শ্রীকৃষ্ণৰ ৰাসলীলাৰ তাৎপর্য: এক আলোকপাত – শেৱালি দত্ত

শ্রীকৃষ্ণৰ ৰাসলীলাৰ তাৎপর্য: এক আলোকপাত

শেৱালি দত্ত

শ্রীকৃষ্ণক আমি সদায়,সকলো সময়তে ঈশ্বৰ, ভগৱান বা সৃষ্টিকর্তা বুলি মানি আহিছো । এই পৰম পবিত্র পথটিৰ সন্ধান দিওঁতাজনো ঐশ্বৰিক শক্তিৰ অংশে জন্মলোৱা হিমালয়ৰ পাদদেশস্হিত বদৰিকাশ্রমৰ বাসিন্দা বাদৰায়ন বা ব্যাসদেৱ ।সত্যৱতীসূত কৃষ্ণ–দ্বৈপায়ন মহর্ষি বাদৰায়ণ ব্যাসদেৱে সপ্রেম ভকতিৰ ৰহস্য আৰু নিগুঢ় ভক্তিতত্ত্ব প্রকাশৰ উদ্দেশ্যে শৃঙ্গাৰ ৰসৰ আবৰণেৰে শ্রীমদ্ভাগৱত মহাপুৰাণত ৰাস পঞ্চাধ্যায় সন্নিবিষ্ট কৰিছে । মহাভাগৱত শাস্ত্রৰ দশম স্কন্ধৰ ২৯অধ্যায়ৰ পৰা ৩৩ অধ্যায়লৈ এই পাঁচটি ৰাস পঞ্চাধ্যায় । মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱে ৰাস পঞ্চাধ্যায় অনুবাদ কৰি দশমত সন্নিবিষ্ট কৰাৰ উপৰি ‘কীর্ত্তন-ঘোষা’ শাস্ত্রত ‘ৰাস-ক্রীড়া’ নামে খণ্ডটি ৰচনা কৰিছে আৰু ৰাস-ক্রীড়াৰ কাহিনীভাগকে লৈ ‘কেলিগোপাল’ অঙ্কীয়া নাট ৰচনা কৰিছে । ৰাসলীলাত অন্তৰ্নিহিত নিগুঢ় ভক্তিতত্ত্ব আৰু গভীৰ আধ্যাত্মিক দর্শনে গুৰুজনাৰ চিত্ত যে বাৰুকৈ আকর্ষিত কৰিছিল এই কথাৰ উমান একেটা কাহিনীৰ ভিন্ন কাব্যিক ৰূপদানত পোৱা যায়।‘ৰাস’ শব্দৰ আভিধানিক অর্থ হ’ল ‘মণ্ডলীকৃত নর্তনম’ অর্থাৎ মণ্ডলাকাৰ হৈ ঘূৰি ঘূৰি কৰা নৃত্য।যমুনাৰ তীৰত আৰু বালিত শাৰদীয় চন্দ্রাৱলী নিশাত শ্রীকৃষ্ণই এইভাবেই ব্রজধামৰ গোপীসকলৰ সৈতে নৃত্য কৰিছিল।
ভৈলন্ত মণ্ডলাকাৰ হাতেগলে ধৰি ।
সবে বোলে মোকেসে আলিঙ্গি আছে হৰি ।।(কীর্ত্তন-ঘোষা)
ৰাসলীলা প্রকৃতার্থত প্রকৃতি আৰু পুৰুষৰ ৰমণ, জীৱাত্মা আৰু পৰমাত্মাৰ মিলন, ভক্ত আৰু ভগৱন্তৰ আলিঙ্গণ। অনন্ত সুন্দৰ, আনন্দময় ভগৱন্ত শ্রীকৃষ্ণৰ সৈতে আলিঙ্গিত হৈ নিত্যানন্দ উপভোগ কৰিবলৈ ব্রজধামৰ গোপীসকল উদ্বাউল।শ্রী কৃষ্ণৰ প্রতি একান্ত অনুৰক্তিয়ে সপ্রেম ভকতি।পৰমানন্দৰ প্রেমত আত্মহাৰা হৈ গোপীসকলে যথাসর্বস্ব ত্যাগ কৰি ভগৱন্তবস্তুত আত্মসর্মপণ কৰাই ৰাসলীলা।গীতাশাস্ত্রত ভগৱান শ্রীকৃষ্ণই কৈছে— ভগৱন্তক যিয়ে যি ভাৱে-ভজনা কৰে ভগৱন্তয়ো ভক্তক সেইভাৱেই ভজে। মাধৱদেৱে ঘোষা-শাস্ত্রত লিখিছে-‘‘কামনাপূর্বকে যদি কৃষ্ণক ভজয় ।পুৰন্ত কামনা ইটো আতি সত্য হয়৷৷’’ হিৰণ্যক্ষ, হিৰণ্যকশিপু, কংস, শিশুপাল আদি দৈত্যসকলে কৃষ্ণক বৈৰীভাৱে, উদ্ধৱে বান্ধবৰূপে, অর্জুনে সখীৰূপে, দ্রৌপদীয়ে পৰম কাৰুণিক ত্রাতা ৰূপে, প্রহ্লাদে নিষ্কাম স্বামীৰূপে আৰু ব্রজধামৰ গোপনাৰীসকলে কৃষ্ণক পতিৰূপে পাবলৈ কামনা কৰিছিল। সেইসকলে যি ধৰণে বিচাৰিছিল তেনেদৰেই কৃষ্ণক লাভ কৰিছিল।গোপনাৰীসকলৰ কৃষ্ণপ্রেম কামনা বা লালসা নাছিল।ই আছিল তেওঁলোকৰ দুৰন্ত সাধনা।এই সাধনাত কিঞ্চিত দোষ দেখি ভগৱন্ত কৃষ্ণই গোপনাৰীসকলক এবাৰ প্রত্যাখ্যান কৰিছিল আৰু পুনৰ এবছৰ ব্রত পালি সম্পূর্ণ শুদ্ধ আৰু পবিত্র চিত্তৰ অধিকাৰী হোৱাৰ পিছতহে তেওঁলোকৰ সৈতে ৰাসলীলাত অৱতীর্ণ হৈছিল।চিত্তৰ মলিনতা সম্পূর্ণ দূৰ কৰি মায়ামুক্ত হলেহে ভগৱন্ত সৈতে অনঙ্গ কেলি কৰি পুর্ণানন্দ সমূদ্রত বুৰ গৈ কৃষ্ণত বিলীন হ’ব পাৰি। এইটোৱেই ৰাসলীলাৰ আধ্যাত্মিক শিক্ষা৷বিষয়ী আৰু বিষয়ৰ অভিন্নতাই ৰাস ।আকৌ আধুনিক অভিধানে ‘ৰা’ শব্দই শব্দ বা মাতক বুজাই বুলি নির্দেশ কৰিছে ।মাত মানে প্রিয়জনৰ মাত, যি মাতে আমাক আনন্দিত কৰে।সেই মাত নিশ্চয় ভগৱানৰ বাদে অন্য কাৰো নহয়, যিহেতু আমাৰ মৃত্যুৰ ক্ষণতো মুমুর্ষু অৱস্হাত তেওঁৰ নাম বা মাত শ্রৱণ-কীৰ্তন কৰি পৰম সন্তোষ লাভ কৰো।‘স’ শব্দই সহিতে বা অভিন্নতা প্রতিপন্ন কৰে। সেয়েহে ভক্তৰ মনোবাঞ্ছা পূর্ণকাৰী ভগৱান আৰু ভক্তৰ অভিন্নতাই ৰাস ।ভগৱান আৰু ভক্তৰ পৰস্পৰ সমন্ধত উৎপত্তি বৃত্তি–স্ফুৰণেই লীলা । ভগৱান আৰু ভক্ত দুয়ো অভিন্ন।ভগৱান এক, আনহাতে ভক্ত সীমাহীন, অনেক । ভগৱানৰ লীলা তিনি প্রকাৰ—(১) নিত্যলীলা (২)সৃষ্টিলীলা আৰু (৩)সংসাৰলীলা। ৰাসলীলা ভগৱানৰ নিত্যলীলাৰ অধীন। শ্রীকৃষ্ণৰ ৰাসলীলা পৰম আস্বাদনীয় । দেশ-কাল-পাত্রভেদে ই হ’ব– প্রেমময়, পৰম সুখযুক্ত আৰু আনন্দময়। ৰাসলীলাত সাধাৰণতে সাতটি গৌণৰসৰ সন্ধান পোৱা যায় । সেয়া হ’ল-হাস্য, শোক, ক্রোধ, উৎসাহ, ভয়, ঘৃণা আৰু বিস্ময় । লগতে শান্তি, দাসত্ব, সখিত্ব, বাৎসল্য আৰু প্রিয়তা এই পাঁচটি মুখ্যৰস উপভোগৰ যোগ্যতা প্রতিফলন ঘটে।পাৰিভাষিক অর্থত ৰাসলীলাৰ অর্থ হ’ল-এক বিশেষ নৃত্য ।যি নৃত্যত অনেক নর্তকীয়ে মণ্ডলাকৃতিৰে মাজত এজন নর্তক লৈ আমোদজনক অনেক ভঙ্গীৰে বিভিন্ন তালত নৃত্য কৰাকে ৰাস বোলে। ব্রজবাসী নর্তকীসকলে শ্রীকৃষ্ণক মুখ্য নর্তক হিচাপে মাজত লৈ মদনোল্লস হৈ নৃত্য কৰিছিল ।তেনে নৃত্যৰদ্বাৰা তেওঁবিলাকে শ্রীকৃষ্ণৰ ৰূপ,গন্ধ,স্পর্শ আৰু শব্দৰ অমৃত ধাৰা পান কৰি মনোবাঞ্ছা সিদ্ধ কৰিছিল । প্রত্যেকেই বাঞ্ছিত ফল লাভত মতলীয়া হৈ পৰিছিল। শ্রীকৃষ্ণয়ো তেওঁৰদ্বাৰা আশ্রিত ভক্ত-বৃন্দৰ মনোৰথ সিদ্ধ কৰি পৰম তৃপ্তি লাভ কৰিব পাৰিছিল । এনে কার্য্যৰ বাবে শৰৎ কালৰ নির্মল আকাশৰ উজ্জ্বল আৰু নিস্পন্দন জোনাক নিশাকেই নির্বাচন কৰি লৈছিল।
শৰত কালৰ ৰাত্ৰি অতি বিতোপন ।
ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন ।।
শৰত কালৰ পূর্ণিমা নিশা নির্বাচন কৰাতো অনেক ৰহস্য নিহিত হৈ আছে। শ্রীশ্রী ৰাস পঞ্চম অধ্যায়তেই আমি অন্য এটি দিশৰো সন্ধান পাওঁ। সেয়া হ’ল আমাৰ মানৱীয় দেহা পঞ্চভূতৰ সমষ্টি। আমাৰ ধর্ম আমাৰ জীৱনৰ বাবেই। আকাশ পঞ্চভূতৰে এক নাম। আকাশৰ গৰাকী বিষ্ণু। তেওঁৰেই অৱতাৰ ৰূপ হ’ল শ্রীকৃষ্ণ। এই শ্রীকৃষ্ণই ৰাসলীলাত ব্রতী হৈছিল।সুনীল নির্মল আকাশৰ চুকে-কোণে থকা সকলোকে দেখাৰ উপযুক্ত সময় হ’ল শৰৎ কালৰ পূর্ণিমা নিশা। সেই আকাশেই ৰাসমণ্ডল।আকাশৰূপী ৰাসমণ্ডল, তৰাৰূপী নর্তকীসকলে মুল নর্তক চন্দ্রক লৈ ৰাসলীলা কার্য সম্পাদন কৰা প্রণালীও খেও ধৰি ৰাসলীলা যুগুত কৰা হৈছে। ব্রজ নগৰীত ষোল্লশ গোপী আছিল নাছিল আমি নাজানোঁ কিন্ত আকাশত যে ষোল্লশ বা ততোধিক নক্ষত্র আছে আমি প্রত্যক্ষ কৰি আহিছোঁ।ইয়াৰ বাহিৰেও ভগৱান শ্রীকৃষ্ণৰ লগত গোৰ সম্পর্ক অতি ঘনিষ্ঠ ।গৰখীয়া শ্রীকৃষ্ণৰ মুৰুলী সুৰত ব্রজবাসীৰ বিশেষকৈ গোপীসকলৰ মন মতলীয়া হৈছিল।শ্রীকৃষ্ণ ভগৱানৰ অৱতাৰ, নন্দ ৰজা, তেনেস্হলতো শ্রীকৃষ্ণ হ’বলগীয়া হৈছিল গৰখীয়া। সাধাৰণভাৱে চালে কথাটোত গুৰুত্ব একোৱেই নাই, কিন্তু ভিতৰি এক গভীৰ তাৎপর্য অন্তৰ্নির্হিত হৈ আছে। গো সনাতন হিন্দু ধর্মৰ লগত অঙ্গাঙ্গী। হিন্দু শাস্ত্র সমূহৰ মত অনুসৰি ক’ব পাৰি যে মনুষ্য জনম অতি দুর্লভ। ক’ত শত জনমৰ পুণ্যৰ ফলত এই জনম লাভ কৰিছোঁ।পুনৰ যে এনে মানৱীয় জনম আকৌ পাম সিয়ো আমাৰ অগোচৰ । ভগৱানে পৰৰ উপকাৰৰ বাবেই প্রকৃতি বুকুৰ সর্বস্ব তালিকাভুক্ত কৰি উপহাৰ দিছে । ঠিক তেনেকৈ আমাৰ এই ক্ষণভঙ্গুৰ মানৱীয় জীৱনটোও পৰৰ উপকাৰৰ নিমিত্তে স্রজন কৰিলে ।গৰুৱেই ভগৱানৰ সৃষ্টিত সর্বশ্রেষ্ঠ উপকাৰী।তেনে এটি জীৱক পোহপাল দি সততে পৰোপকাৰৰ কথাটো সোঁৱৰণ কৰি থাকিব পাৰোঁ, তাৰেই ব্যৱস্হা গৰু প্রতিপালন। সেই কথাৰ আদর্শনীয়জন হ’ল ভগৱান শ্রীকৃষ্ণ। তাহানি সাগৰ মন্থনত গৰু জাতিৰ বীজ সুৰভি গাই উদ্ভৱ হোৱাৰ পৰাই ঋষি-মুনি, আনকি আজিৰ সর্বসাধাৰণেও গৰুৰ উপকাৰ মুক্তহন্তে লাভ কৰি আহিছে। হিন্দু মাত্ৰেই গো-পালন ধর্মীয় কর্ম বুলি গণ্য কৰে।শ্রীকৃষ্ণ ধৰাধামত মানুহ ৰুপেৰে অৱতাৰ।তেওঁ যি সময়ত উদ্দেশ্য সাধনৰ বাবে আর্ৱিভাৱ হৈছিল-নন্দ ৰজাই নহয়, অন্য ৰজাৰ ঘৰত ডাঙৰ-দীঘল হোৱাহেতেনো গৰখীয়াই হ’লহেতেন। ৰাসলীলা সম্পর্কীয় প্রবন্ধত গৰু আৰু গৰখীয়াৰ প্রসঙ্গ এৰাই যাব নোৱাৰি। সচৰাচৰ আমি গোপী শব্দটোত ঈ-কাৰ চিন ব্যৱহাৰ কৰি আহিছোঁ। আধুনিক অভিধানৰ মতে গোপ-শব্দৰ স্ত্ৰী-বাচক শব্দ গোপী। গোপ মানে গো-পালক বা গাখীৰৰ ব্যৱসায় কৰা মানুহ। সকলো হিন্দুৱেই গো-পালন কৰে। সেই দৃষ্টিকোণৰ পৰা সকলো ভাৰতীয় হিন্দু নাৰীয়েই গোপী। শ্রীকৃষ্ণৰ ৰাসলীলাত অংশ গ্রহণকাৰী সকল এইসকল গোপী নাছিল। কাৰণ গো শব্দই গৰুক বুজালেও অন্য অর্থও নথকা নহয়। অন্য অর্থত গো শব্দই সনাতন ধর্মৰ বেদক বুজায়। বেদ শব্দই আমাৰ অতীন্দ্রীয় জ্ঞান বা আধ্যাত্ম জ্ঞানক বুজায়। গতিকে যি লোকে ঈশতত্তব বা ধর্মতত্তব আয়ত্ব কৰি ৰসময়ী ভকতিত আপ্লুত হৈ থাকে তেঁৱেই গোপী। গোপী শব্দৰ স্ত্রী বাচক শব্দ গোপীনী। শ্রীকৃষ্ণ স্বয়ং ভগৱান,সেয়ে গোপীকান্ত।
ৰাসলীলাত ব্রজবাসী সকলো পুৰুষ-স্ত্রীয়ে অংশগ্রহণ কৰিছিল ।সেয়েহে যত গোপী তত শ্রীকৃষ্ণ হৈছিল।শ্রীকৃষ্ণৰ প্রতি ব্যাকুলিত প্রাণে ইজনে সিজনক শ্রীকৃষ্ণ যেনেই দেখিছিল।সকলোকে ঈশ্বৰ জ্ঞান কৰা বা শ্রীকৃষ্ণময় দেখাই ভাগৱতী ভক্তিধর্মৰ মূল লক্ষ্য। সেয়ে ৰাসলীলা চোৱা আৰু শুনাত আমাৰ পুণ্য হয়। ৰাসলীলা সত্য প্রেমৰ পৰাই উৎপত্তি। ভগৱান প্রেমময়। শ্রীকৃষ্ণত আশ্রয় গ্রহণ কৰিবলৈ তেওঁৰ দ্বাৰা সাধিত গুণ-কর্ম শ্রৱণ-কীর্ত্তন কৰিবলৈ সত্য প্রেম আৰু ভক্তিৰ প্রয়োজন। শ্রদ্ধা–ভক্তি আৰু প্রেম নহলে বিষয়ৰ প্রতি ৰাপ নবহে বা কোনো কার্য সাধিত নহয়৷ ৰাসলীলা ব্রজবাসীসকলৰ শ্রীকৃষ্ণৰ প্রতি থকা অচলা-ভক্তি আৰু প্রেমৰ দ্বাৰাই প্রতিফলন ঘটোৱা হৈছে। ইয়াৰ দ্বাৰা ভক্তৰ মনোৰথ সিদ্ধ কৰি আশ্রিতজনৰ বাঞ্ছিত ফল প্রদান কৰি পৰম তৃপ্তি লাভ কৰিছে।মানৱ জাতিৰ পৰম কল্যাণকামী কৃষ্ণ দ্বৈপায়ন ব্যাসে বদৰিকাশ্রমত বহি বহি কালোত্তীর্ণ ৰসময় স্বাদ শ্রীমদ্ভাগৱতৰ মাধ্যমেৰেদি নিবৃত্তি মার্গৰ ভক্তি ধর্মৰ প্রেমময় আস্বাদ আমাক উপহাৰ দি গৈছে এই বিশ্ব চৰাচৰ জগতৰ প্রতি ভগৱানৰ প্রেম বা শ্রদ্ধা আছে বাবেই স্রজন কৰিছে আৰু সদা-সর্বদা পালনত চকু ৰাখিছে । জীৱশ্রেষ্ঠ মানুহৰো হৃদয়ত প্রেম আছে বাবেই বর্তি আছে আৰু সৃস্টিৰ সকলো পদার্থকে প্রেমেৰে আকোঁৱালি লৈছে এই প্রেমময় ৰসেই জীৱাত্মা আৰু পৰমাত্মাৰ মিলনক্ষেত্র। গীতাত ভগৱান শ্রীকৃষ্ণই কৈছে-

সমোহহং সর্বভূতেষু ন মে দ্বেষ্যোহন্তি ন প্রিয়।
যে ভজন্তি তু মাং ভক্ত্যা ময়িতে তেযু চাপ্যহম।৯/২৯
অর্থাৎ- মই সকলো ভূত বা প্রাণীৰ প্রতি সমান। মোৰ কোনো প্রিয় বা অপ্রিয় নাই।যিবিলাকে মোক ভক্তিৰে সৈতে ভজে সিবিলাকে মোত থাকে আৰু মইও সিবিলাকত থাকো।সেয়ে ভগৱান আৰু ভক্ত অভিন্ন।এই অভিন্নতাকেই ৰাসলীলাত প্রদর্শিত হয়।ইয়াকে সাৰোগত কৰি আমাৰ মাজত ৰাসলীলা আজিও প্রৱর্তি আছে আৰু ভৱিষ্যতলৈও থাকিব।সেইবাবেই ৰাসলীলা পৰম পৱিত্র বিষয়-বিষয়ীৰ বা জীৱাত্মা-পৰমাত্মাৰ হৃদয়ৰ ধন।অতি মহাপাতকীজনেও এই ৰাসলীলা চাই বা উপভোগ কৰি নাইবা শ্রৱণ কৰি ধর্মশীল হৈ সংসাৰ চক্রৰ পৰা পৰিত্রাণ লভি ঈশ্বৰত বিলীন হয়।

(সম্পাদকীয় সংযোজনঃ ৰাসলীলাত বৃত্তাকাৰে কৰা নৃত্যৰ উৎপত্তি সম্পৰ্কে বহু পণ্ডিতে ‘‘হল্লীশক’’ নামৰ নৃত্য এটিৰ কথা কয়৷ ইয়াতো কেন্দ্ৰত এজন নৰ্ত্তকক ৰাখি চাৰিওকাষে নৃত্য কৰা হয়৷ অৱশ্যে উল্লেখযোগ্য যে যি কোনা লোক নৃত্যতে আমি ঘূৰণীয় ভংগীমা দেখিবলৈ পাওঁ৷)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments