শ্বেতকায় লোকৰ বোজা (অনুবাদ : অৱনী বুঢ়াগোহাঁই)

(The white man’s burden : by Pablo Neruda.)

শ্বেতকায় লোকৰ বোজা

 

 

 

অৰণ্যত হেৰাই যাওঁতে, মই গছকত ক’লা ডাল এটি ভাঙিছিলো,
আৰু তাৰ সুহুৰিক মোৰ পিপাসাৰ্ত্ত ওঁঠত বুটলি লৈছিলো,
হ’ব পাৰে এই শব্দ বৰষুণৰ কান্দোনৰ শব্দ,
এটা ফাঁট মেলা ঘণ্টা, বা এখন
ফালি চিৰি যোৱা হৃদয়ৰ শব্দ।

দূৰৰপৰা এনে লাগিল যেন এইটো
গভীৰ আৰু গোপনীয় মোৰ বাবে,
যিটো পৃথি‌ৱীয়ে লুকুৱাইছিল,
হেমন্তবোৰে হেঁচি ৰাখিবলৈ চেষ্টা কৰা
সেমেকা গছপাতৰ আধাখোলা অন্ধকাৰৰ চিঞঁৰ ।

সপোন দেখি থকা হাবিখনৰ পৰা সাৰ পাই,
কস্তুৰী মৃগই যেন মোৰ জিভাৰ আঁৰত এটা গান গালে,
ইফালে সিফালে বিচৰণ কৰা সুগন্ধ মোৰ মনৰ ভিতৰত সোমাই পৰিল ।

যেন হঠাতে এৰি থৈ অহা শিপাবোৰে
চিঞঁৰি মোক ক’লে মোৰ শৈশৱ আৰু লগতে এৰি অহা পৃথিবীখনৰ কথা,
মই ৰৈ গলো ;
তেতিয়াই এটি ঘুৰি ফুৰা সুগন্ধই মোক
বৰ বেয়াকৈ হানিলে ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments