শৈশৱ-কৈশোৰ: এতিয়া-তেতিয়া — ৰুণিমা বৰা

মাজতে মোবাইল ফোনটো বেয়া হৈছিল, মই ঠিক কৰিলো যে ফোন নথকা পুৰ্বৰ দিনবোৰলৈ ঘূৰি যাম, মানে কেইদিনমান ফোনবিহীন আগৰ দিনবোৰৰ দৰে কটাম৷ দুদিন পাছতে কিশোৰ পুত্ৰৰ কটাক্ষ, “কিমান যে ব’ৰিং আছিল তোমালোকৰ দিনবোৰ!” গা বেজবেজাই গ’ল! ‘ব’ৰিং’? ওঁহো, হ’বই নোৱাৰে, অকৃত্ৰিম আনন্দ, নিষ্কলুষ মন আৰু নিৰ্ভেজাল হেঁপাহেৰে ভৰা আমাৰ কৈশোৰৰ সেই দিনবিলাক কোনোপধ্যেই আমনিদায়ক নাছিল!

হয়, মোবাইল ফোনৰ সদম্ভ দপদপনি তেতিয়া নাছিল, কিন্তু নিৰ্ভেজাল স্নেহ আৰু অপাৰ মমতাৰ নিকপকপীয়া বান্ধোন এটাৰ মাজত এনেদৰে সোমাই আছিলো যে ‘বৰিং’ শব্দটো আমাৰ সেই জীৱনবোৰত সোমোৱাৰ কোনো সুৰুঙাই নাছিল৷ মোবাইল নেটৱৰ্ক সেই সময়ত অকল্পনীয় কিবা এটা আছিল, কিন্তু পৰম আত্মীয়তাৰে ভৰা মৰম-ভালপোৱাৰ নেটৱৰ্কটো আমাৰ মাজত খুবেই সক্ৰিয় হৈ আছিল!

ৰেডিঅ’ৰ একচ্ছত্ৰী আধিপত্যক প্ৰত্যাহবান জনাবলৈ তেতিয়া দূৰদৰ্শনৰ অভিজাত আগমন ঘটিছিলহে মাত্ৰ! আজিকালিৰ দৰে চ’ৰাঘৰৰ বিছনাত শুই বহি ৰিম’ট কণ্ট্ৰ’লেৰে শ শ চেনেল চোৱাৰ সুবিধা নাছিল৷ এটাই চেনেল৷ কিন্তু গিজ্গিজাই থকা ৰুমভৰ্তি এমখা মানুহেৰে মিলিজুলি টি ভি চোৱাৰ আমেজেই সুকীয়া আছিল!

পৃথিৱীখন তেতিয়া গ্ল’বেল ভিলেজ (Global village) হোৱাৰ আখৰা আৰম্ভ হৈছিলহে মাত্ৰ, সেয়ে হ’বলা নিজৰ গাঁওখনৰ প্ৰতিটো চুবুৰিৰ, প্ৰায় প্ৰতিখন ঘৰৰ খবৰ সকলোৰে নখদৰ্পণত আছিল, প্ৰায় সকলোৰে মাজত আত্মীয়তাও আছিল, সকলোৰে সুখ-দুখবিলাক সমানে ভগাই লোৱাৰ প্ৰৱণতা এটাও আছিল, কষ্টবোৰ ভগাইছিল, আনন্দবোৰ বিলাইছিল!

আজিকালিৰ ল’ৰা-ছোৱালীৰ দৰে প্ৰতিযোগিতাৰ নিগনি দৌৰত নামি পঢ়া-শুনাৰ প্ৰচণ্ড বোজাত ভাৰাক্ৰান্ত হ’বলগীয়া পৰিৱেশ এটা নাছিল বাবেই কৈশোৰৰ সময়ছোৱাক প্ৰাণভৰি উপভোগ কৰিব পাৰিছিলো যাৰ সোঁৱৰণীত মন এতিয়াও প্ৰশান্তি আৰু সুখানুভূতিৰে আচ্ছন্ন হৈ পৰে৷ পুৱা চকু মোহাৰিয়েই ছয় -সাতমান বজাতে আজিকালিৰ ল’ৰা-ছোৱালীৰ দৰে স্কুললৈ দৌৰাৰ দৰকাৰ আমাৰ নাছিল বাবেই নিয়ৰসিক্ত দূবৰিৰ দলিচাত খোজ পেলাই পুৱাৰ ৰ’দৰ দৰে উজলিবলৈ জানিছিলো, প্ৰখৰ গ্ৰীষ্মৰ ৰিব্ ৰিব্ বতাহজাকৰ দৰে সজীৱতা কঢ়িয়াবলৈ শিকিছিলো, বাৰিষাৰ বৰষুণজাকত ভিজি কেঁচা মাটিৰ গোন্ধত উন্মনা হ’বলৈ পাৰিছিলো, শৰতৰ শেৱালিৰ স্নিগ্ধ সুবাসক আপোন কৰি ল’ব জানিছিলো, হেমন্তৰ পুৱাবোৰত কুঁৱলী ঠেলি ওলোৱা বেলিৰ পোহৰত পথাৰৰ সোণগুটিবোৰৰ সৈতে হালিজালি নাচিব পাৰিছিলো৷ শীতৰ সেমেকা পুৱাবোৰত এৰীয়া কাপোৰখনৰে মেৰিয়াই নিজক উমাল কৰি জুহালত বহি গা সেকাৰ আমেজেই সুকীয়া আছিল! লঠঙা ফাগুনত শিমলু, মদাৰৰ জুই চাই বসন্তৰ এজাৰ, সোণাৰুৰ হাঁহিত চকু জুৰ পেলাই প্ৰকৃতিৰ বুকুৰ মাজলৈ যাবলৈ শিকিছিলো! গে’ম পাৰ্লাৰ, মোবাইল গে’মৰ সলনি কিতাপৰ পাতত জীৱনৰ মৌকোঁহ বিচাৰিছিলো! টেডি বিয়েৰ, মিকি মাউচেৰে আমাৰ সেই দিনবোৰ সমৃদ্ধ নাছিল, অথচ পূৰ্ণতাৰ পৰিতৃপ্তিৰে আমাৰ জীৱন ভৰি আছিল! বেব্লেডেৰে খেলাৰ সৌভাগ্য আমাৰ হোৱা নাছিল, লিচুগুটিৰ মাজত বাঢ়নীকাঠী ভৰাই তাঘূৰ-ঘূৰাই ঘূৰোৱাৰ মজাতেই অনাবিল আনন্দ পাইছিলো!

আমাৰ কৈশোৰত ফাষ্টফুডৰ দোকানবোৰ এতিয়াৰ দৰে উভৈনদী নাছিল; চিপ্চ, কেডবেৰিজৰ ‘জমানা’ও নাছিল, তিনি আলিৰ দোকানৰ আইনাৰ বৈয়ামৰ টেঙা মৰ্টন, ডালবুট, বন বগৰী, সব মিছলেই লোভ লগাইছিল৷ পিজ্জা, বাৰ্গাৰৰ নাম-গোন্ধই নাছিল, অথচ সাপ্তাহিক বজাৰৰপৰা অনা নকুলদানা আৰু পকৰি কেইটাৰ সোৱাদ আজিও দেখোন জিভাৰ আগত লাগি আছে! ৰাতিপুৱা মুখখন ধুই লৈ ধনেশ্বৰ কাইৰ দোকানলৈ দৌৰিছিলো, কেতিয়াবা আগফালৰ জাপ খোলাই নাছিল, ঘৰৰ পিছদুৱাৰেদি বৌয়ে দিয়া কুকিজ আৰু ‘বন’ৰ সোৱাদ আজিও পাহৰা নাই৷ চিকেন বিৰিয়ানী, ফ্ৰাইড্ ৰাইচ তেতিয়া দেখাই নাছিলো, অভিজাত কাৰোবাৰ বিয়াতহে পোলাও খাইছিলো, কিন্তু খৰিৰ চৌকাৰ দগমগীয়া জুইত কেৰাহীত ৰন্ধা মাৰ হাতৰ জৰজৰীয়া ভাত কেইটাৰ সোৱাদ মনত পৰিলে আজিও দুচকু সেমেকি উঠে৷

তাহানিৰ বিয়াবোৰত নতুনকৈ চূণ-তেল দি চিকুণ কৰা ঘৰবোৰত আত্মীয়-স্বজন, গাঁৱৰ ৰাইজ সকলো বিয়া বুলি উবুৰি খাই পৰে৷ থপ্থপীয়া বুটৰ দাইল, লাব্ৰা এখন, সৰিয়হেৰে জলকীয়াৰ চাটনি এখন, ৰসগোল্লা এটাৰ লগত ভূজিয়া -বুন্দিয়া এমুঠিৰে সেমেকি যোৱা ডাঠ লুচি কেইখনকো আতিথ্যৰ উষ্ণতাই ইমান সুস্বাদু আৰু লোভনীয় কৰি তুলিছিল যে সেই সোৱাদ সোঁৱৰণীত সদা সজীৱ হৈ ৰৈ গ’ল! আজিকালিৰ বিয়াত লাখটকীয়া পেণ্ডেল, জাকজমকীয়া আলোকসজ্জা, অন্তহীন আইটেমেৰে ভৰা বুফেৰ মেনুৰ ভৰত অতিথিৰ আদৰ-আপ্যায়ন ক’ৰবাতে তল পৰি যায়!

কৈশোৰৰ সেই সোণসেৰীয়া দিনবোৰত ঘৰৰ অনুশাসনৰ মাজতো আবেলিবোৰত পথৰুৱা গো-বাটত অনাই অনাই-বনাই ঘূৰিছিলো, দুপৰীয়া বাৰীৰ বগৰী, জলফাই, আম আদি বতৰৰ ফলৰ জুতি লৈছিলো, আবেলি স্কুলৰ ফিল্ডত খেলা -ধূলাৰ মাজত নিজক হেৰুৱাইছিলো৷ গো -ধূলি উৰুৱাই অহা গধূলিবোৰত ভাগৰ লাগি সন্ধ্যা পঢ়াৰ টেবুলত বহি টোপনিয়াই গালি শুনাৰ কাহিনীবোৰে আজি মনলৈ হাঁহি কঢ়িয়ায়৷ ল’ৰালিত পথাৰৰ নৰানিত বহি দাৱনীৰ সৈতে কেতিয়াবা ৰবাব টেঙা, কেতিয়াবা লাল চাহ, কেটলি পিঠাৰ জুতি লোৱাৰ সোঁৱৰণীবোৰো আঘোণৰ মায়াসনা কুঁৱলীৰ দৰেই আজিও মনোৰম! কৈশোৰতে মুনি-চুনি বেলিৰ পোহৰত আকাশৰ বুকুৰ বৰ্ণিল ৰং চাই আপোনপাহৰা হৈছিলো, আকাশৰ বুকুৰ নীলাভ শূন্যতাত কপাহৰ দৰে শুভ্ৰ অলস মেঘবোৰ ভাহি ফুৰা দেখি শিহৰিত হৈছিলো! শাৰদী পূৰ্ণিমাৰ জোনাক দেখি ৰোমাঞ্চিত হৈছিলো; নদী, পাহাৰ, ভৈয়াম, সাগৰৰ সৌন্দৰ্যত অভিভূত হ’বলৈ কৈশোৰেই শিকাইছিল! জীৱনমুখী হোৱাৰ পাঠ কৈশোৰেই আমাক পঢ়াইছিল৷

সকলোৰে শৈশৱ, কৈশোৰবোৰ সাধাৰণতে সোণোৱালী আৰু মধুময় হয়; তেতিয়াও, এতিয়াও! আমি একো নাই পোৱা বুলি ভবা আজিৰ প্ৰজন্ময়ো সময়ত সিহঁতৰ ভাললগাবোৰ ইয়াৰ মাজৰ পৰাই বুটলি ল’ব৷

কৈশোৰৰ সোণসেৰীয়া স্মৃতিবোৰ সকলোৰে হিয়াৰ মাজত, বুকুৰ কোণত নিজৰি নিজৰি প্ৰবাহিত হৈ থাকক — জীৱনৰ সঞ্জীৱনী সুধা হৈ!

‘ব’ৰিং’ নহয়৷ বৰং বৰ বৰ্ণিল আছিল — ৰামধেনুৰ সাতোৰঙেৰে! নে আপুনি বা কি কয়?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক