শ্ৰদ্ধাৰ্ঘ ::নিকুঞ্জলতা মহন্ত- মধুচন্দা চলিহা ভূঞা

“পাৱে পাৱে মাত্ৰ থাকোক ভকতি
নমাগোহো আন দান“
হয়তো এতিয়াও উমি উমি জলি আছে নৱগ্ৰহ শ্মশানত চিতাৰ একুৰা ভষ্মীভূত জুইৰ উত্তাপ৷ কিন্তু সেই উত্তাপ যেন প্ৰকৃত অৰ্থত নিঃশেষ হৈ যাব নোৱাৰে৷ অসমৰ সংগীত জগতত শিল্পীগৰাকীৰ চিৰযুগমীয়া অমিয়া কণ্ঠই দি গৈছে এটা যুগৰ বৰগীতৰ প্ৰতি থকা শ্ৰদ্ধা আৰু প্ৰীতিৰ নিদৰ্শন ৷
নিকুঞ্জলতা মহন্তই ’গোপী – উদ্ধৱ সংবাদ ’ৰ আধাৰত ১৯৬০চনত বাণীবদ্ধ কৰা ভক্তিমূলক এটি গীত —
“ উদ্ধৱ আৰ কি আসিব হৰি
কৃষ্ণৰ চৰণে গোচৰ হামাৰ
জনাইবা উদ্ধৱ প্ৰাণ৷ ৷
পাৱে পাৱে মাত্ৰ থাকোক ভকতি
নমাগোহো আন দান৷
ঈশ্বৰ ইচ্ছায়ে যৈতে তৈতে
জন্ম হোক নিজ কৰ্ম গতি৷
তৈতে তৈতে প্ৰভূ তোমাৰ চৰণে
থাকোক দৃঢ় ভকতি৷ “
সচাকৈয়ে নিকুঞ্জলতা মহন্তৰ কণ্ঠত এই গীতটিৰ ভক্তিৰসৰ আবেদনে যেন শ্ৰোতাক নিবিড় ভাবে উদ্ধৱবান্ধৱ কৃষ্ণৰ প্ৰতি গোপীৰ প্ৰেমৰ মাহাত্ম্য উপলব্ধি কৰাই গভীৰ ভক্তিৰসত আপ্লুত কৰাই৷
ঈশ্বৰৰ ইচ্ছাতেই জন্ম আৰু মৃত্যুক বাঞ্চা কৰিব জনা, ভকতি ৰসৰ প্ৰেম অমৃতৰ নদী বোৱাই বহু গীত গাই আমাৰ মাজৰ পৰা বিদায় লোৱা শিল্পী গৰাকীৰ মৃত্যু হ’ব নোৱাৰে৷
অসমৰ সংগীত জগতত বৰগীতৰ একনিষ্ঠ সাধিকা নিকুঞ্জলতা মহন্তৰ বিষয়ে মহেশ্বৰ নেওগ দেৱে কৈছিল, “ শ্ৰীমতী নিকুঞ্জলতা মহন্তৰ পৰিচয় তেওঁৰ কণ্ঠত, তেওঁৰ বৰগীত গোৱা কণ্ঠত৷ তেওঁৰ গীতৰ বিশেষ বিশেষত্ব যে সি এটা সচাঁ সত্ৰীয়া পৰিবেশ সৃষ্টি কৰিব পাৰে৷ “
সংগীতায়ন সত্ৰাধিকাৰ হৰেন্দ্ৰনাথ মহন্ত দেৱৰ জীয়ৰী নিকুঞ্জলতা মহন্তৰ জন্ম হৈছিল ১৯৩৭ চনৰ ১৩ অক্টোবৰত শ্বিলংৰ লাবানত৷ প্ৰথম মহিলা শিল্পী হিচাপে বৰগীত পৰিবেশন কৰিবলৈ ওলাই আহি ১৯৭৫ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত পোনপ্ৰথমবাৰৰ বাবে গীত পৰিবেশন কৰে৷ ১৯৬৭ চনত তেওঁৰ ৬ টা গীত এইচ. এম. ভি. ত বাণীবদ্ধ কৰা হয়৷
বৰগীতৰ গায়ন শৈলীৰ পৰম্পৰাত বৰদোৱা, বৰপেটা আৰু মাজুলী, এই তিনি ঠাইৰ তিনিটা বিশিষ্ট শৈলী পৰিলক্ষিত হয়৷ নিকুঞ্জলতা মহন্তৰ
বৰগীত পৰিবেশন সম্পৰ্কত ড’ সত্যেন শৰ্মাদেৱে কয়, “ ….সুগায়িকা নিকুঞ্জলতা মহন্তৰ কণ্ঠত বৰদোৱা ঘাৰাণাৰ স্বতঃস্ফুটতাৰ বাহিৰেও পুৰণি অসমৰ ’ ক্লাছিকেল বা ধ্ৰুপদী সংগীত ’ হিচাপে বৰগীতৰ এক নিটোল আৰু সামাজিক পৰিশুদ্ধৰূপ ক্ৰটিহীনভাৱে ৰক্ষিত হৈছে৷ “
আজীৱন বৰগীত প্ৰচাৰ আৰু প্ৰসাৰৰ সৈতে একনিষ্ঠভাৱে ব্ৰতী প্ৰয়াতা মহন্ত হৈছে বৰগীতৰ শাস্ত্ৰীয় সংগীতৰ মৰ্যাদাৰ কথা চিন্তা কৰা আৰু অগ্ৰসৰ হোৱা সংগীত শিল্পী সকলৰ অন্যতম৷
এবাৰ এখন সভাত শিল্পীগৰাকীৰ বৰগীত শুনি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱে কৈছিল — “ৰাইজ, আজিৰ সভাৰ আৰম্ভণীৰ গীতটি শুনিলে৷ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত বৰগীত৷ যিজনী ছোৱালীয়ে গীতেৰে সভা উদ্বোধন কৰিলে তাইক আপোনালোকে চিনে৷ গীতটিত এটি সত্ৰীয়া গায়ন পদ্ধতি গভীৰ হৈ ফুটি উঠিছে৷ তাইৰ মাতৰ ৰেঞ্জ দেখিলেনে? মই ভাৱো ৰাইজে তাইক আদৰ কৰিব৷ ৰাইজৰ আশীৰ্বাদ পালে, তাইৰ এই গীত আমাৰ দেশৰ বাহিৰত পৰিবেশন কৰিলে, ৰাইজৰ আদৰ পাব৷ “
এই বৰেণ্যা শিল্পী আত্মাৰ দৰে বহুজনৰ অহোপুৰুষাৰ্থত বৰগীতে শাস্ত্ৰীয় সংগীতৰ মৰ্যাদা পোৱাৰ কাৰণে যুঁজ দিয়াও আজি কিছুদিন হ’ল৷ কিন্তু প্ৰশ্ন হয় প্ৰকৃততে শুদ্ধ ৰীতিত বৰগীত পৰিবেশন কৰিবলৈ আজিৰ তাৰিখত কেইজন ওলাই আহিল? সত্ৰীয়া নৃত্যত এই ক্ষেত্ৰত কিছু সন্তোষজনক স্থিতি যদিও বৰগীতক আগুৱাই নিবলৈ যেন এতিয়াও বহু দূৰ৷ এনে সন্ধিক্ষনত শিল্পীগৰাকীৰ মৃত্যুত এক অপূৰণীয় ক্ষতিক আৰু গভীৰভাৱে উপলব্ধ হয়৷
ইতিমধ্যে বাণীবদ্ধ হৈ থকা তেখেতৰ বৰগীত তথা ভক্তিমূলক গীত সমূহে অৱশ্যে নতুন চাম শিল্পীক বৰগীত গাবলৈ নিসন্দেহে অনুপ্ৰাণিত কৰিব৷
পুনৰ শ্ৰদ্ধেয়া বাইদেউৰ কণ্ঠত এটি বৰগীত শুনি আপ্লুত হৈছো —
“ উদ্ধৱ চলহু গকুলে লাই
………………………………..
হৰি বিনে সুহৃদ বান্ধৱ নাহি কোই৷ ৷ “
সুহৃদ বান্ধৱ হৰিৰ শ্ৰী চৰণত তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ৷ ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments