শৰত কালি, আজি আৰু কালিলৈ (ৰক্তিম গোস্বামী)

ৰক্তিম গোস্বামী

সীমাহীন উৎকন্ঠাৰে প্রতিটো শৰতক আদৰাতো এটা স্বতঃস্ফূৰ্ত ৰসাল আবেগ সকলোৰে বাবে। এই ৰসাল আবেগৰ ঢৌৱে কোবাই যোৱা ল’ৰালিৰ অনুভৱে প্রতিটো শৰততে মনটোক চঞ্চল কৰি তোলে। প্রতিটো শৰততে নিজকে উভতি চাওঁ। প্রতিটো শৰততে অনুভৱ কৰো কিবা এটা হাতৰ মুঠিৰ পৰা পিছলি গৈ আছে, লাহে লাহে।
হাতত ৰঙা-নীলা বেলুন, চকুত ৰঙীন চশমা, হাতত বন্ধুক আৰু সৰু দেহাটোত লিপিট খাই থকা এযোৰ মৰমলগা নতুন পোচাকেৰে আৰাম্ভ হয় শৰত উৎসৱ ‘দূৰ্গা পূজাৰ’ প্রথম পুৱা। আইতাৰ ঘৰলৈ বুলি ওলাও পুৱা আঠবজাতে ঠিক  হিন্দী চিনেমাৰ কাইদাত ককালত বন্দুক খুঁচি। আইতাৰ ঘৰ আমাৰ ঘৰৰপৰা এক মাইলমান আঁতৰত আছিল কিন্তু সেই সময়ত এক মাইল পাৰ কৰি আইতাৰ
ঘৰ পোৱা মানে এখন অন্য ৰাজ্যত সুমোওৱা যেন লাগিছিল। আইতাৰ ঘৰ গৈ প্রথমেই কাক কাক চেলেঞ্জ কৰিম তাৰ তালিকা আমাৰ যৌথ পৰিয়ালটোৰ খুৰা-বৰদেউতাৰ ল’ৰাৰ লগত আগতেই প্রস্তুত কৰি ৰাখিছিলো। বহু ক্ষেত্রত যোৱা পূজাত ঘটা ফিল্মী ষ্টাইলত লগা কাজিয়াৰ প্রতিশোধ ল’বলগীয়া আইতাৰ ঘৰৰ কাষৰ সমবয়সীয়া ল’ৰাবোৰৰে তালিকাখন ভৰি থাকে। কাক কেনেকৈ
‘এটেক’ কৰিম তাৰ ফুলপ্রুফ প্লেন এখনো বনাও যদিও যুদ্ধক্ষেত্রত সেইখন স্বাভাৱিকতেই চুপাৰফ্লপ হয় প্রতিবাৰে। ডাঙৰ হৈ বুজি উঠালৈকে আমি এনেদৰেই একেখিনি ল’ৰাই গম নোপোৱাকৈ শৰতৰ আমেজ লৈ লৈ কল্পনাৰে ভৰা এখন পৃথিবীত নিজকে ‘হি-মেন’, ‘স্পাইডাৰ মেন’ অথবা ৰামায়ণৰ
‘ৰামচন্দ্র’ বুলি ভাবি সকলোৱে ইটোৱে সিটোৰ লগত খুব যুঁজ দিলো। ঘৃণাহীন, নিষ্পাপ যুঁজ। চাৰিদিনৰ উন্মাদনাৰে ভৰা এই যুঁজৰ অন্ত হৈছিল বিজয়া দশমীৰ ৰাৱন বধৰ দিনা । এতিয়া ঘৰলৈ গ’লে সিহতক পালে চুম্বকৰ দৰে অজানিতে ইটোৱে সিটোক সাৱতি ধৰি লিপিট খাঁও আৰু তেতিয়া
অবতৰতো গোন্ধাই শৰত শৰত। সম্বন্ধবোৰৰ মাজত শৰত হয়তো এনেকৈয়ে লুকাই থাকে চিৰকাল।

শৈশৱৰ পৰাই মোৰ জীৱনত শৰতে এক সুৰীয়া বৈশিষ্ট বহন কৰি আহিছে।এই পৃথিৱীত শৰত আগমনিৰ প্রথম বতৰা শৰতে কাণে কাণে যেন মোকহে কয়। খুব আত্মবিশ্বাসেৰে মোৰ পত্নী (তেতিয়াৰ বন্ধু)ক প্রায় ১০/১২ বছৰৰ পৰাই কৈ আহিছো ‘লিপি, আজি শৰত সুমাল…’ যেন শৰতৰ সৰ্বস্বত্ত্ব মোৰ নামতহে সংৰক্ষিত হৈ আছে। সজীৱ ৰ’দে-ফুলে-বতাহে নতুন কৰি তোলা
মোৰ মনটোক আছলতে আন দহজনৰ দৰে আগমণিৰ ক্ষণতে আপোন কৰি পেলাই শৰতে। অহৰহ যেন কিবা এটা গুণগুাই থাকিম। শৰতৰ  প্রতিটো পলতে মুঠি মাৰি ৰাখিম গীটাৰখন নিজ হাতত। শৰতৰ পুৱা যেন এটি মিঠা গীত অবিহনে উদাস। শৰতত সংগীত মোৰ প্রিয়ৰ পৰা প্রিয়তমা প্রেয়সী হয়, যাৰ অবিহনে শৰতত এটি মূৰ্হুত্ব কটোৱাতো এক যাতনা। মানুহবোৰ সঁচাকৈ নষ্টালজিক হয় এই বতৰত। নাকত শৰতৰ চিৰনতুন গোন্ধই কথাবোৰ এনেদৰেই মনত পেলাই। যোৱাকালিৰ কথাবোৰে আজি আহি মনৰ কোঠালিত খলকনি তোলে। শৰতে আবৰা শৈশৱৰ দিনবোৰলৈ উভতি চালে অলপ উদং উদং লাগে মনটো। “কিবা যেন নাই আজি নাই…”। শৰত আহিয়েই পৰিয়ালৰ এজন অদৃশ্য সদস্য হৈ পৰে। নিজৰ ঘৰত, আপোনজনৰ লগত শৰতক উপভোগ কৰাৰ সমান আনন্দ আৰু কি হ’ব পাৰে? পৃথিবীখন গোলকীয়া ধুমুহাই কোবাই গ’ল আৰু বহুতৰ পৰা আতৰাই লৈ গ’ল এনে এক শ্বাশ্বতঃ অনুভৱ উপলব্ধিৰ থল। কিমান যুক্তিসংগত তাৰ বাচ-বিচাৰ কৰিব নাযাও কিন্তু এই মূৰ্হুত্ব মই অনুভৱ কৰো মই যেন এজন ক্লান্ত যোদ্ধা, যি যুদ্ধ জয় কৰিও অগনন মৃতদেহৰ মাজত নিৰ্বাক, স্থবিৰ, অশান্ত। শৰতৰ আবেগে টানি নিব বিচৰা মোৰ দুহাতত যেন প্রত্যাশিত বস্তুবাদৰ জিঞ্জিৰি।
নাজানো মানুহৰ ভবিষ্যত কি? নাজানো কেতিয়া মানুহে নিজেই ৰবট হোৱাৰ দৌৰত ভাগ ল’ব? নাজানো মানুহে পৃথিবীৰ আটাইতকৈ উচ্চ অট্টালিকা বনোৱাৰ আৰু কিমান প্রতিযোগিতা কৰিব? কিন্তু দেহ-মন তিতাই যোৱা শৰত সিক্ত সেউজ অনুভৱে মানুহক প্রতিবাৰেই কৈ যাব….
” মই শৰত, মই মানুহৰ কোমল মনত পোহৰ বিলাই জীয়াই থাকো। মনবোৰ শিল নকৰিবা, মোৰ বাবে এটি কোঠালি সদায় ৰাখিবা। ”
শৰত কালি, আজি আৰু কালিলৈ- শৰতৰ আজন্ম প্রেমিক মই……..!

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments