“শৈশৱ” —– কিছু নষ্টালজিয়া আৰু সাম্প্ৰতিক সময়ৰ কিছু অনুভৱ- জিতুমনি দাস

যান্ত্ৰিক হৈ পৰিছে সময়৷ গ্লোবেলাইজেশ্যনৰ বতাহে গোটেই পৃথিৱীখনকে যেন আমাৰ হাতৰ মুঠিত তুলি দিছে৷ সকলোতে আৰম্ভ হৈছে কেৱল বিচৰাৰ নিগনি দৌৰ৷ এই দৌৰ সৰ্বগ্ৰাসী ক্ষুধাৰ৷ এনে এক সন্ধিক্ষণত কি ৰূপত আছে শিশুৰ মনোজগত? কি ৰঙেৰে ৰঙীন কৰিছে আজিৰ শিশু এটিয়ে তাৰ শৈশৱৰ বাগিছা? এনে কিছুমান চিন্তাই কেতিয়াবা মনত ক্ৰিয়া কৰে৷ এনেবোৰ মুহূৰ্ততে মনটো উৰা মাৰে ল’ৰালিৰ দিনবোৰলৈ৷ নষ্টালজিক হৈ পৰোঁ মই৷

আৰম্ভণি- ক’ৰপৰা আৰম্ভ কৰোঁ? নাই শৈশৱৰ কোনো আৰম্ভণি নাইবা সমাপ্তি মই নিৰ্ধাৰণ কৰিব নোৱাৰোঁ৷ কেৱল ডুখৰীয়া কেতবোৰ ছবি৷ প্ৰতিখনেই স্বয়ংসম্পূৰ্ণ৷ একো একোটা জীয়া স্নেপ৷
শৈশৱ আৰু ককা আইতাৰ মাজত এটি এৰাব নোৱাৰা সম্পৰ্ক আছে৷ ককা আইতা অবিহনে শৈশৱ কৰবাত যেন আধৰুৱা৷ চোতালত পাটী পাৰি ককাৰ সৈতে সাধু শুনিছোঁ৷ ককাৰ মুখত সাধুকথাৰ অসুৰটোৰ জীৱন্ত বৰ্ণনা শুনি ভয়তে কুচিমুচি সোমাই পৰোঁ ককাৰ বুকুৰ মাজত৷ এটা নাম নজনা গোন্ধেৰে মোৰ বুকুৰ ভিতৰখন উপচি পৰে৷ কথাবোৰ ভাবিলে এতিয়াও গোন্ধটো মই অনুভৱ কৰোঁ৷ হয়তো পথাৰ, শস্য, ঘাম আটাইবোৰৰে সংমিশ্ৰিত গোন্ধ আছিল সেয়া৷
ককাৰ দৰে আইতায়ো অধিকাৰ কৰি আছিল আমাৰ বুকুৰ এফাল৷ যৌথ পৰিয়ালটোত আমি ছয় সাতটা ল’ৰা ছোৱালী৷ আইতাৰ দৈনন্দিন ৰুটিন আৰম্ভ হৈছিল জুহালত আমাৰ বাবে চাহ কৰা কাৰ্যটোৰে৷ কেট্‌লি এটাত চাহ উতলি থাকে৷ আন এটা চৌকাত আইতাই তৈয়াৰ কৰি থাকে নাৰিকল দিয়া টেকেলি পিঠাবোৰ৷ পিঠাবোৰ থৈ দিয়া বৃহৎ ডলা এখন আগুৰি আমি ল’ৰা ছোৱালীজাক বহি লওঁ৷ আঃ কি অপূৰ্ব সেই সোৱাদ! এটা, দুটা …এনেকৈ তৃতীয়টো পিঠাত হাত দিয়াৰ লগে লগে আইতায়ো কাষতে থকা এচাৰিডাল হাতত তুলি লয়৷ আৰু আমি তৃতীয়টো হাতত লৈ ভিৰাই লৰ মাৰোঁ৷ দুটা বা তিনিটা টেকেলি পিঠা খাই উঠি এঘণ্টামান পিছত পুনৰ ভাত খাইহে স্কুললৈ গৈছিলোঁ৷ আচলতে শিল খালেও হজম হোৱা বয়স আছিল সেইটো আমাৰ৷ এতিয়া বুজি উঠিছোঁ আজিৰ শিশুবোৰে খোৱা আৰু আমি সেই সময়ত নাম নুশুনা ফাষ্টফুডবোৰতকৈ বহু পুষ্টিকৰ আছিল সেই টেকেলি পিঠাবোৰ৷
পূজাবোৰ আছিল আমাৰ পাৰ ভঙা উছাহৰ অন্য নাম৷ বাৰিষা শেষ হৈ সজাল ধৰা ধানবোৰে থোক মেলে৷ আকাশত উজান উঠে হেঙুল মেঘৰ৷ আমাৰ শিশুমনবোৰেও কিবা উমান পায়৷ দুৰ্গাপূজালৈ বেছিদিন নাই৷ হয়তো কেতিয়াবা কোনোবাজন বিজ্ঞ সমনীয়াই কৈছিল আকাশত এনেদৰে হেঙুল মেঘবোৰে সজাই তোলে দেৱী অহাৰ বাট৷ অপেক্ষাৰ অন্তত এদিন সেই দিনটো আহে৷ আমাৰ মনত সুদূৰ হৈ থকা টাউনৰ পৰা দেউতাই আমাৰ বাবে কিনি অনা চাৰ্টপেণ্টৰ কাপোৰবোৰ চিলাবলৈ ভাইটি আৰু মোক চাইকেলৰ আগেপাছে বহুৱাই বজাৰৰ মিথুন দৰ্জীৰ ওচৰলৈ কাপোৰৰ জোখ দিবলৈ নিয়ে৷ একে ৰঙৰ কাপোৰ ভাইটি আৰু মোৰ৷ সেইটো লৈ অশান্তি হোৱা নাছিল কোনোদিনে৷ দেউতাই আমাক দিয়া কাপোৰযোৰতকৈ ভাল কাপোৰ টাউনৰ বজাৰত আছিলনে নাই সেইকথাও মনলৈ অহা নাছিল৷ সঁচা ক’বলৈ হ’লে জানুৱাৰী মাহত বিদ্যালয় আৰম্ভ হোৱাৰ সময়ত দিয়া ইউনিফৰ্মযোৰৰ পিছত বছৰটোত এইযোৰেই আছিল আমাৰ আনযোৰ হেপাঁহৰ সাজ৷ প্ৰাপ্তিৰ পৰা সন্তুষ্টি ওপজে৷ কিন্তু সেই প্ৰাপ্তি সহজলভ্য হ’লে তাৰ মাদকতাই নাথাকে৷ আজিৰ শিশুবোৰ এইক্ষেত্ৰত যেন কিছু ব্যতিক্ৰম৷ সিহঁতৰ নিজা পছন্দ আছে৷ এইযে মাহেকে পষেকে সিহঁতৰ মৰমৰ আবদাৰবোৰ মানি লৈ দি গৈছোঁ ইটোৰ পিছত সিটো সিহঁতৰ প্ৰয়োজনীয় বুলি ভবা সম্পদবোৰ, কিয় জানো সিহঁতৰ দুচকুত দেখা নাপাও সেই প্ৰাপ্তিৰ আনন্দবোৰ৷ অপেক্ষাবিহীন প্ৰাপ্তিয়ে দিব পাৰে জানো সেই ৰমণীয় অনুভৱ, বছৰজোৰা প্ৰতীক্ষাৰ অন্তত পোৱা সাধাৰণ কাপোৰ এযোৰত যি লুকাই থাকে৷ এককথাত ক’বলৈ গ’লে এযোৰ কাপোৰ, দুটামান বেলুন আৰু দুখনমান জেলেপীৰেই আমি পূজাবোৰ উপভোগ কৰিছিলোঁ, পৰিপূৰ্ণতাৰে৷ সঁচাকৈ শৈশৱৰ স্মৃতিত দুখ কম থাকে৷
আৰু অজস্ৰ আছে শৈশৱৰ ছবি৷ পুহ মাহৰ পৰাই প্ৰস্তুতি আৰম্ভ হয় মাঘৰ বাবে৷ আমি ল’ৰাবোৰে পথাৰৰ পৰা নৰা আনি মেজিঘৰ সাজোঁ৷ উৰুকাৰ নিশা প্ৰতিবেশীৰ জেওৰা ভাঙি ধূনীৰ (ঠাই বিশেষে বেলেগ নাম হব পাৰে) জুইত গা সেকোঁ৷ শৈশৱৰ নিৰ্দোষ ধেমালি৷ উৰুকাৰ গোটেই নিশা উত্তেজনাত আমাৰ টোপনি নাহে৷ ফেহুজালিৰ লগে লগে মেজি জ্বলাওঁ৷ মেজিৰ বাঁহৰ প্ৰতিটো হিলৈৰ লগে লগে কিৰিলি৷ শিশুমনৰ আনন্দৰ বৰ্হিপ্ৰকাশ৷ কুঁৱলি ফালি মিঠা ৰ’দ এচেৰেঙাই আমাক সাবটি লয়৷ মেজিৰ জুইকুৰা নুমাই আহে আৰু আমাৰ মাজত হিচাপ হয় কোনটো চুবুৰীৰ মেজিৰ কিমান হিলৈ ফুটিল৷ শৈশৱৰ পৰা কৈশোৰত ভৰি দিয়ালৈ এইখিনিয়ে আছিল আমাৰ বাবে ভোগালীৰ আটাইতকৈ ভাললগা উপকৰণ৷ কৈশোৰত ভৰি দিয়াত ইয়াত আৰু এটা বিষয় যোগ হৈছিল৷ সেইটো হ’ল উৰুকাৰ ৰাতি লগ হোৱা সমনীয়াৰ লগত কিছু নিষিদ্ধ আলাপেৰে প্ৰত্যেকৰে নিজক জাহিৰ কৰিব খোজা প্ৰৱণতা৷ অৰ্থাৎ আমিবোৰ ডাঙৰ হ’লোঁ৷
ভাব হয় অলেখ প্ৰাচুৰ্য্যতাৰ মাজত থাকিও আজিৰ শিশুবোৰে যেন কিবা হেৰুৱাইছে৷ ডেকা বা আদহীয়া বয়সত শৈশৱক লৈ কিছু পৰিমাণে স্মৃতিকাতৰতাত ভুগিবলৈ আজিৰ প্ৰতিটো শিশুৱে পাৰিবনে সাতোৰঙী ৰামধেনুৰ ৰঙেৰে শৈশৱটো জীপাল কৰিবলৈ? তৰালি ভৰা আকাশৰ তলত পৰীৰ সাধু ক’বলৈ বেছিভাগ পৰিয়ালতে ককা আইতা নাই৷ যৌথ পৰিয়ালৰ ভাঙোনমুখী চিন্তাৰ ফল এয়া৷ তাহানি আমি ধ্ৰুৱতৰাৰ লগত পৰিচয় হৈছিলোঁ ককাৰ মুখত ধ্ৰুৱৰ সাধু শুনি৷ কিন্তু আজিৰ শৈশৱ চিকাৰ হৈছে যান্ত্ৰিকতাৰ৷ সেয়েহে বাঢ়িছে শিশুৰ অপৰাধপ্ৰৱণতা৷ উন্নত দেশবোৰত বাঢ়িছে শিশুৰ আত্মহত্যা৷ আজিৰ শিশুৰ আজৰি সময় ভৰাই ৰাখে ভিডিঅ’ গেইম, কাৰ্টুন ছবিয়ে৷ ফলত বুজা হোৱাৰ বয়স এটাত উপনীত হোৱাৰ পিছতো সিহঁত দুখলগাকৈ ব্যৰ্থ হয় মানৱীয় সম্পৰ্কবোৰৰ মূল্য নিৰূপণ কৰাত৷ শৈশৱটো আনন্দময়, অনুভূতিময় কৰি ৰখাত আমাৰ অভিভাৱকসকলৰ কৰণীয় বহুখিনি আছে৷ যাতে মনৰ উলাহেৰে শিশুসকলে চিঞৰি গাব পাৰে ——
“জোনবাই এ এটি তৰা দিয়া
এটি তৰা নালাগে দুটি তৰা দিয়া “

পুনশ্চঃ শৈশৱৰ এই কথাবোৰ বিশ্লেষণ কৰি থকাৰ সময়তে টাইম মেচিনৰ দৰে যন্ত্ৰ এটিৰে ককাদেউতাৰ শৈশৱটো ভুমূকি চোৱাৰ উদ্ভট চিন্তা এটিয়ে মোৰ সমগ্ৰ সত্ত্বা অধিকাৰ কৰে৷

জিতুমনি দাস

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক