শ্ৰদ্ধাঞ্জলি …( – বিনু ফুকন )

শ্ৰদ্ধাঞ্জলি …
– বিনু ফুকন ।

f
সেইদিনা ……..
এজাক ধুমুহাত
কঁপি গ’ল আকাশ
কঁপি গ’ল বতাহ
যেন এটা যুগৰ অৱসান ।
সহস্ৰ জনৰ অশ্ৰুৰ বন্যাৰে তিয়ালে
অসমীৰ চোতাল ।
জন সমুদ্র , তোমাৰ কাষত
শিল দ’ল ভাঙি গৈ যাচিলে অশ্ৰুঞ্জলি
পুষ্পৰে সজালে তোমাক ।
অগ্নিৰ লেলিহান শিখাত
বিশ্ব বন্দিত হৈ
ধূপৰ সুগন্ধি আৰু বতাহত বিলীন হলা ,
নদীৰ জলশ্ৰুতিয়ে কঢ়িয়াই লৈ গ’ল
দেশৰ চুকে কোণে তোমাক ।
তুমি অসমীয়াৰ হিয়াৰ আমঠু
প্ৰাণৰো প্ৰাণ ,
আবাল বৃদ্ধ বণিতাৰ বুকুৰ ভাঁজে ভাঁজে
বহোৱালা সাঁচ ।
বিশ্ব দৰবাৰ দেখুৱালা তুমি
সুৰেৰে , ধ্বনিয়ে , গীতেৰে জিলিকালা
অসমীৰ মুখ ।
লোহিতৰ জলৰাশিত তুমি
অসমৰ আকাশত , অসমৰ বতাহত তুমি
অসমীয়াৰ ঘৰে ঘৰে তুমি
মাথো তুমি ।
স্তব্ধ নহয় তোমাৰ উদাত্ত কণ্ঠ
তোমাৰ মহানুভৱতা
মানৱ দৰদী স্বদেশ প্ৰেমৰ বাণী ।
শঙ্কৰ , বিষ্ণু , জ্যোতিৰ লগতেই বহি ললা আজি ।
একতাৰ ডোলেৰে আকৌ এবাৰ বান্ধি গলা
অসম বাসীক ।
ধন্য ধন্য ধন্য বিশ্ব বিজয়ী সুধাকণ্ঠী তুমি ,
তোমালৈ নতশিৰে সহস্ৰ প্ৰণাম আজি ।
________________

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments