”শ্বেৰু” ( নন্দিতা খাখলাৰি )

‘কুকুৰৰ পৰা সাৱধান’ বুলি লিখা থকা ঘৰবোৰলৈ সদায় এটা দেখিব নোৱাৰা ভাব। ‘এহ্ কুকুৰ পুহি বৰ ষ্টেটাচ দেখুৱাব আহিছে’, ভাবটো তেনেকুৱা। তাতে আকৌ সৰুতে সেই জাতীয় ঘৰ এটালৈ বগৰী চুৰ কৰিবলৈ গৈ দুকামোৰ খাই থোৱাৰ সুখকণো বুকুত জমা হৈ আছে। গতিকে ঘৰত ‘কুকুৰৰ প্ৰৱেশ নিষেধ’ জাতীয় অঘোষিত নিয়ম এটা বনাই থৈছো। উলাই কৰাৰ সাহস এতিয়ালৈকে কাৰো হোৱা নাই। মাজে মাজে শ্ৰীমতীয়ে কথাটো উলিয়াব খোজে…’জানা, লিয়ানাহতঁৰ যে বাইক খন চোৰে নিলে, লগে লগে সিহঁতে লেব্ৰাডোৰ এটা আনিছে..মাত্ৰ বাইশ হাজাৰতে পাইছে জানা?’

বিৰক্তিত চকু-মুখ বিকটাই কওঁ, ‘ হেৰা, চুৰি হোৱাৰ পিছত কুকুৰ আনি কি হ’ব হে? তাতে বাইশ হাজাৰ! তোমাৰ সেই লিয়ানাৰ গিৰিয়েকটোৰ দৰে মই ৰাইজৰ টকা মাৰি দুদিনতে ভগা ৰাস্তা-দলং বনোৱাৰ ঠিকা কৰি নুফুৰোঁ নহয়। কুকুৰ পোহা মুখৰ কথা নেকি? তোমাৰ বিউটি পাৰ্লা্ৰৰ নামতে ইতিমধ্যে কঙাল হৈছো’। শ্ৰীমতীৰ ক’লা পৰি যোৱা মুখ খনলৈ নোচোৱাকৈয়ে ওলাই আহো। বেয়া লাগিলেও লাগক। মুঠতে এই ঘৰত কুকুৰ সোমাব নোৱাৰে।

পিছে ‘ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি’ বুলি কথা এশাৰি আছে। এদিন কৰ পৰা জানো স্বদেশী (বিদেশী নহয়) কুকু্ৰৰ পোৱালি এটা আহি ঘৰ সোমালে। খেদিলেও নাযায়। দুদিনমান বাৰান্দাতে পাৰ হ’ল। তৃতীয়দিনা একেকোবে আহি আমাৰ বিচনাৰ তল সোমাল। তাৰ সাহস দেখি খঙে চুলিৰ আগ পালেগৈ। খেদো বোলোতেই আইৰ কাকূতি-মিনতি, ‘থাকক দেচোন, বেচেৰা ইমান অকনমানি পোৱালিটো..মাকজনী হেৰাল চাগৈ’। শ্ৰীমতীৰ কটাক্ষ, ‘মানুহে হাজাৰ হাজাৰ টকা খৰচ কৰি কুকুৰ আনি পুহিছে, মানুহৰ দৰে মৰম কৰি ৰাখিছে, আমাৰ আকৌ নিজে অহা কুকুৰটোকো বাৰান্দাত ঠাই অকন দিব নোৱাৰি।মানুহকতো মৰম কৰিব নাজানেই, অকনমানি জীৱটোলৈও মৰম নাই’।

‘হেৰা, বাৰান্দাত ঠাই নিদিওঁতেই চোন কুকুৰ আহি বিচনাৰ তল পালে! ওপৰলৈ উঠিবলৈ বা কেইদিন’ !! কম বুলি ভাবিও নকলো। থাকক, মাকজনীক দেখিলে দুদিন পিছতে নিজেই পলাব।

পিছে মোৰ আশাক দুৰাশা কৰি কুকু্ৰৰ পোৱালিটো ঘৰতেই থাকিল। বিচনাৰ তলিখনো বাংলাদেশীয়ে মাটি দখল কৰাদি নিগাজীকৈ দখল কৰি ললে। দিন-ৰাতি শ্ৰীমতী, আই-দেউতা কুকুৰৰ লগত ব্যস্ত।
এদিন ফুৰিবলৈ আহি এজনে সুধিলে, ‘কি নাম থৈছে’?
‘শ্বেৰু’, শ্ৰীমতীৰ উত্তৰ।
‘হেঃ হেঃ..নামটো ভালেই। পিছে ই মতা হয় জানো? নামটোতো মতা কুকুৰৰ হে!’
শ্ৰীমতী, আইৰ মুখৰ মাত হৰিল। হয়তো..কথাটো ইমান দিনে ভবাই হোৱা নাছিল।
আলহীয়ে বিজ্ঞ উপদেশ দিলে, ‘এটা কাম কৰিব, ই মানে পেচাৱ কৰোতে ঠেং দাঙি কৰে নে নদঙাকৈ কৰে চাব। নাদাঙিলে মাইকী, ঠেং দাঙি কৰিলেই কিন্তু মতা কুকুৰ ‘।

বিজ্ঞজনৰ কথাকে সৰোগত কৰি দহদিন মান শ্বেৰুয়ে কেতিয়া মুত্ৰ বিসৰ্জন কৰে তাৰেই পৰীক্ষা-নিৰীক্ষা চলি থাকিল। শ্বেৰু বাহিৰলৈ দৌৰিলেই পিছে পিছে ঘৰখন।
‘হেৰা, আহাচোন..শ্বেৰুয়ে পেচাৱ কৰিব’।
‘ঠেং দাঙিছেনে?’, আইৰ চিন্তিত প্ৰশ্ন।
‘তাক শান্তিত কামটো কৰিবলৈ দেচোন’, দেউতাই গহীনাই কয় ।

কলা-বোবাৰ ভাও ধৰি বাতৰি কাকত খনকে চাই বহি থাকো। দহদিনৰ গৱেষণাৰ পিছত যেনিবা ওলাল, শ্বেৰু মাইকী।

‘নামটো এতিয়া? বেলেগ নামৰে মাতিলেতো সি…তাই নুবুজিব?’
‘হেৰা, চাৰু কৰো নেকি নহ’লে? ‘
‘একো নাই, শ্বেৰুয়ে থাকক’, দেউতাৰ শেষ মন্তব্য।

বহুদিনৰ পৰা লক্ষ্য কৰিছো, শ্বেৰুয়ে ভুক্ এটা কৰিলেও গোটেই ঘৰখন দৌৰি আহে। একেটাই পুতেক বুলি সততে মানুহৰ আগত মোৰ গুণ বখানি থকা আইৰ মুখতো এতিয়া মানুহ আহিলেও কেৱল শ্বেৰুৰ হে গুণানুকীৰ্তন। যেন মেলাত হেৰুওৱা আৰু এটা পুতেকটোকহে বিচাৰি পাইছে। আনফালে আকৌ আগতে ‘কলৈকো ফুৰাবলৈ নিনিয়া’ বুলি আপত্তি কৰি থকা শ্ৰীমতীয়ে এতিয়া কৰ’বালৈ গ’লেও আধাঘন্টা পিছতে যাওঁগৈ বলা বুলি উচ্ পিচ্ লগায়, ‘শ্বেৰুক গাখীৰ খুৱাব আ্ছে নহয়’। বিউটি পাৰ্লাৰৰ সমুখত ঘন্টাৰ পিছত ঘন্টা ৰৈ থকা কামটোও চাৰিমাহ ধৰি কৰিব লগীয়া হোৱা নাই। শ্ৰীমতীৰ আহৰি নাই।

“হেৰা, তোমাৰ বান্ধবীৰ বিয়াখন পুৰণি কাপোৰ পিন্ধিয়ে খাবা নেকি?”, কটাক্ষ কৰো বুলিয়ে সুধিলো।

“এহ্ নালাগে দিয়া, শ্বেৰুৰ চাবোন-শ্বেম্পু কিনোতেই যোৱাকালি চাৰিহাজাৰ টকা গল। বিয়ালৈ নাযাও। শ্বেৰুয়ে অকলে থাকিব ভয় খায়।”

কাণ দুখন কেনেবাকৈ বেয়া হ’ল নেকি বুলি ভাবি কেঞা আঙুলিটোৰে খুচৰি চাও। নাই হোৱা নাই, এয়া সত্য। পৰম প্ৰশান্তিত অফিছলৈ বুলি ওলাই আহো।

হঠাৎ এদিন শ্বেৰুৰ বেমাৰ হল। দুবাৰমান বমিও কৰিলে। ঘৰত হুৱা দুৱা, ডাক্তৰৰ ওচৰলৈ নিব লাগে। শ্ৰীমতীয়ে মজাটো পাওক বুলিয়ে পাত্তা দিয়া নাই।

“হেৰা, শ্বেৰুক নিব লাগিছিল নহয়?”
“যোৱা আকৌ।”
“নহয় মানে গাড়ীখন কোনে চলাব? বলা না প্লিজ্!!”
চকুত উৰ্বশীৰ মোহিনীময় চাওনি। কেনেকৈনো মোহাছন্ন নহঁও! নিজৰ জাতটোৰ ওপৰতে খং উঠিল। গাড়ী লৈ ওলালো।

আউট পেচেন্ট বিভাগত ডেৰ ঘন্টা ধৰি ৰৈ আছো। অৱশেষত যেনিবা ডাক্তৰৰ দৰ্শন হল। মোৰ ফালে চাই সুধিলে,

“ৰোগীৰ নাম?”
“শ্বেৰু।”
“নহয়, আমি মালিকৰ নামত হে প্ৰেচক্ৰিপশ্বন লিখো। মেডিচিন আপুনিয়ে কিনিব লাগিব নহয়। আপোনাৰ নামটো কওক।”

তিঙিচকৈ খং টো উঠি আহিল। কুকুৰ বনিবলৈহে বাকী আছিলগৈ। দাঁত-মুখ কৰচি উঠা দেখি শ্ৰীমতীয়ে আগে ভাগে উত্তৰ দিলে,

“পংকজ বৰ্মন”
“বয়স’ ? ”
“চাৰি মাহ”
“লিংগ?”
“মাইকী”
“প্ৰজাতি?”
“এহ্..মানে ..ঢেকুঁৰা।”

হতচকিত হৈ শ্ৰীমতীলৈ চালো।শ্বেৰুৰ মুখে শ্ৰীমতীৰ মুখে যেন একাকাৰ হৈ গৈছে! বুকুখনত আকৌ এবাৰ কুকুৰে কামোৰা যেন লাগিল। খঙে-লাজে কব নোৱাৰা হৈ ওলাই আহিলো।

সেই নিশাই শ্বেৰু ঢুকাল। গোটেই ঘৰখন শোকত ম্ৰিয়মান। যেন পুতেকটোহে ঢুকাইছে! দুদিনমান জুইত চৰু নুঠিলেই। এসপ্তাহ মান শ্ৰীমতীৰ মুখত মাতবোল নাই। “তুমি অলপ সোনকালে তাইক লৈ যোৱা হলেই কিজানি… ”, ভাবটো তেনেকুৱা। মনে মনে কিছু বেয়া লাগিলেও বাহিৰত প্ৰকাশ কৰা নাই। লাহে লাহে যেনিবা পৰিবেশ স্বাভাবিক হল। কক্ষ্যচ্যুত হোৱা গ্ৰহ-উপগ্ৰহবোৰ নিজ নিজ কক্ষপথত আহিল। অমুকাইও পুনৰ সূৰ্যদেবতাৰ দৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিলো। মনটো ৰাই-জাই।

দেওবা্ৰৰ আমেজকন লও বুলিয়ে ৰাতিপুৱা বাতৰিকাকতখন হাতত লৈ বাৰান্দাত বহিছো। চাহকাপ দিয়াৰ চলেৰে শ্ৰীমতীয়ে কলে, “হেৰা, বহুদিন বিউটি পাৰ্লাৰলৈ যোৱাই নাই। মুখ খন একদম ৰাফ্ হৈ গৈছে। বলাচোন যাওগৈ এবাৰ।”

তাৰমানে অতিকমেও দুঘন্টা বোন্দাপোৰ আৰু দুহেজাৰ টকা খৰচ! বিৰক্তিত চমুকৈ কলো, “ঠিক আছে।”

“আৰু হেৰি নহয়, অলপ শ্বপিং ও কৰিব লাগিব। আমাৰ লগৰ টিনাৰ বিয়াখন আহি আছে। আন্টীৰ দোকানত সিদিনা বিৰাট ধুনীয়া কাপোৰ এযোৰ দেখি আহিছো। মাত্ৰ এঘাৰ হাজাৰত আজিকালি ইমান ভাল কাপোৰ নাপায়ে।”

‘হু’, নকলে নহয় বুলিয়ে অনুচ্চ স্বৰত কিবা এটা শব্দ কৰিলো। মনৰ ৰাই-জাইটোয়ে ইতিমধ্যে বুকুৰ ধপ্ ধপনিৰ ৰূপ লৈছে।

অলপ ৰৈ শ্ৰীমতীয়ে মিঠা সুৰত আকৌ কলে, “কিমানদিন যে তুমি কলৈকো ফুৰাবলৈ নিয়া নাই মোক! ঘৰৰ কাম কৰোতেই জীবন গৈছে। আজিকালি ট্ৰেভেল এজেঞ্চীবোৰত গোৱাৰ বহুত অফাৰ পেকেজ দি আছে জানা। মাত্ৰ ত্ৰিশ হাজাৰ মানতে হৈ যাব। ৰীমাহঁতে যাষ্ট গৈ আহিছে।কিমান যে ধুনীয়া ধুনীয়া ফটো লগাইছে ফেচবুকত!”

মিহিকৈ অহা ভুইকঁপৰ দৰে কম্পিত বুকুখনেৰে শ্ৰীমতীলৈ চালো। সেই একেই উৰ্বশীৰ মোহিনীময় চাওনি! বিব্ৰত হৈ দুবাৰমান ডিঙিটো খেকাৰি কলো,

“হেৰা, শ্বেৰুক বৰ মিচ্ কৰো হে…আজি নহলে কুকুৰৰ পোৱালি এটাকে লৈ আনোগৈ বলা।।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments