শ্বহীদ (প্রদ্যুৎজ্যোতি শইকীয়া)

১০ দিন পাছত আজি মনটো ভাল লাগিছে, কি যে ডাঙৰ ডাঙৰ গাড়ী বিলাকে আহি আমাৰ ইমান ধুনীয়া ঘৰটো ভাঙি পেলালে|বহুত কষ্টৰ মূৰত দেউতাই আকৌ এটা সাজি উলিয়ালে|কোৱা শুনিছোঁ আমি কিবা ইয়াত হেনো অবৈধ ভাবে আছোঁ |বাৰু সেইবোৰ বাদ দি কালি ৰাজিয়া পেহীয়ে ম’বাইলত কথাটো কোৱাৰ পৰা মনটো ভাল লাগি আছে|ৰাতিপুৱা শুই উঠি আব্বাৰ লগতে নামাজ পঢ়ি স্ববনম বাক কথাটো ক’ম বুলি দৌৰি গ’লোঁ|”বা বা, ৰাজিয়া পেহীয়ে মাতি পঠাইছে | মোক বোলে ৰমজানৰ পাছত হেনো এটা জীনছ দিব”|তাই আকৌ মোক ভেকাহি মাৰি পঠালে “যাঃ দিলেহে দেখিম”|বেয়া লাগি গ’ল|অৱশ্যে কথাটো হয় | তাইক বাৰু অংক কৰি থকা সময়তহে ক’বলৈ যাব লাগেনে? ম‍য়ো মোৰ কিতাপ উলিয়াই ল’লোঁ|কিতাপ মেলিলোঁ যদিও মনটো শ্ববনম পেহীৰ ঘৰত|পেহীয়ে যে কি সুন্দৰ মিষ্টি তৈয়াৰ কৰে|যোৱা বাৰ ঈদত খোৱা মনত আছে নহয়|এই আব্বাডালো যে, ১০ টা বজাতহে যাব বোলে|ম‍ই কৈছো স্কুল খটি হ’ব|নামানে বোলে দিনতহে যায়|দেখিছোঁ নহয় কিমান পঢ়া|আব্দুল কালামৰ নিছিনা হ’বলৈ হেনো বহুত পঢ়িব লাগে|আমাৰ স্কুলত বাইদেউৱে কৈছে নহয়|কালি স্বহীদ সকলৰ কথাও কৈছিল|ভগত সিংৰ কথা বেছিকৈ কৈছিল|বৰ দেশভক্ত আছিল বোলে|মনটো অজান ভাৱনাত ডুব গৈ থাকোঁতে আম্মাই হঠাত্‍ মাতি দিলে|”ৰুবু বেটা স্নান কৰি ল|ভাত খাবৰ হ’ল,আব্বা ওলালেই”|ম‍ইও জাপমাৰি উঠিলোঁ | ইয়ে দেৰিয়ে হৈছিল কথাবোৰ চিন্তা কৰি থাকো্তে|স্ববনম পেহীয়ে কিজানি বাট চায়েই আছে|গা পা ধুই আব্বাৰ লগত খোৱাত বহিলোঁ|খোৱা শেষ কৰি ওলালোঁ আব্বাৰ লগত|টাউন পোৱাৰ পাচতেই মোৰ প্ৰিয় কামটো কৰা আৰম্ভ কৰিলোঁ|চাইনবৰ্ড বিলাক অসমীয়াত পালেটো পঢ়োৱেই, ইংৰাজীত পালেও জোটাই চাওঁ পাৰো নেকি? পিছে বেছিভাগেই নোৱাৰোঁ|বৰ ভাল লাগে|কি হৈছে অ’? লাহে লাহে ৰাস্তাত দেখোন মানুহ বাঢ়ি গৈছে|এটা সময়ত অ’ট’ও নোযোৱা হ’ল|দেউতাই খোজ কাঢ়ি যোৱাটোকে থিৰাং কৰিলে|ম‍ইটো ভালেই পালোঁ|ৱাহ ইমান মানুহ, ঈদতহে ইমান মানুহ হয়|আৰু ইমান চিঞৰিছে ,কিবা দেখোন ইনক্লাব জিন্দাবাদ|অ বুজি পালোঁ, বাইদেউয়ে কোৱা দেশভক্ত মানুহ এইবিলাক|ইনক্লাব জিন্দাবাদ বুলি এবাৰ চিঞৰিছিলোহে আব্বাই ধমক দিলে “মনে মনে থাক”|চুপ থাকিলো|ইয়াতে চাগৈ ভগত সিংৰ নিছিনা মানুহ আছে দেই|মাইকত চিঞৰি থকাজনেই হ’ব চাগে|চাবৰ মন গৈছে যদিও নোৱাৰো|পোৱালি মানুহ ক’ত দেখা পাম|তাতে ইমান মানুহ|বুদ্ধি এটা খেলালে|”আব্বা ভৰি বিষাইছে”|আব্বাই প্ৰথমে না কৰিছিল, কিন্তু খুব ধৰিলত এবাৰ কান্ধত উঠাই ল’লে|দেখিলোঁ এজনে মাইক লৈ কৈ আছে কিবা কিবি|ভাল লাগিল দেখি|টিভিটো দেখা দেখা লাগিল আগতে|প্ৰচণ্ড ভিৰ হৈ গৈ আছে|আব্বাই যেনে তেনে হেঁচি থেলি মানুহ্খিনি পাৰ কৰি গ’লেই আমি গাড়ী ধৰিব পাৰিম|গৈ গৈ একেবাৰে সন্মুখ পালোগৈ|হঠাতে কিবা চাইৰেন বাজিল|আব্বাই মোক কান্ধৰ পৰা নমাই একো তত ধৰিব নোৱাৰি দৌৰ দিলে মোৰ এটা আঙুলিত ধৰি|এৰ খাই গ’লোঁ মানুহৰ চিঞৰ বাখৰ আৰু হেঁচা থেলাত আব্বাৰ পৰা|ডাঙৰ ডাঙৰ শব্দ কেইটামান শুনিলোঁ|হঠাত্‍ বুকুখন বিষাই যোৱা যেন পালোঁ|তিনিডাল যাঠী সোমায় পাৰ হৈ যোৱা যেন লাগিল|দুৰত দেখিলোঁ, পুলিচ মামা এজনে মোৰ ফালেই বন্দুক এটা লৈ চায় আছে|বন্দুকৰ আগত ধোঁৱা|একো নুবুজিলোঁ..তাৰ পাছত একো মনত নাই|সাৰ পায় দেখো ম‍ই আকাশত উপঙি আছো লগত শুধ বগা দাড়িৰ এজন,মোৰ মুৰত হাত ফুৰাই মিচিকিয়াই হাঁহি আঁতৰি গ’ল|ম‍ই তললৈ চাই দেখোঁ মোৰ দেহটো দিছপুৰ GNRC হস্পিতাললৈ লৈ যোৱা হৈছে, তাতে মোক মৄত্যু ঘোষনা কৰা হ’ল|ইচ আব্বাই ইমান কান্দিছে|হয় ম‍য়েই ৰুবুল আলি|দহ বছৰীয়া ৰুবুল আলি, গুৱাহাটীৰ দিছপুৰত হোৱা কাণ্ডৰ ভুক্তভুগী,কোনো কোনোৱে অখিল কাণ্ড বুলিও কয়|আজিও কান্দে আব্বা আৰু আম্মাই|কোনেও মোৰ কথা মনত নাৰাখিলে|ম‍ই বাৰু ভগত সিংৰ দৰে শ্বহীদ নেকি?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments