শ্ৰীধৰ কন্দলিৰ ‘কাণখোৱা’ (ছবিনী দাস)

পুৰণি অসমীয়া শিশু সাহিত্য বুলি বেলেগে এক শ্ৰেণীৰ সাহিত্য নাছিল যদিও মধ্যযুগত বৈষ্ণৱ কবিসকলে শিশু কৃষ্ণৰ চৰিত্ৰ লৈ কাব্য, নাট আদি ৰচনা কৰিছিল। এনে ৰচনাৰাজিৰ ভিতৰত বৈষ্ণৱ কবি শ্ৰীধৰ কন্দলিৰ ‘কাণখোৱা’ কাব্যপুথি অন্যতম। শিশুক টোপনি নিওৱা গীতৰ আৰ্হিত শ্ৰীকৃষ্ণৰ মানৱীয় শিশুৰূপৰ লগতে তেওঁৰ অৱতাৰৰ লীলা মাহাত্ম্য অতি কৌশলপূৰ্ণভাবে শ্ৰীধৰ কন্দলিয়ে কাণখোৱাৰ মাজেৰে বৰ্ণনা কৰিছে। পৃথিৱীৰ সকলো দেশতে প্ৰধানকৈ মাকবোৰে কেঁচুৱাটিক গীতৰ মাধ্যমেৰে টোপনি নিওয়াবলৈ যত্ন কৰে। এই জাতীয় গীতৰ ৰূপগত বৈশিষ্ট্য সহজ-সৰলৰ লগতে কল্পনাৰ অলৌকিকতাৰ প্ৰাধান্য দেখা যায়। এনেধৰণৰ লোকজীৱনৰ মাজত প্ৰচলিত টোপনি নিওৱা গীতৰ এটি সাহিত্যিক প্ৰতিৰূপহে যেন দেখা পোৱা যায় কাণখোৱা কাব্যত।

যশোদা মাতৃয়ে এদিনা ল’ৰাৰ কাণ খাই ফুৰা কাণখোৱা নামৰ কিবাটোৰ কথাৰে শিশু কৃষ্ণক শুৱাবলৈ যত্ন কৰিছে:

ঘুমটি যায়ো ৰে অৰে কানাই
হুৰে কাণখোৱা আসে।
সকল শিশুৰ কাণ খাই খাই
আসয় তোমাৰ পাশে।।

এটি মানৱ শিশুৰূপে জন্ম গ্ৰহণ কৰা ভগৱান শ্ৰীকৃষ্ণই মাকৰ মুখত কাণখোৱৰ নাম শুনি পোনতে ভয় খালে যদিও তেওঁ মাকৰ ওচৰতে আছে বুলি কৌতুকপূৰ্ণ হাঁহি এটি মাৰি মাকৰ ওচৰ চাপি আহি ভীত বিহ্বলভাবে সুধিলে:

কেনেকুৱা গোটে         কাণ খাই ফুৰে
চিনোৱা হাৰলী আই।
তাৰ নাম শুনি            ঘুমটি নাসয়
ভয়ে কাম্পে মোৰ বুক।।

এটি সাধাৰণ মানৱ শিশুৰ মনটো যিদৰে নেদেখা-নুশুনা বস্তুৰ প্ৰতি জানিবলৈ কৌতূহলপূৰ্ণ হয়, সেইদৰে শিশু কৃষ্ণৰো হ’ল; কাণখোৱানো কোন, তেওঁনো ক’ত থাকে— ইত্যাদিবোৰ জানিবলৈ শিশু কৃষ্ণই ইচ্ছা প্ৰকাশ কৰিছে। কবিৰ এনে সজীৱ বৰ্ণনাত শ্ৰীকৃষ্ণই এটি সাধাৰণ মানৱ শিশুৰূপে পাঠকৰ আগত ধৰা দিছে। কিন্তু শ্ৰীকৃষ্ণ যে অখণ্ড জ্ঞানস্বৰূপ পূৰ্ণব্ৰহ্ম; সেইকথা কবিয়ে পাহৰি যোৱা নাই। সেইবাবে মায়াবদ্ধ মানৱ শিশুৰ মুখেৰে কবিয়ে বৰ্ণনা কৰিলে বিষ্ণুৰূপী নিজৰ যিমানবোৰ অৱতাৰ হৈছিল, সেইসকলোবোৰৰ:

প্ৰথমতে মই, অৱতাৰ ভৈলো
দিব্য মৎস্য-ৰূপ ধৰি।
চাৰিও বেদক, পাতালৰ হন্তে
আনিলো সঙ্গে উদ্ধাৰি।।

ইয়াৰ মাজেৰে কবিয়ে চাতুৰ্যপূৰ্ণভাবে কৃষ্ণৰ ঈশ্বৰত্ব আৰু শিশুত্ব—এই দুয়োটা দিশ ফুটাই তুলিছে (১)। কাব্যৰ শেষত শিশু কৃষ্ণৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি মাক যশোদাই মিছাকৈ কৈছিলোঁ বুলি কৃষ্ণৰ মুখত স্তন দি সাৱট মাৰি ধৰে।

শ্ৰীধৰ কন্দলিৰ সুস্নিগ্ধ মৌলিক সৃষ্টি ‘কাণখোৱা’; ‘শিয়ালী এ নাহিবি ৰাতি’— এনেধৰণৰ অসমৰ লোকসমাজৰ চিৰপৰিচিত শিশুক টোপনি নিওৱা গীতৰলেখীয়া বৰ্ণনাত্মক গীত হ’লেও ফল্গুধাৰাৰদৰে ইয়াৰ মাজত প্ৰবাহিত হৈ আছে ভক্তিৰস। পৰমাৰ্থ হিচাপে বিচাৰ কৰি চালে শ্ৰীকৃষ্ণ পূৰ্ণব্ৰহ্ম অথচ মায়াত অৱতীৰ্ণ। সেইবাবে পূৰ্ণজ্ঞান থাকিলেও মায়াত অৱৰুদ্ধ মানৱৰূপত তেওঁৰ মনুষ্যসুলভ ভয় আছে (২)। শ্ৰীকৃষ্ণৰ এই দুমুখীয়া ব্যক্তিত্ব ফুটাই তোলাত ভক্তকবি শ্ৰীধৰ কন্দলি সম্পূৰ্ণ সফল হৈছে।

পাদটীকা:
১.শৰ্মা, সত্যেন্দ্ৰনাথ: অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত

২. কাকতি, বাণীকান্ত: পুৰণি অসমীয়া সাহিত্য, চতুৰ্থ প্ৰকাশ, পৃ. ৪৯
সহায়ক গ্ৰন্থপঞ্জী:
কাকতি, বাণীকান্ত: পুৰণি অসমীয়া সাহিত্য

নেওগ মহেশ্বৰ: অসমীয়া সাহিত্যৰ ৰূপৰেখা
শৰ্মা, সত্যেন্দ্ৰনাথ: অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত

 

ছবিনী দাস, জ্ঞানদ্বীপ একাডেমী, গুৱাহাটী

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
devanggona lahkar
7 years ago

must confess…. dis one is really good!! i’l wait for more stories 🙂

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক