শৈশৱৰ ফাকুৱা উৎসৱৰ স্মৃতি – ৰিতুপৰ্ণ শৰ্মা

ফাগুন মানেই যেন পচোৱা,ফাগুন মানেই যেন শিমলু ফুলাৰ বতৰ।ফাগুনৰ ধূলিময় বতাহে মনটো উৰুৱাই লৈ যায় শৈশৱলৈ।
সৰুতে ফাগুনৰ আগমনে মনটো আনন্দিত কৰি তুলিছিল অন্য এক উৎসৱৰ বাবে। সেয়া হৈছে ফল্গু উৎসৱ। প্ৰতি বছৰে ফাকুৱা উৎসৱৰ দিন দুটা যেন পূৰ্ব নিৰ্ধাৰিত হৈয়েই আছিল। প্ৰথম দিনা সকলোৰে লগত ফাকুৱা খেলিম আৰু দ্বিতীয় দিনা যাম বৰদোৱা থানত অনুষ্ঠিত হোৱা ফাকুৱা উৎসৱলৈ। সেই উৎসৱৰ অন্য এক আকৰ্ষণ আছিল তাত অনুষ্ঠিত হোৱা মেলা। কি যে পোৱা নাছিলো সেই মেলাত।শিশু মনটো আনন্দিত কৰি তুলিছিল সেই বস্তুবোৰে।
মই তেতিয়া তৃতীয় শ্ৰেণীৰ ছাত্ৰ। অন্য বাৰৰ দৰে সেইবাৰো ওলালো বৰদোৱা থানলৈ। জগত গুৰু শ্ৰী শ্ৰী শংকৰদেৱৰ জন্ম স্থান বৰদোৱাত প্ৰায় এসপ্তাহ জুৰি হোৱা ফাকুৱা উৎসৱলৈ। আমি যোৱা গাড়ী খনত সকলোৱে খোল তাল বজাই নাম গাই ভক্তি ৰসত মগ্ন হৈ গৈছিল যদিও মোৰ মন কিন্তু অন্য এটা কথাতহে পুলকিত হৈ আছিল। কাৰণ সেই মেলাত মই এখন কাঠৰ পুতলা গাড়ী লোৱাৰ কথা আছিল।
মূল থানত নাম প্ৰসংগ হৈ যোৱাৰ পিছত মাহ প্ৰসাদ গ্ৰহণ কৰাৰ পিছতে আহিল আমাৰ পোৱালি সন্থাৰ বহু প্ৰত্যাশিত মেলা দৰ্শণ। কোনে পায় আৰু। এফালৰপৰা চাই গৈছোঁ মেলা।খুৰায়ে বাৰে বাৰে কৈছে তেওঁৰ হাতৰ পৰা যাতে এৰি নিদিওঁ। যিহে জনসমুদ্ৰ। মোৰ পিছে সেইবোৰলৈ মন নাই। কেৱল এফালৰ পৰা চাই গৈছোঁ মোৰ সেই সপোনৰ বস্তুটো। কাঠৰ পুতলা গাড়ী।”পাই গ’লো,পাই গ’লো “! একেকোবে গৈ মই সেই গাড়ী খন থাপ মাৰি ধৰিলোঁ। দোকানীক সুধিলোঁ দাম কিমান? দোকানীয়ে কোৱা দামটো দৰদাম কৰিবলৈ খুৰাক কবলৈ পিছফালে চালোঁ। পিছে এয়া কি?খুৰা দেখোন নাই। ইফালে সিফালে চালোঁ।খুৰা নালাগে আমাৰ লগৰ চোন কোনেও নাই। মোৰ সকলো আনন্দ যেন পানী হৈ গ’ল। চকুৰ পানীৰে বাট নেদেখা হ’লো। তাৰ পিছত কি হ’ল মই আৰু গম নাপাওঁ।
পিছত শুনামতে মই হেনো কান্দি কান্দি মুৰ্ছা গ’লো। মানুহে পাই মোক মেলা সমিতিৰ কাৰ্যালয়লৈ লৈ আহিছিল। আমাৰ খুৰাহঁতেও মোক বিচাৰি নাপাই কাৰ্যালয়ত যোগাযোগ কৰিছিল আৰু মোক তাতে পাইছিল। মনত এটাই দুখ থাকি গ’ল সেই গাড়ী খন আৰু কিনা নহ’ল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক