শ্বেতৰঙী সপোন দেখা এজন পশু চিকিৎসকৰ কথাৰে…………….. (- মানসী গোস্বামী।)

(লেখিকাৰ টোকা: এইবাৰ “সাহিত্য”ৰ বিষয়টিয়ে বহুদিন ধৰি লিখিম লিখিম বুলি ভাৱি থকা কথা এখিনি ৰাইজৰ সতে ভাগ-বতৰা কৰাৰ সুবিধাটো দিলে; ঢৌতে খৰ মাৰি লিখি পেলালো, বিচাৰৰ ভাৰ ৰাইজৰ হাতত——)

“নাগিনী দিখৌ”ৰ পাৰ; নাজিৰা সদৰৰ পৰা প্ৰায় ৬ কিঃমিঃ দূৰৰ এখন সৰু, অনগ্ৰসৰ, অভাৱী মানুহৰ গাওঁ সোন্দৰপুখুৰী। আঘোণৰ সোণালী ধান ন-বছৰ সোমাওঁতেই শেষ হোৱা বহুকেইটা পৰিয়ালৰ দৈন্যৰ সাক্ষী।সপোন দেখিবলৈ পাহৰা এনে অনেক পৰিয়ালৰ মুখবোৰ আজিৰ তাৰিখত কম-বেছি পৰিমাণে উজ্জ্বল। কাৰণ এজন ব্যক্তিয়ে দেখা এটা শ্বেতৰঙী সপোন; যিটো সপোন তেওঁ আৰু অনেক মানুহলৈ প্ৰসাৰিত কৰাৰ বাট বান্ধিছিল।

তেখেত ডাঃ জগদীশ বৰ্মন; পেশাত পশু চিকিৎসক।নাজিৰা পশু চিকিৎসালয়ৰ সহকাৰী পশু চিকিৎসক বৰ্মনে নিজৰ পেশাৰ যোগেদি সমাজলৈ কিবা এটা দিয়াৰ কথা ভাবিছিল। তেওঁৰ দুচকুত ওলমি আছিল এটা শ্বেতৰঙী সপোন। কৰ্মৰ প্ৰয়োজনত নাজিৰা অঞ্চলৰ গাঁৱে গাঁৱে ঘুৰি ফুৰোতে মানুহৰ দুখ-দৈন্যৰ ছৱিখন দেখা পাইছিল খুৱ কাষৰ পৰাই। একে সময়তে তেওঁৰ চকুত পৰিছিল দিখৌৰ পাৰৰ সেউজীয়া ঘাহঁ-বনবোৰ। এটা বাটে লাহে লাহে পোখা মেলিছিল।কেইটামান নিৰ্দিষ্ট পৰিয়ালত গো-দুগ্ধৰ উৎপাদন তথা তাৰ উৎকৃষ্ট মানদণ্ডই তেওঁক সাহস দিলে। এদিন ব্যক্তিগত খৰচতে তেওঁ গুজৰাট পালেগৈ; উদ্দেশ্য “আমুল”ৰ সকলো কাম নিজ চকুৰে চোৱা আৰু এইবিষয়ক অভিজ্ঞতা অৰ্জন কৰা। গুজৰাটৰ পৰা ঘূৰি আহি তেওঁ নিজৰ সপোনটো পূৰ্ণ কৰাৰ মন মেলিলে পৰিকল্পিতভাৱে।

২০০৪ চনৰ ১৩ জুলাই। সোন্দৰপুখুৰীৰ মাত্ৰ ১২জন মান গো-পালকক লৈ তেখেতে নিজৰ সেই সপোনটোৰ পাতনি মেলিলে-“সোন্দৰপুখুৰী দুগ্ধ সমবায় সমিতি” নামেৰে।গ্ৰাহক ৭০ জন, উৎপাদিত দুগ্ধৰ পৰিমাণ মাত্ৰ ৫৬ লিটাৰ। উদ্দেশ্য অঞ্চলটোত গো-পালন আৰু দুগ্ধ উৎপাদনৰ জৰিয়তে ৰাইজক স্বাৱলম্বী কৰা আৰু এক দুগ্ধ বিপ্লৱৰ সূচনা কৰা। সীমিত সম্পদ, সীমিত অভিজ্ঞতা; প্ৰচুৰ প্ৰত্যাহ্বান। কিন্তু অত্যন্ত দৃঢ়মনা আৰু কৰ্মঠ এইজন পশু চিকিৎসক দেহে-কেহে লাগিল এই সপোনটোক ৰূপ দিয়াত।লাহে-লাহে কাম আগবাঢ়িল। গো-পালকৰ স্ংখ্যা বাঢ়িল; থলুৱা জাতৰ গাইৰ ঠাইত উচ্চ উৎপাদনক্ষম জাতৰ গাই কিনাৰ ব্যৱস্থা হ’ল, কৃত্ৰিম প্ৰজননৰ বাবে দৰকাৰী পদক্ষেপ আগবঢ়োৱা হ’ল।সোন্দৰপুখুৰী গাৱঁত আৰম্ভ কৰা সমবায় সমিতিখনে ক্ৰ্মে কাষৰীয়া চেলেংপথাৰ, নিৰ্মলীয়া, হুলাল কলিতা, বাউলিমৈদাম, শেনআলি, চানবছা, ওপৰ নাজিৰা, মেজেঙা আদিকে ধৰি আন কেবাখনো গাৱঁৰ লোকক গো-পালনক জীৱিকা হিচাপে লবলৈ আগ্ৰহী কৰি তুলিলে।সহায় কৰিবলৈ আগবাঢ়ি আহিল নাজিৰাস্থ অএনজিচি, এচ.বি.আই., গ্ৰামীন বিকাশ বেংক, স্থানীয় বিধায়ক আদি নানা প্ৰতিষ্ঠান তথা ব্যক্তি। ইমানদিনে দুগ্ধ বিতৰকৰ জৰিয়তে গাখীৰ বিতৰণ কৰাৰ পৰিৱৰ্তে অএনজিচিয়ে দিয়া দুগ্ধ বিতৰণ ভানৰ জৰিয়তে গাখীৰ বিলোৱাৰ প্ৰক্ৰিয়াতো খৰতকীয়া কৰিব পৰা গ’ল। অন্যহাতে এচ.বি.আই., নাজিৰা তথা গ্ৰামীন বিকাশ বেংকৰ স্থানীয় শাখাৰ জৰিয়তে গো-পালকলৈ ঋণদানৰ ব্যৱস্থাও আৰম্ভ কৰা হ’ল।গাখীৰৰ মানদণ্ড বৰ্তাই ৰখাৰ প্ৰতি দিয়া কঠোৰ দৃষ্টিয়ে ক্ৰমশ: গ্ৰাহকৰ স্ংখ্যা বঢ়াত সহায় কৰিলে। নাজিৰা নগৰৰ পৰা আগবাঢ়ি লাহেকৈ শিৱসাগৰ নগৰতো সোন্দৰপুখুৰী দুগ্ধ সমবায়ৰ গাখীৰৰ চাহিদা আৰম্ভ হ’ল।বৰ্তমানে শিৱসাগৰ নগৰত প্ৰায় ৪-৫টা এজেন্সীয়ে সমবায়ৰ গাখীৰ বিক্ৰী কৰে।

প্ৰথমে মাত্ৰ ১২ জন গোপালকক লৈ আৰম্ভ কৰা সমবায় সমিতিখনে এই মাহতে ১০ বছৰত ভৰি দিলেহি। এতিয়া সমবায় খনৰ সদস্য গোপালকৰ সংখ্যা প্ৰায় ২৪৫ জন। দুগ্ধ উৎপাদন হয়- ১২০০-১৪০০লিটাৰ। গ্ৰাহকৰ স্ংখ্যা- ১০০০জন। এখন গাৱঁত আৰম্ভ কৰা সমবায় সমিতিখনে এতিয়া বৃহত্তৰ নাজিৰা অঞ্চলৰ মুঠ ১৪ খন গাৱঁলৈ প্ৰসাৰতা লাভ কৰিছে।শেহতীয়াকৈ এই সমবায়খনে আৰম্ভ কৰিছে দুগ্ধ পেকেজিং ইউনিট আৰু ইউনিটতো বৰ্তমান চালুকীয়া হ’লেও কাৰ্য্যক্ষম।“কাৰেং” নামেৰে সমবায়ত উৎপাদিত দুগ্ধৰ প্ৰায় ৯০০ লিটাৰ পেকেজিং কৰি বিক্ৰীৰ বাবে ব্যৱস্থা কৰা হৈছে।চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে এখন শীতলীকৃত দুগ্ধ পৰিবাহী ভান। গো ধনৰ খাদ্যৰ চাহিদা পূৰাবলৈ উন্নত জাতৰ ঘাঁহ খেতি কৰা হৈছে অঞ্চলটোত।অন্যহাতে অতিৰিক্ত গাখীৰৰ পৰা পনীৰ, দৈ আদিৰো উৎপাদন তথা বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। চমূকৈ কবলৈ হ’লে দুগ্ধ সমবায়খনে অঞ্চলটোত সঁচা অৰ্থতে এক নতুন বাটৰ সূচনা কৰিছে; অনেক পৰিয়ালৰ ঘোলা চকুবোৰলৈ আশাৰ চিকমিকনি নামিছে।

শৈশৱৰ পৰা দেখি অহা অনেক অভাৱী পৰিয়ালৰ সমস্যা, দৈন্যৰ ডাৱৰখিনি এইখন সমবায়ে আতঁৰাই নিয়া নিজে দেখা পাইছো বিগত ১০টা বছৰত।সপোন দেখিবলৈ পাহৰা পৰিয়ালবোৰত আশাই পাতনি মেলা দেখিছো।এই সকলোখিনিৰ মূলতে কিন্তু ডাঃ জগদীশ বৰ্মনৰ নিৰৱাছিন্ন প্ৰচেষ্টা। চৰকাৰী দায়িত্বৰ সময়সীমাৰ বাহিৰতো অহৰহ সমবায়খনৰ উন্নতিৰ কথা চিন্তা কৰি থকা মানুহজনে দুপৰনিশাও কোনো লোকৰ ঘৰত পশুধনৰ বেমাৰ-আজাৰৰ খবৰ পালে গুছি যায় মূহুৰ্ততে।নিজৰ কামৰ প্ৰতি অহৰহ সৎ আৰু নিষ্ঠাৱান “বৰ্মন ডাক্তৰ”ৰ সহায় অবিহনে নাজিৰাত এই দুগ্ধ জাগৰণৰ সূচনা কেতিয়াও নহ’লহেতেন! কিন্তু পৰিতাপৰ বিষয় এয়ে যে এজন ব্যক্তিৰ প্ৰচেষ্টাত গঢ় লোৱা এনে এক মহৎ কামক ধনাত্মক সমালোচনা তথা দিহা-পৰামৰ্শৰে বাট দেখুৱাতকৈ “ৰৌটোকে ঢৌটো কৰি” ঋণাত্মক কথা কোৱা মানুহো অঞ্চলটোত অনেক।অৱশ্যে সুখৰ কথা এয়ে যে ডাঃ জগদীশ বৰ্মন এনেধৰণৰ ঋণাত্মক সমালোচনাৰ ধুমুহাত ভাগি পৰি নিজৰ বাট এৰি যোৱা ব্যক্তি নহয়।অধিক সাহেৰে তেওঁ এইবছৰ উৎপাদনৰ লক্ষ্য ধাৰ্য্য কৰিছে ২০০০ লিটাৰ। আশাকৰোঁ সোন্দৰপুখুৰী দুগ্ধ সমবায় সমিতিয়ে অচিৰেই এই লক্ষ্যত উপনীত হ’ব পাৰিব।

পৰিশেষত এটাই আশা অতি দৃঢ় মনোবলৰ, কৰ্মপৰায়ণ “বৰ্মন ডাক্তৰ”ৰ শ্বেতৰঙী সপোনে সকলোকে উদ্বুদ্ধ কৰি তোলক!চৰৈৱতি, চৰৈৱতি!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক