধিলে, “মুন ফটো তুলিছানে নাই?’’ কোনোৱা এজনে ডাঙি নি মোক গাতত পৰি থকা গড়ৰ পিঠিত তুলি দিলে। ক্লীক… ক্লীক… দুখন ফটো তুলি দিলে খুড়াই মোৰ কেমেৰাটোৰে। ওচৰৰ পৰা তাইক হাতেৰে মৰম কৰিলোঁ। সেই দিনা তাতে তেখেতসকলে সিদ্ধান্ত কৰিলে, গড়জনীৰ সন্মুখৰ ফালে এঢলীয়া কৈ গাতটো খান্দি পেলোৱা হ’ব আৰু হাতী বা টেক্টৰৰ সহায়ত গড়জনীক চোঁচৰাই ওপৰলৈ তুলি আনিব লাগিব।

ইতিমধ্যেই পাৰাপাৰ নেদেখা কাজিৰঙাৰ হাবিলৈ শেষ ৰঙচুৱা ৰহন বিলাই পশ্চিম দিগন্তত ইকৰাৰ বননিৰ মাজত বেলীটোৱে ডাঙৰ আপেল এটাৰ বৰণলৈ লুকাবলৈ ধৰিছিল। আমি সকলো তাৰপৰা আঁতৰি আহিলোঁ। অহাৰ আগতে সোনোৱাল খুড়াই গড়জনীক খাদ্য আৰু বাঘ আদিৰ পৰা সুৰক্ষাৰ বাবে গাৰ্ড আৰু বনুৱা দুজনক পৰামৰ্শ দিলে।

ইয়াৰ পাছত দুই এদিন গড়জনীৰ কথা পাপাৰ মুখত শুনিছিলোঁ, তাইক ঠিয় কৰোৱাবৰ বাবে লোৱা সকলো প্ৰছেষ্টা বিফল হৈছে।

এদিন শুনিলোঁ… তাই গ’লগৈ।

 


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments