শৰত এক ঐশ্বৰিক ঋতুঃ প্ৰদীপ কুমাৰ গগৈ

শৰত সকলোৰে আদৰৰ৷ শৰতৰ আগমনে দেহ মন প্ৰফুল্ল কৰে৷ গ্ৰীষ্ম বৰ্ষাৰ উৎকট গৰমৰ পৰা দেহা আৰু মনৰ ক্লান্তি দূৰ কৰি মনটোক সতেজ কৰি ৰখাত সহায় কৰে একমাত্ৰ শৰতে৷ কবিয়ে শৰত কালৰ ৰাতিৰ বিতোপন জোনাকৰ বৰ্ণনা দাঙি ধৰিছে,
“শৰত কালৰ ৰাতি
অতি বিতোপন
ৰাস ক্ৰীড়া কৰিতে
কৃষ্ণৰ ভৈল মন”
শৰতৰ পৱিত্ৰ শেৱালিৰ গোন্ধে চৌদিশ আমোলমোলাই ৰাখে৷ বিষাদ- বেদনাবোৰ পাহৰি মানুহ আত্মাহাৰা হয়৷ কবি সকল হৈ পৰে কল্পনা প্ৰৱণ৷ সেইবাবেই “জোনাকৰ” কবিতাত উল্লেখ কৰা হৈছে…
“শাৰদীয় পূৰ্ণিমাৰ স্নিগ্ধ জোনাক,
পদূলিত শেৱালিৰ অপূৰ্ব সুবাস
যেন তুমি আত্মহাৰা পাহৰি বিষাদ৷
উন্মাদনা জাগে আজি কবিৰ মনত
স্মৃতিয়ে আমনি কৰে মানস পটত৷
কবিতা কুঁৱৰী বহে নিচেই কাষত৷
কল্পনা ৰাজ্যত তুমি কৰা বিচৰণ,
আবেগ বিহ্বল হিয়াত উঠে শিহৰণ,
নতুন সৃষ্টিৰ ঢৌৱে তোলে জাগৰণ৷” ( মন্দাকিনী)

এই শৰততেই শক্তিৰ অধিষ্ঠাতৃ দেৱীৰ পূজা অৰ্চনা কৰি ভক্তই আশীৰ্বাদ গ্ৰহণ কৰে৷ দুষ্টক দমনৰ জৰিয়তে অসুৰ নিধনৰ দৃষ্টান্ত দাঙি ধৰিছে মহীয়সী দেৱীয়ে৷
“যা দেৱী সৰ্ব ভূতেষু
শক্তি ৰূপেন সংস্থিতা,
নমস্তসৈ নমস্তসৈ নমস্তসৈ
নমো নমঃ”
এই সকলো বিলাক শৰতৰে অৱদান৷
আনহাতে বৃহৎ নদীদ্বীপ মাজুলীবাসীয়ে শৰত কালতেই মহা পয়োভৰেৰে ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আয়োজন কৰে৷ শ্ৰীকৃষ্ণ আৰু গোপিনী সৱৰ ঐশিক প্ৰেমৰ জৰিয়তে ভক্তিৰসৰ সঞ্চাৰ কৰিবলৈ সক্ষম হয়৷ গীত,বাদ্য, ছন্দ নৃত্য আৰু অভিনয়ৰ জৰিয়তে এটি অপূৰ্ব পৰিবেশৰ সৃষ্টি হয়৷ সত্ৰনগৰী মাজুলীবাসীয়ে অসমীয়া সংস্কৃতিৰ পৰম্পৰা ৰক্ষা কৰি আহিছে৷ আমাৰ বাবে এই পৰম্পৰা আশীৰ্বাদ স্বৰূপ৷
অসমৰ অন্যান্য সত্ৰ আৰু নামঘৰ আদিতো ৰাস উৎসৱ উদযাপন কৰা হয় ভক্তপ্ৰাণ ৰাইজৰ প্ৰচেষ্টাত৷
একেষাৰে ক’বলৈ হলে শৰতৰ অৱদান সৰ্ব্বজন স্বীকৃত আৰু মানসিক শক্তি সঞ্চাৰৰ বাবে এক প্ৰয়োজনীয় উপাদান৷

এজনা মহাপুৰুষৰ অৱতাৰ
_ _ _
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰো আৱিৰ্ভাৱ ঘটিছিল এই ঐশ্বৰিক ঋতু শৰতকালতেই৷ ১৩৭১ শকৰ(ইংৰাজী১৪৪৯ চনৰ) আহিন মাহৰ পাঁচ তাৰিখ শুকুৰবাৰে শুক্লা দশমী তিথিত আলিপুখুৰী গাঁৱত এই মহান পুৰুষগৰাকীৰ আৱিৰ্ভাৱ ঘটিছিল৷ শংকৰদেৱক তুলি-তালি ডাঙৰ- দীঘল কৰিছিল আইতাক খেৰসূতীয়ে৷ সৰুকালচোৱা উমলি- জামলি
য়েই কটাইছিল৷ প্ৰায় বাৰ বছৰ বয়সতহে মহেন্দ্ৰ কণ্ডলী দেৱৰ টোলত অধ্যয়ন আৰম্ভ কৰে৷ ছাত্ৰ অৱস্থাত তেওঁ প্ৰখৰ বুদ্ধিৰ পৰিচয় দিব পাৰিছিল৷ ক- ফলা শিকিয়েই আ- কাৰ উ- কাৰ নথকা কবিতাটি লিখি উলিয়াইছিল৷
“কৰতল কমল কমল দল নয়ন৷
ভৱদৱ গহন গহন বন শয়ন৷ ৷
সৰু কালতেই শংকৰদেৱৰ দৈহিক শক্তিৰো পৰিচয় পোৱা গৈছিল৷ ছাত্ৰ অৱস্থাতে তেওঁ বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰিবলৈ সমৰ্থ হৈছিল৷ চৰিতকাৰে উল্লেখ কৰিছে_ _
“পঢ়িলন্ত নিৰন্তৰে শাস্ত্ৰ সমস্তয়৷
অপ্ৰমাদী পণ্ডিত ভৈলন্ত মহাশয়৷ ৷
অবিৰন্তে সমস্ত শাস্ত্ৰক বিচাৰন্ত৷
শাস্ত্ৰালাপ বিনে আন কৰ্ম নকৰন্ত৷ ৷
শংকৰদেৱৰ সাহিত্যিক জীৱনৰ সূচনা হয় “হৰিচন্দ্ৰ উপাখ্যান” নামৰ পুথিখনৰ জৰিয়তে৷

আমাৰ শংকৰী সংস্কৃতিৰ পৰা আমি কি শিক্ষা আহৰণ কৰিব পাৰোঁ ইয়াৰ বিশ্লেষণৰ প্ৰয়োজন আছে৷ বিশেষ কেইটামান দিশ সম্পৰ্কে তলত উল্লেখ কৰা হ’ল৷
১) কলিৰ পৰম ধৰ্ম হৰি নাম৷ শ্ৰৱণ, কীৰ্তন, স্মৰণ, বন্দন আদি সকলো সামৰি নাম কীৰ্তন সৃষ্টি আৰু প্ৰচাৰ৷ হৰি নাম কীৰ্তনেই কৃষ্ণ কৃপা লাভৰ একমাত্ৰ উপায়৷
“শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ
অৰ্চ্চন পদ সেৱন”( প্ৰহ্লাদ চৰিত)
সেইবাবেই বাৰে বাৰে “কৃষ্ণৰ কিঙ্কৰ ” বুলি নিজৰ পৰিচয় দাঙি ধৰিছে৷
২)
গুৰুজনাই একেশ্বৰবাদী ধৰ্ম ঘোষণা কৰি কৈছে
“এক দেৱ এক সেৱ
এক বিনে নাহি কেৱ”
৩) গুৰুজনাই অহিংসা, প্ৰেম, দয়া, কৰুণা, সাম্যবাদ আদি কোমল প্ৰবৃত্তিবোৰ কৰ্ষণ কৰিবলৈকো প্ৰেৰণা যোগাইছিল৷ মানুহে মানুহক মানুহ হিচাবে আচৰণ কৰাটোৱেই হৈছে মানুহৰ প্ৰকৃত ধৰ্ম৷
“নাহি ভকতিত জাতি- অজাতি বিচাৰ৷
কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ৷ ৷
কুকুৰ শৃগাল গৰ্দভৰো আত্মাৰাম৷
জানিয়া সবাকো কৰিবা প্ৰণাম৷ ৷
৪) শংকৰদেৱৰ অহিংসা আৰু প্ৰেমৰ বাণী অকল যে মানুহৰ মাজতে সীমাবদ্ধ আছিল এনে নহয়, জগতৰ অন্যান্য প্ৰাণীৰ প্ৰতিও বিস্তাৰিত হৈছিল৷
“সমস্ত ভূতত আছোঁ মঞি হৰি৷
সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি৷ ৷

মানসিক উৎকৰ্ষ সাধন কৰিবলৈ হ’লে অন্তৰৰ পৰা হিংসা ভাব আঁতৰিব লাগিব৷
“যত দেখা ভূত প্ৰাণী সৱে বিষ্ণু হেন জানি৷
হিংসা এৰি কৰা উপকাৰ৷”
৫) গুৰুজনাই তেওঁৰ প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মলৈ সকলো শ্ৰেণীৰ মানুহক আহ্বান জনাই কব পাৰিছিল -কিৰাত কছাৰী খাছি গাৰো মিৰি যৱন কঙ্ক গোৱাল৷
অসম মুলুক ৰজত তুৰুক
কুৱাচ ম্লেচ চণ্ডাল ॥
আন যত নৰ কৃষ্ণ সেৱকৰ
সঙ্গত পৱিত্ৰ হয়৷
ভকতি লভিয়া সংসাৰ তৰিয়া
বৈকুণ্ঠে সুখে চলয় ॥

৬) গুৰু শংকৰৰ প্ৰধান শিষ্য মাধৱ গুৰুৱে তেখেতৰ অনুপম ধৰ্মপুথি “নামঘোষাৰ” আৰম্ভণিতে লিখিছে-
“শ্ৰীমন্ত শংকৰ হৰি ভকতৰ
জানা যেন কল্পতৰু
তাহান্ত বিনায় নাই নাই নাই
আমাৰ পৰম গুৰু৷ ৷”
৭) গুৰু শংকৰক হৰিৰ অৱতাৰ, ভক্তিৰ প্ৰদীপ, অজ্ঞান আন্ধাৰৰ পথ প্ৰদৰ্শক হিচাবেও মাধৱপুৰুষে মনৰ ভাৱ প্ৰকাশ কৰিছে৷
“শংকৰ স্বৰূপে হৰি
নিজ অংশ অৱতাৰ
ভকতি দীপ লগাই থৈলা
মাধৱ স্বৰূপে আসি তাতে তৈল বন্তি দিয়া
অজ্ঞান আন্ধাৰ দূৰ কৈলা৷ ৷”

৮) একেশ্বৰবাদী ভক্তিমাৰ্গৰ মতে, দেৱ, গুৰু, ভকত আৰু নাম এই চাৰি বস্তুৰ শৰণাপন্ন হ’লে জাত-পাত জন্ম নিৰ্বিশেষে সকলোৱে মুক্তি লাভ কৰিব পাৰে৷
ভগৱানৰ ভক্তসকল শূদ্ৰ হ’ব নোৱাৰে৷ তেওঁলোক পৰম ভাগৱত৷ যি জনাৰ্দনক ভক্তি নকৰে, তেওঁ যি জাতিৰেই নহওক, তেওঁহে অধম শূদ্ৰ৷ গুৰুজনেও কৈছে–
“ভকতিত নাহি জাতি- অজাতিৰ বিচাৰ
কৃষ্ণ ভকতি সমস্তৰে অধিকাৰ ”
গতিকে ভকত সকলৰ মাজত জাতিৰ ভেদাভেদ থাকিব নোৱাৰে৷ জাত্যভিমান ত্যাগ কৰিব পাৰিলেহে ভকত হ’ব পাৰিব৷

৯) সামাজিক ক্ষেত্ৰত গুৰুজনাৰ এক বিশেষ অৰিহণা হৈছে, জাতিভেদ প্ৰথাৰ প্ৰতি তেওঁ দেখুওৱা উদাসীনতা৷ শংকৰদেৱৰ দিনত হিন্দু সমাজত জাত-পাতৰ খুউব বিচাৰ আছিল৷ এই প্ৰথাই সামাজিক উন্নয়নৰ হেঙাৰ স্বৰূপ হৈ থিয় দিছিল৷ আনহাতে মহাপুৰুষীয়া ধৰ্মত জাত-পাতৰ স্থান নাছিল৷ গুৰুজনাই ধৰ্মৰ দুৱাৰ মুকলি কৰি দিছিল সকলো জাতিৰ মানুহৰ কাৰণে৷ ব্ৰাহ্মণ, শূদ্ৰ, চণ্ডাল আদি সকলোৰে ধৰ্মত অধিকাৰ আছিল সমান৷
“ব্ৰাহ্মণ,চণ্ডালৰ নিবিচাৰি কুল৷
দাতাত চোৰত যেন দৃষ্টি সমতুল৷ ৷
নীচত সাধুত যাৰ ভৈল একজ্ঞান৷ ৷
তাহাকেসে পণ্ডিত বুলিয়া সৰ্বজন৷ ৷

১০) নামঘৰআৰু সত্ৰৰ মাধ্যমেৰে গুৰুজনাই সমাজত গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰৱৰ্তন কৰি থৈ গৈছে৷ নামঘৰ একমাত্ৰ ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰই নহয়, বৰং সমাজৰ সু- বিচাৰ আৰু আকাংক্ষিত ক্ষেত্ৰ৷ সেয়েহে গুৰুজনাৰ আদৰ্শই অসমীয়া জাতিক আৰু অধিক আগুৱাই লৈ যাওক আৰু বিশ্বদৰবাৰত শংকৰগুৰুৰ এখন অতুলনীয় আসন প্ৰতিষ্ঠা হওক এয়ে আমাৰ কাম্য৷ ইতিমধ্যে সত্ৰীয়া নৃত্য, বাদ্য আদিয়ে প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰিবলৈ সক্ষম হৈছে বিশ্বৰ বিভিন্ন কোণত৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক