শৈশৱৰ ৰহঘৰা (মনীষা বড়া হালৈ)

জীৱনৰ শৈশৱকাল সকলোৰে এক স্মৰণীয় সময়| আমাৰ শৈশৱো আছিল ৰং ধেমালিৰে পৰিপূৰ্ণ এক ফুটুকীয়া চোলাৰ নিচিনা| শৈশৱৰ ৰহঘৰা ভাবিলে এতিয়াও আপোন পাহৰা হওঁ | ক্ষন্তেক সময়ৰ বাবে আপোন পাহৰা হৈ দৰা-কইনা খেলোঃ

অ’ তুলতুল অ’ বুলবুল
অ’ সেউতী তৰা
লুকা-ভাকু ভাল নালাগে
খেল কইনা-দৰা|
তুলতুল আমাৰ কইনা হ’ব
বুলবুলয়ে হওঁক দৰা
মই নামতি নাম লগাই দিম
দৰাঘৰীয়াক যোৰা|
লগৰ ল’ৰা-ছোৱালী মিলি দৰা-কইনা খেলিছিলোঁ | মাহঁতৰ চাদৰ পিন্ধি কইনা হৈছিলোঁ| দৰা-কইনা কোন কোন হ’ব তাক লৈ কেতিয়াবা কাজিয়াও হৈছিল| মাজে মাজে কণীৰ চুকুৰাটোত মুখ আঁকি, মাৰি এডাল লগাই কাপোৰ পিন্ধাই দৰা-কইনা সাজিছিলোঁ| খেলৰ মাজতে ৰন্ধা-বঢ়াও হৈছিল| নাৰিকলৰ কোৰোকাত ভাত ৰান্ধিছিলোঁ আৰু গছ-পাত, ফুল খোৱা বস্তু কৰিছিলোঁ| কোনোবা দুজনী আলহী হৈ আহিছিল আৰু চাহ, ভাত খাবলৈ দিছিলোঁ| কিমান যে ভাল লগা আছিল দিনবোৰ!|
প্ৰথম অ, আ শিকা দিনটো- ফলিখনত ডাঙৰ অ এটা লিখি দিছিল আৰু তাৰ ওপৰত ঘঁহাই থাকিবলৈ দিছিল| এনেকৈয়ে এটা এটাকৈ লিখিবলৈ শিকিছিলোঁ| ফলি মোহাৰিবলৈ কাপোৰ এটুকুৰা তিয়াই লৈছিলোঁ, বহত গছৰ গুটিও লৈছিলোঁ| পুৰণা কলমৰ তলৰখিনিত পেঞ্চিল ভৰাই কলমৰ দৰে সাঁজি লৈছিলো| চতুৰ্থ শ্ৰেণীৰ এটা কথা মনত পৰিলে এতিয়াও হাঁহি উঠে| নন্দেশ্বৰ ছাৰে অংক নোৱাৰিলে বেঞ্চৰ ওপৰত উঠাই ভৰিত মাৰিছিল| আমি দুখ পাই কন্দাতকৈ হাঁহিছিলোহে|
নানা খেল খেলিছিলোঁ| কিছুমানৰ নামবিলাক পাহৰিয়েই গৈছোঁ| হেতালি খেলিলে কোন প্ৰথম হয় তাৰ প্ৰতিযোগিতা! নৰা বগৰীৰ গুটিটো দুফাল কৰি কড়ি হিচাবে খেলিছিলোঁ| লিচু খাই গুটিটো মাজতে কাটি, মাৰি এডাল লগাই ঘূৰাইছিলোঁ| বেছি সময় যাৰ ঘুৰিছিল তাৰ কি ফূৰ্তি! আঘোণ মাহ সোমালে ন-খোৱা আৰম্ভ হয় | বছেৰেকীয়া পৰীক্ষাও শেষ হয় | যাৰ ঘৰত ন-খোৱা থাকে, সন্ধ্যাতে গোট খাই চোৰ-পুলিচ খেলিছিলো আৰু নম্বৰবোৰ কাগজত লিখি গৈছিলোঁ| শেষত হিচাব কৰি কোন জিকিল উলিয়াইছিলোঁ|

ৰজাই হুকুম দিছে এডিম চেডিম বাই
কি হুকুম দিছে এডিম চেডিম বাই
ছোৱালী এজনী লাগে এডিম চেডিম বাই
কোনজনী ছোৱালী লাগে এডিম চেডিম বাই
এইজনী ছোৱালী লাগে এডিম চেডিম বাই
যোৱা সখী যোৱাগৈ ৰজাৰ ৰাণী হোৱাগৈ..
লিখি থাকোতে এনে লাগিছে যেন খেলিহে আছো! শৈশৱৰ সখীসকলৰ মুখবোৰ মনলৈ আহি গৈছে| কিমান বছৰেই হ’ল তেওঁলোকক লগ নোপোৱা | সকলো এতিয়া মাথো স্মৃতি|
মাটিত আঁচ টানি ঘৰ-ঘৰ কৰি ঘিলা গুটিৰে খেলা এটা খেল আছিল| এখন ভৰি দাঙি জাপ মাৰি-মাৰি খেলিব লাগে| খেল শেষ হ’লে গুটিটো ভালকৈ থৈ দিছিলোঁ| কাবাডীৰ দৰে এটা খেল আছিল, আমি চু… বুলি কৈছিলোঁ| মাজত আঁচ পাৰি দুফালে দুটা ফৈদ থাকে| এফালৰ পৰা এজনীকৈ চু…বুলি কৈ যাব লাগে| কাৰোবাৰ গাত চুব পাৰিলে সেইজনী খেলৰ পৰা ওলাই যাব লাগে| এই খেলত কাৰ উশাহ দীঘল গম পোৱা যায়|

ইমানবোৰ খেল আছিলে যে কৈ থাকিলে শেষেই নহ’ব| মাঘৰ বিহুৰ দিনা মেজি পুৱাই এখন পথাৰত খেল পতা হৈছিল| কুকুৰা-যুঁজ, মিউজিকেল চেয়াৰ, পা-পানী, টেকেলি ভঙা, ৰচী টনা| এতিয়া গাঁৱত সেইবিলাক নাইকিয়া হ’ল| সকলো সময়তে ল’ৰা-ছোৱালী কাৰ্টুন চোৱাতে ব্যস্ত|
অলপ পঢ়িব পৰা হোৱাত “বুঢ়ী আইৰ সাধু” কিতাপখন জোঁটাই জোঁটাই পঢ়িছিলোঁ| চিলনীৰ জীয়েকৰ সাধু, তেজীমলা ইমান ভাল লাগিছিল! তেজীমলালৈ ইমান দুখ লাগিছিল| তেজীমলাই গোৱা গানটো পঢ়িলে সেই কুমলীয়া মনেও বৰ কষ্ট পাইছিলঃ

হাতো নেমেলিবি ফুলো নিচিঙিবি
ক’ৰে নাৱৰীয়া তই?
পাট কাপোৰৰ বাবে মাহী আয়ে খুন্দিলে
তেজীমলাহে মই

শিশু আলোচনী সফুঁৰা, মৌচাক, চান্দমামা, টিংকল প্ৰিয় আছিল | টিংকলৰ সুপন্দি, বীৰবল আৰু নাচিৰুদ্দিন বৰ ভাল লাগিছিল| অলপ ডাঙৰ হোৱাৰ পৰা প্ৰান্তিক পঢ়িবলৈ লৈছিলোঁ| সেইবাবে প্ৰান্তিক এতিয়াও মোৰ প্ৰিয় আলোচনী |
অষ্টমমানৰ পৰা ৰঞ্ছু হাজৰিকাৰ উপন্যাস পঢ়িবলৈ লৈছিলোঁ| মাহঁতে উপন্যাস পঢ়িবলৈ নিদিছিল| লুকাই লুকাই পঢ়িছিলোঁ| লগৰ ছোৱালীবোৰে স্কুললৈ আহোতে লৈ আহে আৰু আমি লুকাই লুকাই পঢ়িছিলোঁ| লিখি থাকিলে যেন শেষেই নহ’ব শৈশৱৰ ৰঙ-ৰহইচ, খেল-ধেমালি | এনেকুৱাই আছিল আমাৰ শৈশৱৰ ৰহঘৰা!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments