শ্ৰীকৃষ্ণ ( চৰিফুল ইছলাম )

শ্ৰীকৃষ্ণ আমাৰ সকলোৰে হৃদয়ত বাস কৰা নাৰায়ণী সত্তাৰ নাম৷ জীৱনৰ সকলো ভাল অনুভৱৰে সৈতে এই সত্তাৰ সহবাস হোৱাৰ বাবে মৰতীয় পৰিবেশত সৰগীয় প্ৰেমৰ আজিও ইমান পয়োভৰ৷ কি যে বিশাল বিমুৰ্ত আনন্দময় পৰশেৰে শ্ৰীকৃষ্ণই সকলো জীৱকে আবৰি ৰাখিছে, তাক পৰম উপলব্ধি অবিহনে সহজে বুজি পোৱা টান৷ জীৱনৰ ওখোৰা-মোখোৰা যাত্ৰাপথত সকলো সুন্দৰ, সুস্থ, সৰ্বোত্তম ক্ষণৰ সৈতে কেতিয়াবা একেলগে, কেতিয়াবা অকলশৰে অহা দুখ, বেদনা, বিষাদ, যন্ত্ৰণা, অস্থিৰতা, অসুস্থতা, কান্দোন, শংকা আদি অৱস্থাসমূহৰ ধামখুমীয়াত পৰি আমি শেষ আশ্ৰয় হিচাপে যাৰ শৰণাপন্ন হওঁ তেঁৱে শ্ৰীকৃষ্ণ৷ চৰম বিপদৰ সময়তো তেওঁ, পৰম আনন্দ ক্ষণতো তেওঁ আমাৰ চিৰন্তন সঙ্গী৷ একান্ত সহচৰ৷ এক অলৌকিক সম্পৰ্কৰে মানৱ জীৱনৰ সৈতে লৌকিক বান্ধোনত সাঙোৰ খাই আছে বাবে শ্ৰীকৃষ্ণ সকলোৰে উচ্চতম আদৰ্শ৷ আৰাধ্য ভগৱান৷

আমাৰ জীৱনৰ প্ৰিয়তম শব্দসমূহৰ অন্যতম শব্দ হ’ল শ্ৰীকৃষ্ণ৷ এই ‘কৃষ্ণ’ শব্দৰ অৰ্থ হ’ল অস্তিত্ব বা সত্তাৰে সৈতে পৰমানন্দৰ মিলন৷ অৰ্থাৎ সৰ্বাকৰ্ষক৷ সকলোকে আকৰ্ষণ কৰি মূৰ্তিমান আনন্দ প্ৰকাশেই কৃষ্ণৰ স্বৰূপ৷ এই আকৰ্ষণী স্বৰূপৰে মহাশান্তিদায়িনী শব্দৰ সুৰীয়া লহৰে বুজন হোৱা দিনৰে পৰা আমাক আছন্ন কৰি ৰাখিছে৷ এই শব্দৰ জালতে আমি জ্ঞানৰ প্ৰকৃত মাৰ্গ দৰ্শনৰ সুবিধা লভিছোঁ বুলি মনে ধৰে৷ আচলতে আমাৰ মানসত শ্ৰীকৃষ্ণ এক মহাজীৱনৰ নাম৷ সকলো জীৱনৰ সৰ্বশ্ৰেষ্ঠ স্থানত অবস্থিতি লোৱাৰ বাবে তেওঁ সকলো জগতৰ সকলো জীৱনৰ গৰাকী তথা ত্ৰাণকৰ্তা ৰূপত অবতীৰ্ণ হোৱাৰো যোগ্যতা লভিছে৷ তেওঁ ভগৱন্ত প্ৰভুৰ অৱতাৰী অংশ হোৱাৰ বাবে মহাবিশ্বৰ সকলোবোৰ কথা-কাণ্ডৰ স’তেও পৰিচিত৷ ভগৱন্তৰ হৰণো নাই ভগনো নাই৷ কিন্তু কৃষ্ণৰ সকলো আছিল৷ তেওঁ মানুহৰ ক্ষণস্থায়ী জীৱন লৈ জগতলৈ ত্ৰাণকৰ্তাৰ ৰূপত আহিছিল আৰু মানুহৰ দৰে জীৱনৰ লীলা সামৰি গুচি গৈছিল৷ আচলতে জীৱন কেতিয়াও চিৰকালৰ বাবে নহয়৷ জন্মিলে মৰিব লাগে-এয়ে চিৰসত্য কথা৷ শ্ৰীকৃষ্ণক মানুহৰ জীৱন হিচাপেহে আমি স্বীকাৰ কৰি লৈছোঁ যদিও তেওঁৰ অলৌকিক কাৰ্যক্ৰমণিকাই এই ধাৰণাত বাৰে বাৰে আউল লগাই দিয়ে৷ সেয়েহে শ্ৰীকৃষ্ণ সৰ্ম্পকে বেছি দকৈ নাভাবি এগৰাকী পৰমশক্তিসম্পন্ন মানৱৰ দৰে আমি তেওঁক আঁকোৱালি ল’বলৈ আগ্ৰহ কৰোঁ৷ সেইৰূপে তেওঁ আমাৰ নিকটাত্মীয় পথ প্ৰদৰ্শক৷ তেওঁৰ জীৱনেৰে উজাবলৈ হ’লে মহতী ধাৰণা এটা হৃদয়ত ধাৰণ কৰাৰ আবশ্যক আছে৷

আত্মা-পৰমাত্মাত আমাৰ সিমান বিশ্বাস নাই৷ তথাপিও এক সৰ্বজনীন দৃষ্টিভঙ্গীৰ তাড়না হৃদয়ত প্ৰবাহিত হোৱাৰ বাবে আত্মাৰ প্ৰয়োজনীয়তা অনুভৱ কৰোঁ৷ শ্ৰীকৃষ্ণ সেই প্ৰয়োজনীয়তাৰে মানসপ্ৰতিম সম্পদ৷ যি সম্পদ জীৱনৰ সকলো সম্পদতকৈ শ্ৰেষ্ঠ৷ সকলো প্ৰয়োজনৰ শেষতো যাৰ প্ৰয়োজন শেষ হৈ নাযায়৷ মানবী জীৱন শ্ৰীকৃষ্ণৰ প্ৰিয় জীৱন হোৱাৰ বাবে ইয়াক পাবলৈ বাৰে বাৰে সকলোৰে আগ্ৰহ জাগে৷ শ্ৰীকৃষ্ণ ভাৰতীয় সংস্কৃতিৰ পৰম আত্মা৷ এই আত্মাতে নিহিত হৈ আছে জনজীৱনৰ মহানন্দ আৰু জীয়াই থকাৰ শ্বাশতঃ প্ৰেৰণা৷ আমি শ্ৰীকৃষ্ণত এনে মহানন্দৰ সন্ধানতে বিচৰণ কৰি আহিছো৷ ভাৰতীয় আৰ্য সমাজৰ বৌদ্ধিক বিকাশতো শ্ৰীকৃষ্ণ চেতনাই ক্ৰিয়া কৰি থকাৰ বাবে হিন্দু দৰ্শনত জীৱনৰ সম্পূৰ্ণ প্ৰতিফলন বিস্তাৰিত হৈছে৷ আমাৰ আশা-আকাংক্ষাক পূৰণ কৰিব পাৰে একমাত্ৰ শ্ৰীকৃষ্ণইহে – এনেধৰণৰ ধাৰণা এটা পোষণ কৰি থকাৰ বাবেই হিন্দুসকলৰ মাজত তেওঁৰ উপস্থিতিৰ বিশ্বাস প্ৰৱলভাবে বলৱৎ হৈ আছে৷ এনেধৰণৰ বিশ্বাসকে সাৰোগত কৰি জীৱনৰ যাত্ৰাপথত মানৱসমাজে অধিক উৎসাহবোধ লাভ কৰি আহিছে৷

শ্ৰীকৃষ্ণ সৃষ্টিৰ অংশ নহয়৷ সৃষ্টিহে শ্ৰীকৃষ্ণৰ অংশ৷ শিশু কৃষ্ণৰ মুখগহ্বৰত মাতৃ যশোদাই গোটেই ব্ৰহ্মাণ্ডখন প্ৰত্যক্ষ কৰা বিষয়টো সেই অৰ্থতে অধিক তাৎপৰ্যপূৰ্ণ৷ শ্ৰীকৃষ্ণৰ বিশ্বব্ৰহ্মাণ্ডৰ সমস্ত বিষয়ৰ লগতে এক আন্তৰিক প্ৰেমৰ টান আছে বাবেই হয়তো জীৱকূলে সকলো কামনা, বাসনা আত্মা সত্যত প্ৰত্যক্ষ কৰি সুখানুভব কৰে৷ অৰ্থাৎ যি কথা ভৱা যায় তাক মনৰ শক্তিৰে গঢ়ি তোলা হয় আৰু পৰমাত্মাৰ অংশাধীন হোৱা বাবে আত্মাই সেই সৃষ্টি অনুভৱত অপাৰ সন্তুষ্টি লাভ কৰে৷ আমি যদি জীৱনৰ সকলোখিনি নোপোৱা বিষয়বাসনাক অংশীদাৰী আত্মা হিচাপে শ্ৰীকৃষ্ণ আদৰ্শৰে ভগাই লওঁ তেতিয়াহ’লে দুখৰ কাৰণেই নাথাকিব৷ কোৱা বাহুল্য যে শ্ৰীকৃষ্ণই মানুহৰ হৃদয়ে হৃদয়ে ভ্ৰমি ফুৰে সৰ্বমঙ্গলৰ কাৰণে আৰু মানৱ সমাজ এই বিষয়ত অজ্ঞ হৈ থাকে৷

এই দৃশ্যমান জগতখনত সৃষ্টিৰ আদিৰে পৰা যিটি বিষয় মৰ্যাদাসহকাৰে লোকজীৱনত অধিক গুৰুত্ব দি অহা হৈছে সেইটি হ’ল বিশ্বাস৷ এই বিশ্বাসেই হ’ল সকলো জীৱনৰ কাৰণে সত্যধৰ্মৰ আধাৰ৷ ইয়াৰ ছত্ৰছায়াতে আমিও জীৱনাতিপাত কৰিছোঁ, প্ৰতিপালিত হৈছোঁ৷ ভূমণ্ডলত যিমানবোৰ ধৰ্ম-কৰ্মই পোখা মেলিলে, যিমানবোৰ নীতি-নিয়মে স্থিতি ল’লে, যিমানবোৰ মতবাদ প্ৰচলিত হ’ল সকলোৰে মূলতে এই বিশ্বাসৰ প্ৰবণতাই বেছি৷ পয়গম্বৰেই হওক বা মহাপুৰুষেই হওক বা মহাজ্ঞানীয়েই হওক সকলোৱে বিশ্বাসতে ভেঁজা দি মানৱক প্ৰকৃত সত্যৰ সন্ধান দিবলৈ অহোপুৰুষাৰ্থ কৰিছিল৷ আমি ইছলামত বিশ্বাস ৰখাৰ দৰে অন্যসকলেও নিজ নিজ পৰিমণ্ডল অতিক্ৰম নকৰাকৈ অন্যত্ৰত বিশ্বাস ৰাখি অহাৰ বাবে সৃষ্টিৰ স্থিতি আজিও বৰ্তি আছে৷ আমাৰ বাবে শ্ৰীকৃষ্ণ এনে এক বিশ্বাসৰে পাৰ্থিব অনুভৱ৷ তেওঁ ‘মানুহৰ জীৱন পৰিক্ৰমা’ৰ অভিজ্ঞতা প্ৰাপ্ত শ্ৰেষ্ঠতম অৱতাৰী পুৰুষ৷ মানবসমাজৰ জীৱন প্ৰকৃতিক তেওঁতকৈ কোনে বেছি জানিব পাৰে৷

শ্ৰীকৃষ্ণ মানুহৰ ভগৱান আৰু মানুহ শ্ৰীকৃষ্ণৰ পৰমপ্ৰিয় বিষয়জ্ঞান৷ মানুহ ৰূপে মানুহৰ মাজত থাকি, মানুহৰ সুখ-দুখ, প্ৰেম-যন্ত্ৰণাৰ সমভাগী হৈ তেওঁ যি মানবীয় আদৰ্শ দেখুৱাই গ’ল, সেয়া কাললৈ ৰৈ বৈ গ’ল৷ মানবতাবোধ তেওঁৰ জীৱনৰ সৰ্বোত্তম কীৰ্তি৷ জীৱনটো যাপন কৰাৰ সহজ মাৰ্গ দেখুৱাই শ্ৰীকৃষ্ণই শিকালে কিদৰে মানুহ হৈ জীয়াই থকা উচিত৷ সুখ-দুখৰ সমষ্টিয়ে জীৱন৷ এই কথাৰ যথাৰ্থতা প্ৰতিপন্ন কৰি, শ্ৰীকৃষ্ণই যশোদামাইৰ শিকলিৰ মিছাবান্ধোনত আবদ্ধ হৈছিল, দৰিদ্ৰ সখি বিপ্ৰ দামোদৰৰ মনোব্যথাৰ সমভাগী হৈছিল, মুৰুলী, বেণু, বাঁহীত মধুৰ ঝঙ্কাৰ তুলি গোপিনীসৱক মোহিত কৰিছিল, গৰখীয়া-সবাহ পাতি গৰুৰখীয়া লগৰীয়াসকলক আমোদ দিছিল, দুষ্টক দমনৰ অৰ্থে মোমায়েক কংসক বধ কৰিছিল, কুৰুক্ষেত্ৰ ৰণত অৰ্জুনৰ ৰথৰ সাৰথি হৈছিল ইত্যাদি৷ আচলতে জীৱনক জীৱনৰ দৰে ব্যৱহাৰ কৰিব জানিলে মনতো সুখ পোৱা যায়, হৃদয়তো শান্তি সিঁচিব পাৰি আৰু শৰীৰো পৰিতৃপ্ত হয়৷ শ্ৰীকৃষ্ণই এনে এক মানবীয় আদৰ্শকে প্ৰতিভাত কৰি যোৱাৰ বাবে তেওঁ আমাৰ প্ৰিয় হৈ থাকিল৷ এই কাৰণতে তেওঁ আমাৰ জীৱনৰ যাত্ৰাপথৰো পৰম মিত্ৰ ৰূপে পৰিগণিত হৈ আহিছে৷

শ্ৰীকৃষ্ণৰ জীৱন আৰু কৰ্ম সকলোৰে অনুকৰণীয় বিষয়৷ নিতান্তই এক মহাভাৰতীয় চৰিত্ৰ বুলি তেওঁৰ বিষয়টো এৰাই চলিলে জীৱনৰ দিকদৰ্শনত ষোলঅনাই সফলতা প্ৰাপ্ত নহ’বও পাৰে৷ হেনজানি কৃষ্ণক জীৱনৰ অংশ কৰি লোৱা উচিত৷ তেওঁ জ্ঞানত শ্ৰেষ্ঠ, বুদ্ধিত শ্ৰেষ্ঠ, শক্তিত শ্ৰেষ্ঠ, ৰাজনীতিত শ্ৰেষ্ঠ, কুটনীতিত শ্ৰেষ্ঠ, ক্ৰীড়াত শ্ৰেষ্ঠ, যুদ্ধত শ্ৰেষ্ঠ, সুৰত শ্ৰেষ্ঠ, গীতত শ্ৰেষ্ঠ, প্ৰেম-পীৰিতিত শ্ৰেষ্ঠ, বন্ধুত্বত শ্ৰেষ্ঠ. মাতৃভক্তিত শ্ৰেষ্ঠ, বাগ্মিতাত শ্ৰেষ্ঠ ইত্যাদি৷ তেওঁ সৰ্বগুণী, বহুমুখী প্ৰতিভাধৰ৷ তেওঁক অনুসৰণ কৰিলে শ্ৰেষ্ঠ জীৱনক অনুসৰণ কৰা হয়৷ দৰাচলতে শ্ৰীকৃষ্ণক সকলোৱে নিজৰ মাজত বিচাৰে- কোনোৱে জ্ঞাতে, কোনোৱে অজ্ঞাতে৷ তেওঁ কিন্তু সকলোৰে লগতে থাকে৷ জীৱন অজীৱন সকলো স্থিতিতে তেওঁ বিদ্যমান৷ গীতাত তেওঁ ব্যক্ত কৰিছে –

সমোহহং সৰ্বভূতেষু ন মে দ্বেষ্যোহস্তি ন প্ৰিয়ঃ৷

যে ভজন্তি তু মাং ভক্ত্যা ময়ি তে তেষু চাপাহম্৷ ৷

অৰ্থাৎ ‘মই সকলো প্ৰাণীতে সমানভাবে আছো৷ মোৰ কোনো প্ৰিয় বা অপ্ৰিয় নাই; যিসকলে মোক ভক্তিৰে সৈতে ভঞ্জনা কৰে, তেওঁলোক মোতেই থাকে আৰু ময়ো তেওঁলোকতে থাকোঁ’৷

শ্ৰীমন্ত শঙ্কৰদেৱে শ্ৰীকৃষ্ণক নিজৰ জীৱনৰ ভিতৰুৱা কৰি তেওঁতে সমস্ত মন, প্ৰাণ সপি দিছিল৷ তেৰাই শ্ৰীকৃষ্ণ জীৱনক শ্ৰেষ্ঠ জীৱনৰ মাৰ্গ হিচাপে চিহ্নিত কৰি সুন্দৰ, সুপৰিকল্পিত, জ্ঞান ভাৱনাৰে সমৃদ্ধ ভাগৱতী বৈষ্ণৱ ধৰ্মৰ ভেটি তৈয়াৰ কৰিলে৷ শ্ৰীকৃষ্ণ চৰিত্ৰ অনুসৰণ কৰি তেৰাই সকলো জীৱৰ প্ৰতি সহমৰ্মিতা দেখুৱাই জীৱ হত্যা কিম্বা মাংস ভক্ষণ কস্মিনকালেও কৰা নাছিল আৰু সেই অনুক্ৰমে ভকত বান্ধৱসকলেও গুৰুজনাৰ মান ৰক্ষা কৰি চলিছিল৷ মানুহ স্বভাৱতে আমিষভোজী জীৱ নহয়৷ কাৰণ আমিষভোজী বন্য হিংস্ৰ প্ৰাণীৰ দৰে মানুহৰ দাঁতৰ গঠন, খাদ্যনলীৰ গঠন হোৱা নাই৷ সেয়েহে নিৰামিষ আহাৰে মানৱৰ শ্ৰেষ্ঠ তথা প্ৰয়োজনীয় আহাৰ হোৱা উচিত৷ শ্ৰীকৃষ্ণৰ জীৱন চৰিতত ক’তো আমিষ আহাৰ গ্ৰহণৰ কথা উল্লেখ নাই৷ নিৰামিষাহাৰী বাবে তেওঁৰ চৰিত্ৰত শান্ত, ধীৰ, স্থিৰ আৰু হাস্যমুখৰ পৰিবেশে বিৰাজ কৰিছিল৷ আনহাতে জ্ঞান-বুদ্ধিতো তেওঁ এই কাৰণে সদায় অদ্বিতীয় আছিল৷ ধৰ্মীয় সত্ৰ, নামঘৰ, কীৰ্তনঘৰ আদি ৰাজহুৱা অনুষ্ঠানসমূহত গুৰুজনাৰ নিয়মনীতি শুদ্ধকৈ প্ৰচলন হোৱা উচিত৷ অবশ্যে বেছিভাগ সত্ৰ, নামঘৰে এই পৰম্পৰা অটুত ৰাখিছে যদিও মদ-মাংস ভক্ষণত অভ্যস্ত ভকতৰ সংখ্যা দিনক দিনে বাঢ়িব ধৰাত ইবোৰত শৃংখলাভঙ্গৰ আশঙ্কা বৃদ্ধি পাইছে৷ আমি নিজক এতিয়াই সংশোধন নকৰিলে কৃষ্ণ জীৱনাদৰ্শৰ পৰা বিচ্যুত হৈ ৰসাতলে যোৱা জাতিত পৰিণত হ’ব লাগিব৷ সেয়েহে আমি আবাহন কৰিছোঁ, শ্ৰীকৃষ্ণক জানক আৰু শুদ্ধমতে নিজৰ জীৱনৰ অংশীদাৰ কৰি লওক৷ **

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments