শ্বপিং মল (দিগন্ত কুমাৰ ভট্টাচাৰ্য)


শ্বপিং কৰিবলৈ ওলালে পৃথিৱীৰ সমস্ত সুখ-আনন্দ-উৎসাহ ক’ৰপৰা কেনেকৈ যে আহি শ্ৰীমতীৰ মুখমণ্ডলত বিয়পি পৰে, ভাবি আচৰিত হওঁ। তেওঁৰ সুখেই মোৰ সুখ বুলি ভবাৰ বাহিৰে আন উপায়ো নাথাকে। মলত ‘বজাৰ’ কৰিবলৈ যোৱা বুলি ক’লে কিবা আচহুৱা লাগে, লাগিলে ভেণ্ডি এককিলোই কিনক বা এলচিডি এটাই কিনক। সেয়েহে ময়ো আনে কোৱাৰ দৰে ‘শ্বপিং’ কৰিবলৈ যোৱা বুলি কৈয়েই ষ্টেণ্ডাৰ্ড এটা বজাই ৰখাৰ চেষ্টা কৰোঁ। শ্ব’পিং মলবোৰত সোমালে মোৰ গাঁৱৰ নৰহৰি বুঢ়াই কোৱা কথাষাৰ সদায় মনত পৰে-‘বাপা, বোম্বে-চোম্বেত আমাৰ দৰে হাট বহে নে? নে তাত সদায় হাট-বাৰৰ দৰে বজাৰত ভিৰ হয়?’ আজিও তেওঁৰ কথাষাৰেই মনলৈ আহিল।
‘হেৰা, এই কেইটা ৰাখাচোন…’।
শ্ৰীমতীয়ে হঠাতে পাঁচটামান কুৰ্তা শ্বপিং বেগ এখনত ভৰাই মোৰ কান্ধত ওলোমাই দৌৰা-দৌৰিকৈ এফালে গ’ল। দেওবাৰে ৰাতিপুৱা চোফাত দুভৰি উঠাই টিভি চাই চাই’অ পদুমী, পানী এগিলাছ আন না..একেবাৰে উঠিবলৈ মন যোৱা নাই’ বুলি চিঞৰি থকা শ্ৰীমতীৰশ্বপিং কৰিবলৈ আহিলে দুভৰিলৈ পিটি ঊষাৰ শক্তি কৰ পৰা আগমন ঘটে সেয়া সদায় ৰহস্য, মোৰ বাবে। দূৰৈত ৫০% ৰেহাইত ছেলৱাৰ-কামিজৰ ষ্ট’ক এটাত গেলা মাছত ভেনামাখি পৰাৰ দৰে ছোৱালী-তিৰোতাবোৰে হেঁচা-ঠেলা লগাইছে।
শ্ৰীমতী ভিৰ ফালি ভিতৰত সোমাল। মই নেদেখা হ’লোঁ। দুজনীমান ছোৱালী আহি মোৰ ফালে চাই মুখ বিকটাই মোৰ আগে পিছে ঘূৰি আছে। বুজি নাপালোঁ কিয় তেনেকুৱা কৰিছে। দূৰৈৰপৰা শ্ৰীমতীয়ে চকু দুটা ডাঙৰকৈ মেলি মোক মাতিছে।
‘তুমি যে এটা মানুহ আৰু…তাত কিয় ৰৈ আছা তেনেকৈ?’
‘কি হ’ল তাত ৰৈ থাকিলে? ক’ৰবাতটোথিয় হৈ থাকিব লাগিব নহয়!’
‘আৰে সেয়া লেডিজৰইনাৰগাৰ্মেণ্টচছেকছন। তুমি থকা কাৰণে সেইকেইজনীয়ে বিচাৰিবলৈ অশান্তি পাইছে আকৌ।’
মই সেইফালে নাচালোঁ আকৌ। ল’ৰাৰ ছাৰ্টৰ ছেকছনৰ কাষত থিয় হ’লো গৈ।
শ্ৰীমতীৰ হাতত পাঁচযোৰ মান ছেল’ৱাৰ কামিজ।
‘হেৰা, মই ট্ৰায়েল দিওঁ আহো। মোক মিডিয়াম আৰু লাৰ্জচাইজৰ এটাকৈ কুৰ্তা দিয়াচোন। তুমি ট্ৰায়েল ৰুমৰ বাহিৰতে ৰ’বা’। এইবাৰ ছেলৱাৰ কামিজ কেইযোৰ মোৰ কান্ধতে ওলোমাই থলে তেওঁ। আমাৰ গাঁৱৰ ঘৰৰ আলনাডালৰ দৰে লাগিল নিজকে।
শ্ৰীমতী গৈ ট্ৰায়েল ৰুম এটাৰ ভিতৰত সোমাল। মই ৰৈ থাকিলোঁ।

‘এক্সকিউজ মি, ইয়াত যে পৰহি কেইটামান শ্লিভলেছ টপ ওলোমাই থোৱা আছিল, বিক্ৰী হৈ গ’ল নেকি?’
ঘূৰি চাই দেখো তিৰোতা এজনী। হাৰে, ক’ৰবাত টপ আছিল, কেতিয়া বিক্ৰী হ’ল – মোক কিয় সুধিছে বাৰু?!
‘মানে মই বুজা নাই কি কৈছে’।
‘আহহা..পৰহি এইখিনিতে আছিল টপকেইটা। আজি ক’লৈ গ’ল? নে বেলেগ ক’ৰবাত থৈছে?’ তিৰোতাজনীৰ চকুৱে-মুখে এইবাৰ বিৰক্তিৰ ভাব স্পষ্ট।
হঠাতে শ্ৰীমতীয়ে আহি মোৰ হাত এখনত ধৰি টানি নিলে এফালে।
‘কিমান বাৰ কৈছো, এই আকাশী নীলা ছাৰ্টটো নিপিন্ধিবা এইখন মললৈ আহিলে। দেখা নাই ছেলছবয় কেইটাৰ ইউনিফৰ্ম? লগতে আকৌ আজি কলা পেন্টটোও পিন্ধিছা!’
‘হাৰে, কি পিন্ধিম তেনেহ’লে? ৰঙা টি-ছাৰ্টটোতো পিন্ধিবই নিদিয়া মেক-ডি যাব লগা হ’ব পাৰে বুলি। বগাটো পিন্ধিলে বিগ-বাজাৰতটেনশ্যন..এনেকৈ হ’লে গেঞ্জী পিন্ধি আহিব লাগিব।’
‘বাদ দিয়া বাৰু, এইটো কুৰ্তা কেনেকুৱা লাগিছে?’
‘বিৰাট ধুনীয়া’। সেইটো থলে তেওঁ।
এইবাৰ আন এটা উঠালে।
‘এইটো?’
‘ঠিকেই। আগৰটো বেছি ভাল আছিল নেকি।’
‘না, তোমাৰ একদম আইডিয়া নাই। এইটো বেছি ভাল। দেখা নাই কিমান ‘কাম’ কৰা আছে’।
সেইটো মোৰ হাতত দিলে। অলপ পৰ ভাবি আকৌ সেইটো মোৰ হাতৰপৰা লৈ ওলোমাই থলে।
‘কি হ’ল? নোলোৱা? ভালেই লাগিছে এইটো।’
‘নাই নাই। এই যে ডিঙিৰ ওচৰৰ ফুলকেইটাৰ ডিজাইনটো মোৰ আগৰ এটা কুৰ্তাৰ লগত একদম একে। ভাল নালাগে একে হ’লে’। ডিঙিৰ ওচৰৰ সেই এক ছেন্টিমিটাৰমানৰ ফুলকেইটাৰ ডিজাইনো মনত আছে! ইমান প্ৰখৰ স্মৃতিশক্তি মোৰ পত্নীৰ! গৌৰৱত হাঁহি এটি ওলাই আহিল দুই ওঁঠক ঠেলা এটা মাৰি।
শ্ৰীমতী ট্ৰায়েল ৰুমত সোমাল। মই বাহিৰত ৰৈ থাকিলোঁ। তেওঁ ভিতৰৰ পৰা চিঞৰিলে কুৰ্তাৰ ষ্টকৰপৰা মিডিয়াম এটা আনিবলৈ, লাৰ্জটো হেনো ডাঙৰ হৈছে।
মই এইবাৰ ভেনামাখিটোৰ দৰে ভিৰৰ মাজত সোমালোঁ। ছেলছগাৰ্ল এজনীয়ে কেৰাহিকৈ চাই আছে যেন মই ভিৰৰ সুবিধালৈ আন বেলেগ কামহে কৰিবলৈ আহিছোঁ।
‘প্লিজ, মিডিয়াম এটা বিচাৰি দিয়কনা..ৱাইফৰ কাৰণে।’ তাই বিচাৰি দিলে। আকৌ ট্ৰায়েল ৰুমৰ কাষ পালোঁগৈ। দুজনমান বয়ফ্ৰেণ্ডজাতীয় ল’ৰাইও ছেলৱাৰ-কামিজ, টপ আদি হাতত লৈ ৰৈ আছে।

হঠাতে ভৰি দুখনত বিষ অনুভৱ কৰিলোঁ। ট্ৰায়েল ৰুমৰ সন্মুখত ছিকিউৰিটি গাৰ্ড এজনে ভৰি নচুৱাই টুল এখনত বহি আছে। এই মুহূৰ্তত গাৰ্ডজনক মোৰ পৃথিৱীৰ আটাইতকৈ সুখী মানুহ যেন ভাব হ’ল।
‘হেৰা, বহিবলৈ ক’ৰবাত চকী-বেঞ্চ পাম নেকি হে মলৰ ভিতৰত?’
মূৰৰপৰা ভৰিলৈ চাই ক’লে সি-‘ অলপ দূৰ আগ বাঢ়ি যাওঁক, বাচ্ছা পাব। বাচ্ছাৰ কাষেৰে ৰাইট লওঁক, লেডিজ জিনচ্। লেডিজ পাৰ হৈয়ে লেফ্ট ল’লে শ্বু পাব। সেই শ্বু’ৰ ছেকছনটোতে বহিবলৈ পাব। দুই-এযোৰ এনেয়ে ট্ৰায়েল দি চাব আৰু..হে: হে:’। মই আগবাঢ়িলোঁ বাচ্ছা অভিমুখে। হঠাতে দেখিলোঁ সন্মুখত আমাৰ গাঁৱৰ স্কুলৰ চ’কৰ হৰেণ দৰ্জীক। তেওঁৰ দোকানখনো মলৰ ভিতৰতে! দোকানৰ সন্মুখত বাঁহৰ বেঞ্চ এখন। চিঞৰি সুধিছে মোক-‘কি চিলাবি? পূজালৈ ছাৰ্ট? এটা নে দুটা। আহ বহিবি আহ, অলপ দেৰি, কিহৰ ইমান লৰা-ধপৰা? বেঞ্চখনতে বহ। দুটা ছাৰ্ট চিলালে চাহ খুৱাম, লগত বিহাৰী হোটেলৰ গজা! হা: হা:।’
মই আগবাঢ়িছোঁ লাহে লাহে। সন্মুখত বাঁহৰ বেঞ্চখন। বেঞ্চখন খালী। হৰেণ দোকানীৰ মুখত হাঁহি!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments