শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ দ্ব্যশীতিতম বাৰ্ষিক অধিৱেশনত এভুমুকি -(কুশল হালৈ)

শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ দ্ব্যশীতিতম বাৰ্ষিক অধিৱেশনত এভুমুকি
-কুশল হালৈ

গাৰোৰ গোবিন্দ আতা সমন্বয় ক্ষেত্র – মহামিলনৰ মানৱ তীৰ্থ
মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ চিৰ নমস্য নামেৰে নামাঙ্কিত ভাৰতবর্ষৰ সর্ববৃহৎ ধর্ম-সাংস্কৃতিক অনুষ্ঠান শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ দ্ব্যশীতিতম (৮২ তম) বার্ষিক অধিৱেশনখনি দক্ষিণ-পশ্চিম কামৰূপ জিলা শাখাৰ আতিথ্যত ছয়গাওঁ অঞ্চলৰ বামুণী গাৱঁত গাৰোৰ গোবিন্দ আতা সমন্বয় ক্ষেত্রত যোৱা ৭, ৮, ৯ আৰু ১০ ফেব্রুৱাৰীলৈ চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে সুসম্পন্ন কৰা হয়। অধিৱেশনৰ সফল সামৰণিয়ে পুনৰবাৰ প্ৰতিপন্ন কৰিলে যে শ্রীমন্ত শঙ্কৰদেব সঙ্ঘ কেৱল সাম্প্ৰতিক কালৰ সর্ববৃহৎ ধর্মীয়-সাংস্কৃতিক অনুষ্ঠানেই হৈ থকা নাই, ই হৈছে শংকৰ-মাধৱৰ আশীষধন্য লক্ষ লক্ষ ধর্মপ্রাণ নৰ-নাৰীৰ মহামিলনৰ তীর্থক্ষেত্র, এক দুৰ্বাৰ দুর্জেয় মহাশক্তিৰ আধাৰ।
সমগ্র উত্তৰ-পূর্বাঞ্চলৰ পৰা অহা লক্ষ লক্ষ ধর্মপ্রাণ ভকত-বৈষ্ণৱৰ সমাবেশে অধিবেশনথলী এক মহামিলনৰ পুণ্য তীর্থত পৰিণত কৰিছে। সম্পূর্ণ অসমীয়া জাতীয় সাজ-পোছাক পৰিধান কৰি গলত গামোছা লৈ ভক্তিপূর্ণ চিত্তেৰে সমবেত হোৱা অগণন নৰ-নাৰী, যুৱক-যুৱতী, কিশোৰ-কিশোৰীৰ হৃদয়ত অনুৰণিত হয় সপ্রেম ভকতিৰ ঐক্যতান। প্রেমানন্দৰ প্রৱল বন্যাই সকলোৰে দেহ-মন-প্রাণ প্লাৱিত কৰি তোলে। পুলকিত আত্মাত অনুভূত হয় এক মৃদু শিহৰণ। নাম-কীর্তনৰ ধ্বনি-প্রতিধ্বনিৰে বামুণীগাৱঁৰ আকাশ বতাহ নিনাদিত। সকলোৰে মুখত ‘কৃষ্ণ’ ‘কৃষ্ণ’ ধ্বনি। এক নির্দোষ পৰমানন্দৰ পৰিবেশ। কাৰো কোনো ক্ষেত্রত লাজ, ভয়, দ্বিধা, শংকা নাই। অধিৱেশন থলীত সমবেত হোৱা অগণন ধর্মপ্রাণ নৰৰূপী নাৰায়ণৰ সমাগমত গাৰোৰ গোবিন্দ আতা সমন্বয় ক্ষেত্র সাক্ষাৎ বৈকুণ্ঠত পৰিণত হৈছে। সমবেত সুধী-সজ্জনসকল যেন প্ৰত্যেকে একো একোগৰাকী বৈকুণ্ঠৰ পাৰিষদ। নৰ-নাৰায়ণ ৰূপী ভক্ত-বৈষ্ণৱসকল বৈকুণ্ঠধামলৈ যেন ঢাপলি মেলি আহিছে – ভকতি-প্রেম-আনন্দৰ সৰোবৰত অৱগাহন কৰি জীৱন ধন্য কৰিবলৈ। বৈকুণ্ঠ প্রকাশি থকা হৰিনাম প্রেম অমৃতৰ নদী দক্ষিণ কামৰূপৰ বামুণীগাঁওলৈ ভক্তিজান হৈ বৈ আহিছে। প্রত্যেকৰে অন্তৰত বাজি উঠিছে শ্রৱণ-কীর্তন সপ্রেম ভকতিৰ ঐক্যতান। কাৰো মনত উচ্চ-নীচ, সৰু-বৰ, জাতি-অজাতি ভেদভাৱ নাই। সকলোৰে পৰিচয় এটাই – তেওঁলোক কৃষ্ণ-শংকৰৰ ভকত, শ্রীমন্ত শংকৰদেৱ সংঘৰ সংগী। সকলোৰে লক্ষ্য এটাই – গুৰু গৃহত সমবেত হৈ ভক্তি সৰোবৰত স্নান কৰি জীৱন ধন্য কৰা। কি যে অপূর্ব মহিমা গুৰু শংকৰৰ! কৃষ্ণৰ মোহন বাঁহীৰ সুমধুৰ ধ্বনিয়ে ব্রজধামৰ গোপিনীসকলক উদ্বাউল কৰাৰ দৰে গুৰুজনাৰ কৃষ্ণ-ভক্তিৰ মহিমাই যেন ভক্তসকলক বিমুগ্ধ কৰি তুলিছে। এই অপূৰ্ব মহিমাৰ সার্থক উপলব্ধিৰ বাবে নান দুখ-কষ্ট, আলৈ-আহুকাল নেওচি ধর্মপ্রাণ নৰ-নাৰীসকল লৰি আহিছে পূণ্যস্থান গাৰোৰ গোবিন্দ আতা সমন্বয় ক্ষেত্রলৈ। কৃতজ্ঞ চিত্তেৰে তেৰা সমস্তই গুৰুৰ চৰণত শ্রদ্ধার্ঘ্য নিবেদন কৰিছে – ভক্তি অঞ্জলি যাচিছে। বৈকুণ্ঠসদৃশ এই পূণ্যস্থানত সমবেত হোৱা লক্ষ লক্ষ ধর্মপ্রাণ নৰ-নাৰীসকলে কেৱল শ্রীমন্ত শংকৰদেৱ সংঘৰ দুর্জ্জেয় শক্তি আৰু অম্লান গৰিমাকে প্রকাশ কৰা নাই, এই সমাবেশে অসমীয়া জাতীয় জীৱনৰ স্বৰূপ আৰু মহত্ত্বকো বিশ্বৰ বুকুত পুনৰবাৰ প্রতিপন্ন কৰিলে।
ঐতিহ্যমণ্ডিত বগাই ৰাজ্যৰ বামুণীগাৱঁত অনুষ্ঠিত এই মহাসভা সাফল্যমণ্ডিত কৰিবলৈ জাতি-বর্ণ-ধর্ম-নির্বিশেষে দক্ষিণ-পশ্চিম কামৰূপ জিলা শাখাৰ সমূহ সংগী-বাপ সকলে যোৱা কেইবা মাহ ধৰি দিনে নিশাই অক্লান্ত-অশ্রান্ত পৰিশ্রম কৰি লক্ষ লক্ষ ধর্মপ্রাণ বাপ-বান্ধৱ আৰু আই মাতৃসকলক সেৱা শুশ্ৰুষা কৰিবৰ কাৰণে বিৰল সেৱা আগবঢ়াইছে। আদৰণি সমিতিৰ সভাপতি শ্রীযুত মহেশ মহন্ত বাপৰ নেতৃত্ব আৰু অনুপ্ৰেৰণাত আদৰণি সমিতিৰ বিষয়ববীয়া আৰু সদস্য-সদস্যা বাপ আইসকল আৰু ধর্মপ্রাণ কর্মীসকলে সম্পূর্ণ সেৱাৰ মনোভাৱেৰে দিনে নিশাই শ্রম কৰি অধিবেশনথলী সজাই পৰাই সম্পূর্ণ কৰি তুলিছে। দক্ষিণ-পশ্চিম কামৰূপ জিলা শাখাৰ সংগী-বাপসকলৰ এই মহান ত্যাগ আৰু কৰ্মপ্ৰেৰণা বাস্তৱিকতে অনুকৰণীয়।
আদৰণি সমিতিৰ নেতৃত্বত খেৰ, বাঁহ, নৰা, কাঠ, টিনপাতৰ আদিৰে আটকধুনীয়াকৈ নিৰ্মিত অস্থায়ী নামঘৰ, মূল সভামণ্ডপ, মঞ্চ, কার্যালয়, প্রতিনিধি সভা মণ্ডপ, ধর্মধ্বজ্জা উত্তোলন থলী, প্রতিনিধি শিবিৰসমূহ, ভোজনালয়, স্বাস্থ্য সেৱা শিবিৰ, সেৱা বাহিনী শিবিৰ, উপ-সমিতিৰ কার্যালয়, প্রদর্শনী আৰু গ্রন্থমেলাৰ স্থান, অনুসন্ধান কক্ষ, দোকান-পোহাৰৰ স্থান, গাড়ী ৰখা ঠাই আদি নির্মাণ কৰি সমগ্র অধিৱেশনথলী সু-সজ্জিত কৰি তোলে। তদুপৰি চালে চকু ৰোৱাকৈ নির্মিত মূল তোৰণ, অধিৱেশনথলীৰ প্রৱেশ দ্বাৰত নির্মিত তোৰণ আৰু অধিৱেশনথলী সংযোগী প্রধান পথত নির্মিত তোৰণসমূহৰ শিল্প কলা আৰু কাৰুকাৰ্যই লক্ষ লক্ষ ভকত-বৈষ্ণৱ চমক লগাইছে।
গাৰোৰ গোবিন্দ আতা সমন্বয় ক্ষেত্রত সমবেত হোবা লক্ষ লক্ষ ভক্তপ্রাণ লোকসকলৰ প্রতিগৰাকীয়ে আত্মনিয়ন্ত্রণ, সু-শৃঙ্খলা, পৰিমার্জিত চাল-চলন, ভক্তিপূর্ণ আচাৰ-ব্যবহাৰ, সুৰুচিপূর্ণ কথন-বচন আৰু জাতীয় সাজ-পোছাকে অসমীয়া মহাজাতিৰ সাংস্কৃতিৰ সৌন্দর্য আৰু বৈশিষ্ট্য জগতৰ বুকুত পুনৰবাৰ প্রতিপন্ন কৰিব পাৰিছে। অপ-সংস্কৃতিৰে ভৰা আজিৰ সমাজৰ লেতেৰা ৰূপৰ বিপৰীতে শংকৰী ধর্মাদর্শত ব্রতী সংঘৰ সংগী বাপ-বান্ধৱ, আই-মাতৃ, সেৱক-সেৱিকা সকলে সামূহিকভাৱে অসমৰ আধ্যাত্মিক-সাংস্কৃতিক-সামাজিক সৌন্দৰ্য বেকত কৰিব পৰাতো বৰ প্রেৰণাদায়ক কথা।
অধিৱেশনথলীত সমবেত হোবা লক্ষ লক্ষ জনসমুদ্রক আদৰণী সমিতিৰ বাপ আই সকলে আৰু স্বেচ্ছাসেৱক/স্বেচ্ছাসেৱিকাসকলে আগবঢ়োৱা ভক্তিপূর্ণ সেৱা শুশ্রষা, বিনয়, নম্রতা আৰু ভক্তিপূর্ণ আচাৰ ব্যৱহাৰে সমবেত জনগণৰ চিত্ত আকর্ষণ কৰে। মানুহৰ প্রতি থকা অফুৰন্ত শ্রদ্ধা, প্রেম-প্রীতি, দয়া-মৰমৰ অপূর্ব নিদর্শন দক্ষিণ-পশ্চিম কামৰূপ জিলাৰ ৰাইজে তেখেতসকলৰ সেৱাৰ জৰিয়তে দাঙি ধৰিব পৰাটো পৰম গৌৰৱৰ কথা। এই ক্ষেত্রত শ্রীমন্ত শংকৰদেৱ সংঘৰ “সেৱা বাহিনী”ৰ সেৱক-সেৱিকাসকলে আগবঢ়োৱা সেৱা কর্ম বিশেষভাৱে উল্লেখযোগ্য। বৈশিষ্ট্যপূর্ণ অসমীয়া সাজ পোছাক পৰিধান কৰি গলত ফুলাম গামোছা, মুখত হাঁহি, চকুত উজ্জ্বল জ্যোতি লৈ গুৰু ধর্মাদর্শত আত্ম-নিয়োজন কৰা যুৱক-যুৱতী আৰু কিশোৰ-কিশোৰীসকলে কেতিয়াবা নাম-কীর্তন কৰি, কেতিয়াবা হাতজোৰ কৰি ‘কৃষ্ণ’ ‘কৃষ্ণ’ ধ্বনিৰে বিশাল জনগণক আদৰিছে, যুদ্ধং দেহি মনোভাৱেৰে ভকত বৈষ্ণৱক সেৱা শুশ্ৰুষা কৰিছে। অধিৱেশনৰ শেষৰ দিনা যেতিয়া বৈষ্ণৱ, বাপ, আই-মাতৃসকলে স্বগৃহ অভিমুখে ৰাওনা হ’ব ধৰাত অধিৱেশনৰ মুখ্য তোৰণৰ সন্মুখত সেৱা-বাহিনীৰ যুৱক-যুৱতীসকলে আঠুকাঢ়ি শাৰীপাতি ভকত, বৈষ্ণৱসকলৰ চৰণ চুই দোষ-ক্রটিৰ মার্জনা বিচাৰি অশ্রুসিক্ত নয়নেৰে বিদায় সম্ভাষণ জনায়। আধ্যাত্মিক, নৈতিক আৰু সাংস্কৃতিক শিক্ষাৰে শিক্ষিত এইচাম যুৱক-যুৱতী আমাৰ জাতিৰ ভবিষ্যত সম্পদ বুলি নিশ্চিতভাৱে আশা কৰিব পাৰি।
অধিৱেশন উপলক্ষে আয়োজিত বিভিন্ন সভা-সমিতি, সাংস্কৃতিক শোভাযাত্রা, ভাগৱত ভ্রমণ আদি অতি সু-শৃংখলাপূৰ্ণভাবে সময়মতে অগণন জনতাৰ শান্তিপূর্ণ উপস্থিতিত সু-সম্পন্ন কৰিছে, এয়া আদৰণী সমিতিৰ কম কৃতিত্বৰ কথা নহয়! উপ-সমিতিৰ বিষয়ববীয়া, সদস্য-সদস্যা, বাপ আইসকলে সেৱা বাহিনীৰ পূর্ণ সহযোগিতাত নিজৰ নিজৰ দায়িত্ব সম্পূর্ণ নিষ্ঠা আৰু সততাৰে পালন কৰাৰ গুণতহে সকলো কাম সুচাৰুৰূপে সমাধা কৰিছে।
অধিৱেশনৰ পবিত্র অৱসৰতে আদৰণী সমিতিৰ স্মৃতিগ্রন্থ শাখাই “ভকতি কিৰণ” নামেৰে এখনি সৰ্বাংগসুন্দৰ স্মৃতিগ্ৰন্থও প্রকাশ কৰি উলিয়াইছে। প্রায় ৪০০ পৃষ্ঠাৰ এই স্মৃতিগ্ৰন্থখনিত অসমীয়া, ইংৰাজী, হিন্দী, বড়ো, ৰাভা আৰু গাৰো ভাষাত একশৰণ হৰিনাম ধর্মৰ বিভিন্ন দিশ আলোকপাত কৰাৰ উপৰিও সমাজ-সংস্কৃতি, ভাষা সাহিত্য আৰু দক্ষিণ কামৰূপ অঞ্চলৰ কিছু আভাস প্রকাশ কৰাৰ প্রয়াস কৰা হৈছে।
শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘ – মিলন মঞ্চ। বিভিন্ন জাতি-উপজাতিৰ লোক ইয়াত আছে। শ্রীমন্ত শঙ্কৰদেৱক কেন্দ্র কৰি একত্রিত হৈছে। কৃষ্ণ ভক্তি কৰিছে। কৃষ্ণ-গুণ-নাম লৈছে। নাম প্রেমেৰে আপ্লুত হৈছে। শান্তি-সম্প্রীতিৰ মেল পাতিছে। ভ্রাতৃত্ববোধৰ দৌল বান্ধিছে। সকলোৰে মাজত সদ্ভাৱ গঢ়ি তুলিছে, সংঘ শক্তিক শক্তিমন্ত কৰিছে। সমদলে যাত্রা কৰিছে। এক আদর্শ, এক নীতি – আগবাঢ়ি গৈছে। একশৰণ ধর্মনীতিয়ে সকলোকে বান্ধি ৰাখিছে – ঐক্য সংহতি গঢ়িছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments