শ্যামলালৰ কথাৰে- ডা° প্ৰণৱ কুমাৰ শৰ্মা

আজি লিখি আজি আছো চাকৰি নকৰা এজন জেষ্ঠ নাগৰিকৰ কথা৷
ব্ৰহ্মপুত্ৰৰ পাৰৰ কাছাৰীঘাটতে লগ পাইছিলো মানুহজনক৷
বয়স প্ৰায় সত্তোৰদ্ধৰ৷
আগেয় চিনাকি নাছিল৷ অফিচৰ কামলৈ অহা যোৱা কৰোঁতে মানুহজনৰ কথা জানিছিলোঁ৷
সেয়া বহুদিনৰ আগৰ কথা৷
সোঁৱৰণিৰ চাদৰৰ আচলত ধৰি কথাবোৰ এতিয়াও উৰি আহে৷
সাধাৰণ এটা জোতা মুচি আছিল সি৷ বিহাৰৰ ডাৰভঙ্গা নে ক’ত জানো ঘৰ আছিল? সি কৈছিল৷ মোৰ পাছে এতিয়া আৰু মনত নাই৷ অফিচ কাছাৰীলৈ অহা মানুহৰ জোতা পলিচ আৰু জোতা মেৰামতি কৰি দুটা পইছা সাচি ঘৰলৈ পঠিয়ায়৷ আজিও মনি অৰ্ডাৰ মাধ্যমটোকে ব্যৱহাৰ কৰে৷ এই মনি অৰ্ডাৰ ফৰ্মখন লিখি দি সহায় কৰোঁতেই তাৰ সতে মোৰ চিনাকি৷ থাকিবলৈ তাৰ ঘৰ নাই৷ কাছাৰীঘাটৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ প্ৰকাণ্ড গছ এজোপাই তাৰ ঘৰ৷ বহু বছৰেই হ’ল ইয়াত এই অঘৰী মানুহজনৰ৷
বয়সৰ হিচাবত এজন চিনিয়ৰ চিটিজেন৷ দেহাই টানি আছে বাবেই কাম কৰি আছে৷ এইবোৰেই মানুহৰ বিচিত্ৰ জীৱনৰ নেদেখা ছবি৷
তাৰ সতে বহি কথা পাতো৷
তাৰ নামটো আছিল শ্যামলাল৷
টকা কেইটামান উলিয়াবলৈ বেঙ্কলৈ গৈছিলোঁ৷
গৈ দেখিছিলোঁ কাছাৰীঘাটৰ সেই বৃহৎ আঁহত গছ জোপাৰ চৌপাশে এজাক মানুহৰ জুম৷ নিশাৰ ঠেঁটুৱৈ লগা জাৰত কঁপি কঁপি শ্যামলালৰ মৃত্যু হৈছিল৷
কাষতে পৰি আছিল সেই মাহৰ ঘৰলৈ পঠিয়াব লগীয়া সাঁচতীয়া পইছাকেইটা আৰু এখন উকা মনি অৰ্ডাৰ ফৰ্ম৷
মই আগুৱাই গ’লোঁ৷ আকাশলৈ চাই থকা তাৰ সেমেকা শেঁতা নিষ্পলক চকুহালে যেন মোক বহুতো কথাই কৈছিল৷
তাৰ সেই মৌন ভাষা মই বুজি পাইছিলোঁ৷
সি যেন কৈছিলঃ অলকেশ বাবু, এই পইছাকেইটা মোৰ ঘৰ পৌচাই দিবি৷
সেই কামটোতো মই কৰিমেই৷
তাৰ ঘৰৰ ঠিকনা মই জানো৷ মনি অৰ্ডাৰৰ ফৰ্ম পূৰাওতে পূৰাওতে মুখস্থ হৈ গৈছে৷
মনলৈ এটা অন্য চিন্তাহে আহিছিল৷
সি প্ৰকৃততে এটা ব্ৰাহ্মণ পৰিয়ালৰ মানুহ আছিল৷
কোনোবা এটা ৰাজহুৱা অনুষ্ঠানত পূজা পাতল কৰোঁতে কিবা এটা ভুল কৰাৰ বাবে তাক তাৰ গাঁৱৰ মানুহখিনিয়ে সামাজিকভাৱে বৰ্জন কৰি গাঁওখনৰ পৰা নিৰ্বাসন দিছিল৷ ঘৰৰ মানুহজনী আৰু একমাত্ৰ অবিৱাহিতা ছোৱালীজনীক মানৱতাৰ দোহাই দি ৰেহাই দি সকাহ দিছিল৷ সি দেশ এৰি দেশান্তৰ হৈছিল৷ তাৰ এই দুখৰ কথা সি মোক নিজ মুখে কোৱা৷
উপায়ন্তৰ হৈ সি এই বৃত্তিটোকে বাচি ল’লে৷
অহাৰ পৰা আৰু সি ঘৰলৈ যোৱা নাই৷ ঘৰ এখন থাকিও শ্যামলাল অঘৰী হৈ ৰ’ল৷ এইবোৰ সাজি কোৱা কথা নহয়৷
ভাৱিলে দুখ লাগে৷ মই কিবা প্ৰশ্ন কৰিলে সি হে মোক ওলোটাই সান্ত্বনা দিয়ে – মানুহৰ জীৱনবোৰ একে নহয়৷ ক’ৰবাত সাংঘাতিক ধৰণে কমপ্ৰমাইজ কৰিব লগীয়া হৈ পৰে৷
শ্যামলালৰ ঠিকনা মই জানো৷
পাবলগীয়া সাধাৰণ পইছা কেইটা পাবৰ দিনাই তাৰ মৃত্যুৰ সংবাদটো পাই মনটো বেজাৰেৰে ভৰি পৰিছিল৷
ওচৰৰে পি চি অ’ এটাৰ পৰা জি এল চ’চিয়েল ওৱেলফেয়াৰলৈ ফোন এটা কৰিছিলো৷ তাৰ পাছতেই তাৰ ঠিকনাৰ আউট পোষ্টলৈ ফোন কৰি তাৰ মৃত্যু সংবাদটো দিছিলো৷ পুলিচ অফিচাৰজনে তাৎক্ষণিকভাৱে ঘৰৰ মানুহক খবৰটো দিয়াৰ প্ৰতিশ্ৰুতি মোক দিছিল৷
এইখিনি কাম কৰাৰ পাছত এংগেজ পোৱা জি এলক পুনৰ ফোন কৰি অনুৰোধ কৰিছিলো তাৰ মৃতদেহটো বৰফৰ বাকচেৰে ঘৰ পোৱাই দিবলৈ৷
সিমূৰৰ পৰা মোক জনাইছিল যে জি এলৰ সেই সুবিধা নাই৷ এটা এন জি অ’ আছে নাম ’মৰুতৃষ্ণা’৷ সিহঁতৰ সতে যোগাযোগ কৰি চাবলৈ অনুৰোধ কৰিলে৷ খৰচৰ কথাও চমুকৈ অলপ কৈ থ’লে৷ বৰফেৰে সংৰক্ষিত কৰি ট্ৰাকেৰে শ-দেহ কঢ়িয়াবলৈ প্ৰায় লাখ টকাই ব্যয় হ’ব৷
অৱশেষত মৰুতৃষ্ণাৰ সতে সম্পৰ্ক হ’ল৷ হয়, প্ৰায় এক লাখ দহ হেজাৰ টকাৰ ব্যয়ৰ কথা ক’লে৷
মোৰ হাতত সিদিনা পোৱা ধনৰ পৰিমাণ আছিল এক লাখ বিশ হেজাৰ টকা৷
মনটোৱে হাহাকাৰ কৰি উঠিছিল৷
মান্তি হৈছিলো মৰুতৃষ্ণাৰ কথাত৷ কাষৰ ফুলৰ বিপনীৰ পৰা এসোপামান নাৰ্জী ফুল কিনি আনি শ-দেহটোত দি দিছিলোঁ৷
কাষৰ সদৰ থানাৰ পৰা ন’ অৱজেকচন চাৰ্টিফিকেটখন উলিয়াই মৃতদেহটো মৰুতৃষ্ণাক গটাই দিছিলো৷
মনটো বিষাদেৰে ভৰি পৰিছিল যদিও পৰাত্মাৰ সন্ধান পোৱা যেন তৃপ্তিৰ অনুভৱ এটাই চুই গৈছিল৷
এজন চিনিয়ৰ চিটিজেন হৈ আন এজন চিনিয়ৰ চিটিজেনলৈ এনেদৰেই শেষ শ্ৰদ্ধাঞ্জলি জনাইছিলো৷
কেইটামান দিনৰ পাছত ’মৰুতৃষ্ণা’ত খবৰ কৰিছিলোঁ৷

কৈছিলঃ গংগাৰ পাৰত শ্যামলালক চিতাজুইত সিহঁতে নিজ হাতে তুলি দি আহিছিল৷
শ্যামলালৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছিলো৷
কথাবোৰ ঘৰৰ মানুহখিনিক কৈছিলো৷
মোক সিহঁতে জানে মই অলপ খেয়ালী মনৰ মানুহ বুলি৷
কিন্তু সিদিনা ঘৰৰ মানুহে মোক খেয়ালী বুলি উপহাস কৰা নাছিল৷ মাথোঁ নিশব্দে মোৰ কথাবোৰ শুনি গৈছিল৷
সেয়াই মোৰ জীৱনৰ অৱসৰৰ প্ৰথম পইছা পোৱাৰ মিঠা কাহিনী৷
তিতা অভিজ্ঞতা বোৰৰ কথা সেইদিনা মনলৈ অহা নাছিল৷
মোৰ চোতালত এহাল কপৌ চৰাই ক’ৰবাৰ পৰা উৰি আহি কলকলাই আছিল৷
….মই শ্যামলালৰ কথাই ভাৱি আছিলো৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক