শৈশৱৰ মধুৰ স্মৃতি : কি মনত পেলাম ? কি পাহৰিম ? (ডা০ ভূপেন শইকীয়া)

তেতিয়া ডিব্ৰুগড় চৰকাৰী হাইস্কুলৰ ষষ্ঠ শ্ৰেণীলৈ প্ৰমোচন পাইছোঁ। এদিন ডাকযোগে এজাপ কাগজ-পত্ৰৰে ভৰা এখন চিঠি দিল্লীৰ পৰা আমাৰ খলিহামাৰীৰ ঘৰৰ ঠিকনাত আহিল। দেউতাই পৰম উল্লাসৰে খবৰ দিলে – তই বেনাৰচৰ ৰেচিডেন্সিয়েল প্লাবিক স্কুলত পঢ়িবলৈ চৰকাৰী বৃত্তি পাই নিৰ্বাচিত হৈছ। মনত পৰিল কেইমাহমানৰ আগতে এবাৰ ছিলঙত, এবাৰ গুৱাহাটীত পৰীক্ষা আৰু সাক্ষাৎকাৰ দি অহাৰ কথা। ডিব্ৰুগড়  টাউন ৰেলষ্টেছনৰ পৰা বাৰানসী কেন্টষ্টেছনলৈ বুলি দেউতাৰ সৈতে ৰে’লত উঠিলোঁ। ওচৰ চুবুৰীয়া কতিয়া দদাইদেউ, গোচাই দদাইদেউ আৰু দেউতাৰ অফিচৰ  সহকৰ্মী দুই এজনে আমাক ৰেলষ্টেছনত বিদায় দিবলৈ আহিছিল। অসমৰ পৰা মিটাৰ গজ ৰে’লেৰে যাত্ৰা কৰি বিহাৰৰ বাৰাউণীত ব্ৰডগজ ৰে’ললৈ সলনি কৰি আঢ়ৈ দিনত  বেনাৰচ  ওলাইছিলোঁগৈ। টাংগাত উঠি স্কুল পাইছিলোঁগৈ। স্কুল মানে ৰাজঘাট দুৰ্গত অৱস্থিত  ৰাজঘাট  বেচেন্ত স্কুল। স্কুলৰ প্ৰবেশদ্বাৰত লিখা চকুত পৰিল – ‘কৃষ্ণমূৰ্তি ফাউণ্ডেচন ফৰ বেটাৰ  এডুকেশ্বন’। পাচত অৱগত হ’লোঁ – মহিয়ষী এনি বেচেন্ত আৰু দাৰ্শনিক জুড্ডু কৃষ্ণমূৰ্তিয়ে স্কুলখন স্থাপন কৰিছিল।  অসংখ্য গছ-গছনিৰে ভৰা চৌহদ, মৌৰা চৰাইৰ মুকলি বিচৰণ  আৰু ইটাৰ ৰঙেৰে ৰঙীণ গহীন গহীন ঘৰসমূহ দেখি মনটো প্ৰথম দৃষ্টিতেই ভাল লাগি আহিছিল।

টিলাময় স্কুলৰ গছ বনৰ মাজত দুই তিনিটা গুহা আছিল। মুখখন আপেক্ষাকৃত সৰু হলেও ভিতৰখন আহল বহল,  বোধকৰো আনটো মূৰ গংগাৰ পাৰত ওলাইছিলগৈ। স্কুলৰ সংগম নামৰ  হোষ্টেল আছিল গংগা আৰু বৰুণা  নৈৰ সংগমস্থলীৰ কাষত। ওচৰতে গংগাৰ পাৰৰ এক বিখ্যাত  ঘাট।  নাম আদিকেশৱ ঘাট। ঘাটৰ সংলগ্ন মন্দিৰৰ আৰতি “জয় গণেশ,জয় গণেশ দেৱা, মাতা পাৰবতী, পিতা মহাদেৱা” প্ৰতি সন্ধিয়াই কৰ্ণগোচৰ হয়। প্ৰথম বছৰতো নিবাসী আছিলোঁ সংগম হোষ্টেলৰ। পিছৰ বছৰকেইটাত স্কুলৰ মধ্যভাগত অৱস্থিত চাউথ হাউস,  নৰ্থ হাউস,ইষ্ট হাউস  আৰু ৱেষ্ট হাউসত একোটাকৈ বছৰ অতিবাহিত কৰিছিলোঁ। চাৰিওটা হোষ্টেলৰ মাজত  এটি পানীৰ ফোঁৱাৰা থকা এখনি পাৰ্ক। আন এঠাইত আছিল সৰু ল’ৰা-ছোৱালীৰ  ফাৰ্ষ্ট আৰু চেকেণ্ড হোষ্টেল। কেবল ছোৱালীৰ বাবে আছিল থাৰ্ড হোষ্টেল। সেই কেইটাৰ কাষত আছিল গোল্ডেন হোষ্টেল নামৰ গেষ্ট হাউস। এইকেইটা পাৰ হৈ  গলে পোৱা যায় বৰুণাৰ গাতে লাগি থকা স্কুলৰ সুবিশাল  খেল পথাৰ। এইখনৰ বাদেও স্কুলৰ আৰু কেইবাখনো  সৰুসুৰা খেলপথাৰ আছিল য’ত কেতিয়াবা  ক্ৰিকেট টুৰ্ণামেন্ট হৈছিল আৰু পুৱাবেলা  পিটি, ড্ৰিল আদি হৈছিল। স্কুলৰ প্ৰধান খেলপথাৰত  বাৰ্ষিক খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। খেলপথাৰৰ ম’টো আছিল- “খেলত জিকা-

জিকা-হৰাটো ডাঙৰ কথা নহয়, ভাগ লোৱাটোহে মূল লক্ষ্য হ’ব লাগে”। মোৰ সৈতে একেলেথাৰিয়ে  তিনিবছৰ স্কুলৰ তিনিঠেঙিয়া দৌৰৰ পাৰ্টনাৰ সুৰেন্দ্ৰ আজি আমেৰিকাৰ এজন বিখ্যাত  নিউক্লিয়াৰ বিজ্ঞানী।

একেদৰে পঢ়াৰ ক্ষেত্ৰত আমাক কোৱা হৈছিল- ” প্ৰতিযোগিতা নিজৰ সৈতে কৰা, আনৰ সৈতে নহয়। ইবাৰতকৈ  সিবাৰ ভাল ফলাফল কৰি নিজৰ সৰ্বোচ্চ উজাৰি দিয়া”। আমি পঢ়াৰ সময়ত পঢ়া, খোৱাৰ সময়ত খোৱা, খেলাৰ সময়ত খেলা  নীতি নিষ্ঠাৰে পালন কৰিছিলোঁ।  পুৱাবেলা শ্ৰেণী বহাৰ আগতে এচেম্বলী হলত  প্ৰাৰ্থনা অনুষ্ঠিত হৈছিল। দুপৰীয়া বিশাল ডাইনিং হলত সকলো ছাত্ৰ আৰু শিক্ষকে একেলগে আহাৰ  গ্ৰহণ কৰিছিলোঁ। আমাৰ খাদ্য আছিল সম্পূৰ্ণ নিৰামিষ। দুঘন্টাৰ বিৰতিৰ মূৰত পুনৰ শ্ৰেণী বহিছিল। পাঠদান শেষ হলে আবেলি খেল-ধেমালিৰ পিছত পুনৰ সন্ধিয়াৰ এচেম্বলী বহিছিল। তাৰ পিছত  হোষ্টেলত নিজা অধ্যয়নৰ শেষত পুনৰ ডাইনিং হলত নিশাৰ ভোজন । দুসপ্তাহৰ মূৰে মূৰে শণিবাৰে এচেম্বলী হলত ভাল ভাল  চিনেমা আনি নিজা প্ৰজেক্টৰৰে দেখোৱাইছিল।  কেতিয়াবা দেওবাৰে বাহিৰত চিনেমা হলটো স্কুলৰ ফালৰ পৰাই লৈ যোৱা হৈছিল। স্কুলত এইদৰে চোৱা চিনেমাৰ ভিতৰত কথপুতলি, দূৰ গগণকী ছাঁওমে, দো আঁখে বাৰহ হাথ নাম মনত আছে।  বেনাৰচৰ কেইবাটাও চিনেমাহলৰ নামৰ পিছত ‘চিত্ৰমন্দিৰ’ শব্দটো যোগ আছিল – যেনে কনহেইয়া চিত্ৰ মন্দিৰ, আনন্দ চিত্ৰ মন্দিৰ। চিত্ৰমন্দিৰত উপভোগ কৰা চিনেমা কেইখনমানৰ নাম হ’ল – দোস্তি, মিলন, মাই ফেয়াৰ লেডি আৰু চাউণ্ড অৱ মিউজিক। এচেম্বলী হলত এবাৰ  দাৰ্জিলিং এস্কাৰচনৰ  ক্যেলাজী চাৰে তোলা  ভিডিঅ’ৰ প্ৰদৰ্শন হোৱা মনত আছে।

স্কুলত সমূহীয়া হোলী আৰু শিক্ষান্ত পৰীক্ষাৰ্থীসকলৰ বিদায় সন্মিলন পতা হৈছিল। যি কোনো উৎসৱ মানেই  মিঠাই, আইচক্ৰিম  আৰু নানাবিধ জুতি লগা খাদ্য। দশম শ্ৰেণীৰ পৰীক্ষাৰ্থী সকলক  নৱম শ্ৰেণীৰ ছাত্ৰ সকলে একোটিকৈ কবিতা লিখি হাতেৰে বনোৱা  গ্ৰিটিংছ কাৰ্ডচেৰে শুভকামনা জনাইছিল। পৰীক্ষা কেন্দ্ৰ পৰিছিল বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ৰ গাতে লগা কামাচ্ছা স্কুলত। স্কুলবাচত উঠোঁতে পৰীক্ষাৰ্থীসকলৰ কপালত তিলক দিয়া হৈছিল। আন আন স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলে ‘ৰাজঘাটৰ গাইগৰুৱে’  পৰীক্ষা দিব আহিছে বুলি তাচ্ছিল্য কৰিছিল। সেইসময়ত  আমাৰ  স্কুলখন আছিল বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ৰ অধীন। প্ৰতি বছৰেই আমাৰ স্কুলৰ ৯৯শতাংশ ছাত্ৰই প্ৰথম বিভাগ অধিকাৰ কৰিছিল আৰু প্ৰথম দহটাৰ ৬।৭টা স্থানো দখল কৰিছিল।

পাঁচটা বছৰৰ মাজত দুসপ্তাহৰ দেৱালী বন্ধ আৰু দেড়মাহৰ বছেৰেকীয়া পৰীক্ষাৰ বন্ধত ঘৰলৈ আহিছিলোঁ। এবাৰ বন্ধৰ সময়ত তিস্তা নৈৰ ৰেলৰ দলঙ বানে উটোৱাই নিয়াত সহপাঠী সুৰেন্দ্ৰৰ  মেৰঠৰ ওচৰৰ হস্তিনাপুৰৰ ঘৰত থাকিব গলোঁ। আন এবাৰ বন্ধত সিও আমাৰ ডিব্ৰুগড়ৰ ঘৰলৈ আহিল। অষ্টম শ্ৰেণীত  মেৰঠত যোৱা সময়তেই আন এজন সহপাঠী জিতেন্দ্ৰৰ আগ্ৰাৰ ঘৰতো  কেইদিনমান থাকি আহিলোগৈ। মেৰঠৰ পৰা দিল্লী হৈ অকলে বাচেৰে কেনেকৈ আন এখন অচিনাকী ঠাই আগ্ৰালৈ যাত্ৰা কৰিছিলোঁ  আজি ভাবিলে আচৰিত লাগে।

পুনৰ স্কুললৈ ঘূৰি আহোঁ।  জীৱনৰ সৰ্বোত্তম সময় সেই পাঁচটা বছৰ আৰু কাহানিও ঘূৰাই নাপাওঁ।  স্মৃতি ৰোমন্থনৰ বেদনাৰ মাজতো লুকাই থাকে এক বুজাব নোৱৰা পৰিতৃপ্তি।  প্ৰশ্ন হয় কি মই মনত পেলাম আৰু কি পাহৰিম ?  স্কুলৰ পৰা লৈ যোৱা বছেৰেকীয়া  পিকনিকত জলপ্ৰপাতৰে পানীৰে গা-ধোৱাৰ কথা, ভয়-ভীত নোহোৱাকৈ গুহা আৰু সুৰংগৰ ৰহস্য ভেদ কৰিবলৈ কৰা প্ৰয়াসৰ কথা, বৰুণাৰ পাৰে পাৰে হালধীয়া সৰিয়হৰ  ফুলৰ নৈসৰ্গিক সৌন্দৰ্যৰ মাজেৰে খোজকাঢ়ি সাৰনাথৰ বৌদ্ধ মন্দিৰ দৰ্শন কৰাৰ কথা, গৰমৰ দিনত খেলৰ সময়ত বাচেৰে গংগাৰ সিটো পাৰলৈ চুইমিং কৰাবলৈ লৈ যোৱাৰ কথা, বৰুণা সিটো পাৰৰ কৃষি কলেজৰ ওচৰৰ বাগিছাৰ মধুৰী পৰম তৃপ্তিৰে খোৱাৰ কথা,শীতকালত ৰ’দত-ঘাঁহনিত বহি পাঠ পঢ়াৰ কথা, কোনোবাটো বন্ধৰ সন্ধিয়া হোষ্টেল বাৰ্ডেন চাৰৰ সৈতে গংগাত নৌকা-বিহাৰ কৰাৰ কথা ……………!

আবেলি খেলপথাৰৰ পৰা ঘূৰোঁতে পেন্টৰ জেপত ভৰোৱা ৰঙা-সেউজীয়া কৰোন্দা (কৰ্জা টেঙা) গছৰ পৰা চিঙি আনি চোবাই চোবাই খাই হোষ্টেল পাইছিলোঁহি। স্কুলৰ ক্ৰাফ্ট লেবৰেটৰীত  মাটিৰ,চামৰাৰ, কাঠৰ, লোহাৰ  নানাবিধ  সামগ্ৰী বনাবলৈ চাৰসকলে আমাক শিকাইছিল – সেই পিৰিয়দটো মোৰ বৰ প্ৰিয় আছিল । সেই লেবৰেটৰীৰ  ওচৰত  আছিল ষ্টুডেন্ট চিকৰুম। মই বসন্ত ওলোৱাত এবাৰ দহদিনমান চিকৰুমত থাকিবলগীয়া হৈছিল।  পুতুল দীদীৰ  তত্বাবধানত থাকি  সকলোৱেই সোণকালে আৰোগ্য লাভ কৰা যেন অনুভৱ কৰিছিল। তেওঁ মাতৃ সুলভ মৰমেৰে বনাই দিয়া প্ৰতিটো খাদ্যই ৰোগীয়া মুখত অমৃত যেন লাগিছিল।

প্ৰতি বছৰে শীতকালত বেনাৰচত নিশাটো জোৰা সংগীত সন্মিলন হয়। বেনাৰচত শাস্ত্ৰীয় সংগীতৰ ইমান লোকপ্ৰিয়তা  নেদেখিলে অনুমান কৰা টান। পিটি চাৰ হোবদাৰ সিঙজীৰ সৈতে আন কেইজনমান ছাত্ৰৰ সৈতে  ময়ো গৈছিলোঁ বিৰজু মহাৰাজৰ নৃত্য, পাৰবীন চুলতানাৰ গায়ন আৰু  কিষন মহাৰাজৰ তবলা বাদন উপভোগ কৰিবলৈ। গোটেই নিশাটোত দুটা বা তিনিটা কাৰ্যসূচীহে থাকে। পাৰবীন চুলতানাৰ কন্ঠত ‘ধুনীয়া ধুনীয়া বুলি নকবা মিছাই, কিয় জানা লাজ লাগি যায়’ পোন প্ৰথমবাৰৰ বাবে তেতিয়াই  শুনিছিলোঁ।

ভাল লাগিছিল স্কুলত ফাকুৱা উৎসৱৰ সন্ধিয়া মন্ত্ৰোচাৰণৰ মাজত দাউ দাউকৈ জ্বলি উঠা ‘হোলিকা দাহন’ উপভোগ কৰি।  সমনীয়াক আমাৰ মেজিৰ জুইৰ কথা তেতিয়া কৈছিলোঁ।

মনত পৰা এটি হাঁহি উঠা দুষ্টালি- ষষ্ঠ শ্ৰেণীত এদিন দুপৰীয়া মোৰ বাহিৰে ৰুমৰ আন সহপাঠী চাৰিওজনেই নিজ নিজ বিচনাত টোপনিত লালকাল।  তেতিয়া মই স্কুলত আৰু হোষ্টেলত নতুন।  দুপৰীয়া শোৱাৰ মুঠেই অভ্যাস নাই। হঠাতে মূৰত কিহে কিলবিলালে ক’ব নোৱাৰোঁ  । টেবুলৰ পৰা কেম্যেল ৱাটাৰ কালাৰৰ টিউব কেইটামান তুলি ল’লোঁ আৰু শুই থকা সহপাঠী কেইজনৰ  মূখমণ্ডলত দাঢ়ি-গোফ অংকন কৰাত লাগি গলোঁ। সেই কেইদিন শ্ৰেণীত পঢ়াই থকা শিবাজী আৰু মহাৰাণা প্ৰতাপৰেই ঘাইকৈ  ৰূপ দিয়াৰ প্ৰয়াস কৰিলোঁ।  সাৰ পাই ইটোৱে সিটোক চাই পোনতে খুব হাঁহিলে। পিছত মোৰ পৰিষ্কাৰ মুখখন দেখা পালতহে গোমৰ ফাঁক ওলাই পৰিল। দুই ৱাৰ্ডেনে মোক কথা শুনালে আৰু বুজনিও দিলে।

সপ্তম শ্ৰেণীত এদিন দুপৰীয়া ভোজন  বিৰতিৰ সময়ত প্ৰিন্সিপাল চাৰৰ অফিচ কোঠাত সোমালোঁ  উদ্দেশ্য ডাষ্টবিনত  পেলাই দিয়া দেশ-বিদেশৰ চিঠিৰ লেফেফাৰ পৰা ডাক টিকট সংগ্ৰহ কৰা।  ডাষ্টবিন খুচৰি থাকোঁতেই আকস্মিকভাৱে প্ৰিন্সিপাল জে পিজী  চাৰ আহি ওলালেহি। চাৰৰ আগমণত ভয় খালোঁ  যদিও সঁচা কথাটো কোৱাত চাৰে মোৰ ওপৰত অকনো খং নকৰিলে।

সপ্তম শ্ৰেণীত ভূগোল পিৰিয়ডটো আমাৰ বহুতৰ বৰ প্ৰিয় আছিল।  তাৰ বিশেষ কাৰণটো হ’ল বিশ্বনাথনজী চাৰ। আমি ভাৰতৰ উপৰিও দেশ-বিদেশৰ মেপ আজৰি সময়ত আঁকি চাৰক দেখোৱাইছিলোঁ।  চাৰে মূল্যাংকণ কৰিছিল এইদৰে – ফেয়াৰ, ভেৰী ফেয়াৰ, গুড, ভেৰী গুড আৰু এস্কিলেন্ট।  আমাৰ কেইবাজনেও একেখন মেপকে বাৰে বাৰে আঁকি চাৰক দেখোৱাইছিল।  ভেৰী গুড আৰু এস্কিলেন্ট পোৱা মেপ জমা কৰাটো চখত পৰিণত হৈছিল।

অষ্টম শ্ৰেণীত কেইবাটিও ঘটনাই ৱাৰ্ডেন আৰু হিন্দী শিক্ষক সুধাকৰ তেৱাৰীজী চাৰৰ লগত মোৰ ঘনিষ্ঠতা প্ৰগাঢ় কৰি তুলিলে।  এদিন দুপৰীয়া নিজৰ কোঠালিৰ বিচনাত বাগৰি আপোনপাহৰাহৈ হিন্দী চিনেমাৰ এটি গীত গাই আছোঁ।  চাৰে কোঠালিত  প্ৰবেশ কৰি মোক বুজনি দিলে –  বোলছবিৰ এই পাতল গীতবোৰ কিয় গাব লাগে। এচেম্বলীত গোৱা ‘গীতিমালিকা’ কিতাপত  ইমান  ভাল ভাল গীত,ভজন আছে সেইবিলাকহে আদৰিব লাগে ইত্যাদি। মই চাৰৰ বুজনিত অবুজন যেন হৈ উঠিলোঁ।  প্ৰতিবাদ কৰি দুই নে তিনি পৃষ্ঠাৰ এখনি চিঠি লিখি পিছদিনা দুপৰীয়া চাৰৰ কোঠাত থৈ আহিলোঁগৈ। চাৰে চিঠিখন পঢ়ি উঠি মোক মাতি পঠালে  আৰু চিঠিৰ তলত মন্তব্য লিখি মোৰ হাতত তুলি দিলে -তুমি মুকলি মনেৰে জীৱন সংগীত গাই যোৱা ! চাৰৰ মন্তব্য পঢ়ি মই চকুৰ লোতক ৰোধিব নোৱাৰিলোঁ।  চাৰে মোক সাবটি ধৰি আশীৰ্বাদ দিলে। ইয়াৰ পিছৰ পৰা চাৰে মোৰ লিখনি যেনে চৰিত্ৰ চিত্ৰণ, কবিতাৰ  বাখ্যা, স্বৰচিত ৰচনা শ্ৰেণীত পঢ়ি সকলোৰে আগত পঢ়ি মোৰ মুকলিকৈ প্ৰশংসা কৰিব ধৰিলে। স্কুল এৰাৰ পিছতো  তেৱাৰীজী চাৰৰ লগত  তেখেত জীৱিত থকালৈকে পত্ৰযোগে যোগাযোগ অব্যাহত আছিল আৰু মই কেইবাবাৰো চাৰক লগ পাবলৈ ৰাজঘাটলৈ আহিছিলোঁ।

নৱম শ্ৰেণীত ইতিহাস আৰু সমাজ বিজ্ঞান পঢ়োৱা ‘গুল্লুজী’ চাৰৰ সান্নিধ্যলৈ আহি ন ন কথা শিকি বাৰুকৈয়ে প্ৰভাৱিত হলোঁ।  মই চাৰক কলোঁ মই এখন কিতাপ লিখিম।  চাৰে  কলে সকলো কথা বিতংকৈ জানিবলৈ অধ্যয়নৰ প্ৰয়োজন। স্কুলৰ লাইব্ৰেৰী লৈ গ’ল আৰু লাইব্ৰেৰীয়ানক ক’লে  ইয়াক যেতিয়াই যি কিতাপ লাগে দিব। এই চাৰেই মোক  জীৱনৰ লক্ষ্য  “এজন ভাল চিকিৎসক আৰু এজন ভাল মানুহ” হ’বা বুলি দীক্ষা দিছিল। পৰিতাপৰ কথা স্কুল এৰাৰ পিছত চাৰ জীৱিত থকালৈকে  ৪।৫বছৰ ডাক যোগে চাৰৰ লগত যোগাযোগ আছিল যদিও চাৰৰ লগত আৰু কাহানিও  সাক্ষাৎ হোৱাৰ সৌভাগ্য নহ’ল।

ৰাজঘাট বেচেন্ত স্কুলত সেই সময়ত বিভিন্ন শ্ৰেণীত আমাৰ অসমৰ ৮।১০জন ছাত্ৰ-ছাত্ৰী আছিল।  একগোটহৈ বন্ধত ঘৰলৈ যাওঁতে কেতিয়াবা আমাক সংগ দিছিল স্কুলৰ এজন শিক্ষকে নহ’লে অসমৰ পৰা অহা এজন অভিভাৱকে। আজি ৰাজঘাটৰ ছাত্ৰসকল বিশ্বৰ বিভিন্ন কোণত ব্যাপ্তহৈ আছে যদিও ভাতৃত্ববোধৰ ডোলেৰে  নেদেখা এনাজৰীৰৰ বান্ধোনত বন্ধা।

যোৱা বছৰ  প্ৰকাশিত মোৰ কিতাপ ‘কাটাৰৰ ডায়েৰী’ উচৰ্গিত হৈছে মোৰ পিতৃ-মাতৃৰ সৈতে এই দুই মোৰ পৰম আৰাধ্য শিক্ষাগুৰুৰ চৰণকমলত।  বেচ কেইবছৰমান আগতে মোৰ জীৱনক এক মাৰ্গ দৰ্শন কৰোৱা  ৰাজঘাট বেচেন্ত স্কুলৰ বিষয়ে কিছু কথা ‘আমাৰ অসম’ত আৰু কিছু কথা  ‘প্ৰান্তিক’ত  প্ৰকাশিত হোৱাত অসমৰ বিভিন্নজনৰ বিশেষ সমাদৰ পাই মই ধন্য হৈছিলোঁ।  আজি মই নাজানোঁ কিহৰ তাৰণাত অকব গোটত মনৰ ভাৱ বিলাবৰ মন গ’ল।  এই ঘটনাবহুল শৈশৱৰ স্মৃতিবোৰেই হ’ল মোৰ জীৱনৰ এক বহুমূল্য সম্পদ !  যেন ক’ৰবাৰ পৰা এটি ৰিণিকি ৰিণিকি সুৰত ভাঁহি আহিছে _

“কোই লৌটাদে মেৰে বীতে হুয়ে দিন ….. “!!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক