শৈশৱৰ জোলোঙাখন আৰু মোৰ স্কুলৰ বাটটো- তৃষ্ণা সোণোৱাল

ঠিক আঠবজাৰ লগে লগেই সাজু হওঁ স্কুললৈ বুলি,
আইতা নতুবা মায়ে থপথপীয়াকৈ নাৰিকল তেল এখিনি সানি চুলিখিনি ফণিয়াই দিয়ে৷ একাষে সেওঁতা ফালি আইতাই ফণিয়াই দিলে বৰ ভাল পাওঁ মই৷

কিতাপ তিনিখন, বহী দুখনে মোৰ স্কুল বেগৰ সম্পদ আছিল৷ তৃতীয় মানৰ পৰাহে নেওঁতা, হাতৰ আখৰৰ কিতাপখন বেগত যোগ হৈছিলহি৷

আজিৰ পৰা ১৭-১৮ বছৰৰ কথা সেয়া৷ মই নিজৰ গাঁৱৰ বিদ্যালয়ত পঢ়া নাছিলোঁ৷ বৰমাই শিক্ষকতা কৰা ওচৰৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয়খনহে আমাৰ আটাইকেইজনীৰ শিক্ষাস্থান আছিল৷

তেতিয়া ব্যক্তিগত বিদ্যালয়ৰ বতাহে চুব নোৱাৰা সহজ সৰল গাঁৱৰ সকলোবোৰ শিশুৱেই চৰকাৰী স্কুলত পঢ়াৰ সুবিধা পাইছিলোঁ৷

ধনী দুখীয়া নিচিনোঁ তেতিয়া৷ আজিৰ দৰে সমসাজ (ইউনিফৰ্ম) বহুতেই নিপিন্ধিছিল৷ মই কিন্তু পিন্ধিছিলোঁ, প্ৰথম মানতে চিলাই দিয়া গাঢ় নীলা স্কাৰ্ট আৰু বগা ছাৰ্টটোৰে প্ৰাথমিক বিদ্যালয়ৰ চাৰিটা বৰ্ষ চলাই দিছিলোঁ৷ তেনেই চুটি চাপৰ আছিলোঁ বাবেই বোধহয়৷

কিতাপ বহীৰ জাপটো বাওঁহাতে লৈ কঁকালৰ ওপৰত ভেজা দি নিয়া ল’ৰা ছোৱালীবোৰক দেখি মোৰো মন গৈছিল৷
কিন্তু মায়ে চিলাই কৰি দিয়া হালধীয়া কাপোৰৰ মোনাটোৱে আছিল মোৰ স্কুল বেগ৷
না তাত ডাবল পকেট আছিল না আছিল চেইন৷ তেনেই উদং মুখখন৷

বহুতৰে সেইটোও কিন্তু নাছিল৷ দেউতাকহঁতে ব্যৱহাৰ কৰিব এৰা তলি ফুটা বজাৰৰ মোনা নাইবা হাত ছিগা এটা পলিথিনৰ বেগেই হয় মোৰ সমনীয়াৰ সম্পদ৷
কিন্তু সুখী আছিলোঁ আমি, হাঁহি আৰু কাজিয়াবোৰে অভাৱৰ কথা প্ৰায়েই পাহৰাই ৰাখিছিল৷ বহঁতৰ কুহুমবুলীয়া কোঁহবোৰ আছিল আমাৰ প্ৰাক্‌প্ৰাথমিক সংগী৷ মোৰ বেঙুনীয়া পাৰিৰ শ্লেটখন, মণ্টান দাইৰ দোকানৰ দুটকা দি কিনা ছয়ডাল মাটিপেঞ্চিল আৰু গুলপীয়া বুকু হালধীয়া মখমলহেন বাকলিৰ বহঁতৰ কোঁহকেইটা লৈয়ে শিক্ষা জীৱন আৰম্ভ কৰিছিলোঁ৷

স্বৰ বৰ্ণ কেইটা, একে পাকতে অঁকা আমটো আৰু গোল গোল স্প্ৰিংসদৃশ আঁক-বাঁক কৰাৰ পাছত বহঁতটোৰে শ্লেটখন মচি অনৰ্থক ফূৰ্ত্তি পাইছিলোঁ৷ আঁক-বাঁক কৰাৰ চেলুও আছিল সেয়াই৷

আমাৰ জীৱনটোত চিঞাহীৰ গুৰুত্ব আছিল অপৰিসীম৷ ওলট-পালট কবিতাটো লিখি থাকোঁতেই বুলবুলি নাইবা জোনাৰ চিঞাহী শেষ হয়, উপায়? ”

অ’ই বিনি আমাৰ ঘৰত মধুৰী পকিছে, তোক দুটা দিম দেই৷ ”

হৈ যায়, এনেকৈয়ে দুটা মধুৰীৰ প্ৰতিশ্ৰুতিৰে আঠ টোপাল চিঞাহী যোগাৰ হৈ যায় অথবা আহে ধাৰ প্ৰথা৷
সেই ধাৰ মাৰিবলৈ পাহৰিলে প্ৰতিগৰাকী চিঞাহী দাতাই অপেক্ষা কৰে এখন কাজিয়াৰ৷ বেয়া পোৱা-পোৱি নাটকৰ৷

ফলস্বৰূপে, “মোক যে খেলিব নিদিয়, দে মোৰ পাঁচ টোপাল চিঞাহী এতিয়াই৷”

আকৌ কাজিয়াৰ সামৰণিও হয় খন্তেকতেই৷ বেয়া পোৱা শেষ হোৱাৰ আগমুহূৰ্তত বৰ লাজ লাগে বিপক্ষলৈ চাবলৈ৷ চকুৱে চকুৱে পৰিলেই খুকখুক হাঁহি, সেয়াই আছিল আমাৰ মিলা মিলি৷

স্কুলৰ ওচৰত এখনেই দোকান, ঠিক দোকান নহয়৷ বাবুহঁতৰ শোৱনিকোঠাৰ বেৰতে এখন কাঠৰ তক্তা নাৰিকল ৰচী দি বন্ধা থাকে৷ তাত ধোঁৱা বৰণীয়া তিনিটাই বৈয়াম৷ এটাত বুট, এটাত ডালমুট আৰু এটাত টেঙা মৰ্টন৷ গোটেই স্কুলখনৰ পৰম আকাংক্ষিত বৈয়াম সেইকেইটা৷ পানীখোৱা ছুটীত কিনা দুটকাৰ বুট আৰু বুটৰ নিমখকনৰ লগত খোৱা শিলিখাৰ সোৱাদকন এতিয়াচোন ক’তোৱেই নাপাওঁ৷

স্কুল ঘৰটোৰ পাছফালে এখন ঢেঁকিয়ানি আছিল, অকণমানি ল’ৰা ছোৱালীহঁতৰ ৰোহঘৰ সেয়া৷ মৌখিক প্ৰশ্নৰ উত্তৰ বিচাৰি পাৰাপাৰ নাপাই ছাৰৰ হাতৰ লেকেচিৰ কোব খোৱা ছাত্ৰ ছাত্ৰীসকলে সেইখন ঢেঁকিয়ানিতে চকুলো টুকি আহেগৈ৷ অন্য সময়ত সেয়া আছিল ৰাজহুৱা প্ৰস্ৰাৱস্থলী৷

বাৰিষাৰ দিনবোৰত মূষলধাৰে পানী বৰষে৷ পথাৰ, নৈ, পুখুৰীৰ লগতে আমাৰ স্কুলৰ টিনপাটতো পানী সৰে৷
টুং টাং টুং টাং মায়াবী শব্দত আমি ৰ লাগি ৰওঁ৷ তেনে সময়ত গোটেই স্কুল নিস্তব্ধ হৈ পৰে, কাকো নোকোৱাকৈয়ে মৌন হৈ পৰে সময়বোৰ৷

তিনিওজন ছাৰে বাহিৰৰ পানী ডোঙাবোৰত অপলক দৃষ্টিৰে চাই ৰয়৷

আমিও ডেস্কত মুখ গুজি ৰওঁ, তেনেকুৱাতে কোনোবাই চিঞৰে, ছাৰ পানী পৰিছে৷

মৌনতা ভংগ হৈ উথপথপ লাগে পৰিৱেশটো৷ পানী সৰা বন্ধ কৰিবলৈ ছাৰসকলৰ আপ্ৰাণ চেষ্টা আৰু হতাশ মুখ দেখি আমাৰ মনবোৰো কেনেকুৱা লাগে, শিশুমনে সেয়া বুজাব নোৱাৰা হয়৷

গৰমৰ দিনকেইটাত বাৰান্দাত নেওতা গাওঁ, সুৰ টানি টানি৷ হঠাতে টিলিঙা বজাই পায়হি বৰফৱালা এটা৷ বাৰান্দাৰ গোটেইমখা হাজিৰ বৰফৱালাৰ কাষত৷ কিনাৰ সামৰ্থ্য ৯৮ ভাগৰে নাথাকে, কিন্তু কমলা ৰঙী বৰফটো চোৱাৰ হেঁপাহকণ প্ৰত্যেকৰে থাকে৷
ভাগ্যৱান গ্ৰাহকজনে যেতিয়া শোহা মাৰে আমিও অনুভৱ কৰোঁ সোৱাদটো৷

বুধিয়ক কেইজনে আগবাঢ়ে-
তোক যে বগৰী দিছিলোঁ মনত আছে?

আজি মৌবাহ পাৰিছে ঘৰত, তই খাব যাবি নি?

বৰফৰ এটা চেলেক বা ভাগ্য ভাল থাকিলে এটুকুৰা ভাগ হাজিৰ বুধিয়কলৈ৷

কাতি আঘোন মাহত আমাৰ বছৰেকীয়া পৰীক্ষাবোৰ আৰম্ভ হয়৷ সেইকেইদিন ঊলৰ ছুৱেটাৰটো আৰু গোৰোহা ক্ষয় যোৱা ছেণ্ডেলযোৰে আমাৰ লগ লয়৷ অৰ্ধ চন্দ্ৰৰ দৰে ক্ষয় যোৱা ছেণ্ডেলযোৰৰ প্ৰতি মোৰ অত্যন্ত মৰম আছিল৷ ঠাণ্ডাত ফাটি যোৱা হাত ভৰিত মিঠাতেল বৰ টেঙা মিহলাই তৈয়াৰ কৰা মিশ্ৰণটোৰে পুৱাতেই সানি লওঁ, টিনৰ টেমাত থকা নাৰিকল তেলটোযে গোট মাৰিয়ে ৰয়৷

উৎপতীয়া মনবোৰে ৰ’দৰ দিনতো বৰষুণৰ বতৰতো থাউনি নাপায়৷
বাটৰ কাষৰ হাবিবোৰত ঘূৰ্মুটিয়াই বিচাৰি অনা জৰা টেঙা, থেকেৰা, কুমলীয়া ঔ পোৱালিয়ে ৰ’দৰ বতৰত জিভা শাঁত পেলায়৷

বৰষুণ সৰিলেই গাঁৱৰ কেঁচা বাটৰ নলাবোৰত কেঁকোৰা বিচাৰোঁ৷ পানী বেছি হ’লে কেঁকোৰা গাতৰ মুখত ওলায়হি, জেওৰাৰ পচা খুটি এটাই গাত ভেটি চিকাৰ কৰোঁ৷

এইবোৰ কৰি ঘৰ পাওঁতে বেলি পাটত পৰে, কিন্তু কতা কোনোদিন গালি নুশুনিলোঁ এইবোৰৰ কাৰণে৷
ব্যস্ত মা দেউতাৰ আমালৈ সিমান মন-কাণ নাথাকে যদিও গধূলি পঢ়াৰ সময়ত চকু ঠিকেই থাকে৷

শৈশৱ মানেই মনলৈ আহে দুখন পীৰা লগ লগাই সজা বিছনীখন। ৰাতি ভাত খোৱাৰ আগমুহূৰ্তত সেই অকনি বিছনাখন সাজি কতবাৰ টোপনি মাৰিলোঁ ঠিক নাই৷ কিমান অকনি দেহ মন আছিল সেইবোৰ!

ফুটুকলাৰ হাবিখন, নাচনি পোক আৰু সোণ পৰুৱাও আছিল মোৰ শৈশৱৰ মোহমায়াৰ পেৰাটোৰ কেন্দ্ৰবিন্দু৷

বেঙুনীয়া ফুটুকলাৰ ফুলবোৰ অপৰিসীম ভাল পাইছিলোঁ, ফুলবোৰতেই থাকে নাচনী পোক৷
পোকজনীক ধৰি মাটিত চপৰিয়াই চপৰিয়াই গাওঁ –

নাচ নাচ নাচ নাচনী কঁকাল ঘূৰাই ঘূৰাই নাচ
হাত মেলি নাচ
পাখি কোবাই নাচ
কঁকাল ঘূৰাই ঘূৰাই নাচ৷

বিজুলী পাংখাৰ দৰে বৃত্তাকাৰে পোকজনীয়ে যেতিয়া পাখি কোবাই ঘূৰে আমি গোটেইজাকে কিৰিলি পাৰোঁ৷

সোণ পৰুৱাৰ ফোট লোৱাৰ অভ্যাস এতিয়াও আছে৷ সৰুতে ভাবিছিলোঁ ৰজা মহাৰজাৰ কাপোৰবোৰ সোণ পৰুৱাৰেই তৈয়াৰ কৰা হয় চাগৈ৷ নিস্পাপ হৃদয়ৰ ভাৱ সেয়া৷

স্মৃতিৰ কোঠালিত আকৌ আহে পূজা৷ বেলেগ একো নালাগে, এক প্লেট ঘূগুনি, এটা বইল কণী আৰু গোটচেৰেক জেলেপীতে সন্তুষ্ট হোৱা শৈশৱ সেয়া৷ অলপ বুজা হোৱাৰ পৰা বাঁহৰ চুঙাত সাঁচি ৰখা ভঙনীয়া টকাৰে কিতাপ কিনিব শিকিছিলোঁ, কিনিবলৈ কিন্তু কোনোৱে শিকোৱা নাছিল৷

শৈশৱ মানে টিংকল আৰু সঁফুৰা৷ টিংকলৰ সুপন্দি, চিকাৰী শম্ভু, কালীয়া, প্যাৰেলাল আৰু সঁফুৰাৰ শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট আদি মোৰ কল্পনা আৰু বাস্তৱৰ লগৰীয়া৷

শৈশৱ মানেই উকুলি মুকুলি, ৰজা হৈ চালি, ঠিক্কু গুটি আৰু পৰম আকাংক্ষাৰ শাক ভাতৰ খেল৷ আমি ভাগ্যৱান যিয়ে এইবোৰৰ লগত শৈশৱ কটাই আহিছোঁ৷

দুখ আৰু সহানুভূতি জাগে আজিৰ অকনিহঁতলৈ, যিসকলে এনেহেন শৈশৱৰ আমেজ পোৱা নাই৷ অত্যধিক ব্যক্তিকেন্দ্ৰিকতা, প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থা আৰু সময়ৰ নাটনিয়ে শিশুসকলৰ সোণালী শৈশৱকন যেন পিষ্ট কৰি পেলাইছে৷

ন বছৰে সৰু মোৰ কনিষ্ঠ ভগ্নীয়ে আমাৰ শৈশৱৰ স্মৃতি শুনি বিস্মিত হৈ পৰে৷ কিন্তু আমিওতো সৌ সিদিনাৰহে শিশু আছিলোঁ, মাথোঁ ন দহ বছৰতেই ইমানবোৰ পৰিৱৰ্তন বাৰু আৰ্শ্চযজনক নহয়নে?

ক’ৰ পৰা কি লৈ গতি কৰিছে দিনবোৰ, প্ৰতিটো পুৰণা সামগ্ৰীৰ দৰে হেৰাই যাব ধৰিছে সোণালী শৈশৱ৷ কিন্তু শৈশৱ জানো সামগ্ৰী? শৈশৱ জানো কিবা সাধাৰণ বস্তু?

আমাৰ হাতত সময় আছে শৈশৱ ধৰি ৰখাৰ, প্ৰতিগৰাকী শিশুক প্ৰকৃতিৰ লগত একাত্ম হবলৈ শিকাওক, উপভোগ কৰিব দিয়ক চৌদিশৰ সুন্দৰতা৷ নিশ্চয় আপোনাৰো শৈশৱ ওভতাই পোৱা যেন অনুভৱ হ’ব৷

সেয়েতো চাগৈ ময়ো বিচাৰি ফুৰোঁ সেই উৰিফুৰা সময়বোৰ, সেই অকণমানি সমনীয়াবোৰ৷ আকৌ যেন উভতিম, পুনৰবাৰলৈ হেঁপাহ পলুৱাই উপভোগ কৰিম সেই সময় অবিৰত অনাদি কাললৈ৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
2 years ago

বৰ ভাল লাগিল। শৈশৱৰ স্মৃতিয়ে পুলকিত কৰে সঁচাই… নিজৰ সন্তানক সেই মাদকতা দিব নোৱাৰাৰ দুখে অহৰহ খুন্দিয়াই মনত ।