শৈশৱৰ ৰূপছায়াত ভোগালীৰ সুখ-দুখ (ৰাজীৱলোচন বৰ্মন)

ৰাজীৱলোচন বৰ্মন
(বিহু খাবলৈ পুৱাই আহি পোৱা মানুহজনক সন্ধিয়া পঠিয়াই দিবলৈ যেন আমি কোনো ৰাজী নহয়। কিন্তু কর্তব্যৰ দোহাই দি দেউতাই যোৱাটোকেই খাটাং কৰিলে। মায়ে ধুবলৈ উলিওৱা দেউতাৰ কাপোৰবোৰ দেউতাই আনি আকৌ বেগত ভৰালে। দেউতাই ‘যাবই লাগিব’ বুলি ঠিৰাং কৰাৰ পাচত যেন সময়বোৰ দৌৰিবলৈ ধৰিলে।)

শৈশৱৰ ৰূপছায়াত ভোগালীৰ সুখ-দুখ

নতুন বছৰৰ উলহ-মালহ শেষ নৌহওঁতেই আহি উপস্থিত হয় আমাৰ মৰমৰ ভোগালী বিহু। নতুন বছৰৰ আনন্দ আৰু ভোগালীৰ উলহ, এই দুয়োটা কথা ভাবিলেই মই মোৰ শৈশৱলৈ উভতি যাওঁ। ৰোমন্থন কৰি ৰওঁ মোৰ ল’ৰালিৰ দিনবোৰ।

‘পাখি পাখি এই মন
পাখি লগা মোৰ মন
পাখি মেলি যায় উৰি’

স্কুলৰ বছৰেকীয়া পৰীক্ষা শেষ হোৱাৰ পাচত কিছুদিনৰ বাবে আমি যেন হৈ পৰোঁ মুকলি আকাশৰ একোটা পখী; কোনো কথাতে একো হকা-বাধা নাই। নতুন ক্লাছৰ বাবে দিস্তা কাগজ আনি বহী বান্ধিবলৈ পাতবোৰ ভাঁজ কৰোঁ, মা আৰু বাইদেৱে বহী চিলাই দিয়ে। নতুন বহী-কিতাপত বাক্‌লা লগোৱা, লেবেল লগোৱা নানা কাম। তাৰ মাজতে বজাৰৰ পৰা আর্ট-পেপাৰ আনি সেইবোৰ একোটা জোখত কাটি তাত ৰং-বিৰঙৰ ফুল, নতুন পুৱাৰ সূর্য, মিকি-মাউছ আদি বিভিন্ন কার্টুন চৰিত্র আঁকি গ্রীটিং-কার্ড ঘৰতে তৈয়াৰ কৰিছিলোঁ। তাৰ মাজতে আমাৰ ওচৰৰে বাবলুৱে আহি ইংগিত এটা দি যায়। বাবলুৰ ইংগিতমতে গৈ দেখোঁ উপেন দাদাহঁতৰ সন্মুখৰ ফিল্ডত আমাৰ ক্রিকেট টীম হাজিৰ। শচীন, দ্রাবিড়, গাংগুলীৰ অনুপ্রেৰণাত আমিও হৈ পৰোঁ একো একোজন শচীন, দ্রাবিড়, গাংগুলী। নাই দুপৰীয়াৰ খেয়াল, নাই আবেলিৰ খেয়াল, যেতিয়াই মন যায় তেতিয়াই ক্রিকেট। এনেকৈয়ে দিনবোৰ পাৰ হয় আৰু আহি পৰে ৩১ডিচেম্বৰ। আমাৰ ক্রিকেট খেলৰ লগৰীকেইজনে প্রতিজনে দহ টকা, পাঁচ টকাকৈ দি মাংস কিনাৰ ব্যৱস্থা কৰোঁ। লগতে প্রতিঘৰৰে পৰা আহে চাউলকে ধৰি অন্যান্য সামগ্রী। তাৰ পাচত বাবলুহঁতৰ ঘৰত নাইবা আমাৰ ঘৰৰ চাদৰ ওপৰত ৰন্ধাৰ আয়োজন চলে। আমি পিলিঙাবোৰেই ৰান্ধি আমিয়েই খাওঁ। একেদৰেই আমি চলাওঁ মাঘৰ উৰুকাৰ আয়োজন। সকলোৰে ঘৰত মাছ-মাংসৰ নানা জুতি লগা ব্যঞ্জন তৈয়াৰ কৰিলেও মাঘৰ বিহুৰ উৰুকাত লগ-সমনীয়াৰ লগত এসাঁজ খোৱাৰ আনন্দই বেলেগ।

প্রতি বছৰে মাঘ বিহু ওচৰ চপাৰ লগে লগে বিশেষ দিন এটাৰ কথাই মনলৈ আহে। চাকৰিৰ বাবে দেউতাৰ নানা ঠাইলৈ বদলি হৈ থাকে। এবাৰ দেউতাৰ বদলি হৈছিল অৰুণাচলৰ বান্দৰদোৱালৈ। তেতিয়া আমাৰ ঘৰত ফোন নাছিল বাবে দেউতাই আমাৰ সন্মুখৰ খুড়াহঁতৰ ফোনত তেওঁৰ কুশল-বার্তা জনাইছিল। অৰুণাচলত থকা সময়ছোৱাত দেউতা প্রায় দুই/তিনি মাহৰ মূৰতহে ঘৰলৈ আহে। দেউতা ঘৰত থকা দিনকেইটা আমাৰ বাবে উমাল হৈ থাকে। কিন্তু যোৱাৰ দিনা ঘৰখন উৰুঙা উৰুঙা হৈ পৰে। অ’ফিচৰ ব্যস্ততাৰ মাজতো উৎসৱ-পার্বনৰ দিনকেইটা পৰিয়ালৰ লগত, আপোনজনৰ লগত কটাবলৈ তেখেতে সাধ্যানুসাৰে চেষ্টা কৰে। সেয়ে চাকৰিসূত্রে দেউতা য’তেই নাথাকক কিয় বিহুৱে, পূজাই ঘৰত আহি উপস্থিত হয়।

সেইবাৰো দেউতা মাঘ বিহুৰ বাবে লোৱা ছুটীৰ দিনকেইটা আপোনজনৰ লগত কটাম বুলি উৰুকাৰ আগদিনাই আহি পাইছিল। নৈশবাছত ভ্রমণ কৰি আহে বাবে প্রতিবাৰে দেউতাক যথেষ্ট ভাগৰুৱা যেন দেখা যায়। সেয়ে প্রতিবাৰে আহি পোৱাৰ পাচত মায়ে যতনাই দিয়া লুচি-ভাজি, চাহ খাই তেখেতে এঘণ্টামান জিৰণিলৈহে আন কামত হাত দিবলৈ আৰম্ভ কৰে। সিদিনাও লুচি-ভাজি, চাহ খাই দেউতাই জিৰণি ল’বলৈ গ’ল। মায়ে দেউতাই অনা কাপোৰৰ বেগটো খুঁচৰি ধুবলগীয়া হৈ থকা কাপোৰবোৰ উলিয়াই পাচফালৰ বাৰান্দাত থ’লে। মই গ’লোঁ আমাৰ বাবলুহঁতৰ স’তে ক্রিকেট খেলিবলৈ। সকলোৱে নিজ নিজ কামত ব্যস্ত।

ক্রিকেট খেলি খেলি ভাগৰ লগাত ঘৰলৈ পানী খাবলৈ আহি দেখোঁ স্বর্গীয়াৰী খুড়া আমাৰ ঘৰত আহি বহি আছে। স্বর্গীয়াৰী খুড়াৰ ভায়েকজন দেউতাৰ সহকর্মী। দেউতা আহিলে সৰু স্বর্গীয়াৰী খুড়াই ককায়েলৈ খা-খবৰ পঠিয়াই থাকে। সেয়ে আজিও তেনে কিবা এটাই হ’ব বুলি ধাৰণা কৰিলোঁ। কিন্তু মোৰ ধাৰণা ভুল বুলি প্রমাণ হ’বলৈ বেছি সময় নালাগিল। ভিতৰলৈ গৈ দেখিলোঁ মাৰ কি কৰোঁ, ক’লৈ যাওঁ অসহায় অৱস্থা। দেউতাই মাক কৈ থকাৰ পৰাই বুজিলোঁ যে দেউতা আজিয়েই উভতি যাব লাগিব। দেউতাৰ অ’ফিচলৈ অডিটৰ আহিছে। লগে লগে ফটফটীয়া হৈ পৰিল স্বর্গীয়াৰী খুড়াৰ আমাৰ ঘৰলৈ আগমনৰ কথা। কিন্তু কথাটো মায়ে কোনোপধ্যে মানি ল’ব পৰা নাই। বিহু খাবলৈ পুৱাই আহি পোৱা মানুহজনক সন্ধিয়া পঠিয়াই দিবলৈ যেন আমি কোনো ৰাজী নহয়। কিন্তু কর্তব্যৰ দোহাই দি দেউতাই যোৱাটোকেই খাটাং কৰিলে। মায়ে ধুবলৈ উলিওৱা দেউতাৰ কাপোৰবোৰ দেউতাই আনি আকৌ বেগত ভৰালে। দেউতাই ‘যাবই লাগিব’ বুলি ঠিৰাং কৰাৰ পাচত যেন সময়বোৰ দৌৰিবলৈ ধৰিলে। সন্ধিয়া হোৱাৰ লগে লগে দাদা আৰু মই দেউতাক বাছ আস্থানলৈ আগবঢ়াই থ’বলৈ গ’লোঁ। ঘৰলৈ উভতি আহি তেতিয়াও চলচলীয়া হৈ থকা মাৰ চকুহাল দেখিলোঁ। আমাৰো মনবোৰ সেমেকি গ’ল। পিচদিনা দেউতা অৰুণাচল গৈ পালে। সিদিনা উৰুকা। দেউতা উভতি যোৱা বাবে আমাৰো যেন উৰুকা উদ্‌যাপন কৰাৰ উৎসাহবোৰ নাইকিয়া হৈ গ’ল…

সোণালী শৈশৱৰ অম্ল-মধুৰ দিনবোৰৰ কথা মনত পৰিলেই আজিও কর্তব্যৰ খাতিৰত উৰুকাৰ আগদিনা আহি সিদিনাই দেউতা উভতি যোৱা দিনটোৰ কথাও আপোনা আপুনি মনলৈ আহে।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক