শৈশৱৰ কেকুঁৰিত -মনমী ভট্টাচাৰ্য্য

১)

সোণোৱালী প্ৰতি পল
বালিচাপৰিৰ ৰূপালী চিক্ মিকণি
ঝক্ ঝক্ ৰেলগাড়ীৰ উকিত
এখন্তেক অমনোযোগিতাৰ ছেগতে
দো খায় দুষ্ট বৰশীৰ পুং
কিমান যে দুষ্ট মাছবোৰ৷
শৈশৱ, এক সঞ্চিত সোঁৱৰণি
যিয়ে কঢ়িয়াই আনে
পোহৰ৷
ছন্দ৷
ধেমালি আব্দাৰ অনুশাসনৰ
মিশ্ৰিত সমাহাৰ৷
ঘ্ৰাণ আৰু গুঞ্জন মানেই পুৱা
সোৱাদ লওঁ প্ৰোজ্জ্বল দুপৰীয়া
আমনি এটাই –
বছৰেকৰ দুটা পৰীক্ষা৷
২)
শৈশৱৰ কেকুঁৰিত জীৱনৰ অংক
সময় মানে ঘড়ীৰ কাঁটাৰ কছৰৎ
ঘণ্টা মিনিট ছেকেণ্ড
চিকুণ টোপনিক পেংলাই কৰি
বাজি উঠে ক্ৰিং ক্ৰং৷
সাফল্যৰ হাতবাউলি
স্কুলত ষ্টেডিয়ামত চুইমিং পুলত
অথবা গীটাৰ ক্লাছত৷
বিচাৰি ফুৰোঁ কাক ক’ত?
নিয়মানুৱৰ্তিতাত আৱদ্ধ অৱসৰ বিনোদন
দুষ্টালিৰ ধৃষ্টতা নাই৷
যেন একুৰিয়ামত আৱদ্ধ মাছ
সীমাবদ্ধ সপোন চৌখিন গৰাকীৰ৷
মা-দেউতাৰ বুজনি নামক শব্দবোৰ,
শৈশৱ৷
প্ৰতিযোগিতা৷
ধ্বনিত হয়,
উত্তাল প্ৰতিযোগিতা
বন্ধুত্বক মোহাৰি যোৱা প্ৰতিযোগিতা৷
অনুভৱ মচি দিয়া প্ৰতিযোগিতা৷
জোলোঙাখন গধুৰ৷
বিষ এটি উজাই আহে
ঠিক গলধনৰ পৰা চকুলৈ
ঠিক কান্ধৰ পৰা বুকুলৈ৷
আশা কৰ মই জগত জিনিম
যুঁজৰ প্ৰস্তুতিতে চোন ভাগৰুৱা মই৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক