শৰতৰ এবুকু অনুভৱ : বিনু ফুকন

 

অনুভৱ মোৰ পলে পলে
শাৰদীয় সেমেকা নিয়ৰত ভিজি থকা
শেৱালিৰ স’তে
নদীৰ তীৰত হালি জালি নাচি থকা
চিকুণ কঁহুৱা ফুলৰ স’তে
এই যেন উৰি যাব
এই যেন উৰি যাব
উৰুঙা উৰুঙা মন
শৰালি হাঁহ জাকৰ স’তে,
কি ৰঙ সানি দিলা তুমি,
মোৰ গালে মুখে?
বৃন্দাবনৰ গোপীও চোন
চালি ধৰি নাচে৷
অ’ শুকুলা শৰৎ
শুকুলা বসন তোমাৰ
শুকুলা বাহন
শুকুলা মন তোমাৰ
সুগন্ধি কোমল,
শুকুলা শুকুলা চপৰা মেঘতেই তুমি
আহিছা নেকি উঠি
বিলাবলৈ জ্যোস্নাবিধৌত ৰাতি?
নদীবোৰ চোন বৈ থাকে
নিজ মনে নিৰিবিলি
নৰয় অকণো দিন ৰাতি
সঁচা মৰম হয় নেকি এখন নদী?
যি বৈ থাকে নিৰবধি৷
তুমি শৰৎ অতি বিতোপন
তোমাৰ পৰশতেই পৃথিৱীত বিয়পে
মৃদুজ্যোতি
মনবোৰ স্নিগ্ধ হৈ
বুকুৱে বুকুলৈ কঢ়িয়াই সুকোমল অনুভূতি৷
এনেকৈয়ে বিলাই থাকা যুগ যুগলৈ
তোমাৰ অম্লান জ্যোতি৷
শৰৎ তুমি সুগন্ধি,
মায়াময়, মনোমোহা অপূৰ্ব সমাহাৰ
তোমাৰ মাদকতাই সানি দিয়ক
প্ৰতি প্ৰেয়সীক
শুভ্ৰ নিৰ্মল জ্যোতি
পূৰ্ণ কৰক জীৱন,
বিপুল ঐশ্বৰ্যৰে ভৰি পৰক হৃদয়,
মনবোৰ হৈ পৰক
এখন বহল আকাশ,
সেয়েহে হয়তো কবলৈ মন যায়
শৰৎ মোৰ বৰ হেঁপাহৰ৷ ৷■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments